অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ চৰাই-চিৰিকটি

অসমৰ চৰাই-চিৰিকটি

অসম দেশ চৰাইৰ বাবে বিখ্যাত। লাগনি গছেৰে ভৰা এই ভূখণ্ড। তৰহে তৰহে ফল খাবলৈ পাই দেশ-বিদেশৰ বহু চৰাই ইয়ালৈ ঢাপলি মেলে। খাল-বিল, নদী সৰু-বৰ মাছেৰে ভৰা। মাছ খাবলৈ বিধে বিধে চৰাই ইয়ালৈ আহি নিগাজীকৈ থাকিবলৈ লয়। বসন্ত কালত বিভিন্ন চৰাইৰ আৰাৱত অসমৰ আকাশ-বতাহ মুখৰিত হৈ পৰে। কিছু সংখ্যক অসমত পোৱা চৰাইৰ নাম তালিকাভুক্ত কৰা হ’ল –আকুহি বগ, আজান, ইটাগুৰীয়া, এৰাখাটী, উকহ, উলুমৈৰা, কঠালগুটীয়া, কণামুচৰি, কপৌ, কলঘোক, কলাখাতি, কাইঠাৰা, কাকৈছিৰা, কাণকুৰুলা, কাম, কুকুৰা, কুকুহা, কুৰুৱা, কুলি, কৃষ্ণ, কেচকেচি, কেতেকী, কোঢ়া, গঙাচিলনী, গছখোলা, গৰখীয়া, গেৰাটিয়া, গুৱাটোকৰা, ঘৰ শালিকা, চুঙা বাদুলি, চুটিয়া শালিকা, চোকা, চেক্‌চেকী, জিকৰ, টিপচী, টিয়াঁ, টুনী, ডঁৰিক, ডুবৈ, ঢোৰা কাউৰী, তেলীয়াসাৰেং, দলপুঙা, দলমৈৰা, দহিকতৰা, ডাউক, দেউকণা, দেউ ৰাজহাঁহ, ধনেশ, নেঘেৰি, পাটমাদৈ, পাটসিয়া, পাতিহাঁহ, পানীকাউৰী, পানীবগ, পানী হাঁহ, পাৰ, পৰ্ঘুমা, ফেঁচা, ফেচু, ফেঁচুলুকা, বগলী, বতা, বন কুকুৰা, বৰটোকোলা, বৰ বগ, বাদুলি, বালিঘোঁৰা, বালিমাহী, বিহুৱা, বুলবুলি, ভাটৌ, মইনা, মনিয়ৰি, মাছৰোকা, ম’ৰা, মৌপিয়া, শগুন, শৰালি, শামুখভঙা, শেন, সাৰেং, সখিয়তী, ৰাজহাঁহ, হয়ঁকলি, হাইতল, হেতুলুকা, হুদু ইত্যাদি।অসমৰ পৰ্বত-ভৈয়াম উভয়তে এই চৰাইবোৰ পোৱা যায়। ওপৰত উল্লেখ কৰা বহুবিধ চৰায়ে অসমীয়া সাহিত্য-সংস্কৃতিত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো তাৎপৰ্যপূৰ্ণ। শেন, কুকুৰা আৰু বুলবুলি যুঁজ আহোম যুগৰ জনপ্ৰিয় খেল। চৰাইৰ মাত আৰু আচৰণক গইনা লৈ ভালেখিনি অসমীয়া লোকবিশ্বাসে গা-কৰি উঠিছে। কুকুৰা চৰাইৰ নাম এই ক্ষেত্ৰত সৰ্বাগ্ৰে উল্লেখনীয়। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ কল্যাণত অসমৰ বহু নামী-অনামী চৰাই আমাৰ অতি আপোন হৈ পৰিছে।

লিখক: ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate