তিয়ঁহ আমাৰ সকলোৰে পৰিচিত। এই জনপ্ৰিয় ফলবিধে অৱশ্যে পাচলিৰ ভূমিকাও পালন কৰে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Cucumis sativus। ইয়াৰ গছ একবৰ্ষী, লতাজাতীয়, গা-গছ আৰু পাতৰ ঠাৰি খহটা। ফলৰ বাকলিত বগা ফুটফুটীয়া দাগ থাকে। ফল ৰসাল, কিন্তু তেনে স্বাদ নাথাকে। নিমখ লগাই খালেহে স্বাদ পোৱা যায়। ই সাধাৰণতে গ্ৰীষ্মকালীন ফল যদিও আজিকালি বছৰৰ বাৰ মাহেই ইয়াক পোৱাৰ উপায় ওলাইছে হাইব্ৰীড খেতিৰ জৰিয়তে। ইয়াক কেইবা প্ৰকাৰে খাব পাৰি। বাকলিৰ সৈতে কাটি নতুবা বাকলি গুচাই মিহিকৈ কাটি নিমখ-জলকীয়া সানি কেঁচাই খাব পাৰি; তেনেকৈ খালে বেছ তৃপ্তি পোৱা যায়। তেনেকৈ কাটি ছালাডৰ ৰূপত ভাতৰ লগত খালেও ভাল তৃপ্তি পোৱা যায়। আনহাতে, পাচলিৰ ৰূপত ভাজি, তৰকাৰি কৰি নতুবা মাছৰ লগত জোল কৰি তৃপ্তিদায়ক কৰি খাব পাৰি।
তিয়ঁহত প্ৰচুৰ পৰিমাণে (প্ৰায় ৮৬ শতাংশ) পানী থাকে। সেয়েহে গৰম বতৰত ইয়াক খালে পিয়াহ পলায় আৰু দেহে সতেজতা লাভ কৰে। তদুপৰি ইয়াত থকা পুষ্টি উপাদানসমূহে আমাৰ দেহক ভালেখিনি পুষ্টিৰ যোগানো ধৰিব পাৰে। ইয়াৰ ১০০ গ্ৰাম খাদ্যোপযোগী অংশত পোৱা পুষ্টি উপাদানবোৰ এনে- প্ৰ’টিন ০.৪ গ্ৰাম, কাৰ্বোহাইড্ৰেট ২.৫ গ্ৰাম, স্নেহ পদাৰ্থ ০.১ গ্ৰাম, আঁহ ০.৪ গ্ৰাম, খনিজ লৱণ যেনে-ছ’ডিয়াম, ১০.২ মি: গ্ৰাম, পটাছিয়াম ৫০ মি: গ্ৰাম, ছালফাৰ ১৭ মি: গ্ৰাম আৰু ভিটামিন-বি১ ০.০৩ মি: গ্ৰাম আৰু চি ৭ গ্ৰাম। তেনেকৈ ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যই প্ৰদান কৰিব পৰা শক্তি হৈছে ১৩ কে’লৰি। এতেকে ইয়াৰ পুষ্টি উপাদানলৈ লক্ষ্য কৰিলে দেখা যায় যে মুখ্যত: ই খনিজ লৱণৰ উৎকৃষ্ট উৎস। তাৰ ভিতৰৰে আমাৰ দেহৰ হাড় গঠনত লগা কেলচিয়াম, মেগনেছিয়ামৰ দৰে উপাদান, হৃদযন্ত্ৰ সবলীকৰণত লগা উপাদান পটাছিয়াম, ছ’ডিয়াম আৰু তেনেকৈ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদানত ভাগ লোৱা উপাদান- ছালফাৰ, কপাৰ আৰু ভিটামিন বিৰ উপস্থিতিয়ে তিয়ঁহৰ সবল স্থিতিকে সূচায়। আনহাতে, ই কম কেল’ৰিযুক্ত, কম প্ৰ’টিনযুক্ত আৰু কম শৰ্কৰাযুক্ত ফল হোৱাত বিশেষকৈ মধুমেহ ৰোগীৰ বাবে উত্তম খাদ্যৰূপে বিবেচিত হৈ পৰিছে।
তিয়ঁহৰ বহুখিনি ঔষধি গুণ থকাৰ কথাও পোহৰলৈ আহিছে। ই আমাৰ হজমী শক্তি বৃদ্ধি কৰাৰ লগতে ছালক নিমজ কৰি ৰখাটো অৰিহণা যোগাব পাৰে। ইয়াৰ ৰস, দৈ আৰু নেমুৰ ৰসৰ লগত মিহলাই গালত ঘঁহিলে ৰ’দত পোৰা ছাল পৰিষ্কাৰ আৰু উজ্জ্বল হয়; কিয়নো ছালৰ জ্বলন প্ৰতিহত কৰিব পৰা ক্ষমতা ইয়াৰ আছে। কীটানুৱে কামুৰিলে কামোৰা ঠাইত তিয়ঁহৰ চকলৰ প্ৰলেপ দিলে বিষ নাইকিয়া হয়। ই প্ৰস্ৰাৱ নিষ্কাসণত সহায় কৰাৰ লগতে পাকস্থলী, প্লীহা আৰু বৃহদন্ত্ৰৰো উপকাৰ সাধে। নিতৌ একোটাকৈ কুমলীয়া তিয়ঁহ বাকলিৰে সৈতে খালে বোলে বৃক্কত হোৱা পাথৰ ভাগি প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই আহে। ইয়াক বাত বিষ আৰু ইউৰিক এচিড লাঘৱ কাৰক বুলিও কোৱা হয়। সৰ্বোপৰি ইয়াত থকা কেৰ’টিনেয়ড উপাদানে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলিও কোৱা হয়।
লিখক: অৰ্পণ দত্ত, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/17/2020
কল
আশানুৰূপ ফল পাইছে শিৱসাগৰৰ আব্দুল কাদিৰে
অমৰাৰো আছে ভাল গুণ
আখৰোট