অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হালধি

পৰিচয়

হালধি নিত্য ব্যৱহাৰ্য্য দ্ৰব্য। গতিকে ইয়াৰ পৰিচয় বৰ্ণনা নিষ্প্ৰয়োজন। প্ৰায় গাঁৱৰ প্ৰতি গৃহস্থই ঘৰতে হালধিৰ খেতি কৰে। ইয়াৰ মঙহাল শিপা ৰ’দত শুকুৱাই হালধিৰ গুড়া প্ৰস্তুত কৰে। হালধি পাঁচ প্ৰকাৰৰ।

১) হালধি

২) বন হালধি

৩) আম হালধি

৪) কপুৰ হালধি

৫) দাৰু হালধি

ইয়াৰ প্ৰথমবিধ আমি সদায় ব্যৱহাৰ কৰোঁ। বাকী চাৰিবিধ হাবি-জংঘলত এনেই হয়। এই চাৰিবিধ কোনো দৰৱ বা পথ্যত ব্যৱহাৰ নহয় বাবে আমি প্ৰথম বিধে ইয়াত আলোচনা কৰিম। ইয়াৰ শাস্ত্ৰীয় নাম- হৰিদ্ৰা, কাঞ্চনী, পিতা আৰু বহুতো।

গুণাগুণ

হালধি একাধিক গুনসম্পন্ন। ই নিত্য ব্যৱহাৰ্য্য খাদ্য দ্ৰব্য ৰন্ধনত ই অপৰিহাৰ্য্য। তদুপৰি বিবাহ আদি কাৰ্য্যত ই পবিত্ৰ দ্ৰব্য হিচাবে ব্যৱহাৰ হয়। হালধি নাৰীয়ে গা-মুখত ঘঁহি উজ্জ্বলতা বৃদ্ধি কৰে। হালধিয়ে চৰ্মৰোগ নিবাৰণ কৰে আৰু চাল উজ্জ্বল আৰু চিকুণ কৰি তোলে। হালধিৰ কেঁচা ৰস গা-মুখত মাজে সময়ে ঘঁহাটো অতি হিতকাৰক। আঞ্জাত হালধি কেৱল ৰঙৰ কাৰণে দিয়া নহয়, ইয়ে আঞ্জাত থকা দুষিত বীজানু ধ্বংস কৰি তোলে। ক্ৰিমি বা পেটৰ কেচু নাশ কৰিবলৈ নিতৌ পুৱা এচামুচ কেঁচা হালধিৰ ৰস খাব লাগে। এনেকৈ ব্যৱহাৰ কৰিলে শৰীৰৰ তেজ পৰিষ্কাৰ হয়। শৰীৰৰ উজ্জ্বলতা বাঢ়ে আৰু পিত্তদোষ নাশ হয়। পেচাবৰ বাবে কেচা হালধিৰ ৰস অতি উপকাৰী। পেচাবত জ্বলা-পোৰা কৰা পেচাব ৰঙা হোৱা, টোপটোপকৈ পেচাব ওলোৱা পেচাব কম হোৱা আদিত হালধিৰ ৰস অতি উত্তম। তেজৰ বেমাৰত যেনে খজুৱতি পকতীয়া প্ৰভৃতি চৰ্মৰোগত হালধি অতি গুণশালী। মহানিমৰ পাতৰ লগত হালধি বটি গাত ঘহিলে বেমাৰ উপশম হয়। হালধিয়ে জটিল কুষ্ঠৰোগ নষ্ট কৰে। সদায় আধাতোলা পৰিমাণৰ ৰস খাব লাগে। হালধিৰ ৰস সৰু ল’ৰা ছোৱালীৰ ক্ৰিমি নাশ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। মাত্ৰা চাৰি অনাৰ পৰা আঠ অনা। ডাঙৰ মানুহে দুই তোলা পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰে। যিকোনো তেজৰ বেমাৰত হালধি ব্যৱহাৰ কৰিলে সুন্দৰ ফল পোৱা যায়। জটিল কুষ্ঠৰোগ আনকি হালধিৰ নিয়মিত ব্যৱহাৰে নষ্ট কৰিব পাৰে। চকু উঠিলে বা চকু ৰঙা পৰি নানা যন্ত্ৰণা হ’লে হালধিৰ কোৱাথ কৰি পৰিষ্কাৰকৈ চেকি লৈ সেই পানীৰে চকু ধুব লাগে। পানী লগাব পৰা হোৱা যিকোনো অসুখত হালধি জুইত পুৰি নস্য ল’লে নাকৰ সেঙুণ বাহিৰ হৈ যায় আৰু নাম সোপা মাৰি ধৰা মূৰৰ বিষ আদিত আৰাম পোৱা যায়। বসন্তৰ পিচত মহানিমৰ পাত হালধি সহ বটি গাত লেপ দি ৰাখি গা ধুলে বসন্তৰ পিচত একো বিকাৰ নাথাকে। প্ৰসৱৰ পিচত তিৰোতাক হালধিৰ ৰস খুৱালে স্তনদুগ্ধ বাঢ়ে। তল-পেটৰ বেদনা আদি প্ৰসৱৰ পিচত হ’লে হালধিৰ চূৰ্ণ অলপ গুড়ৰ লগত খালে বেদনাৰ উপশম হয়। তিৰোতাৰ স্তনত ফোহা উঠিলে হালধি বটি ফোহাৰ চাৰিওকাষে প্ৰলেপ দিলে যন্ত্ৰণাৰ উপশম হয়। শুকান হালধি চূৰ্ণ আজিনাই ওপৰত এবাৰ দুবাৰ ঘহি দিলে ভাল হয়। হালধিৰ চূৰ্ণ গৰুৰ মূতৰ লগত মিহলাই খৰ, বেহুচ আদি ৰোগস্থলত ব্যৱহাৰ কৰিলে আৰোগ্য লাভ হয়। হালধিৰ চূৰ্ণ ঘাঁৰ ওপৰত চটিয়াই দিলে ঘাঁৰ ৰস শোষণ কৰি ঘাঁ শুকুৱাই দিয়ে। কেঁচা হালধিৰ ৰস মাজে মাজে খাই থাকিলে শৰীৰ নিৰোগী হৈ থাকে।

লিখক: কবিৰাজ ধৰ্মকান্ত শৰ্মা।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate