ই এবিধ লতাজাতীয় গছ। সকলো ঋতুতেৱ সিদ্ধি লতা জন্মে। পাতবোৰ সৰু সৰু আৰু মিহি। ডাল এটি কাটি য’ত ত’ত পেলাই থলেই ই ঠন ধৰি উঠে। ডাঙ গছত মেৰিয়াই বগাই উঠি বিস্তাৰিত হয়। গ্ৰীষ্মকালত সিদ্ধিলতাৰ গছ আৰু শিপা ঘৰত গোটায় থৰ লাগে কাৰণ খৰালি কিছুমান ঠাইত মৰি যায়। অৱশ্যে বাৰিষা পানী পালে পুলি-পোখাৰে আকৌ আত্মপ্ৰকাশ কৰে। সেয়েহে সিদ্ধিলতাক অমৰ লতা বুলিও কোৱা হয়। ইয়াৰ শাস্ত্ৰীয় নাম- বৎসাদনী তত্ৰিকা, অমৃতা, জীৱন্তিকা সোমাবল্লী ইত্যাদি।
সিদ্ধিলতা এবিধ প্ৰসিদ্ধ আয়ুৰ্বেদীয় দৰৱ। নিম গছত বগোৱা সিদ্ধিলতা আটাইতকৈ ভাল। বায়ু পিত্ত, কফ, আম-দোষ, দাহ, জ্বৰ, ক্ৰিমি, বমি, প্ৰমেহ শ্বাস অৰ্শ আৰু হৃদৰোগত সিদ্ধিলতাৰ কেচা ৰস ব্যৱহাৰ হয়। ইয়াৰ ৰস বলকাৰক মলৰোধক আৰু অগ্নিবৰ্দ্ধক। দাহ, তৃষ্ণা, প্ৰমেহ, কুষ্ঠ আদি ৰোগত উপকাৰী। সিদ্ধিলতাত জলা, তিতা আৰু কেহা ৰস থাকে; পৰিপাকত কিন্তু ৰস নি:সৰণ হয়। বাতৰক্ত, খহু আদি শৰীৰৰ দোষ এই ৰসে মোচন কৰে। সিদ্ধিলতাৰ কহ বা তিওৱা পানী তোলাকৈ সদায় ব্যৱহাৰ কৰিলে তেজ পৰিষ্কাৰ হয়। কহ ব্যৱহাৰ কৰিলে পিত্তৰ ব্যৱহাৰ কৰিলে তেজ পৰিষ্কাৰ হয়। কহ ব্যৱহাৰ কৰিলে পিত্তৰ বেমাৰত সুফল পোৱা যায়। সিদ্ধিলতা, আমলখি আৰু মাটিকেঞা তিনিওৰে মিলিত দুই তোলা আধাসেৰে পানীত সিজাই আধা পোৱা ৰাখি খালে পালাজৰ বিনষ্ট হয়। সিদ্ধিলতাৰ ৰসৰ লগত পিপলিৰ গুড়া মৌ মিহলাই খালে জীৰ্ণজ্বৰ আৰু কফ নষ্ট হয়। যকৃত প্লীহা বৃদ্ধি আৰু অৰুচিও নষ্ট হয়। কহ ঠাণ্ডা কৰি মৌৰ লগত খালে বমি নষ্ট হয়। পেচাবত জ্বালা-যন্ত্ৰণা হ’লে সিদ্ধিলতাৰ কহ কেইদিনমান নিতৌ ব্যৱহাৰ কৰিব লাগে। প্ৰমেহ, কমলা আৰু কুষ্ঠ-ৰোগীয়ে সিদ্ধিলতাৰ ৰস বা কহ নিয়মীতভাৱে সেৱন কৰা ভাল। সিদ্ধিলতাৰ ৰস কেচাই ব্যৱহাৰ কৰাই ভাল। মাত্ৰা ৰস দুই তোলা। শুকান চূৰ্ণ হ’লে চাৰি আনাৰ পৰা আঠ অনা পৰ্য্যন্ত। সিদ্ধিলতাৰ পৰা এবিধ চেনি প্ৰস্তুত কৰা হয়। এই চেনি পুষ্টিসাধক আৰু বলকাৰক। সিদ্ধিলতাৰ গছ পাত থেতেলাই পানীত ১২ ঘন্টামান তিয়াই ৰাখিলে দানা পৰে। এয়াই চেনি। এই চেনি শুকান কৰিবলৈ আকৌ পঁগাই ঘন কৰি ল’ব লাগে আৰু শুকাব লাগে। মাত্ৰ দুই বা তিনি ৰতিহে এবাৰত ব্যৱহাৰ কৰিব লাগে।
লিখক: কবিৰাজ ধৰ্ম্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 6/29/2020
উপকাৰী বাহক
আঁহত গছৰ ঔষধি গুণ
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত