আকস্মিক দুৰ্ঘটনা
কটা ঘা বা অন্যান্য ঘা
(১) মানিমুনি এমুঠি ভালদৰে খুন্দি লৈ কটাস্থানত লগালে তেজ ওলোৱা বন্ধ হয় আৰু ঘা সহজে শুকায়।
(২) ঘা সহজে শুকাবৰ কাৰণে বিশল্যকৰণীৰ পাত ৪-৫ খন খুন্দি ঘাত প্ৰলেপ দি থ’ব লাগে।
(৩) ৫ গ্ৰাম বন্ধাকবিৰ ৰসত সামান্য পানী মিহলাই দিনে ৩-৪ বাৰকৈ খালে ঘা সহজে শুকায়।
(৪) খহু হৈ ঘা হ’লে নহৰু কেইফোটা মান খুন্দি প্ৰলেপ দিলে ঘা সহজে শুকায়।
(৫) ডিঙিৰ ভিতৰত ঘা লাগিলে সম-পৰিমাণৰ পানী আৰু মূলা ৰস মিহলি কৰি তাত সামান্য নিমখ দি মুখ ভালদৰে কুলকুলিয়াব লাগে। ঘা সহজে ভাল হয়।
(৬) লিঙ্গত ঘা হ’লে আধা গ্ৰাম হালধি পিহি পানীৰ লগত মিহলি কৰি দিনে তিনিবাৰকৈ খাব লাগে।
(৭) যিকোনো ঘাতে পচতীয়াৰ পাত কেইখনমান ভালদৰে খুন্দি প্ৰলেপ দিলে ঘা শুকায়।
(৮) দা, কুঠাৰ, কোৰ আদি অস্ত্ৰই ডাঙৰকৈ কাটিলে ৪-৫ খন পাণ ভালদৰে খুন্দি ল’ব লাগে, তাৰ পাছত তাত আন্দাজমতে অলপ বিশুদ্ধ মিঠাতেল মিহলি কৰি ঘা-ডোখৰত ভালদৰে টিপি ধৰি জুইৰ অঙঠাত গৰম কৰা এখন মামৰ নোহোৱা কাচি কিছু সময় পাণৰ ঔষধৰ ওপৰত ধৰি ৰাখিব লাগে। এনে কৰাৰ পাছত লগে লগে তেজ বন্ধ হোৱাৰ উপৰিও বিষ কোপ একেবাৰে নাইকিয়া হয় আৰু যিমান ডাঙৰ ঘা নহওঁক লাগে এসপ্তাহৰ ভিতৰতে সম্পূৰ্ণ শুকায়।
(৯) বিষহৰি পাতৰ ২-৩ খন পাত খুন্দি দা, কটাৰী আদিয়ে কটা ঠাইত লগালে তত্ক্ষাণাত তেজ বন্ধ হয় আৰু সোনকালে শুকুৱাত সহায় কৰে।
(১০) কটা-চিঙা ঘা সোনকালে শুকুৱাবলৈ হ’লে দোৰোণ বনৰ ৪-৫ টা আগ আৰু নগাবন (চাম শিলিখা, ফুল কুঁৱৰী)-ৰ ৪-৫ টা আগ ভালদৰে খুন্দি কটা ঘাত লগাব লাগে।
(১১) জোকে কামুৰিলে কেঁচা হালধিৰ ৰস সানিলে জোক সৰি পৰে, তেজ ওলোৱা বন্ধ হয় আৰু ঘা শুকায়।
(১২) চাপৰ জাতীয় গোন্ধোৱা বনৰ পাত পিহি কটা ঠাইত লগালে তেজ ওলোৱা বন্ধ হয় আৰু ঘা শুকায়।
জীৱ-জন্তু আৰু কীট-পতঙ্গই কামুৰিলে
(১) মৌ বা বৰলে ফুটিলে আদাৰ ৰস নাইবা পিঁয়াজৰ ৰস, নাৰ্জ্জি বনৰ ৰস সেই ঠাইত সানিব লাগে।
(২) শিঙি মাছে ফুটিলে জলকীয়া পিহি বিন্ধা ঠাইত প্ৰলেপ দিলে বিষ কমে।
(৩) এন্দুৰে কামুৰিলে আৰু বিছাই ডাকিলে পনৌনৌৱাৰ পাত খুন্দি কামোৰা ঠাইত সানিলে আৰু ২৫ গ্ৰাম ইয়াৰ পাতৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।
(৪) চিকাই কামুৰিলে কলীয়া তুলসীৰ পাত খুন্দি আফুগুটিৰ ৰস মিহলাই প্ৰলেপ দিলে বিষ কমে।
(৫) ভেকুলীয়ে কামুৰিলে তুলসীৰ পাত, সৰিয়হ আৰু সিজু পিহি গাখীৰৰ সৈতে ভালদৰে মিহলি কৰি লগাব লাগে।
(৬) বিছাই কামুৰিলে গুমুনি লতা ৪ ইঞ্চিমান খুন্দি কামোৰা ঠাইত তিনি ঘণ্টা প্ৰলেপ দি থ’ব লাগে।
(৭) বাঘে কামুৰিলে সৰল কাঠৰ চন্দন আৰু ঢেকীয়া লতাৰ আগ ভালদৰে খুন্দি মিঠাতেলত সানি কামোৰা ঠাইত লগালে বিষ কমে।
(৮) মেকুৰীয়ে কামুৰিলে আকণৰ আঠা এটোপালত তিনি টোপাল পানী মিহলাই তিনিদিন খুৱাব লাগে।
(৯) চিকাই কামুৰিলে টেঙেচি টেঙাৰ ৰস খাব লাগে।
(১০) কুমজেলেকুৱাই কামুৰিলে সোলোং টেঙাৰ ৰস দহ টোপাল খাব লাগে।
(১১) কুকুৰে কামুৰিলে মালভোগ কলত বগা কৰবীৰ আঠা তিনিটোপাল সুমুৱাই ৩ পালিকৈ একে ৰাহে তিনি দিন খাব লাগে।
জুইয়ে পোৰাঃ
জুইয়ে পুৰিলে সাধাৰণতে ঢৌ উঠে আৰু অসহ্য বিষ হয়।
বন-দৰবঃ (১) অশোকৰ ক্কাথ খোৱাৰ উপৰিও পোৰা ঠাইত প্ৰলেপ দিব লাগে।
(২) পুৰৈ শাকৰ পাত ২-৩ খন মিহিকৈ খুন্দি মাখনৰ সৈতে লগাব লাগে।
(৩) মেথি গুটি ৫০ গ্ৰাম পানীত তিয়াই তাক পিহি পোৰা ঠাইত প্ৰলেপ দি থ’লে ৰম্-ৰমনি ভম্-ভমনি নাইকিয়া হয়।
(৪) আলু চলক চলক কৰি লগালে ৰম্-ৰমনি ভম্-ভমনি কম হয়।
(৫) ছাল কুঁৱৰীৰ পাত এখন খুন্দি প্ৰলেপ দিব লাগে।
(৬) তৰুৱা কদমৰ আঠা কণী বিজলৰ লগত মিহলি কৰি জুইয়ে পোৰা ঠাইত লগালে ভাল হয়।
(৭) জুইয়ে পোৰা ঘাত অমিতা আঠা লগালে যথেষ্ট উপকাৰ পোৱা যায়।
(৮) পকা ভীমকল চকল চকল কৰি কাটি জুইয়ে পোৰা ঠাইত লগাব লাগে।
(৯) গাজোৰ এডোখৰ পিহি জুইয়ে পোৰা ঠাইত লগালে ঢৌ নুঠে।
(১০) ধূনা পিহি প্ৰলেপ দিব লাগে।
(১১) গৰম পানী বা জুইয়ে পুৰিলে বঙালী এৰা গছৰ পাতৰ ৰসত (২৫ টোপালত) কণা এটাৰ দুই ভাগৰ এক অংশৰ কুহুম মিহলি কৰি পোৰা ঠাইত সানিলে কেতিয়াও ঢৌ উঠিব নোৱাৰে আৰু দুই দিনৰ ভিতৰত ঘা ভাল হয়।
পথ্যঃ লঘু আহাৰ খাব লাগে। ঠাণ্ডাদায়ক আৰু ৰসাল বস্তু খোৱা ভাল।
অপথ্যঃ গৰম ক্ৰিয়াদায়ক বস্তু, জ্বলা-পোৰা বস্তু, টেঙা, মদ, ভাং, বিড়ি, চিগাৰেট খাব নালাগে।
বিষাক্ত ফল খালেঃ
কোনো বিষাক্ত ফল খালে তাক বমি কৰোৱাবলৈ চেষ্টা কৰিব লাগে।
বন-দৰবঃ (১) যিকোনো বিষাক্ত ফল খালে গোল নেমুৰ ৰস ৫০ গ্ৰাম খাবলৈ দিলে যথেষ্ট উপকাৰ পোৱা যায়।
(২) কৰবী গছৰ গুটি খালে কেঁচা হালধিৰ ৰস গাখীৰৰ লগত মিহলি কৰি খুৱাব লাগে।
(৩) বেছি নিচা ভাঙিবলৈ তেঁতেলী টেঙা খুৱাব লাগে।
(৪) ধঁতুৰা পাত বা ইয়াৰ গুটি খাই বিষাক্ত হ’লে কপাহ গুটি ২-৩ টা খুন্দি ১২ গ্ৰাম পানীত মিহলাই খুৱালে বিষ নাইকিয়া হয়।
(৫) ধঁতুৰা গুটি খালে বিষাক্ত গুণ নাশ কৰিবলৈ টেঙেচি টেঙাৰ ৰস খুৱাব লাগে।
(৬) যিকোনো বিষাক্ত ফল খালে নহৰুৰ ৰস ১৪ গ্ৰাম খুৱালে ভাল ফল পোৱা যায়।
(৭) বিষ বা বিহ খালে তুলসীৰ ৰস ৫০ গ্ৰাম খুৱালে মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰে।
গৰ্ভপাত কৰোৱাবলৈ
(১) চজিনা গছৰ ছাল খুন্দি তাৰ ৰস খুৱাব লাগে।
(২) লাটুমনি গুটি খুন্দি তাৰ ৰস খুৱালে ভ্ৰূণ নষ্ট হয়।
(৩) অমিতাৰ আঠা বা কেঁচা অমিতা খালে ভ্ৰূণ নষ্ট হয়।
(৪) শিলিখা ৬-৭ টা বা মাটি-কঁঠাল খুৱাব লাগে।
গলগণ্ড বা গইটাৰ
(১) বগা অপৰাজিতাৰ শিপাৰ ৰস ৬ গ্ৰাম আৰু গৰুৰ ঘিউ ৬ গ্ৰাম মিহলি কৰি দৈনিক দুবাৰকৈ একেৰাহে এমাহমান খাব লাগে।
(২) দিনে ৭৫ গ্ৰামকৈ পিঁয়াজ বা নহৰু একেৰাহে প্ৰায় এমাহ খাব লাগে।
চিটিকা ঘাঃ
এই ঘা খহুৰ দৰে হৈ এঠাইৰপৰা আন ঠাইলৈ সহজে বিয়পে।
(১) ভোমোৰা গুটিৰ ওপৰৰ বাকলিটো ভালদৰে খুন্দি ঘাত প্ৰলেপ দিলে ঘা সহজে শুকাব।
(২) দুবৰি বন আৰু কেঁচা হালধি খুন্দি লগালে চিটিকা ঘা ভাল হয়।
ভৰিৰ আঙুলিত পানীয়ে খোৱাঃ
(১) জেতুকাৰ পাত আৰু হালধি খুন্দি পানীয়ে খোৱা ঠাইত লগাই থ’ব লাগে।
(২) পুৰণি অমৰা লগাব লাগে।
গুহ্যদ্বাৰ বাহিৰ হৈ যোৱাঃ
(১) পটলৰ পাত আৰু যষ্টিমধু সমপৰিমাণৰ লৈ তাক ছাগলী গাখীৰৰ লগত বটি গুহ্যদ্বাৰত কিছুসময় প্ৰলেপ দি থ’ব লাগে।
(২) ধঁতুৰা পাত খুন্দি গুহ্যদ্বাৰত প্ৰলেপ দিব লাগে।
(৩) টেঙেচি-টেঙাৰ পাত ১০০ গ্ৰামকৈ দিনে ২ বাৰকৈ খাব লাগে।
টপাঃ
শেৱালি গুটি ১০-১২ টা মান ভালদৰে খুন্দি মূৰত প্ৰলেপ দিলে টপা মূৰত চুলি গজে।
প্ৰস্ৰাৱ ৰৈ ৰৈ পৰিলেঃ
(১) কেঁচা চালগোম আৰু মূলা ২-৩ টা একেলগে পিহি খাব লাগে।
(২) দুপৰীয়া টেঙাৰ পাতৰ ৰস ২৩ গ্ৰামকৈ দিনে ২ বাৰ খাব লাগে।
শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধঃ
(১) মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ নাইকিয়া হয়।
(২) বাসক তিতাৰ পাতৰ ৰস সানিলে গৰম দিনত গাৰ পৰা ওলোৱা দুৰ্গন্ধ নাশ হয়।
নাৰেঙা ৰোগঃ
(১) নাৰেঙাৰ বিষত জ্বৰ হ’লে চজিনাৰ ৰস ২৫ গ্ৰামকৈ দিনে ২ বাৰ খালে জ্বৰ আৰু বিষ নাইকিয়া হয়।
(২) ধঁতুৰা পাত বা চজিনাৰ ছাল খুন্দি গৰম পানীৰে সেক দিলে বিষ কমে আৰু ফুটি পুঁজ বাহিৰ হয়।
(৩) বিহ মইনাৰ গুটি ছাল আৰু আগ খুন্দি প্ৰলেপ দিলে সকলো প্ৰকাৰৰ নাৰেঙা ৰোগ ভাল হয়।
কলিজাৰ বিষঃ
পকা তেঁতেলীৰ ৰস ১০ গ্ৰাম অলপ মিচিৰি মিহলাই খাব লাগে। দিনে ২-৩ বাৰ খালে বিষ নাইকিয়া হয়।
প্ৰস্ৰাৱত বীৰ্য যোৱাঃ
(১) ছয় গ্ৰাম ঘেঁহু এৰাতি পানীত তিয়াই ৰাখি পিছদিনা ৰাতিপুৱা অলপ চেনি দি খালে ভাল হয়। এনেদৰে একেৰাহে ৭ দিন খাব লাগে।
(২) বাদাম ৬ টা, জলকীয়া গুটি ৬ টা, মিচিৰি মিহলি কৰি ৰাতিপুৱা ২০০ গ্ৰাম গাখীৰ খোৱাৰ পাছতে খাব লাগে।
নাড়ীৰ ৰোগঃ
নাইত বা নাড়ীৰ যিকোনো ৰোগ হ’লে বিশুদ্ধ সৰিয়হ তেল গৰম কৰি লগালে ভাল হয়।
আঙুল হাড়াঃ
আঙুল হাড়া পকাবৰ কাৰণে সৰু সৰু সোণবৰিয়ালৰ ৪-৫ খন পাত খুন্দি আঙুলিত এৰাতি বান্ধি ৰাখিব লাগে। পকিলে ১০-১৫ খন মহানিমৰ পাত গৰুৰ ঘিউত ভাজি সেই ঘিউ সেই আক্ৰান্ত অংশত লগাব লাগে।
শামূকীয়াঃ
গোৰোহা গৰম পানীৰে ধুই তাত নাৰিকলৰ তেল সানিব লাগে।
নাক সোপা মাৰি ধৰাঃ
(১) বক ফুল আৰু পাত ২৫ গ্ৰাম ভালদৰে খুন্দি নাকেৰে শুঙিব লাগে। এনেদৰে কেইবাৰমান শুঙিলে নাক সোপা মাৰি ধৰা ৰোগ ভাল হয়।
(২) দোৰোণ বনৰ পাতৰ ৰস নাকত টোপ-টোপকৈ পৰিবলৈ দিলে নাক সোপা মাৰি ধৰা ৰোগ আৰোগ্য হয়।
(৩) মৰাণ আদা, মৌ-জোল আৰু তুলসীৰ ৰস খাব লাগে।
গাৰ ছালৰ ওকণিঃ
ধঁতুৰা পাতৰ ৰস ঘঁহিলে গাৰ ছালত হোৱা ওকণি সহজে মৰে।
শৰীৰৰ ভিতৰত ফোঁহাঃ
চজিনাৰ শিপাৰ ৰস ২৫ গ্ৰামত সমপৰিমাণৰ মৌ-জোল মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোঁহা নষ্ট হয়।
মেদ ৰোগঃ
এই ৰোগত শৰীৰ অস্বাভাৱিকভাৱে শকত হয়। অলপ কষ্টকৰ কাম কৰিলেই ভাগৰ লাগে।
(১) এৰা পাতৰ খাৰ খোৱা হিঙৰ লগত ব্যৱহাৰ কৰিলে মেদ কমি শৰীৰৰ গঠন স্বাভাৱিক হয়।
ফিটা পেলুঃ
(১) ডালিম গছৰ শিপাৰ ছাল খুন্দি তাক গৰম কৰি খাব লাগে। দিনে তিনিবাৰ খালেই ফিটাপেলু মৰি শৌচৰ লগত বাহিৰ হৈ যায়।
(২) পলাশৰ বীজ খুন্দি তাৰ ৰস ৫ গ্ৰামকৈ দিনে ২ বাৰ খাব লাগে।
(৩) দহি-কচুৰ ঠাৰি আঞ্জা কৰি খোৱা ভাল।
দন্তক্ষয় ৰোগঃ
দোৰোণ পাতৰ ৰসেৰে দিনে ৩ বাৰকৈ মুখ কুলকুলিয়াব লাগে।
কামোত্তেজনা হ্ৰাস কৰিবলৈঃ
কাম উত্তেজনা হ্ৰাস কৰিবলৈ হ’লে ৰাতিপুৱা তিনিটা কেঁচা বেলপাত চোবাই খাব লাগে।
অণ্ডকোষ টনটনালে বা তেজ প্ৰস্ৰাৱ হ’লেঃ
তুলসীৰ পাতৰ ৰস ২৫ গ্ৰামত মিচিৰি গুড়া মিহলি কৰি খাব লাগে। দিনটোত এনেদৰে তিনিবাৰ খালে ৰোগ ভাল হয়।
কাণত ঘা হৈ পোক হ’লেঃ
(১) পদিনাৰ ৰস কাণত দিলে পোক সহজে মৰে।
(২) ভেড়াৰ মূত আৰু সৈন্ধৱ লোণ মিহলি কৰি কাণত দিলে কাণৰ পোক মৰে।
(৩) বিশুদ্ধ সৰিয়হ তেল কাণত দিব লাগে।
গুল্ম ৰোগঃ
(১) দুশ গ্ৰাম পৰিমাণৰ গৰম গাখীৰত ১৫ গ্ৰাম নহৰুৰ ৰস মিহলাই খাব লাগে।
(২) ২৫০ গ্ৰাম গৰুৰ গৰম গাখীৰত, ২০ গ্ৰাম ক’লা তিল পিহি তাত অলপ চেনি মিহলি কৰি কিছুদিন খালে গুল্মৰোগ ভাল হয়।
(৩) পিপলি আৰু ইয়াৰ শিপা, আজ্ঞাচিতা, বগা বীজ আৰু সৈন্ধৱ লৱণ এই আটাইকেইটা বস্তু ভালদৰে খুন্দি খাদ্যৰ লগত ব্যৱহাৰ কৰিলে গুল্মৰোগ উপশম হয়।
যোনিৰ ঘাঃ
(১) ডালিমৰ ৰসেৰে যোনি ভালদৰে ধুব লাগে।
(২) যোনিত খজুৱতি হ’লে আমলখিৰ ৰসত চেনি মিহলি কৰি খাব লাগে আৰু আমলখিৰ ৰসেৰে যোনি ধুব লাগে।
(৩) নিমপাত সৰিয়হ তেলত ভাজি যোনি মালিচ কৰিলে যোনিৰ খজুৱতী ভাল হয়।
(৪) অনন্ত মূলৰ পাতৰ ৰসেৰে যোনি ধুলে যোনিত হোৱা ঘা ভাল হয়।
মজ্জাগত বিষঃ
পিপলিৰ গুড়াৰ লগত অপৰাজিতাৰ শিপাৰ ৰস খালে বিষ নাইকিয়া হয়।
নখচুকীয়াঃ
(১) জেতুকা পাতৰ ক্কাথ, কেঁচা গোবৰৰ সৈতে মিহলি কৰি লগালে নখচুকীয়া ভাল হয়।
(২) শুকান শিলিখা গুড়ি অলপ পানীত তিয়াই নখৰ গুৰিত বান্ধি থ’ব লাগে।
(৩) কণি বিহৰ গুটি এফাল খুন্দি নখত কিছু সময় লগাই থলে ভাল হয়।
(৪) বেত এডোখৰ ফালি এটা মূৰ জোঙা কৰি নখৰ গুৰিত লগাই আনটো মূৰত জুই জ্বলাই দিলেও নখচুকীয়া ভাল হয়।
নখত হোৱা খৰঃ
(১) দুই ফোটা নহৰু খুব মিহিকৈ খুন্দি নখৰ ওপৰত সানি এৰাতি তাক বান্ধি ৰাখিব লাগে।
(২) কণি বিহৰ গুটি এটাৰ চাৰি ভাগৰ এক ভাগ ভালদৰে খুন্দি নখত কিছু সময় বান্ধি থ’লে নখৰ খৰ ভাল হয়।
মলৰোধ ৰোগ (বা পেট খোলোচা হ’বৰ বাবে)ঃ
(১) দোৰোণ বন, অমিতা, কচুৰ পাত, কোমোৰা, মাটি-কঁঠাল, আমলখি, শিলিখা, ত্ৰিফলা, আমৈলতাৰ ক্কাথ গুড়ৰ লগত খাব লাগে।
(২) টুবুকী লতাৰ ৰস ১০ গ্ৰামমান দিনে ২ বাৰকৈ খাব লাগে।
(৩) আমৰ ৰস, আমলখি, কলাজামু, বিলাহীৰ ৰস, নহৰু উপকাৰী। ই পাচন শক্তি বৰ্দ্ধক।
(৪) ২ টা লং পিহি একাপ পানীত মিশ্ৰণ কৰি খাব লাগে।
(৫) আহাৰ খোৱাৰ পাছত ৫ খিলা তুলসীৰ পাত খালে পেট খোলোচা হয়।
প্ৰসূতিৰ নাড়ীৰ বিষঃ
(১) পচতীয়াৰ পাতৰ ক্কাথ কৰি দিনে ২ বাৰকৈ খাব লাগে।
(২) এখন কাপোৰত পচতীয়াৰ পাত ৫০ গ্ৰাম লৈ, বালি অলপ কেৰাহিত ভাজি, সেই ভজা গৰম বালিখিনি পচতীয়া পাতৰ ওপৰত দি টোপোলা কৰি বিষ হোৱা ঠাইত সেক দিলে নাড়ীৰ বিষৰ যন্ত্ৰণা একেবাৰে নাইকিয়া হয়।
প্ৰবাহিকা ৰোগঃ
এই ৰোগত শৌচ কৰোঁতে শাওঁ পৰে আৰু শৌচ কৰিবলৈ অলপ বল প্ৰয়োগ কৰিব লগা হয়।
বন-দৰবঃ- ৪-৫ খন আমৰ কুমলীয়া পাত, বৰজামু গছৰ কুমলীয়া পাত ৪-৫ খন আৰু অমৰা গছৰ কুমলীয়া পাত সমপৰিমাণৰ লৈ একেলগে খুন্দি তাৰ ৰস উলিয়াই তাত ৪ চামোচ চেনি মিহলাই দিনে ২ বাৰকৈ একেবাৰে ৪-৫ দিন খালেই এই ৰোগ আৰোগ্য হয়।
কামোত্তেজনা বৃদ্ধিৰ বাবেঃ
ৰঙা লাওৰ গুটি ২৫ গ্ৰামকৈ দিনে তিনিবাৰ খালে কামোত্তেজনা অতি সোনকালে বৃদ্ধি পায়।
নাকৰ ভিতৰত হোৱা টিউমাৰঃ
(১) দোৰোণ বনৰ ৰস নাকেৰে ওপৰলৈ উজাব লাগে।
(২) মাইকী বেলি পকাৰ আলুৰ ৰস ১০ গ্ৰাম উলিয়াই তাত অলপ ক’লা ধপাতৰ ৰস মিহলি কৰি নাকেৰে উজাব লাগে।
পেলুঃ
ভেট ফুলৰ শিপা খুন্দি তাৰ ২০ গ্ৰাম ৰস উলিয়াই তাত মৌ-জোল মিহলি কৰি খালে পেলু মৰে।
পিত্তৰোগঃ
(১) ভেকুলীৰ শিপা, জালুক আৰু নিমখ দি ৰান্ধি এমাহ দিন একেৰাহে খালে বহুদিনীয়া পিত্তৰোগ ভাল হয়।
(২) কলীয়া হালধিৰ ৰস, শিলিখাৰ ৰস আৰু ক’লা গৰুৰ মূত সমপৰিমাণৰ মিশ্ৰণ কৰি খালে পিত্তৰোগ সম্পূৰ্ণ নাশ হয়। এনেদৰে একেৰাহে ৭ দিন খাব লাগে।
(৩) ১০ গ্ৰাম পদিনা, ১০ গ্ৰাম গুড়, ২০০ গ্ৰাম পানীত উতলাই চেকি খাব লাগে।
মোৰ ৰোগঃ
এই ৰোগৰ লক্ষণ অতিসাৰ বা পেটচলা ৰোগৰ লক্ষণৰ সৈতে প্ৰায় একে। অৱশ্যে পেট খুব বিষায়, জ্বৰ থাকে আৰু কেতিয়াবা শৰীৰ একেবাৰে ঠাণ্ডা হৈ যায়।
(১) পান, আদা আৰু বগা নহৰু খুন্দি তাৰ ৰসত অলপ নিমখ দি খাব লাগে।
(২) বচ গছৰ আলু আৰু বগা নহৰু একেলগে খুন্দি তাৰ ৰস ১০ গ্ৰাম খাব লাগে।
(৩) ৰঙা এড়া পাত খুন্দি তাৰ ৰস ১০ গ্ৰামমান খাব লাগে আৰু তাৰ ৰসেৰে মূৰৰ পৰা ভৰিলৈকে মালিচ কৰিব লাগে।
চিগাৰেট খোৱাৰ কাৰণে কফ জমা হ’লেঃ
(১) মৰাণ আদা কেইটুকুৰামান চোবাই খালে কফ সহজে বাহিৰ ওলায়।
(২) শুহণি বনৰ ৰস খালেও সহজে কফ বাহিৰ হয়।
চকুত জাল পৰাঃ
(১) গোল নেমুৰ ৰস ৰাতিপুৱা আৰু গধূলি চকুৰ কোণাত দিব লাগে আৰু নেমুৰ ৰস নিয়মীয়াকৈ খাব লাগে। ৰোগৰ আৰম্ভণিতে নেমুৰ ৰস ১৫ দিনমান ব্যৱহাৰ কৰিলেই ৰোগ ভাল হয়।
(২) পুৰা কল (কাচ কল)-ৰ আঠা চকুত দিব লাগে।
গৰ্ভত বসন্ত থাকিলেঃ
গৰ্ভত বসন্ত থাকিলে খিচমিচ আৰু মেথি গুটি পানীত তিয়াই খুৱালে বসন্ত বাহিৰ ওলায়।
মূৰ ঘূৰণীঃ
গুটি নোহোৱা কোমল ডিমৰু, দূবৰি বনৰ ঠাৰিৰে সৈতে ঘিউত ভাজি খালে মূৰ ঘূৰণী ভাল হয়।
শিৰ শূলঃ
এই ৰোগত মূৰত অসহনীয় বিষ আৰু বমি বমি ভাব হয়।
ক’লা হালধিৰ গুড়ি নাকেৰে শুঙিলে ভাল হয়।
নখত বগা পৰাঃ
দেহত কেলচিয়ামৰ অভাৱ হ’লে এই ৰোগ হ’ব পাৰে। সেই কাৰণে কেলচিয়াম যুক্ত খাদ্য কাটাখুটুৰা, চজিনাৰ পাত, চয়াবিন, নাৰিকল, ফুলকবি, মূলাশাক, নৰসিংহৰ পাত, পদিনা, সৰিয়হ শাক, পিঁয়াজ, গাখীৰ, আতলাচ, গাজৰ আদি যথেষ্ট পৰিমাণে খালে এই ৰোগ ভাল হয়।
অভোক হ’লেঃ
(১) দোৰোণ বন এমুঠি পাতত দি বা আঞ্জা কৰি দিনে ২ বাৰ খালেই তত্ক্ষাণাত ভোক লাগে।
(২) সাত গ্ৰাম ঘিউৰ সৈতে মিহলি কৰি, মেথি গুটিখিনি ৰঙা নোহোৱা পৰ্যন্ত ভাজিব লাগে। ঠাণ্ডা হ’লে পিহি তাৰ লগত সামান্য মৌ মিহলি কৰি খালে ভোক লাগে। এনেদৰে ১০-১৫ দিন একেৰাহে খোৱা ভাল।
(৩) ত্ৰিফলা পানীৰ লগত গুলি দিনে ২ বাৰকৈ খাব লাগে।
কাঠ আচিনাঃ
(১) শামুকৰ চূৰ্ণ কাঠ আচিনাত সানি মৰাণ আদাৰ ভিতৰৰ ক’লা অংশ খুন্দি তাক কাঠ আচিনা হোৱা ঠাইত সানিলে কাঠ আচিনা উঠি যায় আৰু আগলৈও হ’ব নোৱাৰে।
নাকৰ ভিতৰত মঙহ বাঢ়িলেঃ
মণি ছালৰ বাকলি চোবাই খাব লাগে।
ফেৰেণজাইটিছ
তেজমুৰি ছাল চোবাই খাব লাগে।
কোমসাৰ
এই ৰোগত মূৰ কামোৰণী হয়। মূৰ গধুৰ যেন লাগে। নাকেৰে ৰঙা বা হালধীয়া বৰণৰ বিজলোৱা শেঙুণৰ দৰে পানী প্ৰায়ে ওলাই থাকে।
বন-দৰবঃ- (১) পুৰণি জিকাৰ গুটি তিনিটা লৈ তাৰ ওপৰৰ ক’লা বাকলি অংশ এৰুৱাই ভিতৰৰ বগা অংশ ভালদৰে পিহি তাক পৰিষ্কাৰ কাপোৰ এখনেৰে বান্ধি ছাগলী গাখীৰত তিয়াই নাকৰ ফুটাত চেপি টোপ-টোপকৈ ৰস পৰিবলৈ দিব লাগে। ৫-৬ টোপাল ৰস এবাৰত দিব লাগে। এনেদৰে একেৰাহে তিনিদিন ব্যৱহাৰ কৰিলেই ৰোগ সম্পূৰ্ণ আৰোগ্য হোৱাৰ বহু প্ৰমাণ পোৱা গৈছে।
ওকণিঃ
চিত্ৰনলা (গন্ধ বিৰিনা)-ৰ ৰস বা তেল ৪-৫ টোপালৰ লগত সামান্য নাৰিকলৰ তেল মিহলি কৰি মূৰত সানিলে ৫ মিনিটৰ ভিতৰত ওকণি মৰে।
নগা ঘাঁ আৰু খৰ-খজুৱতীঃ
নগা ঘাঁ বা খৰ-খজুৱতী হ’লেও চিত্ৰনলা তেলৰ লগত নাৰিকলৰ তেল মিহলি কৰি সানিলে ঘা আৰু খজুৱতী অতি সহজে ভাল হয়।
এনে মিশ্ৰণ শৰীৰত সানিলে মহ, ডাঁহ, জোক, পোক-পৰুৱা আদিয়ে খাব নোৱাৰে। এই চিত্ৰনলাৰ তেলৰ গোন্ধতে পলায়। ইয়াৰ গোন্ধত মাখিও আহিব নোৱাৰে।
এন্দুৰীয়াঃ
এটা তামোলৰ লগত ২ খন পান খুন্দি তাত অলপ চূণ আৰু ক’লা ধপাত মিহলি কৰি এন্দুৰীয়া হোৱা ঠাইত লগালে এন্দুৰীয়া ৰোগ ভাল হয়।
ছাল এন্দুৰীয়া আৰু ভৰি তলুৱা ফটাঃ
দক্ষিণ ফালৰ ভাত খিলা গছৰ ছাল আৰু বৰ মানিৰ শিপা খুন্দি (প্ৰত্যেকৰে ৫০ গ্ৰামকৈ) কল পাতত লৈ ছাল এন্দুৰীয়া হোৱা ঠাইত কাপোৰেৰে এৰাতি বান্ধি থ’ব লাগে। এনেদৰে একেৰাহে ৭ পালি বান্ধিলে ছাল এন্দুৰীয়া ভাল হয়।
ভৰি তলুৱা ফাটিলেও এনেদৰে ব্যৱহাৰ কৰিলে এই ৰোগ ভাল হয়।
গৰমত প্ৰস্ৰাৱ ৰঙা হ’লে
পকা ভীমকল এটা কাটি ২৫০ গ্ৰাম পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা শুদা পেটত খালে প্ৰস্ৰাৱ স্বাভাৱিক অৱস্থালৈ আহে।
ঘামৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ
মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা ঘামৰ দুৰ্গন্ধ নাইকিয়া হয়।
দেহৰ কোনো স্থানত হোৱা আচিনা নাইকিয়া কৰিবলৈঃ ক’লীয়া কচুৰ ঠাৰিৰ এঠা সানিলে আচিনা নষ্ট হয়।
এনকেফেলাইটিচ ৰোগত
চিৰতা তিতা নাইবা কালমেঘৰ কেঁচা কুমলীয়া পাত ১৫-২০ খন চোবাই বা তাৰ ৰস বাহিৰ কৰি দিনে তিনিবাৰকৈ আহাৰ খোৱাৰ আধা ঘণ্টাৰ পাছতে খাব লাগে। এনেদৰে খালে জ্বৰ কমে আৰু মূৰৰ বিষ নাইকিয়া হয়। মহানিমৰ পাতো ব্যৱহাৰ কৰিব পাৰি।
আলখনি ৰোগত
সৰু টেঙেচি-টেঙাৰ পাতৰ ৰস ২ টোপাল চকুৰ কোণাত দিলে ভাল হয়।
নাইবা, নৰসিংহৰ পাত হাতেৰে মোহাৰি নাকেৰে শুঙিব লাগে আৰু ৫০ গ্ৰাম ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়।
পানী বা বস্তু খাওতে দাঁত শিৰশিৰালে
সৌৰা গছৰ ঠাৰিৰে মাত্ৰ এসপ্তাহ দাঁত মাজিলেই ৰোগ আৰোগ্য হয়।
গৰ্ভৱতীৰ গৰ্ভাশয়ৰ পৰা পানী উলিয়াবলৈ হ’লে
দৈনিক দুটাকৈ নাচপতি খাবলৈ দিব লাগে।
মূৰৰ উফি গুচাবলৈ
ঔটেঙাৰ বিজলেৰে নাইবা গোল নেমুৰ ৰসেৰে মূৰ ধুব লাগে।
বৃক্কৰ দোষত কঁকালৰ বিষ
১০ খন পাতেগজা বা দুপৰীয়া টেঙাৰ পাত খুন্দি তাৰ ৰস উলিয়াই চেনি বা নিমখ দি এসপ্তাহমান খাব লাগে।
চকুত ফুল পৰিলে
তুলসী পাতৰ ৰস চকুত দিলে চকুত ফুল পৰা ভাল হয়।
কেঁচা হালধি খুন্দি এখন পৰিষ্কাৰ কাপোৰত বান্ধি অলপ গৰম কৰি চকুত সেক দিব লাগে।
স্ত্ৰী-সংগমৰ পিছত শৰীৰত শক্তি পাবলৈ
গৰম গাখীৰ ২৫০ গ্ৰামত ৫ টা বাদাম মিহি মিহলি কৰি খাব লাগে।
দেহৰ কোনো অংশত ক’লা দাগ পৰিলে
ক’লীয়া তুলসীৰ পাতৰ ৰসৰ লগত নেমু টেঙাৰ ৰস মিহলি কৰি সানিব লাগে।
ৰাতি শোৱাৰ সময়ত ঘিউ সানি মালিচ কৰিলে দাগ সহজে উঠে।
পুত্ৰ সন্তান পাবলৈ হ’লে
ময়ূৰ পাখী মজ্জাভাগ কাটি পিহি গুড়ৰ সৈতে এটা পিল বনাই খাব লাগে। এনেদৰে তিনিটা পিল বনাই প্ৰতিটো পিল ১৫ দিনৰ অন্তৰে অন্তৰে গৰুৰ গাখীৰৰ লগত খাব লাগে। যিদিনা এই পিল খায় সেইদিনা গৰুৰ গাখীৰৰ বাহিৰে অন্য খাদ্য খাব নালাগে।
নাইবা, পলাশৰ এটা পাত পিহি তাৰ ৰসত গৰুৰ গাখীৰ মিহলি কৰি মাহেকীয়া ঋতুত খুৱালে পুত্ৰসন্তান হয়।
ৰোগী বা দুৰ্বল লোকে সংগমত সুখ পাবলৈ
(ক) ৰঙা পিঁয়াজ ৬০ গ্ৰাম সমপৰিমাণৰ ঘিউ আৰু ২৫০ গ্ৰাম গৰুৰ গাখীৰ মিহলাই তাক উতলাই অলপ ডাঠ হ’লে মিচিৰি অলপ মিহলাই ৰাতিপুৱা খাব লাগে। ৰাতিপুৱা এনেদৰে একেৰাহে এমাহ খালে স্বাস্থ্যৰ কাৰণে কোনো ক্ষতি নহয় আৰু সংগম কৰি অতি সুখ লাভ কৰে।
(খ) ২৫০ গ্ৰাম গৰম গাখীৰত ৫ টা বাদাম পিহি সংগম কৰাৰ পাছত খালেও শৰীৰত শক্তি পায়।
(গ) সংগম কৰাৰ পাছত ৫০ গ্ৰামকৈ শতমূলৰ ৰস গাখীৰৰ লগত খাব পাৰিলেও ভাল।
লেৰেলা লোক শকত আৰু দুৰ্বল লোক বলবান হ’বলৈ
১৫-২০ খন পচতীয়া পাত, ৫ গ্ৰাম গৰুৰ ঘিউত মিহলি কৰি দীৰ্ঘদিন ব্যৱহাৰ কৰিব লাগে।
শৌচ হওঁহওঁ অৱস্থাত শৌচ নহ’লে
নৰসিংহৰ ৮-১০ খন কেঁচা পাত খুন্দি গুহ্যদ্বাৰত প্ৰলেপ দিলে শৌচ হয়।
গুহ্যদ্বাৰ পোৰণি হ’লে বা পকিলে
পটলৰ পাত আৰু সমপৰিমাণৰ যষ্টিমধু লৈ তাক ভালদৰে পিহি ছাগলী গাখীৰৰ লগত মিহলাই গুহ্যদ্বাৰত প্ৰলেপ দিব লাগে।
নাইবা, পটলৰ পাত আৰু যষ্টিমধু ক্কাথ কৰি সেই ক্কাথ গৰম হৈ থাকোঁতেই তাত এখন পৰিষ্কাৰ কাপোৰ তিয়াই গুহ্যদ্বাৰত লগালে গুহ্যদ্বাৰৰ পোৰণি ভাল হয়। এই বন-দৰব গুহ্যদ্বাৰ বাহিৰ ওলাই গ’লেও ব্যৱহাৰ কৰিব পাৰি।
অলাগতিয়াল চুলি উঠাবলৈ
হৰিতাল, ছাগলী গাখীৰৰ লগত মিহলাই অলাগতিয়াল চুলি অংশত কিছুসময় প্ৰলেপ দি ৰাখিব লাগে। পাছত তাক এৰুৱাই গৰম পানীৰে সেই স্থান ধুব লাগে।
নাইবা, হৰিতাল, শঙ্খচূৰ্ণ আৰু ভীম কলৰ খাৰ সমপৰিমাণৰ লৈ ভালদৰে মিহলাই চুলি উঠাব লগা স্থানত প্ৰলেপ দিলে চুলি উঠে।
গাত বগা চোম পৰিলে
(ক) আঢ়ৈ চাউল আৰু গন্ধক সমপৰিমাণৰ লৈ খুব মিহিকৈ একেৰাহে ৫-৬ দিন সানিলে চোম পৰা গুছে।
(খ) কেঁচা চোম পাত পিহি সানিলেও চোম গুছে।
(গ) তুলসী পাতৰ ৰস, কেঁচা হালধিৰ ৰস আৰু মৌ-জোল একেলগে সানিব লাগে।
কাণ কলা হ’লে
গোল নেমুৰ ৰস ২০০ গ্ৰামত অলপ চেনি দি খাব লাগে। এনেদৰে প্ৰতিদিনে ৫ বাৰমানকৈ কিছুদিন খালে কাণ কলা হোৱা লোকে কাণেৰে শুণে।
প্ৰস্ৰাৱ দুৰ্গন্ধ
পকা জামু ফলৰ ৰস খালে প্ৰস্ৰাৱ দুৰ্গন্ধ নাইকিয়া হয়।
লাটুমনি লতাৰ পাত খুন্দি তাৰ ৰস ২৫ গ্ৰাম খালেও প্ৰস্ৰাৱ দুৰ্গন্ধ নাইকিয়া হয়।
মূৰ গৰম হ’লে
৮-১০ টা আমলখি ঘিউত ভাজি তাক খুন্দি লেপ-থেপিয়া কৰি মূৰত প্ৰলেপ দিলে ৰোগ ভাল হয়।
অধিক টোপনি হ’লে
চজিনাৰ গুটি, নাহৰ ফুল আৰু মেটেকাৰ ফুল এই তিনিওটা সমপৰিমাণৰ লৈ তাক ভালদৰে পিহি চকুত লগালে এই ৰোগ উপশম হয়।
প্লেগ ৰোগ
আধা কাপ ঘিউত অলপ গাখীৰ দি দিনে ৩-৪ বাৰ খুৱালেই প্লেগ ৰোগ ভাল হয়।
চূণে ডাকিলে
লং তিনিটা মুখত ভৰাই দাঁতেৰে চোবাই কিছু সময় মুখত ৰাখিব লাগে।
সৰিয়হৰ তেল চূণে ডকা ঠাইত সানিব লাগে।
শৰীৰৰ বগা দাগ উঠাবৰ বাবে অমিতাৰ আঠা লগাব লাগে।
লেখক: গুণাৰাম খনিকৰ
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
অসমীয়াৰ প্ৰিয় খাদ্য মাছৰ গুণ
অত্যাৱশ্যকীয় উদ্ভিদৰ ঔষধি গুণ