অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমৃতৰুপী বনদৰৱ অমৰ লতা অমৃতা

অমৃতৰুপী বনদৰৱ অমৰ লতা অমৃতা

বাৰীত জঙ্গল হৈ পৰা বিভিন্ন অদৰ্কাৰী গছ-লতা সমুহ আমি প্ৰায়ে কাটি কুটি চিকুনাই থাকোহঁক। কিন্তু এই অদৰ্কাৰী বুলি ভৱা জংগলৰ মাজতে এজুপী এনে লতাও থাকিব পাৰে যিয়ে আমাৰ দেহৰ শবিধৰো অধিক ৰোগৰ মহৌষধী হব পাৰে । তেনে এবিধ লতা হ'ল-
অসমীয়াত-অমৰলতা , সিদ্ধিলতা, গুৰুচী, গুলঞ্চী বা শগুণীলতা বুলিও জনাজাত ।
হিন্দীত:-গিলোয় giloy
সংস্কৃতত - অমৃতা, মধুপৰ্নী,গুৰুচী ,অম্ৰুতাবলী
ইংৰাজীত বৈঃ নাম -Tinospora Cordifalia.
শগুণী বা অমৰলতাৰ পাত দেখাত পাণৰ সদৃশ, ডাল খহতা, সৰু সৰু কাইটযুক্ত, আৰু গছআলু বা কাঠআলুৰ নিচিনা গছত বগাই যায় । যিকোনো ডাল পুতিলে সহজে গজে , খৰালি মৰা যেন দেখিলেও বাৰিষা পুনৰ গজি উঠে । সেয়ে এই লতাবিধক অমৰলতা বোলা হয়।
অন্যহাতে সংস্কৃতত ইয়াক অমৃতা বোলাৰ মূলতে ইয়াৰ সঠিক সেৱনত মানুহে অমৃতসম ফল লাভ কৰিব পাৰে । অৰ্থাত এই লতাবিধ নিজেও অমৰ আৰু আন জীৱকো অমৰ বা সহজে মৰিব নিদিয়ে ।
পৌৰাণিক লোকপ্ৰবাদ মতে- সাগৰ মন্থনত প্ৰাপ্ত অমৃত বিতৰনত দৈত্য-দানৱৰ মাজত লগা অৰিয়া অৰিত অমৃতৰ টোপাল যি ঠাইত পৰিছিল তাতেই অমৰলতা উদ্ভিদৰ জন্ম হৈছিল । ইয়াক যিয়ে খায় নিৰোগী আৰু পূৰ্ণ আয়ুস লাভ কৰে । আচৰিত কথা ইয়াক কেৱল পূণ্যভূমি ভাৰততহে উপলব্ধ । আন দেশত পোৱা না্যায় ।
গুণাগুণ জানো আহক :-
(অমৰলতাক অমৃতা বা শগুণী লতা বোলাৰ মূলতে আমাৰ শৰীৰত হব পৰা ১০০ বিধৰো অধিক ৰোগক বাধা নাইবা অৰোগ্য কৰাব পৰা গুণ আছে ।)
১। অমৰলতা প্ৰচুৰ পৰিমানে কেলচিয়াম, ফচফৰাচ, প্ৰটিন আদি দেহৰ উপযোগী নানা উপাদান সমৃদ্ধ মহৌষধী । ইয়াৰ বিভিন্ন ৰোগ নিবাৰক গুণ থকাৰ উপৰি দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কাৰক ।
২।অমৰলতাৰ নিয়মিত সেৱনে বাত পিত্ত কফ সন্তুলিত কৰাৰ লগতে বাত, পিত্ত আৰু কফ দোষৰ পৰা হব পৰা ৫০ বিধৰো অধিক ৰোগ প্ৰতিৰোধ তথা আৰোগ্য কৰে ।
৩। পচান শক্তি মজবুত কৰাৰ লগতে বদহফম , এচিডিতি, গেষ্ট্ৰিক, পেট জলাপোৰা, , আমাশয়, গ্ৰহণী,কোষ্ঠকাঠিন্য, অৰুচি ,অভোক, উগাৰ ,বমিভাৱ আদি পেটৰ জৰিয়তে হব পৰা যিকোনো ৰোগৰ বাবে অত্যন্ত উপকাৰী । ত্ৰিফলা ,আমলখি ,গুড় বা মৌৰ লগত খালে অধিক ফলপ্ৰদ ।অমৰলতা সেৱন কৰিলে পেটৰ বা শৰীৰৰ অলাগতিয়াল পদাৰ্থ বাহিৰ হয় ।
৪। অমৰলতা ৰক্ত শুদ্ধিকাৰক, ৰক্তবৃদ্ধিকাৰক । ই ৰক্ত বিকাৰ , ৰক্তহীনতা দুৰ কৰাৰ লগতে ব্লাড কোলেষ্ট্ৰ'ল আৰু ব্লাড ছুগাৰ নিয়ন্ত্ৰন কৰে । দেহৰ হিমোগ্লবিনৰ অভাৱ দুৰ কৰে ।
৫। বহুমুত্ৰ বা মধুমেহ ৰোগীৰ চুগীৰ নিয়ন্ত্ৰন কৰায় । ( চিকিত্সাধীন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লব )
৬। উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰায় ।
৭। মগজু, হৃদযন্ত্ৰ, যকৃত , হাঁওফাঁওৰ দুৰ্বলতাৰ বাবে অমৰলতা যথেস্থ উপকাৰী ।
৮। শৰীৰৰ অতিৰিক্তচৰ্বি, মেদবহুলতা বা অতিৰিক্ত ওজন হ্ৰাস কৰাৰ বাবে অমৰলতা ত্ৰিফলাচুৰ্ন বা আমলখি সহ নিয়মিত খালে ভাল ফল পায় । দিনে দুবাৰ খাব ।
৯। সৰ্দি, জৰ,কাহ, এজমা, মেলেৰীয়া,টায়েফয়েদ আদি ৰোগৰ বাবে অতি হিতকাৰী । তুলসী ,মৌ বা গুড় মিহলাই খাব । অমৰলতাৰ এন্টি ভাইৰেল, এন্টি বেক্টেৰিয়েল গুণ থকাৰ বাবে যিকোনো ভাইৰেল বা বেক্টেৰীয়াজনীত ৰোগ সংক্ৰমনক বাধা দিব পাৰে ।
১০।ডেং গোস্বাৱাইন ফ্লু আদি ৰোগত অমৰলতা+ এলোৱিৰা জুচ+ অমিতা পাতৰ ৰস + মৌ ৫মিলি:কৈ সমপৰিমানে দিনে ২-৩বাৰ খালে সোনকালে আৰোগ্য হয় । লগতে ডালিমৰ ৰস খাব।
১১। মহিলাৰ বন্ধাত্ব ৰোগত অশ্বগন্ধা আৰু অমৰলতা নিয়মিত দীৰ্ঘদিন খালে উপকৃত হয় ।
পুৰুষ বা মহিলাৰ যৌনক্ষমতা বৃদ্ধি হয় ।
১২। গাথিবিষ , বাতবিষ , অৰ্থ'ৰাইটিচ,হাড়ৰ বিষ , হাড় ভঙা আদিত নিয়মিত খোৱাৰ লগতে পাত বা ঠাৰি থেতেলি প্ৰলেপ লগালে সোনকালে উপসম হয়। এড়ি তেল বা তেল মিলাব পাৰে ।

১৩ ।  অমৰলতা খোৱাৰ লগতে গাৰ চালত হালধিসহ ঘহিলে চালৰ ৰোগ আৰোগ্য হোৱাৰ লগতে দেহৰ সৌন্দৰ্য বৃদ্ধি হয় । খজুৱতি হলে হালধী আৰু আমৰলতা ঘহিলে আৰোগ্য হয় ।এলাৰ্জী ৰোগতো উপকাৰী ।
১৪ । কানৰ বিষত ১বা ২ টোপ কাণত দিলে উপসম হয় ।
১৫। চকুৰ বাবে অমৰলতা অতি হিতকাকাৰী ।
নিয়মিত খোৱাৰ উপৰি ইয়াৰ ৰস চকুৰ বাহিৰত চাৰিওফালে ঘহিলে দৃষ্টিশক্তি বঢ়াৰ লগতে চকুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ।
১৬। জন্ডিচ আৰু কৰ্কত ৰোগত অমৰলতা অতি হিতকাৰী
‍১৭। অমৰলতাত এন্টি এজিং, এন্টি ভাইৰেল,এন্টি আক্সিডেন্ট গুণ থকাৰ বাবে নিয়মিত সেৱনত শৰীৰ নিৰোগী , ,বয়সৰ চাপহীন সুস্বাস্থ্য লাভ হয় ।

দেখা যায় শগুনীলতা বা অমৰলতা বা গিলোয় বা অমৃতা আমাৰ দেহৰ বাবে সচাকৈ অমৃত তুল্য ।
অৱশ্যে প্ৰকৃতি প্ৰদত্ব সকলো ভাল বস্তুত কিছু অপগুণো থাকে ।
ক্ষতিকাৰক গুণ :-

১। বেচি মাত্ৰাত কেতিয়াও নাখাব ।
২। তিনি বছৰ বয়সৰ তলৰ শিশুক নুখুৱাব
৩। গৰ্ভৱতী মহিলা ,চাৰ্জাৰী বা অষ্ট্ৰোপচাৰ কৰা ৰোগীয়ে আৰোগ্য নোহোৱালৈকে নাখাব ।
৪। অইন কোনো দৰৱৰ লগত একেলগে নাখাব
(অধিক সময় ব্যৱধান ৰাখিহে খাব)
৫। কোনো জটিল ৰোগত চিকিৎসাধীন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে খাব ।
৬। অকাৰনত বা নিৰোগী লোকে সদায় নেখাই সপ্তাহত ২-৩ দিন খাব ।
৭। নিম্ন ৰক্তচ্চাপ ৰোগীয়ে বেচিকৈ নাখাব ।
সেৱন বিধি :-

অমৰলতাৰ ডাল পাত শিপা আদি সকলো অংশই ঔষধী গুণযুক্ত । কেচা ৰস , পানীত তিয়াই , উতলাই বা শুকান ডালপাতৰ চুৰ্ণ হিচাৱে ব্যৱহৃত হয় । ডালৰ ৰসৰ মাত্ৰা ১-৩ চামুচ, বা( ডাল ১ ইঞ্চিৰ পৰা ৪ ই: ) পাত ৩-৫টা ,চুৰ্ন আধা চা:ৰ পৰা ২চামুচ । বয়স অনুসৰি মাত্ৰা নিৰ্দ্ধাৰন কৰিব ।
সেৱনৰ সময়:- ৰাতিপুৱা খালিপেটত এবাৰ নাইবা ৰোগৰ অধিক প্ৰাবল্যত পুৱা গধুলি দুবাৰ খাব পাৰে ।
তিতা বা অকতা গুণৰ বাবে মৌ ,বা গুড় মিহলাব পাৰে ।৩ বছৰৰ তলৰ শিশুক নুখুৱাব ।

( লতাবিধৰ সংগ্ৰহৰ অভাৱত আয়ুৰ্বেদিক ফাৰ্মাচিত গিলোয় চুৰ্ন,চিৰাপ বা গিলোয় টেবলেত পাব ।)

লেখক :- যতীন দাস



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate