অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃদৰোগীৰ বাবে বিলাহীৰ টেবলেট

হৃদৰোগীৰ বাবে বিলাহীৰ টেবলেট

হৃদৰোগীৰ বাবে বিলাহীৰ টেবলেট

বিলাহীয়ে আপোনাক সুৰক্ষিত কৰিব হৃদৰোগৰ পৰা। ইউনিভাৰ্ছিটী অব কেমব্ৰীজৰ বিজ্ঞানীসকলে বিলাহীৰ এই গুণৰ বাবেই এতিয়া পাচলিবিধক টেবলেটৰ ৰূপ দিছে। দক্ষিণ ইউৰোপত ফল-মূল, শাক-পাচলি আৰু জলফাইৰ তেলক নিয়মিত আহাৰ হিচাপে ব্যৱহাৰ কৰি হৃদৰোগ যথেষ্ট হাৰত কমাব পৰা বুলি দাবী কৰা হৈছে। এই আহাৰৰ মুখ্য উপাদানৰ এটা প্ৰধান অংগ হ’ল লাইক’পেন। এই প্ৰতিজাৰক হ’ল ভিটামিন ‘ই’ ত কৈ দহ গুণ অধিক শক্তিশালী, যি হৃদৰোগৰ সম্ভাৱনা লাঘৱ কৰাত প্ৰধান ভূমিকা পালন কৰে। এই লাইক’পেন প্ৰচুৰ পৰিমাণে পোৱা যায় বিলাহীত। বিলাহীৰ এই গুণাগুণ শক্তিশালী ৰূপত পোৱা যায় যেতিয়া ইয়াক পোনপটীয়াকৈ, জলফাই তেলৰ সৈতে খোৱা হয়। ৩৬ জন হৃদৰোগীৰ ক্ষেত্ৰত পৰীক্ষা কৰি বিলাহীৰ এই বিশেষ গুণাগুণ নিশ্চিত কৰা গৈছে। গৱেষকসকলে দেখিবলৈ পাইছে যে অতি কমেও সাত মিলিগ্ৰাম লাইক’পেন দৈনিক খোৱাৰ ফলত হৃদৰোগীৰ তেজৰ চলাচল স্বাভাৱিক হোৱাই নহয়, পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে। সাধাৰণতে হৃদৰোগীৰ তেজৰ চলাচল স্বাভাৱিক কৰিবলৈ যিবোৰ দৰব ব্যৱহাৰ কৰা হয়, সেইবোৰৰ তুলনাত লাইক’পেনে ৫৩ শতাংশতকৈও অধিক মাত্ৰাত ৰক্ত নলিকা প্ৰশস্ত কৰিবলৈ সক্ষম। শৰ্কৰা জমা হৈ তাৰ অন্তৰ্ভাগ সংকীৰ্ণ কৰাৰ ফলতেই বৃদ্ধি পায়। এডেনব্ৰুক হাস্পতালৰ ফাৰ্মাক’লজিষ্ট আৰু চিকিৎসক ডা: যোছেফ চেৰিয়ানৰ মতে ইতিমধ্যে কেইবাটাও গৱেষণাত এইটো প্ৰতিপন্ন হৈছে যে লাইক’পেন সমৃদ্ধ আহাৰ হৃদৰোগৰ বাবে অতিশয় উপকাৰী আৰু এই লাইক’পেন পোৱা যায় বিলাহীত। হৃদৰোগীৰ ৰক্ত নলিকাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত লাইক’পেনে প্ৰধান ভূমিকা পালন কৰে। অৱশ্যে বিজ্ঞানীজনৰ মতে, দৈনিক এটাকৈ বিলাহীৰ টেবলেট খোৱাটোৱেই পৰ্য্যাপ্ত নহয়; বিলাহীৰ টেবলেটক হৃদৰোগৰ চিকিৎসাৰ বিকল্প বুলি ভবাটোও সঠিক নহয়। হৃদৰোগীয়ে নিজৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা বা ঔষধ সেৱন অব্যাহত ৰাখিব লাগিব। বিলাহীৰ টেবলেটে অতিৰিক্ত কাৰক হিচাপেহে কাম কৰিব।

উৎস: দৈনিক অসম, অসম

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate