অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভিটামিন ডি

ভিটামিন ডি

ভিটামিন ‘ডি’ক সূৰ্যৰ পোহৰৰ ভিটামিন হিচাপেও জনা যায়। আমাৰ শৰীৰে সূৰ্যৰ পোহৰত ইয়াক উৎপন্ন কৰে। ইয়াক কিছুমান আহাৰতো কম পৰিমাণে পোৱা যায়। যেনে- কিছুমান মাছ আৰু ইয়াৰ যকৃতত থকা তেল, কণীৰ কুহুম, কিছুমান দুগ্ধজাত আৰু কৃষিজাত সামগ্ৰী।

ভিটামিন ডিৰ প্ৰধান উৎস হৈছে আমৰ ছাল। ছালৰ উপৰিভাগৰ তৰপত থকা ৭ ডি হাইড্ৰকলেষ্টেৰল নামৰ ৰাসায়নিক পদাৰ্থত আলট্ৰা ভয়োলেট ৰশ্মি পৰিলে ভিটামিন ডি নামৰ যৌগলৈ ৰুপান্তৰিত হয়। ভিটামিন ডি স্বত:স্ফূৰ্তভাৱে ক’লকেল্‌চিফেৰল অৰ্থাৎ ভিটামিন ডি-৩ লৈ পৰিৱৰ্তন হয়। আমাৰ আহাৰতো অতি কম পৰিমাণ ৫ৰ ভিটামিন ডি থাকে যদিও বেছিভাগ খাদ্যতে এই ক্ষুদ্ৰ পুষ্টিকাৰক প্ৰয়েই নাথাকে।

ভিটামিন ডিৰ দুটা ভাগ ইহতঁক ডি-২ আৰু ডি-৩ হিচাপে নামাকৰণ কৰা হয়। ভিটামিন ডি-২ ক আৰ্‌গ’কেলচিফেৰল বুলি কোৱা হয়। ই পুষ্টিকাৰক মান উন্নিত কৰা আহাৰ- উদ্ভিদ আহাৰ আৰু পৰিপূৰকৰ পৰা ইয়াক পোৱা যায়। ভিটামিন ডি-৩ক কলিকেলচি্‌ফেৰল নামেও জনা যায়। মাছ, কণী আৰু যকৃতৰ পৰা উপলব্ধ হয়। সূৰ্যৰ আলট্ৰাভায়োলেট ৰশ্মিৰ উপস্থিতিত আমাৰ ছালে ইয়াক প্ৰস্তুত কৰে।

ভাৰতত ভিটামিন ডিৰ নাটনি এটা সাধাৰণ পৰিঘটনা। হৃষ্টপুষ্ট ৯০ শতাংশতকৈ বেছি পুৰুষৰ ভিটামিন-ডিৰ পৰিমাণ সধাৰণ মাত্ৰাতকৈও কম। তেজত আইৰণৰ পৰিমাণ কমকৈ থকা মহিলাসকলৰ ভিটামিন-ডিৰ ঘাটি বেছি। আমাৰ চৰ্বিকোষত ভিটামিন-ডি সংগৃহীত হৈ থাকে আৰু কেলচিয়ামৰ লগতে হাড় পুনৰ গঠনত ব্যৱহৃত হয়। যদি আমাৰ শৰীৰে সূৰ্যৰ পোহৰ কমকৈ পায় আৰু আমি দুগ্ধজাত খাদ্যৰ প্ৰতি এলাৰ্জিক হওঁ বা সম্পূৰ্ণৰুপে আমিষহাৰী হওঁ তেন্তে ভিটামিন-ডিৰ নাটনিৰ বিপদত পৰিব পাৰো।

আমাৰ শৰীৰে খাদ্যত গ্ৰহণ কৰা সূৰ্যৰ পোহৰৰ পৰা ছালে প্ৰস্তুত কৰা ভিটামিন-ডিক ২৫ হাইড্ৰক্সি ভিটামিন-ডি নামৰ যৌগলৈ ৰুপান্তৰ কৰে। এই যৌগৰ প্ৰায় ১০০ মিলিগ্ৰাম আমাৰ শৰীৰে প্ৰতিদিনে কেল্‌চিট্ৰয়েল নামৰ পদাৰ্থলৈ পুনৰ পৰিৱৰ্তন কৰে। ইয়েই ভিটামিন-ডিৰ সক্ৰিয় আকাৰ। মানুহৰ শৰীৰত ডি এন এত ২০০ তকৈও অধিক জিন আছে। ইয়াৰ ব্লুপ্ৰিণ্টৰ সংকেত লিপিৰ পাঠ উদ্ধাৰ কৰাত আমাৰ শৰীৰক সংকেত দিবলৈ ই সহায় কৰে। ল’ৰা-ছোৱালীৰ ভিটামিন-ডি অত্যধিক পৰিমাণে কমিলে ৰিকেট অৰ্থাৎ বাঢ়ি অহা হাড়ৰ বিজুতিত ভোগে। প্ৰাপ্তবয়স্ক লোকসকল অষ্টিয় মেলাছিছ(কোমল হাড়) আৰু অষ্টিয় প’ৰ’ছিছ  (ছিদ্ৰযুক্ত হাড়)ত ভোগে।

ভিটামিন-ডিৰ মাত্ৰা বৃদ্ধিৰ বাবে নিতৌ ১৫-৩০ মিনিট উদং গাৰে গৰমকালি থকা ভাল। সূৰ্যৰ পোহৰ কমকৈ পৰা অঞ্চলত থকা লোকসকলে ভিটামিন-ডি পৰিপূৰক হিচাপে গ্ৰহণ কৰা আৱশ্যক-৪০ উৰ্দ্ধৰ মহিলাৰ বাবে ই অত্যন্ত প্ৰয়োজনীয়। ভিটামিন-ডিৰ সংশ্লেষণৰ বাবে উপযুক্ত সময় হৈছে ১১ বজাৰ পৰা আবেলি ২ বজা পৰ্যন্ত। সূৰ্যৰ পোহৰ উন্মুক্ত ছালত পৰিবলৈ দিব লাগে-উদাহৰণস্বৰুপে মুখ, ডিঙি, হাত, বাহু ইত্যাদি। পোহৰ পৰিবলৈ দিয়া সময় বহুত কাৰকৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণ এটা নিৰ্দেশনা হৈছে পোৰণি অনুভূতি নোহোৱালৈকে। নিৰামিষ ভোজীসকলৰ খাদ্যৰ পৰা কমকৈ ভিটামিন প্ৰাপ্ত হয়। গাখীৰত অতি কম পৰিমাণৰ ভিটামিন-ডি থাকে। গতিকে শাকাহাৰীসকলে দিনে প্ৰায় ৫০০ মিলিমিটাৰ গাখীৰ খাব লাগে। গৰ্ভৱতী মহিলা আৰু সন্তানক স্তন পান কৰোতাসকলৰ ওপৰঞ্চি যত্ন লোৱা উচিত। কাৰণ এই ভিটামিনৰ নাটনিয়ে জন্ম হোৱা শিশুৰ হাড় মজবুত হোৱাত বাধা দিয়ে। কিছুকালৰ পূৰ্বে ভবা হৈছিল যে ভিটামিন-ডিৰ নাটনি খুব কম পৰিমাণে হয়; কিন্তু বৰ্তমানৰ বিশেষজ্ঞসকলে মত পোষণ কৰে যে এই ভিটামিনৰ নাটনি অধিক। স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত ইয়াক চিনাক্ত কৰা নহয়েই। আজিকালি আমি আৰাম বিচাৰি আমাৰ জীৱন নিৰ্বাহৰ পদ্ধতিৰ পৰিৱৰ্তন অনাৰ বাবে বাহিৰলৈ কমকৈ ওলোৱা হয় আৰু পৰিণতিত সূৰ্যৰ পোহৰ শৰীৰত প্ৰৱেশ কৰাত বাধাগ্ৰস্থ হয়। আনহাতে, কৰ্মচাৰীসকল বেছিভাগ সময় ৰুমৰ ভিতৰত বা দোকানত বা শিল্প উদ্যোগত থকাৰ বাবে সূৰ্যৰ পোহৰ পোৱাত বাধাগ্ৰস্ত হয়। ধূমপানেও এই ভিটামিনৰ নাটনিত অৰিহণা যোগায়। গতিকে আমি সকলোৱে অতিৰিক্ত পৰিপূৰক হিচাপে ভিটামিন-ডি গ্ৰহণ কৰিব লাগে।

0 অংকিতা হাজৰিকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate