অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহুগুণী তুলসী :

বহুগুণী তুলসী :

তুলসী প্ৰতিজন মানুহৰ অতি পৱিত্ৰ আৰু শ্ৰদ্ধাৰ গছ। প্ৰতিঘৰ মানুহৰ চোতালৰ আগত এই গছ ৰোৱা হয়। যিসকল লোকৰ ঘৰত গোসাঁইঘৰ নাথাকে, তুলসীৰ তলেই গোসাঁইঘৰ নাথাকে, তুলসীৰ তলেই গোঁসাইঘৰ সদৃশ হৈ পৰে। তুলসীৰ তল বাঢ়নিৰে সাৰিব নাপায়, ধাৰণা হয় ভগৱান যেন এই গছৰ তলতেই থাকে। তুলসীৰ পাত অতি পৱিত্ৰ।

বিভিন্ন পুজা-পাৰ্বণ , শ্ৰাদ্ধ আদিত; আনকি গীতা-ভাগৱত পাঠ কৰিলেও তুলসীৰ পাত এটি গিলাচত পানী ভৰাই হাত ডুবাই ৰখা হয়। ইয়াৰ পিছত সেই পাতেৰে পানী ছটিয়াই দিয়া হয়। তুলসীৰ পাতৰ দ্বাৰাই ছটিওৱা পানী বৰ পৱিত্ৰ বুলি লোকে বিশ্বাস কৰে। মানুহৰ মৃত্যুৰ আগতো মৃতকক শুচি কৰিবলৈ তুলসী পাতৰ পানী ছটিয়াই দিয়া হয়। পুজা-পাতলত তুলসীৰ পাত নহ’লে নহয়। মানুহৰ বিশ্বাস, এইবিধ গছ দেখিলেই পুণ্য হয়। তুলসী পাতৰ ছাঁটোৰো অতি মুল্য আছে। এই গছৰ ছাঁত জিৰণি ল’লেও তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ নিচিনা পুণ্য হয়।

গুৰু সেৱাও মানুহৰ এটা প্ৰধান ধৰ্ম আৰু নিত্য স্নান কৰ্মৰ শেষৰ এটি প্ৰধান কাৰ্য। কিছুমান লোকে গুৰু সেৱা শেষ হ’লেই এটি তুলসী পাত চোবায়। গুৰুসেৱাই পৱিত্ৰ মনোভাব গঢ়ি তোলে। গুৰু সেৱা কৰাৰ সময়ত তুলসীৰ ওচৰত অলপমান পানীৰে ভালদৰে মচি লৈ এডাল খেৰ নাইবা বন লৈ সেৱা জনাব লাগে। সেৱা জনোৱা শেষ হ’লে সুৰ্য দৰ্শন কৰাটোও নিয়ম। কিছুমান লোক গুৰুসেৱা জনোৱাৰ আগেয়ে চন্দনৰ ফোট আদিও পিন্ধা লয়।

লোকগীত, বাৰমাহী গীত আদিত নাৰীৰ স্বকীয় সৃজনী প্ৰতিভা সুন্দৰভাৱে প্ৰকাশ পাইছে। লোক সাহিত্যতো পোৱা যায়- ‘তুলসীৰ লগত কল পটুৱাৰ মুক্তি’।

শ্ৰীকৃষ্ণৰ লগত তুলসীৰ কাহিনী জড়িত। শ্ৰীকৃষ্ণৰ শিশুকালৰ বিচৰণ কৰা ঠাই হ’ল ‘বৃন্দাবন’। তুলসীৰ আন এটা নাম বৃন্দা। তুলসীৰে পৰিপুৰ্ণ ঠাইখন আছিল বাবেই বৃন্দাৱন নাম পায়।

ধৰ্মীয় দৃষ্টিত কেইটামান কাহিনী চমুকৈ প্ৰকাশ কৰা হ’ল- তুলসী আছিল ধৰ্মধ্বজ ৰজাৰ কন্যা। তুলসীৰ বিষয় হৈছিল দানৱ শংখচূড়ৰ লগত। তুলসীৰ সতীত্বৰ মহিমাত দেৱতাসকলে শংখচূড়ক পৰাস্ত কৰিব নোৱাৰি হৰিৰ ছলনাত তুলসীৰ সতীত্বখৰণ কৰাত মহাদেৱৰ হাতত শংখচূড় দানৱৰ মৃত্যু হয়। পিছত হৰিয়ে তুলসীক সান্ত্বনা দি গণ্ডকী নামেৰে নদী হৈ থাকিবলৈ ক’লে আৰু তেওঁৰ কেশৰৰ পৰা পৱিত্ৰ তুলসী বৃক্ষ হ’ব বুলি বৰ দিছিল। কালক্ৰমত গণ্ডকী নদীত শালগ্ৰাম শিলা সৃষ্টি হয় আৰু এই শালগ্ৰাম শিলাই হ’ল বিষ্ণু বা নাৰায়ণৰ প্ৰতীক। তুলসীৰ বিষয়ে পুৰাণত নানা কাহিনী পোৱা যায়।

মানুহৰ মৃত্যু হ’লে আত্মা স্বৰ্গগামী হয় বুলি লোক বিশ্বাস আছে। সেয়েহে অন্তিম সময়ত ঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি চোতালত থকা তুলসীৰ গুৰিত ৰাখে। মানুহৰ মৃত্যু হ’লে অস্তিখিনিও এটি বাঁহৰ চুঙাত ভৰাই লৈ তুলসীৰ গুৰিত পুতি থয়। অস্তি থোৱা বাঁহৰ চুঙাটোত পানী দিয়াৰ বাবে এটি মাটিৰ কলহ বা ঘটৰ তলি ফুটাই সৰু ফুটা কৰি পানী ভৰাই লৈ টোপ টোপ কৰি অস্তিখিনি তিয়াই ৰখা হয়। এই নিয়ম অতি পুৰণি কালৰ পৰাই হিন্দু সমাজত প্ৰচলিত। লোক সমাজত চলি থকা বৃক্ষ পুজাৰ ভিতৰত তুলসী পুজাই প্ৰধান বুলি ক’ব পাৰি। আহিন-কাতিৰ দোমাহীৰ দিনা নতুন এটা মাটিৰ ঢাপৰ ওপৰত তুলসী ৰোৱা হয় আৰু দীঘল বাঁহ দুডাল পুতি আকাশ বন্তি দিয়া নিয়মো আছে। গোটেই কাতি মাহ আকাশ বন্তি জ্বলোৱা হয়। কাতি মাহত ১০৮ পাত তুলসী দি নাৰায়ণক পুজা কৰিলে মহাপুণ্য হয় বুলি মানুহৰ বিশ্বাস আছে। ধান, মাহ, তামোল-পাণ আদিৰ অপায়-অমংগল দুৰ কৰাৰ অৰ্থে চাকি, বন্তি, নেৱেদ্য আদি দি প্ৰাৰ্থনা কৰা হয়। চাকি-বন্দতি দিয়া ঠাইডোখৰত এটি তুলসী পুলিও ৰোৱা নিয়ম আছে।

তুলসীৰ ঔষধি গুণ বহুত আছে। জনা যায়, খোৱাপানী বীজাণুমুক্ত কৰাৰ বাবেও তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। তাম আৰু তুলসীৰ ক্ষেত্ৰতো মন কৰিবলগীয়া কথা এই যে তামৰ পাত্ৰত পানী ভৰাই তুলসীৰ পাত দিলে এবিধ ঔষধৰ শক্তি লাভ কৰে। তুলসীৰ গছে বায়ু প্ৰদুষণতো কাম কৰে। তুলসীৰ গছ বহু প্ৰকাৰৰ আছে। সাধাৰণতে এই কেইবিধৰ মুল্য অধিক। যেনে- কৃষ্ণ, শ্বেত, বন তুলসী। কৃষ্ণ আৰু শ্বেত তুলসী গছৰ খুঁটা লগোৱাও শুনা যায়। যেনে- বৰপেটাৰ কীৰ্তনঘৰৰ খুঁটাকেইটাও তুলসী গছৰ।

লেখক: যাদৱ সেন ডেকা (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate