বনৰীয়া কামত নহা জাবৰ বুলি যদি ইমানদিনে উভালি পেলাই আহিছে এতিয়াৰ পৰা আৰু সেই ভুলটো নকৰিব। হয় মই মালভোগ খুতুৰা শাকৰ বিষয়েই কৈছো।

অসমীয়া নামঃ মালভোগ খুতুৰা শাক। হিন্দী - লোণী, কুলফা, খুৰচা। ইংৰাজী- Common Purslane, Pussley, Pigweed. বৈজ্ঞানিক নাম- Portulaca oleracea.

দুৰ্দান্ত প্ৰাণশক্তি সম্পন্ন এই উদ্ভিদৰ শিপা ২৫ বছৰলৈকে জীয়াই থাকে। বৰষুণ বা পানী পালেই ই লহপহকৈ ঠন ধৰি উঠে।

ইয়াৰ পাতত ভিটামিন, আইৰণ, মিনাৰেল্চ, প্ৰটিন, কেলচিয়াম ভৰপূৰ পোৱা যায়। সকলোবোৰ পাচলিৰ ভিতৰত আটাইতকৈ বেছি Omega-3 আৰু ফেটি এচিড ইয়াতেই পোৱা যায়। ইয়াৰ পাতত আটাইবিধ সেউজীয়া শাক পাচলিতকৈ অধিক ভিটামিন A পোৱা যায় যি কেনচাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু ইয়াত থকা Omega-3 হৃদৰোগ প্ৰতিৰোধ কৰে।
ই কেনচাৰ, হৃদৰোগ প্ৰতিৰোধ, ৰক্তহীনতা দূৰ, হাড় মজবুত কৰাৰ লগতে সম্পূৰ্ণ স্বাস্থ্য উন্নত কৰে। ইয়াক দৈনিক খাদ্যৰ লগত চালাদ হিচাবে খালে এনাৰ্জী লেভেল উন্নত কৰি তজবজীয়া স্বাস্থ্য প্ৰদান কৰে, শাৰীৰিক শক্তি বঢ়ায়, সৰু লৰা ছোৱালীৰ মানসিক স্বাস্থ্য উন্নত কৰি Autism আৰু ADHD জাতীয় disorder হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ সেৱনৰ পৰা হোৱা স্বাস্থ্য লাভ বা পৰিৱৰ্তন ১৫ দিনৰ পৰা এমাহৰ ভিতৰতে লক্ষ্য কৰিব পাৰি। আপোনাৰ পৰিয়ালৰ প্ৰয়োজনীয় পৰিমাণৰ বাবে চাৰিটা মান টাব বা এটা চালানী মাছৰ থাৰ্মকলৰ বাকচৰ খেতিয়েই যথেষ্ট।

আয়ুৰ্বেদত ইয়াক বিভিন্ন ৰোগৰ ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়। ৰন্ধনত ইয়াৰ বেছিভাগ ঔষধী গুণ নষ্ট হৈ যায়। সেয়ে ইয়াক জুচ বা চালাদ হিচাবে খালে অধিক লাভবান হব পাৰি।

ইয়াৰ গা-গছ, পাত, কলি সকলো অংশই খাব পাৰি। টান গা গছ অংশ বাদ দি কুহুমিয়া গৰম পানীৰে ধুই কটাৰীৰে সম্পূৰ্ণ গছ, পাত টুকুৰা টুকুৰ কৈ কাটি আন পাচলিৰ (গাজৰ, টিয়ঁহ, পিয়াজ, বিলাহী আদি) চালাদৰ ওপৰত ছটিয়াই লওক। সৈন্ধব বা কলা নিমখ ব্যৱহাৰ কৰিব।

*মালভোগ শাকত oxalic acid থাকে। যি আমাৰ দৈনন্দিন ব্যৱহৃত আন বহু পাচলিতো থাকে। এই এচিড ইউৰিণেৰি ট্ৰেক্টত oxalate stone থকা ৰোগীৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰে। অৰ্থাৎ ৰোগ বঢ়াব পাৰে। ১০০ গ্ৰাম শাকত এই এচিড ১.৩১ গ্ৰাম থাকে যিটো পালেং শাক (০.৯৭ g/১০০g) তকৈ অধিক। সেয়ে অক্জেলেট স্টোন থকা বুলি জনা ব্যক্তিয়ে নোখোৱা উচিত। সুস্থ ব্যক্তিয়েও প্ৰস্ৰাব নিস্কাষণৰ বাবে যথেষ্ট পানী খাব।

লেখক: যোগেশ দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ