অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভোমোৰা

ভোমোৰা

ভোমোৰা বা বেহেৰা এবিধ ওখ গছ। ইয়াৰ পাতবোৰ প্ৰায় ১০ ৰ পৰা ২৫ চেণ্টিমিটাৰ দীঘল হয়। ফুল সৰু। ফলবোৰ ৩-৪ চেণ্টিমিটাৰ দীঘল। গোলাকাৰ আৰু মুগা বৰণৰ। ভোমোৰাৰ শুকান ফল ঔষধ হিচাপে ব্যৱহাৰ হয়। ইংৰাজীত ইয়াক ‘বেলেৰিক মাইৰ’বেলান বোলে। ভোমোৰা স্বাস্থ্যবৰ্ধক। ভোমোৰা গছৰ কাঠ পানীত সহজে নপচে। সেইকাৰণে ভোমোৰা গছৰ কাঠৰ পৰা নাও তৈয়াৰ কৰা হয়। তদুপৰি খেতিৰ বাবে উপযোগী বস্তুও ইয়াৰ পৰা তৈয়াৰ কৰা হয়। ভোমোৰাৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • মাত ভাঙিলে ভোমোৰা গুড়ি কৰি ঘিউৰে ভাজি খালে মাত ভঙা ভাল হয়।
  • মস্তিষ্কৰ কাৰণে ভোমোৰা উপকাৰী।
  • জ্বৰ হ’লে ভোমোৰাৰ গুটিৰ ভিতৰৰ অংশ খালে জ্বৰ উপশম হয়।
  • ভোমোৰাৰ ভিতৰৰ সাহ (দিনে দুটা ভোমোৰা) খালে শুক্ৰ বৃদ্ধি হয়।
  • চুলি অকালতে পকিলে ভোমোৰা গুটিৰ ভিতৰত থকা সাহ থেতেলিয়াই এৰাতি পানীত তিয়াই ৰাখি পাছদিনা সেই পানীৰে মূৰ ধুলে চুলি পকা বন্ধ হয়।
  • ডিঙিৰ ভিতৰত ঘা হ’লে ভোমোৰাৰ গুটি চুহি খালে সোনকালে আৰোগ্য হয়।
  • যক্ষ্মা ৰোগত কাহত তেজ পৰে। ভোমোৰাৰ গুটিৰ সাহটো পুৰি পানীত তিয়াই সান্ধৱ নিমখৰ লগত দিনে ১-২ বাৰ খালে তেজ পৰা বন্ধ হয়।
  • ছিটিকা ঘাত ভোমোৰাৰ বাকলি মিহিকৈ বটি লগালে অতি সোনকালে ৰোগ নিৰাময় হয়।
  • কৃমি হ’লে ভোমোৰাৰ গুটিৰ ভিতৰত থকা সাহ এক গ্ৰামকৈ ২-৩ দিন খালে কৃমি নাশ হয়।
  • অৰ্শ ৰোগত ভোমোৰাৰ ভিতৰত থকা সাহখিনি পানীত তিয়াই পুৱা খালী পেটত খালে শৌচ খোলোচা হয়। ইয়াৰ বহু দিন ব্যৱহাৰে ৰোগ নিৰাময়তো সহায় কৰে।
  • ভোমোৰাই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে।

লেখক: ললিতা শৰ্মা লহকৰ, অসম বাণী।

2.84615384615
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top