অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যপ্ৰাণৰ কথা

বিভিন্ন ধৰণৰ ভিটামিন আৰু ইয়াৰ কামঃ

খাদ্যপ্ৰাণ এ

ৰাসায়নিক নামঃ ৰেটিন’ন, ৰেটিনয়ড আৰু চাৰিবিধ কেৰটিনয়ড ই মাংসসাৰত দ্ৰৱণীয় ভিটামিন। ভিটামিন এয়ে দাঁত, হাড়, কোমল কোষ, ছাল, শ্লেষ্মা আৱৰণ আদি মজবুত ৰখাত সহায় কৰে আৰু শৰীৰৰ প্ৰতিৰক্ষা বিভাগ সুস্থ ৰাখে। ইয়াৰ অভাৱত কুকুৰীকণা, কেৰাটমেলেছিয়া, ই এক চকুৰ ৰোগ, যাৰ ফলত চকুৰ ছাল শুকান হয় আৰু হাইপাৰকেৰাট’ছিছ(ছালৰ ৰোগ)নামৰ বেমাৰ হ’ব পাৰে। আমাৰ শৰীৰক দৈনন্দিন প্ৰায় ৯০০মাইক্ৰ’গ্ৰাম ‘ভিটামিন এ’ৰ দৰকাৰ হয়। লিভাৰ, কমলা, হালধীয়া পৰা ফল, ক’ড লিভাৰৰ তেল, গাজৰ, সেউজীয়া শাক-পাচলি, ব্ৰ’কলি, মিঠা আলু, গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী খাদ্য, কণী, এপ্ৰিকট, খৰবুজা, মাছ, স্কোৱাছ, ৰঙালাউ আদিত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে।

খাদ্যপ্ৰাণ ডি

ৰাসায়নিক নামঃ কলিকেলচিফেৰ’ল বা আৰ্গকেলচিফেৰ’ল। খাদ্যপ্ৰাণ ‘ডি’ও মাংসসাৰত দ্ৰৱণীয় হোৱা ভিটামিন। এই খাদ্যপ্ৰাণে হাড় মজবুত কৰাত সহায় কৰে। কাৰণ, ই হাড়ৰ বাবে প্ৰয়োজনীয় কেলছিয়াম শোষণ কৰাত সহায় কৰে। তদুপৰিই শৰীৰৰ প্ৰতিৰক্ষা বিভাগ সুস্থ ৰখাত সহায় কৰে আৰু বোধহয় কৰ্কট ৰোগৰ পৰাও কিছু পৰিমাণে ৰক্ষা কৰে। এই ভিটামিনৰ অভাৱত শিশু বয়সত ৰিকেট আৰু কষ্টিঅ’ মেলেছিয়া নামৰ ৰোগ হয়। এই দুয়োবিধ ৰোগতে হাড় দুৰ্বল হয়। আজিকালি এই ভিটামিনৰ অভাৱৰ লগত হৃদৰোগ, কম বৌদ্ধিক বিকাশ, হাপানী ৰোগ, এলঝেইমাৰবা স্মৃতিশক্তি ৰোধ হোৱা বাৰ্ধক্যজনিত ৰোগ, স্কিজ’ফ্ৰেনিয়া, পুৰুষৰ কমজোৰ আদি বহু ৰোগৰ সম্পৰ্ক থকা দেখা যায়।

ভিটামিন ডি বাকীবোৰ ভিটামিনতকৈ এটা বিষয়ত পৃথক। সেয়া হল সূৰ্যৰ পোহৰৰ সংস্পৰ্শল আহিলে আমাৰ ছালখনে ভিটামিন ‘ডি’ নিজেই উত্পন্ন কৰিব পাৰে। কণীৰ কুহুম, তেল থকা মাছ, ভিটামিন ‘ডি’ মিলাই থোৱা গাখীৰ বা গাখীৰেৰে তৈয়াৰী খাদ্য, কমলা ৰস ইত্যাদিতো এই ভিটামিন থাকে। কিন্তু সূৰ্যৰ পোহৰ নিজৰ ছালত পৰিব নিদিয়াকৈ কেৱল খাদ্যৰপৰা পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি পোৱাটো প্ৰায় অসম্ভৱ। হয় আপুনি সদায় অলপ হলেও ৰ’দ ল’ব লাগিব বা নহ’লে ভিটামিন ‘ডি’ ৰ ঔষধ খাব লাগিব।

পৰ্যাপ্ত পৰিমাণে ভিটামিন ‘ডি’ পাবৰ বাবে আপুনি দৈনন্দিন কিমান সময় ৰ’দ ল’ব লাগিব সেয়া নিৰ্ভৰ কৰে বয়স, শৰীৰৰ বৰণ, পৃথিৱীৰ ক’ত আপোনাৰ ঘৰ, দিনৰ কোনটো সময়ত ৰ’দ লৈছে, বছৰৰ কোন সময়ত আৰু কিমান কাপোৰ পিন্ধিছে তাৰ ওপৰত। আনহাতে দিনটো সূৰ্যৰ পোহৰত থাকিলেও আল্ট্ৰাভায়’লেট পোহৰৰ পৰা শৰীৰৰ অপকাৰ হ’ব পাৰে। সেয়া সাধাৰণভাৱে ক’বলৈ হলে দিনৰ প্ৰায় দহৰ পৰা বাৰ বজাৰ ভিতৰত সদায় প্ৰায় পোন্ধৰ মিনিটমান সময় মুখত আৰু হাতত সূৰ্যৰ পোহৰ পৰিবলৈ দিলে পৰ্যাপ্ত পৰিমাণে ভিটামিন ‘ডি’ পোৱা যায়। এটি শিশু বা কিশোৰক দৈনন্দিন প্ৰায় ১০ মাইক্ৰগ্ৰাম বা ৪০০ ইণ্টাৰনেচনেল ইউনিট ভিটামিন ‘ডি’ ৰ প্ৰয়োজন হয়।

খাদ্যপ্ৰাণ বি ১ বা থায়েমিন’

ৰাসায়নিক নামঃ থায়েমিন’। ই এক পানীত দ্ৰৱণীয় ভিটামিন। এই ভিটামিনে শৰ্কৰাযুক্ত খাদ্যক শক্তিত ৰূপান্তৰিত কৰাত সহায় কৰে আৰু হৃদপিণ্ড, মাংসপেশী আৰু স্নায়ুতন্ত্ৰ ভালদৰে কাম কৰা বাবে ই প্ৰয়োজনীয়। এই ভিটামিন ঢেঁকীত খুন্দা চাউল, মুগা বৰণৰ চাউল, অট’ছ, আলু, মিঠা আলু, যকৃত, কণী, কৃত্ৰিমভাৱে ভিটামিন বি মিলাই ৰখা পাউৰুটী, পাস্তা, চাউল, কৰ্নফ্লেক্স, মাংস, কিছু শাক-পাচলিত পৰ্যাপ্ত পৰিমাণে পোৱা যায়। আমাক দৈনন্দিন প্ৰায় ১.২ মিঃগ্ৰাঃ এই ভিটামিনৰ প্ৰয়োজন হয়। এই ভিটামিনৰ অভাৱত ‘বেৰীবেৰী’ আৰু ‘ৱাৰ্নিক কোৰ্চাকফ’ নামৰ বেমাৰ হয়। ‘বেৰীবেৰী’ ৰোগে হৃদপিণ্ড আৰু স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে, ‘ৱাৰ্লিক কোৰ্চাকফ’ স্নায়ুতন্ত্ৰৰ ৰোগ আৰু ই মানসিক ৰোগৰ সৃষ্টি কৰে।

খাদ্যপ্ৰাণ বি ২

ৰাসায়নিক নামঃ ৰাইব’ফ্লেবিন। ই এক পানীত দ্ৰৱণীয় ভিটামিন। আমাক দৈনন্দিন প্ৰায় ১.৩ মিলিগ্ৰাম এই ভিটামিনৰ প্ৰয়োজন হয়। বি২ ভিটামিন শৰীৰৰ বিকাশ, শৰ্কৰাযুক্ত খাদ্যক শক্তিলৈ পৰিৱৰ্তন আৰু লোহিত ৰক্ত কণিকা গঠনত প্ৰয়োজন হয়। এই ভিটামিনৰ অভাৱত এৰাইবফ্লেভিনছিছ, মুখৰ কোণ ফঁটা গ্লছাইটিছ(জিভাখন ৰঙা পৰি, ফুলি সমান হোৱা ৰোগ)আদি ৰোগ হয়। গাখীৰ আৰু দুগ্ধজাত দ্ৰব্য, কল, মাংস, কণী, দাইল, মটৰ মাহ, সেউজীয়া শাক-পাচলি, ব্ৰকলি, কাজু বাদাম আদি শুকান ফলত এই ভিটামিন পৰ্যাপ্ত পৰিমাণে পোৱা যায়।

ভিটামিন বি৩

ৰাসায়নিক নামঃ নিয়াচিন। ই এক পানীত দ্ৰৱণীয় ভিটামিন। আমাক দৈনন্দিন প্ৰায় ১৬ মিঃগ্ৰাঃ মান এই ভিটামিনৰ প্ৰয়োজন হয়। এই খাদ্যপ্ৰাণে হজম কৰাত সহায় কৰে, খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰে। কলেষ্টেৰ’ল তৈয়াৰত সহায় কৰে। ছাল স্বাস্থ্যৱান কৰি ৰাখে আৰু স্নায়ুৰ স্বাভাৱিক কাম-কাজ বৰ্তি থকাত সহায় কৰে। নিয়াচিন হাঁহ-কুকুৰাৰ মাংস, ৰঙা মাংস(ছাগলী আদি), মাছ, মুগা চাউল, মুগা ৰঙৰ আটা, শাক-পাচলি, খোৱা কাঠফুলা ইত্যাদিত সহজে পোৱা যায়। এই ভিটামিনৰ অভাৱত পেলাগ্ৰা নামৰ ৰোগ হয়। পেলাগ্ৰা ৰোগত হাগনী, ছালৰ বেমাৰ, স্মৃতিশক্তি ৰোধ আৰু চিকিত্সা নল’লে সদৌ শেষত মানুহৰ মৃত্যু হ’ব পাৰে।

খাদ্যপ্ৰাণ বি ৫

ৰাসায়নিক নামঃ পেণ্টোথেনিক এচিড। সকলো বি গ্ৰুপৰ ভিটামিনেই পানীত দ্ৰৱণীয়। দৈনন্দিন আমাক প্ৰায় ৫ মিঃগ্ৰাঃ এই ভিটামিনৰ প্ৰয়োজন হয়। এই ভিটামিন মাংস, ব্ৰক’লি আদিত পোৱা যায়। এই ভিটামিনৰ অভাৱ খুব কমেই অকলে দেখা যায় আৰু হ’লে পেৰাষ্টেচিয়া নামৰ সমস্যা হয়। পেৰাষ্টেচিয়া হ’লে বেজী বা পিনেৰে খুচি থকা যেন অনুভৱ হয়।

লিখক: ডাঃ দেৱজিৎ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate