ৰাসায়নিক বিশ্লেষণত দেখা যায় যে নহৰুত ভিটামিন এ, বি, চি আৰু পটাছিয়াম, কেলচিয়াম, ফছফৰাছ, আয়োডিন থাকে। তদুপৰি নহৰত জিংক, কপাৰ, এলুমিনিয়াম, মেংগানিজ, ছালফাৰ আৰু আয়ৰন উপলব্ধ। নহৰুত অষ্ট্রোজেনিক হৰম'ন থাকে আৰু মাতৃৰ দুগ্ধ নিঃসৰণত সহায় কৰে। সেইবাবে প্ৰসৱৰ পাছতেই মাতৃয়ে নিয়মিতভাৱে নহৰু খাব লাগে যাতে মাতৃয়ে নিজৰ শিশুক স্তনৰ গাখীৰ খুৱাব পাৰে।
নহৰু প্রকৃততে বীজাণুনাশক খাদ্য নহৰুৱে অন্ত্ৰ আৰু পাকস্থলীৰ পৰা গেছ বাহিৰ উলিয়াই দিয়ে। কাহ আৰু ব্ৰংকাইটিছ নিৰাময়ৰ বাবে নহৰু, খাদ্যত থাকিব লাগে৷ ডিঙিৰ অসুখ, পক্ষাঘাত, গাঁঠিৰ বিষ আৰ তপিনাৰ বিষ নহৰুৱে নিৰাময় কৰে। নহৰুৱে ভোক বৃদ্ধি কৰে, ৰক্তসঞ্চালন নিয়মীয়া কৰে।
তাহানিতেই ডায়’স্কৰাইডছে তেওঁৰ গ্ৰন্থ ‘দ্য মেটোৰিয়া মেডিক’ত নহৰুক কৃমিনাশক, মূত্র বৃদ্ধিকাৰক, চর্মৰোগ নিধনকাৰী আৰু দেহত থকা জন্মৰ দাগ নাইকিয়া কৰিব পাৰে বুলি উল্লেখ কৰিছে। সেইদৰে ১৫৬৪ খ্ৰীষ্টাব্দত লনিছেৰাছ নামৰ ভেষজবিদ এগৰাকীয়েও অন্ত্ৰীয় কৃমিনাশক হিচাপে নহৰু ব্যৱহাৰ কৰিবলৈ কৈছিল।
নহৰুত থকা বীজাণুনাশক দ্রব্যবিধেই হ’ল এলিন (allin)। এলিনে অপকাৰী আৰু ৰোগকাৰী বীজাণুবোৰ ধ্বংস কৰে।
সম্প্রতি কেইবাগৰাকী বিজ্ঞানীৰ মতে, নহৰু এবিধ ব্রডস্পেকট্রাম অণুজীৱ বিনষ্ট কৰিব পৰা বন দৰব। তেওঁলোকৰ মতে, নহৰু ৰসে মানুহ আৰু জীৱ-জন্তুৰ দেহত দেখা দিয়া বহু বিধ ভয়ংকৰী বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিব পাৰে। তদুপৰি এনেবোৰ বেক্টেৰিয়াৰ বৃদ্ধি আৰু বিকাশত হেঙাৰ হিচাপে দেখা দিয়ে।
এদল বিজ্ঞানীৰ মতে, নহৰুৱে স্নায়ুতন্ত্ৰ, দেহৰ ৰক্তসঞ্চালন তন্ত্রক যথেষ্ট সহায় কৰে। চর্বি আৰু কাৰ্বহাইড্রেট হজম কৰিব পৰা ক্ষমতা আছে নহৰুৰ।
আমাৰ প্ৰতি সাঁজতেই নহৰু মছলা হিচাপে ব্যৱহাৰ হয়। ইয়াৰ উপৰিও নিতৌ দুই-তিনিফোটা নহৰু খালে লিভাৰ কেন্সাৰৰ পৰা বহু আঁতৰত থাকিব পাৰি বুলি বিজ্ঞানীয়ে কয়। গতিকে নহৰু সদায় খাওক। কেতিয়াবা নহৰু খালে মুখ গোন্ধায়। গোন্ধাৱা কাৰণ হ’ল নহৰুত এলিচিন নামৰ পদার্থ থাকে। সেয়ে বাহিৰলৈ ওলাই গ’লে দিনৰ ভাগত নহৰু নোখোৱাই শ্ৰেয়। ৰাতি নিশ্চয় খাব। গৱেষকৰ মতে, পুৱাই খালী পেটতে পানী খাওঁতে নহৰু খাব পাৰিলে স্বাস্থ্যৰ বাবে খুবেই মংগল।
লেখক: ড: পবিত্ৰ কুমাৰ পাটোৱাৰী, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 1/17/2023