অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদিক ঔষধ মানেই পাৰ্শ্বক্ৰিয়াহীন নহয় :

আয়ুৰ্বেদিক ঔষধ মানেই পাৰ্শ্বক্ৰিয়াহীন নহয় :

 

ওপৰোক্ত কথা খিনি পঢ়ি আপুনি হয়টো আচৰিত হৈছে। আচৰিত হব লগীয়া কোনো কথা নাই। কথাখিনি সত্য। প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদিক চিকিৎসাত বিভিন্ন ধৰণৰ ভেষজৰ ব্যৱহাৰ কৰা হৈছিল। মূলত ঔষধ দ্ৰব্য সমূহ উদ্ভিদ আৰু জাংগম হিচাবে দুই ভাগত বিভক্ত কৰা হয়।উদ্ভিদ ত বিভিন্ন ধৰণৰ বনৌষধিৰ ব্যৱহাৰৰ কথা কোৱা হৈছে। প্ৰতিবিধ বনৌষধি কেনেদৰেই ৰোপন কৰিব লাগে,কেনে ধৰণৰ মাটি উপযুক্ত, কোনবিধ অংশ ঔষধিত ব্যৱহাৰ কৰা হব তথা প্ৰয়োজনীয় উদ্ভিদ বিধ কেতিয়া সংগ্ৰহ কৰিব লাগিব এই আটাইখিনি কথাৰ ওপৰত ঔষধীৰ গুণানুগুন নিৰ্ভৰ কৰে।বহুবিধ বিষাক্ত ঔষধি দ্ৰব্য শোধন কৰি ঔষধত ব্যৱহাৰ কৰা হয়।উদাহৰণ স্বৰূপে

কৰবীৰ(Nerium indicum):

আমি সকলোৱে জানো যে কৰবীৰ অতি বিষাক্ত দ্ৰব্য।কিন্তু এনে বিষাক্ত দ্ৰব্যও আয়ুৰ্বেদিক পদ্ধতিৰে শোধিত কৰি ব্যৱহাৰ কৰা হয়।শুনি আচৰিত লাগিলেও কথাটি সত্য যে সেই সময়টো আজিৰ বিজ্ঞানৰ দৰেই শোধনৰ বৰ্ণনা পোৱা যায় যিটো সময়ত ভাষা সাহিত্য সংস্কৃতিৰ বিকাশেই হোৱা নাছিল ।

ভাল্লাতক(semicarpus anacardium):

ভাল্লাতকৰ পৰা নিৰ্গত এবিধ এঠা জাতীয় দ্ৰব্য অতি বিষাক্ত হয়।ইয়াৰ সামান্য স্পৰ্শ হলেই ছালৰ ভয়ংকৰ এলাৰ্জি হয়।মুখ গহ্বৰত ঘা হয় ।আৰু গিলা গলে খাদ্য নলিকাত ঘাঁৰ সৃষ্টি কৰে।এনে বিষাক্ত ভাল্লাতকক শোধিত কৰি শৰীৰৰ অতি উপকাৰী ৰসায়ন ঔষধি প্ৰস্তুত কৰা হয়। আনকি ভাল্লাতকক কেন্সাৰ প্ৰতিৰোধৰ বাবেও ব্যৱহাৰ কৰা হয়। যোৱা বছৰ মোৰ স্নাতকোত্তৰ অধ্যয়নৰত ছাত্ৰী এগৰাকীয়ে ভাল্লাতকৰে এবিধ ঔষধি বানাওতে কেইবাজনো ঔষধ প্ৰস্তুত কাৰী ব্যক্তিৰ ভয়ংকৰ ছালৰ এলাৰ্জি হৈছিল।

কুশীলা(strychnus nux vomika):

কুশীলা এবিধ উদ্ভিদ যাৰ বিজৰ মজ্জা ব্যৱহাৰ কৰা হয়। এই ঔষধি অতি অনু পৰিমাণটো যদি আমাৰ শৰীৰত প্ৰকাশ কৰে তেন্তে ধনুষ তঙ্কৰ ৰোগৰ দৰে লক্ষণ দেখা যায়। কিন্তু ইয়াকো শোধিত কৰি ব্যৱহাৰ কৰা হয় আয়ুৰ্বেদিক ঔষধত।

বৎসনাভ(Aconitum ferox):

বিভিন্ন জ্বৰ নাশক ঔষধিত শোধিত কৰি ইয়াক ব্যৱহাৰ কৰা হয়। অশোধিত এইবিধ দ্ৰব্যই শৰীৰৰ ব্লাড প্ৰেচাৰ নিম্নগামী কৰিব পাৰে আনকি ৰোগীৰ মৃত্যু ও হব পাৰে।

সৰ্বসাধাৰণ ৰাইজে জানিবৰ কাৰণে কেইবিধমান ঔষধি দ্ৰব্যৰ উল্লেখ কৰিলোঁ যে আয়ুৰ্বেদিক ঔষধৰো পাৰ্শ্বক্ৰিয়া থাকিব পাৰে যদি সঠিক ভাবে প্ৰস্তুত কৰা নহয়।

জাংগম দ্ৰব্য:

জন্তু জনোৱাৰৰ গাখীৰ,মূত্ৰ,শিং,ঘি ইত্যাদি ঔষধিত ব্যৱহাৰ কৰা হয়। সাগৰত উপলব্ধ বিভিন্ন ধৰণৰ মণি মুকুতা,শংখ আদিৰ ব্যবহাৰক জাংগম দ্ৰব্য বুলি কোৱা হয়। এনে দ্ৰব্য সমূহো বিভিন্ন ধৰণৰ সাৱধানতাৰে ঔষধিত ব্যৱহাৰ কৰা হয়।কেতবোৰ দুষ্ট চক্ৰ তথা ব্যৱসায়িক লোকে যধে মধে ঔষধ প্ৰস্তুত কৰাৰ ফলত বিভিন্ন ৰোগীয়ে আয়ুৰ্বেদিক ঔষধ সেৱন কৰি বিভিন্ন পাৰ্শ্বক্ৰিয়াত ভুগিব লগাত পৰে যাৰ ফলত গোটেই আয়ুৰ্বেদিক সমাজ বদনামৰ ভাগি হয়।

সেয়েহে ঔষধ কিনোতে সাৱধানতা লোৱাৰ অতি প্ৰয়োজন।তাৰোপৰি কোনবিধ ঔষধ কিমান দিন খাব তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অতি প্ৰয়োজন।বহু এনে ৰোগী পাওঁ যিয়ে যধে মধে বহু দিনলৈ আয়ুৰ্বেদিক ঔষধ সেৱন কৰি থাকে।এনে অভ্যাস পৰিত্যাগ কৰা দৰকাৰ।

লেখক: ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate