অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাজেঠি

মাজেঠি

অসমকে ধৰি সমগ্ৰ ভাৰতৰে প্ৰায়ভাগ পৰ্বতীয়া অঞ্চলত মাজেঠি গছ বিস্তৃত হৈ থাকে। বিশেষকৈ দক্ষিণ ভাৰতৰ নীলগিৰি পৰ্বতৰ সমগ্ৰ এলেকাতে এই গছবিধ যিদৰে সৰ্বাধিক পৰিমাণে জন্মে, তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহতো জন্ম হোৱা দেখা যায়। অসমৰ বিশেষকৈ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা দুখনৰ পৰা বাণিজ্যিক ভিত্তিত সংগ্ৰহ কৰা হয়। অসমত এই আলোচ্য গছজোপাক থলুৱাভাৱে মাজেঠি নামেৰে নামকৰণ কৰা হয় যদিও সংস্কৃত ভাষাত ইয়াৰ প্ৰসিদ্ধ শাস্ত্ৰীয় নাম মজিষ্ঠা, অৱশ্যে বাংলা ভাষাতো মজিষ্ঠা বুলিয়ে জনা যায়, কিন্তু হিন্দী বলয়ৰ লোকে ইয়াক মঞ্জিত বুলিহে নামকৰণ কৰে। আনহাতে উদ্ভিদ বিজ্ঞানত এই গছজোপাৰ আন্ত:ৰাষ্ট্ৰীয় লেটিন নাম হ’ল- Rubia cordifolia আৰু ই  Rubiaceae নামৰ গোত্ৰৰ অন্তৰ্গত। মাজেঠি এবিধ দুৰ্বল কাণ্ডৰ লতা সদৃশ সৰু বৃক্ষ। পাত সৰু আৰু চক্ৰাকাৰ পত্ৰবিন্যাসত সজোৱা থাকে। বৰণত ৰঙা নতুবা ৰঙচুৱা ফুলবিলাক সাধাৰণতে অকলশৰীয়াকৈ চাইমোজ পুষ্পবিন্যাসত সজোৱা থাকে। ফল মঙহাল। ইয়াৰ পাতৰ পৰা এবিধ উৎকৃষ্ট ৰঙা ৰং প্ৰস্তুত কৰি উলিওৱা হয়। এই ৰঙক থলুৱাভাৱে মেজেন্টি ৰং বুলি কোৱা হয়।

মাজেঠি এজোপা উৎকৃষ্ট আৰু সহজে ব্যৱহাৰপযোগী বনৌষধি। ইয়াৰ দেহত মঞ্জিষ্টিন্‌ নামৰ এবিধ জৈৱ ৰাসায়নিক গ্লুকোচাইড থকাৰ উমান পোৱা যায় আৰু Journal of Chemical Society প্ৰভৃতি গৱেষণা পত্ৰত প্ৰকাশিত ৰচনাই ইয়াৰ সত্যতা সাব্যস্ত কৰে। কাণ্ডৰ উপৰি শিপাকো মানুহৰ কেতবোৰ বেমাৰত বাৰুকৈয়ে প্ৰয়োগ কৰা হয়। গছজোপাৰ পৰা নি:সৰিত ৰস কেহা যদিও মধুৰ স্বাদযুক্ত। কাণ্ড ভালকৈ থেতেলাই তাৰ পৰা পৰিষ্কাৰকৈ উলিওৱা ৰসে বিষাক্ত পোকৰ (বৃশ্চিক আদিৰ) দংশনৰ ফলত উদ্ভৱ, হোৱা বিষ-বেদনাত সুফল দিয়ে। আনকি বিষধৰ সৰ্পৰ দংশনতো একেধৰণে প্ৰয়োগ কৰি সুফল পোৱা যায়। ইয়াৰ শিপা গছজোপাৰ প্ৰধান ঔষধি গুণসম্পন্ন অংগ। শিপাৰ ৰস ৰক্ত শোধন, খজুৱতি, ব্ৰণ প্ৰভৃতি চৰ্মৰোগ, তিৰোতাৰ প্ৰসূতি চৰ্মৰোগ, তিৰোতাৰ প্ৰসূতি সম্বন্ধীয় বেমাৰ, যকৃতৰ ৰোগ ইত্যাদিত বিভিন্ন অনুপানেৰে বিভিন্ন ধৰণে প্ৰয়োগ কৰি শৰীৰৰ তেনে ৰোগ প্ৰশমিত কৰিব পাৰি। তদুপৰি ই এবিধ ভাল স্বাস্থ্যবৰ্ধক টনিক। ইয়াৰ শিপাৰ ৰস নিয়মীয়াকৈ পান কৰি থাকিলে তেজ পৰিষ্কাৰ হয়। এই ৰস পান কৰি থাকিলে খৰ-খজুৱতি, ব্ৰণ আৰু তেজৰ দোষৰ পৰা হোৱা চৰ্মৰোগ ইত্যাদি ক্ৰমাৎ নাইকিয়া হয়; তেজ পৰিষ্কৰণ ইয়াৰ উত্তম ফল। অশোক গছৰ ছালৰ ৰসৰ লগত শিপাৰ ৰস মিহলাই সেৱন কৰিলে ই তিৰোতাৰ প্ৰসূতি বা ঋতু ৰোগত বৰ উপকাৰ সাধন কৰে। কোষ্ঠবদ্ধতাকে ধৰি কেতবোৰ উদৰীয় ৰোগত ই ধাৰক ঔষধ হিচাপেও কাম কৰে। তদুপৰি ইয়াৰ শিপা বা শিপাৰ ৰস এনে এবিধ বন দৰব যিয়ে শাৰীৰিক পুষ্টিৰ প্ৰক্ৰিয়াৰো পৰিৱৰ্তন ঘটায়। ঔষধি গুণৰ উপৰি মাজেঠি গছজোপাৰ পৰা এসময়ত এবিধ ৰক্তবৰ্ণ ৰং উৎপাদন কৰি উলিয়াইছিল। সেই হেতুকেই ভাৰতত ইয়াক ভাৰতীয় মদাৰ বুলিও আখ্যা দিয়া হয়।

লিখক: কবীন্দ্ৰ নাথ দাস।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate