অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আচাৰৰ জুতি আৰু গুণাগুণ :

আচাৰৰ জুতি আৰু গুণাগুণ :



দুই একক বাদ দি আচাৰ খাবলৈ বেয়া পোৱা লোক কমেই আছে। ঘৰে ঘৰে মহিলা সকলেও বৰ হেপাহেৰে আচাৰ বনোৱা দেখা যায়। আচলতে ভাৰতত প্ৰাচীন কালৰে পৰা আচাৰ বনাই খোৱা পৰম্পৰা আছে । আমাৰ শৰীৰ সুস্থ্যকৈ ৰাখিবলৈ বিভিন্ন পৌস্তিক উপাদানৰ আৱশ্যক হয় । ইয়াৰ বেচিভাগ উপাদান উদ্ভিদজাত ফলৰ পৰা পাব পাৰো । বিশেষকৈ টেঙাজাতীয় ফল সমুহে আমাৰ দেহৰ যথেস্থ উপকাৰ সাধন কৰে । কিন্তু আম, আমলখি,কৰ্দৈ,ঔটেঙা,অমৰা,জলফাই ইত্যাদি টেঙাফল সমুহ সকলো সময়তে উপলব্ধ নহয় । কিছুমান ফল শুকাই থব পাৰি যদিও গুণাগুণ কমি যায় । সেয়ে বেচিদিনলৈ গুণাগুণ নষ্ট নহবলৈ মচলা সহ তেলত বা নিমখত সংৰক্ষন কৰা প্ৰনালী অৰ্থাৎ আচাৰৰ উৎপত্তি হয় ।
আমি জানো যে প্ৰতিবিধ ফলৰে গুণাগুণসমূহ
ভিন ভিন । আচাৰ পদ্ধতিত সংৰক্ষিত ফল সমুহৰ তেল জলা মচলা আদিৰ সংমিশ্ৰন আৰু ৰ'দৰ প্ৰভাৱত এইবোৰৰ গুণ অধিক মাত্ৰাত বৃদ্ধি হয় । সঠিক সংৰক্ষনত পুৰনি আচাৰ অধিক গুণকাৰী হয় । যেনে নিমখত থোৱা তেতেলি ,গোলনেমু আদি আচাৰ যিমান বছৰলৈ ৰখা হয় সিমান গুণেই বাঢ়ে।


আচাৰত মচলা কিয় দিব লাগে ?


তেলেৰে বনোৱা আচাৰ যেনেকেই নবনাওক , জলা মচলা অবিহনে ৰুচীকৰ নহয় আৰু সোনকালে বেয়া হৈ যোৱাৰো আসোৱাহ থাকে । বহুতে ভাবে মচলা খালে অন্যায় কৰিব পাৰে । অৱশ্যে ৰোগ বিশেষে হয় ।
আচলতে আমি মচলা বুলি যি যি দ্ৰব্য খাও প্ৰতিবিধেই আমাৰ দেহৰক্ষাকাৰী ঔষধী । হালধী জিৰা জালুক মেথি জনীগুটি গুৱামুৰি লং ইলাচী ডালচিনি দেহৰ ৰোগভেদে সকলোবোৰেই ঔষধী ।যেনে- মেথি , লং, ইলাচী,দালচিনি আদি কফ আৰু বাতজনীত ৰোগত উপকাৰী ,জনীগুটি বা অজইন, জিৰা,কলাজিৰা, আদি পিত্তজনীত ৰোগত উপকাৰী । গতিকে মচলাই দেহৰ বাত পিত্ত কফৰ সমতা ৰক্ষা কৰাত যথেস্থ সহায় কৰে । কেৱল ব্যৱহাৰ পদ্ধতি আৰু মাত্ৰা অনুসৰিহে গুণাগুণ পাব পাৰো ।তেলেৰে বনোৱা আচাৰত পাচফোৰন বা অন্য যি মচলাই নিদিয়ক মেথি , জনীগুটি আৰু ক'লাজিৰা এই তিনিবিধ মচলা ৩ : ২ :১ অনুপাতত দিলে কোনো ক্ষতিকাৰক নহয় । অতিপাত জলা নিদিয়াতো ভাল । আচাৰ যিমানে ৰ'দোৱা হয় সিমানে গুণ বৃদ্ধি হয়। নষ্ট নহবলৈ কিছুমানে ভিনেগাৰ দিলেও বেচিকৈ দিয়াতো ক্ষতিকাৰক । বহুদিন ৰ'দত নিদি ভেকুৰী যোৱা আচাৰ অতিকৈ ক্ষতিকাৰক । বহুতে নিজে আচাৰ বনাব নাজানি বা বনাবলৈ অসুবিধা বা অনিহা বশত দোকানৰ আচাৰ খায়, সেইবোৰ অত্যধিক ভিনেগাৰ মিহলি আৰু যথোচিত ৰ'দৰ প্ৰভাৱ নপৰাৰ বাবে দেহৰ বাবে ক্ষতি কাৰক । সেয়ে নিজ হাতে ঘৰতে সযতনেৰে বনোৱা আচাৰ যথেস্থ গুণকাৰী ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate