অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধি আৰু পুষ্টিকৰ গুণেৰে সমৃদ্ধ শাক-পাচলিৰ ৰস

ঔষধি আৰু পুষ্টিকৰ গুণেৰে সমৃদ্ধ শাক-পাচলিৰ ৰস


সতেজ শাক

পাচলিৰ্ পৰা উলিওৱা ৰস শৰীৰৰ সকলো অংগকে অসাধাৰণ ঔষধি, পুনৰুজ্জীৱিত আৰু নৱজীৱন দিৱ পৰা গুণেৰে পৰিপুষ্ট। এনে ৰসে আমাৰ শৰীৰৰ পৰা বিষাক্ত দ্ৰব্য আঁতৰোৱাত যথেষ্ট সহায় কৰে। এই ৰসে আমাৰ ৰক্ত আৰু শৰীৰৰ কোষবোৰ পৰিশোধন কৰে আৰু নতুন কোষ উৎপাদনত সহায় কৰে। এই ৰসৰ ঔষধি গুণৰ কাৰণবোৰ হৈছে-

  • শাক- পাচলিত সহজেই মিহলি হোৱা ভিটামিন, খনিজ পদাৰ্থ, লেখমাএ মৌল পদাৰ্থ, পাচক ৰস, ৰাসায়নিক পদাৰ্থ আৰু পাকৃতিক শৰ্কৰা থাকে।
  • এই ৰসে শৰীৰৰ পাচক যন্তৰ ওপৰত কোনো বিশেষ হেঁচা নিদিয়ে, কাৰণ ইয়াৰ জীৱনদায়িনী উপাদানসমূহ অতি সহজে পাকস্থলীৰ যোগেদি মিহলি হৈ যায়।
  • এই ৰসৰ খাৰজাতীয় গুণবোৰে তেজত আৰু কোষবোৰত থকা অম্লজাতীয় উপাদনবোৰ নিষ্ক্ৰিয় কৰে। শৰীৰৰ অম্লজাতীয় পদাৰ্থবোৰেই বেমাৰৰ মূল উৎস।
  • অকালতে মৰি যোৱা কোষ বোৰত অক্সিজেনৰ পৰিমান কমি যোৱাৰ কাৰণে খনিজ পদাৰ্থ যোগান ধৰে।
  • তিয়ঁহ, পিঁয়াজ, তিতা কেৰেলা আৰু থোপেথোপে লগা মাহজাতীয় শস্যৰ ৰসত অগ্ন্যাশয়ৰ বাবে দৰকাৰী এবিধ ৰাসায়নিক দব্য থাকে যি ইনচুলিনৰ দৰে এবিধ পদাৰ্থ থাকে যি বেক্তেৰীয়া উৎপন্ন হোৱাত বাধা দিয়ে।
  • এনে ৰসত থকা সেউজীয়া, হালধীয়া আৰু ৰঙা ৰঙৰ পদাৰ্থবোৰে শৰীৰৰ ওপৰত মহৌষধিৰ দৰে কাম কৰে।

শাক- পাচলি পৰিশোধন পদ্ধতি

বজাৰৰ পৰা অনা শাক- পাচলি, ফল- মূলবোৰৰ পৰা ৰস উলিওৱাৰ আগতে ভালকৈ পৰিস্কাৰ কৰি লোৱা অতি আৱশ্যক। কাৰণ সেইবোৰত বিষাক্ত ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য থাকে। প্ৰথমেই সেইবোৰ পৰিস্কাৰ পানীৰে চাফা কৰি বগা ভিনেগাৰত কিছু সময় তিয়াই থ’ব লাগে। এনে কৰিলে বিষাক্ত কীটনাশক দ্ৰব্য কিছু পৰিমাণে আঁতৰি যায়। তাৰ পিছত ২/৩ বাৰ পৰিস্কাৰ পানীৰে চাফা কৰিব লাগে। কিছুমান পাচলি যেনে ওলকবি, বিট, চালগোম আদিত বাকলি বা আৱৰণ থাকে। সেইবোৰ সম্পুৰ্ণকৈ গুচাই ল’ব লাগে। শাক- পাচলি, ফল- মূল পৰিশোধনৰ বিষয়ে এটা কথা এইখিনিতে কৈ থোৱা ভাল যে আজিকালি ইলেট্ৰিকেল, ইলেক্টনিক বিপণীসমূহত এটা বস্তু উপলৱদ্ধ। সেইটো হৈছে ৰাসায়নিক আৰু কীটনাশক দ্ৰব্য নিৰসন কৰা বা আঁতৰ হ্য় বুলি কোম্পানিয়ে দাবী কৰে। শাক- পাচলি আদি পৰিশোধন কৰাৰ পিছত ব্যবহাৰ কৰিব লাগে আৰু ইয়াৰ পৰা ৰস উলিয়াব লাগে। এই শাক- পাচলি কেঁচাই ৰস কৰিব নালাগে, যদিও কেঁচাই কৰা ৰস প্ৰকৃততে বেছি পুষ্টিকৰ। পাচলি সিজাই ৰস কৰা অতি সহজ। কিন্তু সিজাই চুপ বা চুৰুহা কৰিলে তাপ সচেতন এনজাইম আৰু হৰমনবোৰৰ গুণাগুণ কিছু পৰিমানে নষ্ট হৈ যায়। তথাপি সেইবোৰ সিজাই লৈ ৰস কৰা আৱশ্যক, কাৰণ আজিকালি যি হাৰত মাত্ৰাহীনভাৱে শাক- পাচলিত ৰাসায়নিক সাৰ আৰু কীটনাশক প্ৰযোগ কৰে, তাৰ তুলানাত সিজাই ল’লে হয়তো তাপ সচেতন গুণাগুণ কিছু পৰিমাণে নষ্ট হ’ব যদিও সিজাই লোৱাই উত্তম।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate