অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কমলাৰ সোৱাদ লগা কথাঃ

কমলাৰ বিষয়ে

বিশ্বৰ অগণন লোকৰ দৰে আপোনাৰো হয়তো কমলা অতিকৈ প্ৰিয় ফল নাইবা কমলা খাই আপুনি ভাল পায়। কিছু মিঠা লগা, কিছু টেঙা লগা এই কমলা কেৱল সোৱাদ লগা বা তৃষ্ণা নিবাৰণ কৰা এবিধ ফলেই নহয়, ই স্বাস্থ্যৰ পক্ষে অতিকৈ উপকাৰী এক মহৌষধস্বৰূপ। সেয়ে কমলা খোৱাটো আমাৰ পক্ষে উপকাৰী।

কেলচিয়ামৰ ভাণ্ডাৰঃ

মানৱ শৰীৰত কেলচিয়ামৰ গুৰুত্ব অপৰিসীম। কমলাৰ পৰা আমাৰ শৰীৰে লাভ কৰিব পাৰে প্ৰচুৰ পৰিমাণৰ কেলচিয়াম। কিয়নো ই হৈছে কেলচিয়ামৰ ভাণ্ডাৰ। কমলাৰ ওপৰত এটি গৱেষণা চলাই আমেৰিকাৰ এদল চিকিত্সা বিজ্ঞনীয়ে জানিব পাৰিছিল যে কোনো এজন সুস্থ মানুহে যদি ৮ আউন্স গাখীৰ খায় তেনেহ’লে সেই গাখীৰৰ পৰা তেওঁ লাভ কৰিব ২৯১ মিলিগ্ৰাম কেলচিয়াম। তাৰে মাত্ৰ ৯৩ মিলিগ্ৰাম কেলচিয়ামহে আমাৰ শৰীৰৰ কামত ব্যৱহাৰ হয়। ইয়াৰ বিপৰীতে যদি এজন লোকে সমান পৰিমাণৰ (৮ আউন্স) কমলাৰ ৰস খায় তেন্তে তাৰ পৰা তেওঁ লাভ কৰিব পাৰিব ৩৫০ মিলিগ্ৰাম কেলচিয়াম। তাৰে ১৩০ মিলিগ্ৰাম কেলচিয়ামেই ব্যৱহাৰ হয় আমাৰ শৰীৰৰ কামত। গতিকে উক্ত গৱেষণাৰ পৰা জানিব পৰা গৈছিল যে গাখীৰতকৈ কমলাত থকা কেলচিয়ামৰ পৰিমাণ তুলনামূলকভাৱে বেছি।

আৰু কি কি পোৱা যায়:

কমলা কেৱল কেলচিয়ামৰ ভাণ্ডাৰেই নহয়, ইয়াত আছে গুণবিশিষ্ট অন্যান্য কিছুমান উপাদান। বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে প্ৰতি ১০০ গ্ৰাম কমলাৰ ৰসৰ পৰা ১.৭ গ্ৰাম আঁহজাতীয় পদাৰ্থ, ০.১ গ্ৰাম চৰ্বি, ৮.৫ গ্ৰাম কাৰ্ব’হাইড্ৰেট, ১.১ গ্ৰাম প্ৰ’টিন লাভ কৰিব পৰা যায়। বিজ্ঞানীসকলৰ মতে স্বাস্থ্যৰ পক্ষে অতিকৈ উপকাৰী ফলসমূহৰ ভিতৰত কমলাৰ নাম প্ৰথমেই উল্লেখ কৰিব পাৰি, আনহাতে ইয়াক এক শক্তিবৰ্ধক ফল বুলিবও পাৰি। কিয়নো প্ৰতি ১০০ গ্ৰাম কমলা ৰসৰ পৰা আমি প্ৰত্যেকেই লাভ কৰিব পাৰোঁ ৩৭.৫ কিলো কেলৰী শক্তি।

কমলা উৎসৱৰ কাহিনী:

বিশ্বৰ বিভিন্ন দেশত বিলাহী উত্সৱ, ৰঙালাও উত্সৱ আদি আয়োজন কৰাৰ কথা আমি ইতিমধ্যে জানি আহিছোঁ। এটা সময়ত ইজিপ্ট আৰু আমেৰিকাৰ লোকসকলে কমলা টেঙাক লৈ এক উত্সৱ প্ৰতিবছৰে এটা নিৰ্দিষ্ট দিনত আয়োজন কৰাৰ কথা জানিব পৰা যায় আৰু ইয়াক জনা গৈছিল কমলা উত্সৱ নামেৰে। এই উত্সৱত কোনো নদী বা বৃহত্ পুখুৰীত কমলা বা কমলাৰ ৰস ঢালি তাত সকলোৱে আনন্দ-স্ফূৰ্তি কৰি এই উত্সৱ অনুষ্ঠিত কৰিছিল। এই উত্সৱ আছিল মূলতঃ প্ৰতিযোগিতামূলক। ইয়াত অংশগ্ৰহণ কৰা সকলো লোকৰ মাজৰ পৰা যিজনে আটাইতকৈ বেছি কমলা নদী বা পুখুৰীত দিব পাৰিছিল তেওঁক শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ আগবঢ়োৱা হৈছিল। সময়ৰ গৰাহত পৰি এই উত্সৱ বৰ্তমান হেৰাই যোৱাৰ উপক্ৰম হৈছে বুলি জানিব পৰা যায়। একালত আমাৰ চুবুৰীয়া দেশ চীনতো কমলাক লৈ প্ৰতি চুবুৰিয়ে চুবুৰিয়ে এক উত্সৱ আয়োজন কৰিছিল বুলি জানিব পৰা যায়।

সৌন্দৰ্য চৰ্চাত কমলা:

প্ৰাচীন কালৰে পৰা সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত কমলাই অধিক গুৰুত্ব লাভ কৰি আহিছে। কমলাত থাকে বিভিন্ন উপকাৰী উপাদানৰ উপৰি থাকে ভিটামিন ‘চি’, যি মানুহৰ স্বাস্থ্যকে ধৰি ছালৰ বাবেও অতিকৈ প্ৰয়োজনীয়। সম্ভৱত প্ৰাচীন কালত কমলাৰ গুণাগুণৰ কথা জানিব পাৰিয়েই বিশ্বৰ বিভিন্নখন দেশৰ ৰাণী-ৰাজকুমাৰী আদিসকলে তেওঁলোকৰ স্নানত কমলা ব্যৱহাৰ কৰিছিল। কমলাৰ ৰসে সৌন্দৰ্যক দুগুণে উদ্ভাসিত কৰি তোলাৰ উপৰি ইয়াৰ সুগন্ধই ছালৰ বিভিন্ন ৰোগ বা দুৰ্গন্ধ আদি দূৰ কৰে বুলি সেই সময়ত তেওঁলোকে বিশ্বাস কৰিছিল। এতিয়াও বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে কমলাৰ গুণাগুণৰ কথা জানিব পাৰিয়েই দৈনিক খাদ্যসম্ভাৰত কমলা ৰখাৰ উপৰি স্নানকাৰ্যত কমলা ব্যৱহাৰ কৰে বুলি জানিব পৰা যায়। ইয়াৰ উপৰি পুৰণি কালত আমাৰ ভাৰতকে ধৰি বিভিন্ন দেশৰ লোকে বাকচ-আলমাৰি আদিত জাপি থোৱা কাপোৰত সুগন্ধৰ বাবে পৰুৱাই পাব নোৱাৰাকৈ শুকান কমলাৰ বাকলি সুমুৱাই ৰাখিছিল বুলিও জানিব পৰা যায়। মাঘ বিহু, বহাগ বিহুৰ সময়ত আমাৰ বিভিন্ন অসমীয়া লোকৰ ঘৰত প্ৰস্তুত কৰা কিছুমান পিঠা-পনাত সুগন্ধৰ বাবে শুকান কমলাৰ বাকলি সংমিশ্ৰণ কৰা ছবিখন আপোনাৰ নিশ্চয় অপৰিচিত নহয়।

কমলাৰ উৎপাদন:

সচৰাচৰ যিবোৰ ফল আমি ইচ্ছা কৰিলেই বাৰ মাহেই খাব পাৰোঁ বা বজাৰত বিচাৰি পাওঁ সেই ফলবোৰৰ ভিতৰত কমলাও অন্যতম। ই হৈছে ভালেমান দিনলৈকে বেয়া নহৈ সতেজ হৈ থকা এবিধ ফল। এই অধিক গুণবিশিষ্ট ফলবিধ প্ৰতিদিনে খালেও ই আমাৰ স্বাস্থ্যক কোনো ধৰণে অপকাৰ নকৰে বৰং উপকাৰহে সাধে। কমলা উত্পাদনৰ ক্ষেত্ৰত আমাৰ ভাৰত বহুখিনি পিছপৰি আছে বাবেই প্ৰায় প্ৰতিদিনেই বিশ্বৰ বিভিন্ন দেশৰ পৰা আমাৰ ভাৰতলৈ ৰপ্তানি কৰা হয় কমলাকে ধৰি বিভিন্ন কিছুমান ফল। জানিব পৰা মতে কমলা খেতিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত আছে আমেৰিকা। আমেৰিকাৰ ফ্ল’ৰিডা আৰু কেলিফ’ৰ্নিয়াত বিশ্বৰ ভিতৰতে সৰ্বাধিক কমলা খেতি কৰা হয়। ইয়াৰ পাছতে ইৰান, চীন, ইজিপ্ত আদিৰ নামেই ল’ব পাৰি। অৱশ্যে আমাৰ ভাৰতৰ দুই-এক ঠাইত কমলা খেতি কৰা হয় যদিও অন্যান্য কিছুমান দেশৰ লগত ইয়াক তুলনা কৰি চাব নোৱাৰি।

শেষত কৈ থওঁ- দৈনিক কমলা খাব পৰাটো কোনো এজন লোকৰ বাবে অতিকৈ শুভ লক্ষণ। যুৱ-বৃদ্ধ সকলোৰে বাবে কমলা অতিকৈ উপকাৰী। কমলা হৈছে স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষাৰ এক ভঁৰালস্বৰূপ।

লিখক: মুনমী কলিতা

উৎস: মায়া

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate