অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুৱৰীৰ ঔষধী গুণ

দুৱৰীৰ ঔষধী গুণ

দুৱৰী ছাল-চুলিৰ বাবে মহৌষধী। ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতি তলত দিয়া হ’ল-

সৰু সৰুকৈ ঘামচিৰ দ্ৰে মুখত গুটি ওলালে দুৱৰী ব্যৱহাৰ কৰিব লাগে। দুৱৰী এমুঠি ধুই পৰিষ্কাৰ কৰি ল’ব। এটা তামৰ ঘাটিত এঘটি পানী ল’ব। ইয়াতে দুৱৰীখিনি তিয়াই থ’ব। এই পানী নিকৰি, ইয়াৰে মুখ দিনত তিনি-চাৰিবাৰ মান ধূব। ছালখন মিহি কোমল হৈ পৰিব।

ছালৰ ৰং ক’লা পৰিলে দুৱৰী মিহিকৈ পিহি ল’ব। ইয়াৰ লগত মৌ মিহলাই ছালত লগাই আধা দণ্ড ৰাখিব। পিছত পানীৰে ধূব।

চুলি সৰিলে দুৱৰী গাখীৰত তিয়াই মিহিকৈ পিহিব। এই প্ৰলেপ চুলিৰ গুৰিত লগাই এক দণ্ড সময় ৰাখিব। পানীৰে ধূব। প্ৰতি সাত দিনৰ মূৰে মূৰে লগাব সাতবাৰ। চুলি সৰা বন্ধ হ’ব।

লিখকঃ শিৱাঙ্গী কাশ্যপ

 

 

3.09259259259
গগন চন্দ্ৰ নাথ Sep 17, 2018 03:00 PM

দুৱৰীৰ ৰস খালে কি হয় জনালে ভাল পাম।

খনিন ৰাভা Nov 20, 2016 10:37 PM

জানিব পাৰি ভাল লাগিল

হিৰোকজ্যোতি বৰ্মণ May 04, 2015 08:29 AM

আগতে জনাই নাছিলো ৷ ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top