এতিয়া ফলৰ বতৰ। বৰ্তমান আম, লিচু, কল, মধুৰিআম, মাটিকঁঠাল, কঁঠাল, অমিতা, প্লাম, নাৰিকল আদি নানান ফলেৰে বজাৰ উপচি পৰিছে। বজাৰত উপলব্ধ এই সুস্বাদু ফলসমূহে যে কেৱল আমাৰ জিভাৰ তৃপ্তিয়ে পূৰণ কৰি আহিছে তেনে নহয়, এই ফলসমূহৰ মাজত নিহিত হৈ থকা খাদ্যপ্ৰাণ আৰু খনিজ লৱণে আমাৰ শৰীৰক স্বাস্থ্যৱান, নিৰোগী আৰু সক্ষম কৰি ৰখাত পূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উল্লেখ্য যে বেছিভাগ ফলমূলতে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন কম-বেছি পৰিমাণে পোৱা যায়। সেইবাবেই প্ৰতিজন মানুহে দৈনিক গড়ে ৮৫ গ্ৰাম ফলমূল আহাৰ হিচাপে গ্ৰহণ কৰা অতি প্ৰয়োজন।
বৰ্তমান সময়ত উপলব্ধ ফলসমূহৰ ভিতৰত সৰহ পৰিমাণে খাদ্যপ্ৰাণ ভিটামিন এ থকা ফলবোৰ হ’ল পকা আম, পকা অমিতা, কঁঠাল আদি। ভিটামিন এ-ই শৰীৰত হাড়ৰ গঠন, সকলো ধৰণৰ কোষ-কলা কাৰ্যক্ষম কৰি ৰখা, শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগ নিয়ন্ত্ৰণ আৰু কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি দৃষ্টিশক্তিৰ বিকাশ ঘটোৱাতো সহায় কৰে। ভিটামিন এ-ৰ অভাৱত হাড়ৰ গাঁঠিবোৰৰ বিষ, দৃষ্টিশক্তি নিম্নগামী, চকু শুকাই যোৱা আৰু শৰীৰৰ বৃদ্ধিত ব্যাঘাত জন্মে। আনহাতে ভিটামিন বি-যুক্ত ফলমূলবোৰ হ’ল কাজু বাদাম, কল, অমিতা, লিচু, মাটিকঁঠাল, ডালিম ইত্যাদি। ভিটামিন বি-য়ে মানুহৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰা, স্নায়ুতন্ত্ৰৰ কাৰ্য্যপ্ৰণালীত সহায় কৰা, স্মৃতিশক্তি আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ অভাৱত মানুহৰ এলাহ বৃদ্ধি পায়, ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধিত ব্যাঘাত জন্মাৰ উপৰি কষ্ট সহিষ্ণুতা হ্ৰাস পায়, বিষণ্ণতা বৃদ্ধি পায় আৰু বেৰিবেৰি ৰোগ হয়। সৰহকৈ ভিটামিন চি থকা ফলমূলবোৰ হ’ল আমলখি, মধুৰিআম, নেমুটেঙা আৰু মাটিকঁঠাল আদি। ভিটামিন চি-য়ে শৰীৰৰ বৃদ্ধিত সহায় কৰা, কোষ-কলা মেৰামতি কৰা, ৰক্ত পৰিবহণত সহায় কৰা আৰু দাঁতৰ কাম, ৰোগ সংক্ৰমণত বাধা আৰু কেঞ্চাৰ প্ৰতিৰোধী হিচাপে কাম কৰাৰ উপৰি কটা-ছিঙা আদি শুকোৱা, শ্বাস-প্ৰশ্বাস আদিৰ দুৰ্বলতা আঁতৰ কৰাতো সহায় কৰে। গতিকে ওপৰত উল্লিখিত ফলৰ উপকাৰিতাসমূহলৈ লক্ষ্য কৰি আমি নিয়মিতভাৱে বতৰৰ সুস্বাদু ফলমূলসমূহ আহাৰ হিচাপে গ্ৰহণ কৰা অতি আৱশ্যক। এই ফলমূলবিলাকৰ ভিতৰত আম হ’ল ভাৰতবৰ্ষৰ অতি পুৰণি ফল। ভাৰতবৰ্ষত আম খেতিৰ প্ৰচলন খ্ৰীষ্টপূৰ্ব ৪০০০-ৰ পৰা ৬০০০ বছৰ পুৰণি বুলি জনা যায়। মোগল সম্ৰাট বাবৰে আমক হিন্দুস্থানৰ ভিতৰত আটাইতকৈ পছন্দৰ ফল বুলি কৈছিল। উপভোক্তা ৰাইজৰ মাজত থকা আমৰ এই জনপ্ৰিয়তাৰ বাবেই তেতিয়াৰ দিনতে বিখ্যাত মোগল সম্ৰাট আকবৰে বিহাৰৰ দাৰভাংগাত এক লাখ আমৰ গছ ৰোপণ কৰি বাগান পাতিছিল। অতীত কালত যে আমৰ জনপ্ৰিয়তা অত্যধিক আছিল তাৰ প্ৰমাণ চীনা পৰিব্ৰাজক হিউয়েন চাঙৰ টোকাতো উল্লেখ কৰা দেখা যায়। হিন্দুসকলৰ মহত্ গ্ৰন্থ মহাভাৰত আৰু ৰামায়ণৰ উপৰি কালিদাসৰ মেঘদূত গ্ৰন্থতো আমৰ বিষয়ে উল্লেখ পোৱা যায়। আম খেতিৰ বাবে সকলো শ্ৰেণীৰ মাটিয়েই উপযোগী যদিও দলৈকে থকা পলসুৱা মাটিয়েই অধিক উত্কৃষ্ট। মাটিডোখৰ সাৰুৱা বাৰিষা পানী জমা নোহোৱা ওখ হ’ব লাগে। অসমৰ মাটি আমৰ বাবে উপযোগী যদিও অসমৰ খেতিয়কসকলে ব্যৱসায়িক ভিত্তিত এতিয়াও আম খেতি কৰিবলৈ লোৱা পৰিলক্ষিত হোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগত প্ৰচুৰ পৰিমাণে বিভিন্ন প্ৰজাতিৰ আম পোৱা যায়। কেইবিধমান উল্লেখযোগ্য জাতৰ আম হ’ল- লেঙেৰা, ডুচেহেৰী, ফজলি, গোলাপ খাচ, কিষাণভোগ, মালদহ, মল্লিকা, আম্ৰপালি, সেন্দুৰী আম, মিঠা আম কেঁচা অৱস্থাতে খাবলৈ সোৱাদৰ আদি। সকলো ফলতকৈ আমত মানৱ দেহৰ বাবে অতি প্ৰয়োজনীয় ভিটামিন এ আটাইতকৈ বেছি পৰিমাণে পোৱা যায় বাবে আমক ফলৰ ৰজা বুলি কোৱা হয়।
বৰ্তমান বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ আন এবিধ ফল হ’ল লিচু। লিচুত ভিটামিন বি-ৰ উপৰি শৰ্কৰা, প্ৰটিন, চৰ্বি, খনিজ লৱণ, কেলচিয়াম, পটাছিয়াম, ভিটামিন চি আৰু এ পোৱা যায়। লিচুৰ উত্পত্তি চীনত হোৱা বুলি ঠাৱৰ কৰা হৈছে আৰু ১৮০০ চনত পূৱ ভাৰতেৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে বুলি অনুমান কৰা হৈছে। দক্ষিণ আফ্ৰিকাত লিচু খেতি অতি জনপ্ৰিয়। ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে অসমৰ মাটিও লিচু খেতিৰ বাবে উপযোগী। অসমৰ মাটিৰ বাবে উপযোগী কেইবিধমান লিচুৰ প্ৰজাতি হ’ল মুজফৰপুৰ, ডেৰাডুন, কেলকেতা, ৰ’জ ছেনটেড, ছীডলেছ আৰু চাহাৰাণপুৰ ইত্যাদি।
অসমত বৰ্তমান পোৱা আন এবিধ উল্লেখযোগ্য ফল হ’ল কঁঠাল। কঁঠালত ভিটামিন এ-ৰ উপৰি ভিটামিন বি, প্ৰটিন, শ্বেতসাৰ, শৰ্কৰা, খনিজ লৱণ আদি পোৱা যায়। কঁঠাল অতি সুস্বাদু উপৰি মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় উল্লিকিত উপাদানসমূহ পূৰ্ণ কৰাৰ উদ্দেশ্যে আমি বতৰৰ ফল হিচাপে খোৱা অতি আৱশ্যক। কঁঠালৰ গুটি ৰান্ধি খাবলৈ অতি সোৱাদযুক্ত হয়। অসমৰ মাটি কঁঠালৰ বাবে উপযোগী। ফলৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল কল। কাৰণ কল হ’ল একমাত্ৰ ফল, যাৰ গছৰ সকলো অংশই মানুহৰ উপকাৰত আহে। পৃথিৱীৰ ভিতৰত অসম, ব্ৰহ্মদেশ, থাইলেণ্ড, ইণ্ডো চাইনা আদিৰ কোনোবা পাহাৰীয়া অঞ্চলত প্ৰথমে কল উৎপাদন হৈছিল বুলি অনুমান কৰা হৈছে। ইয়াৰ পৰাই পৰৱৰ্তী সময়ত আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, ফিলিপাইনছ আৰু হাৱাই আদি ঠাইলৈ সম্প্ৰসাৰিত হয়। খ্ৰীষ্টপূৰ্ব ৩২৭ চনত মহান গ্ৰীক সম্ৰাট আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰাৰ সময়ত ভাৰতৰ সিন্ধু উপত্যকাত কল খেতি কৰাৰ বাবে অগ্ৰাধিকাৰ দিছিল। পকা কলত ভিটামিন বি পোৱা যায়। বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত কলৰ বাগিচা পাতি খেতিয়কসকলে ব্যৱসায়িকভাৱে সফলহোৱা দেখা গৈছে। মাটিকঁঠাল অসমৰ মাটিত উত্পাদিত আন এবিধ অতি সুস্বাদু ফল। পাহাৰীয়া এঢলীয়া মাটি মাটিকঁঠালৰ বাবে উপযোগী। আনবোৰ ফলমূলৰ নিচিনাকৈ মাটিকঁঠালতো প্ৰ’টিন, শ্বেতসাৰ, ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। এইবোৰৰ ভিতৰত ভিটামিন চি-ৰ পৰিমাণ ইয়াত অধিক থাকে। ফল হিচাপে খোৱাৰ উপৰি ইয়াৰ পৰা জাম, জেলী, স্কোৱাচ আদি তৈয়াৰ কৰা হয়।
অসমত উত্পাদিত সকলোৰে অতি প্ৰিয় আন এবিধ ফল হ’ল অমিতা। পকা অমিতাত ভিটামিন এ থকাৰ উপৰি অন্যান্য ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। পকা অমিতাত দহ শতাংশ শ্বেতসাৰ আৰু দশমিক ৫ শতাংশ প্ৰ’টিন থাকে। ফল আৰু পাচলি হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কেঁচা অমিতাৰ পৰা ওলোৱা পেপেইন নামৰ পদাৰ্থক বহুল পৰিমাণে চামৰাৰ উদ্যোগত, ছুইংগাম, প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰাত, ঊল উদ্যোগ, মাংস উদ্যোগ আদিত ব্যৱহাৰ কৰা হয়। অমিতা সাধাৰণতে একলিংগ উদ্ভিদ। পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয়। সেয়ে পৰাগযোগ হৈ অধিক উৎপাদন পাবলৈ প্ৰতি ১০ জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা মতা ফুলৰ গছ ৰুব লাগে। অৱশ্যে কিছুমান উভয় লিংগ থকা অমিতাৰ সঁচো আছে। ইয়াৰ উপৰি বৰ্তমান বজাৰত উপলব্ধ মধুৰিআম, আমলখি আদি সুস্বাদু ফলে উপভোক্তাসকলক সদায়ে আকৰ্ষণ কৰি আহিছে। এই আটাইকেইবিধ ফলেই অসমৰ মাটিত উৎপাদন কৰিব পৰা যায়। মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ পূৰণ কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰখাৰ স্বাৰ্থত আমি এই ফলবোৰ আহাৰ হিচাপে গ্ৰহণ কৰা অতি প্ৰয়োজন।
লেখক: কন্দৰ্প কুমাৰ ৰায়, নিয়মীয়া বাৰ্তা।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020
খাদ্য, সোৱাদ আৰু ৰসায়ন প্ৰ’টিনৰ প্ৰয়োজনীয়তা
অসমত ঘাঁহশস্যৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তা
গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তা
“আন্তৰ্জাতিক মাতৃভাষা দিৱস”ৰ প্ৰয়োজনীয়তাৰ বিষয়ে