অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিবেশ

সাধাৰণ অৰ্থত ক’বলৈ হ’লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলোবিলাকেই আমাৰ পৰিবেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিবেশৰ ভিতৰুৱা। চমুকৈ ক’বলৈ গ’লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিবেশ বুলি কোৱা হয়। আমাৰ পৰিবেশত থকা মুখ্য উপাদানবোৰ হ’ল বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিবেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে। তেনেবোৰ উপাদানৰ ভিতৰত উষ্ণতা, পোহৰ আৰু বিকিৰণ, বায়ুৰ চাপ, মাধ্যাকৰ্ষণ শক্তি, বায়ুমণ্ডলত থকা বিভিন্ন ৰাসায়নিক উপাদান উল্লেখযোগ্য। কোনো এটা পৰিবেশত জীয়াই থকা জীৱসমূহেই হ’ল পৰিবেশৰ জৈৱিক উপাদান। কোনো এটা পৰিবেশৰ জীৱসমূহক উপাদান হিচাপে তিনিটা মুখ্য ভাগত ভগাব পাৰোঁ।

(ক) উৎপাদক

(খ) উপভোক্তা

(গ) বিয়োজক

(ক) উৎপাদক:

সেউজীয়া উদ্ভিদসমূহে নিজে নিজৰ খাদ্যবস্তু তৈয়াৰ কৰি ল’ব পাৰে। সেউজীয়া উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত জীৱৰ বাবে প্ৰয়োজনীয় আন এবিধ সামগ্ৰী অক্সিজেনো উৎপাদন কৰে। পৰিবেশত থকা পোষকদ্ৰব্য গ্ৰহণ কৰি গঢ় লোৱা সেউজীয়া উদ্ভিদ, শেলাই আদি জীৱক উৎপাদক বুলি কোৱা হয়।

(খ) উপভোক্তা:

যিবিলাক জীৱই আন জীৱ ভক্ষণ কৰি বা নিৰ্ভৰশীল হৈ বৰ্তি থাকে তেনেকুৱা জীৱক উপভোক্তা বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় সকলোবিলাক প্ৰাণীয়েই উপভোক্তা। কেৱল উদ্ভিদ ভক্ষণ কৰি জীয়াই থকা প্ৰাণীবোৰক প্ৰাথমিক উপভোক্তা বোলে। গৰু, ছাগলী, তৃণভোজী কীট-পতংগ আদি প্ৰাথমিক উপভোক্তাৰ উদাহৰণ। আনহাতে কেৱল প্ৰাথমিক উপভোক্তা ভক্ষণ কৰি বৰ্তি থকা প্ৰাণীবোৰক মাধ্যমিক উপভোক্তা আৰু মাধ্যমিক উপভোক্তাক ভক্ষণ কৰি জীয়াই থকা প্ৰাণীসমূহক সৰ্বোচ্চ উপভোক্তা বোলা হয়। ভেকুলী, কুকুৰ আদি মাধ্যমিক উপভোক্তা আৰু বাঘ, সিংহ, সাপ, শগুণ আদি সৰ্বোচ্চ উপভোক্তাৰ উদাহৰণ।

(গ) বিয়োজক:

যিবিলাক জীৱই মৃত প্ৰাণী বা উদ্ভিদৰ দেহৰ পৰা খাদ্য সংগ্ৰহ কৰাৰ সময়ত জটিল জৈৱ যৌগক সৰল জৈৱ যৌগলৈ পৰিৱৰ্তন কৰে সিবিলাকক বিয়োজক বোলে। বেক্টেৰিয়া বা ভেঁকুৰ আদি এই শ্ৰেণীৰ জৈৱিক উপাদান।

সাম্প্ৰতিক সময়ত পৃথিৱীৰ পৰিবেশৰ অৱস্থা অতিশয় উদ্বেগজনক। লেতেৰা পানী, আৱৰ্জনা, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য আদিয়ে আনকি বিশ্বৰ উন্নত দেশবোৰকো প্ৰদূষিত কৰিছে। সমগ্ৰ পৃথিৱীতে বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পানী প্ৰদূষণৰ ফলত পানীত থকা বহুতো প্ৰাণীৰ মৃত্যু হৈছে। মাৰ্কাৰী প্ৰদূষিত মাছ বা অন্য খাদ্য খাই বহুতো মানুহ মৃত্যুমুখত পৰিছে। উল্লেখযোগ্য যে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা মাৰাত্মক ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত মাৰ্কাৰী বা পাৰা অন্যতম।

বনাঞ্চল হ্ৰাস:

পৃথিৱীত ব্যাপক হাৰত পৰিবেশ প্ৰদূষণ হোৱাৰ অন্যতম কাৰণ এটা হ’ল বনাঞ্চলৰ সংকোচন। বিশ্বখাদ্য আৰু কৃষি সংস্থাৰ নীতি অনুসৰি মুঠ স্থলভাগৰ ৩৩ শতাংশ বনাঞ্চল থাকিব লাগে। কিন্তু তাৰ বিপৰীতে পৃথিৱীৰ বনাঞ্চলসমূহ দ্ৰুতহাৰত বিলুপ্তিহে ঘটিছে। এক সমীক্ষা মতে বনাঞ্চল ধ্বংসত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। ভাৰতবৰ্ষত বছৰি ১৩০ হেক্টৰতকৈও অধিক বনাঞ্চল বিলুপ্ত হৈ আছে। বৰ্তমান ভাৰতৰ মুঠ স্থলভাগৰ প্ৰায় ১৩ শতাংশহে বনাঞ্চল।

আৰ্দ্ৰভূমিৰ সংকট:

পৃথিৱীৰ পৰিবেশ বিপন্ন হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল আৰ্দ্ৰভূমিৰ সংকট। জলভূমি অঞ্চলৰ অসংযত ব্যৱহাৰৰ ফলত ইয়াত বাস কৰা জীৱসমূহ বিপন্ন হৈছে। পৃথিৱীৰ সকলো ঠাইতে আৰ্দ্ৰভূমিৰ সংকট হৈছে। আৰ্দ্ৰভূমিবোৰ কেৱল যে সংকুচিত হৈছে এনে নহয়, বহুতো আৰ্দ্ৰভূমি ইতিমধ্যে বিলুপ্ত হৈছে।

সেউজ গৃহ প্ৰক্ৰিয়া:

সূৰ্যৰ পৰা যি পোহৰ আৰু তাপ পৃথিৱীত পৰে, সেই শক্তিয়ে পৃথিৱীৰ উত্তাপ বঢ়ায়। সাধাৰণ অৱস্থাত সূৰ্যৰ পৰা বিকিৰণ হোৱা তাপ পৃথিৱীপৃষ্ঠই শোষণ কৰে আৰু কিছু অংশ বিকিৰিত হৈ বায়ুমণ্ডললৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা কিছুমান গেছে পৃথিৱীপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ যোৱা সূৰ্যৰ ৰশ্মি ধৰি ৰাখে। ইয়াৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বাঢ়ি যায়। যিবোৰ গেছে সূৰ্যৰ ৰশ্মি ধৰি ৰাখি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে সেইসমূহ গেছ অৱশ্যে প্ৰাকৃতিকভাৱে বায়ুমণ্ডলত নাথাকে। এই জাতীয় গেছবোৰ বায়ুমণ্ডলত কৃত্ৰিমভাৱে সৃষ্টি হয়। বায়ুমণ্ডলত এই গেছসমূহ একেবাৰে নথকা হ’লে বায়ুমণ্ডলৰ উত্তাপ বহুখিনি কমি গ’লহেঁতেন। সূৰ্যৰ ৰশ্মি ধৰি ৰখা এই গেছসমূহক সেউজ গৃহ ৰশ্মি বোলা হয়। কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন’ক্সাইড, মিথেন, অ’জন, ক্লোৰোফ্লোৰো-কাৰ্বন আদি বায়ুমণ্ডলত থকা উল্লেখযোগ্য সেউজ গৃহ গেছ। এই গেছসমূহে বায়ুমণ্ডলক বাগিচাত থকা আয়নাৰ ঘৰৰ দৰে কৰি ৰাখে। সেউজ গৃহ গেছৰ দ্বাৰা পৃথিৱী পৃষ্ঠত উত্তাপ বৃদ্ধি হোৱা এই প্ৰক্ৰিয়াটোক সেউজ গৃহ প্ৰক্ৰিয়া বোলে।

অসমত পৰিবেশৰ সমস্যা

অসম প্ৰাকৃতিক সম্পদত চহকী। অসমৰ মুঠ মাটিকালিৰ প্ৰায় ৪০ শতাংশ অৰণ্য আৰু ইয়াৰ প্ৰায় ২২ শতাংশ সংৰক্ষিত বনাঞ্চল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভালেমান দুষ্প্ৰাপ্য বন্যপ্ৰাণী আছে। কিন্তু পৰিবেশ প্ৰদূষণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন অভয়াৰণ্যত থকা জীৱ-জন্তু, চৰাই-চিৰিকতি সঘনে ৰোগাক্ৰান্ত হোৱা দেখা গৈছে। আনহাতে অসমত বনাঞ্চল সংকোচন দ্ৰুতগতিত বাঢ়িছে। অৰণ্যত গছ-বিৰিখ কমি গৈছে। বনাঞ্চল সংকোচনৰ ফলত ভূমিক্ষয় বৃদ্ধি পাইছে। ফলত ব্ৰহ্মপুত্ৰৰ নাব্যতা কমি আহিছে। ব্ৰহ্মপুত্ৰখন পলস জমা হৈ ক্ৰমাৎ বাম হৈ অহাত বানপানী আৰু গৰাখহনীয়াই ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। ইফালে অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা নিৰ্গত হোৱা তৈল-আৱৰ্জনাই জলাশয় আৰু কৃষি-মাটি বিপদজনকভাৱে প্ৰদূষিত কৰিছে। কাগজকলৰ পৰা বৰ্জ্য ৰাসায়নিক বস্তুবোৰে বায়ু আৰু পানী প্ৰদূষিত কৰিছে। অসমৰ চাহ বাগিচাসমূহত ব্যাপক হাৰত কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। বৰষুণৰ পানীত সেইবোৰ উটি আহি সাধাৰণতে জলাশয়ৰ পানী দূষিত কৰে। সম্প্ৰতি অসমৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে অসমত পৰিবেশ সজাগতা আৰু সংৰক্ষণৰ বাবে কাম কৰি আছে। সেইসমূহৰ ভিতৰত নেচাৰ্চ বেকন, অৰণ্যক, অসম বিজ্ঞান সমিতি আদিৰ নাম উল্লেখযোগ্য।

বায়ু প্ৰদূষণ

বায়ু পৰিবেশৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান। বায়ুত বিভিন্ন ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ থাকে। বায়ুমণ্ডলত মিহলি হৈ থকা বিভিন্ন ক্ষতিকাৰক পদাৰ্থকেই বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু প্ৰাকৃতিক উপায়েৰেও প্ৰদূষিত হ’ব পাৰে। যেনে-আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলোৱা ধোঁৱা, ছালফাৰ যৌগ, বজ্ৰপাতৰ ফলত হোৱা বনজুই আদিয়েও বায়ুমণ্ডল প্ৰদূষিত কৰে। কিন্তু বৰ্তমান যুগত মানুহৰ কৃতকৰ্মৰ দ্বাৰাই বায়ুমণ্ডল বেছিকৈ প্ৰদূষিত হৈছে। বায়ু প্ৰদূষিত কৰা প্ৰধান প্ৰদূষকবোৰৰ ভিতৰত-

  • কাৰ্বন-ডাই-অক্সাইড
  • ধূলিকণা আৰু জীৱাণু
  • ছালফাৰ-ডাই-অক্সাইড
  • কাৰ্বন-মন’ক্সাইড
  • হাইড্ৰ’জেন ছালফাইড
  • নাইট্ৰ’জেন অক্সাইড আৰু
  • সীহ আদি উল্লেখযোগ্য

উক্ত প্ৰদূষকসমূহৰ উৎপত্তিস্থল হ’ল বিভিন্ন কল-কাৰখানা, যান-বাহন, উৰাজাহাজৰ ইঞ্জিনত ইন্ধনৰ দহন, কয়লা, পেট্ৰ’লিয়াম আদি জীৱাশ্ম প্ৰজ্বালকৰ দহন আদি।

পানী প্ৰদূষণ

যেতিয়া পানীত যোগ হোৱা বস্তু কিছুমানৰ প্ৰকৃতি আৰু পৰিমাণে পানীৰ স্বাভাৱিক গুণ এনেদৰে সলনি কৰে যে ইয়াৰ ব্যৱহাৰৰ যোগ্যতা হ্ৰাস পায়, জীৱিত প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি কৰে, স্বাভাৱিক স্বাদ, গোন্ধ আদি পৰিৱৰ্তিত হয়, তেতিয়া পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। পানী প্ৰদূষণ কৰা কাৰকসমূহ হ’ল-

  • নলা-নৰ্দমাৰ লেতেৰা পানী,
  • অজৈৱ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক,
  • ৰাসায়নিক সাৰ,
  • পলস,
  • উত্তাপ,
  • তেজস্ক্ৰিয় পদাৰ্থ,
  • কীটনাশক দ্ৰব্য আদি।

পেলনীয়া জাবৰ-জোঁথৰ, গেলা-পচা বস্তু, নলা-নৰ্দমাৰ আৱৰ্জনা, মানুহ তথা জীৱ-জন্তুৰ মল-মূত্ৰ আদিৰ দ্বাৰা পানী প্ৰদূষিত হয়। ইয়াৰ উপৰিও নলা-নৰ্দমাৰ বৰ্জ্য পানীত বহুতো বিষাক্ত পদাৰ্থ থাকে। ইবিলাকে পানী বিষাক্ত কৰে। খাল-বিল, নৈ-জান আদিত লেতেৰা কাপোৰ-কানি ধোৱাৰ ফলত পানী দূষিত হয়। আনহাতে পানীত জৈৱিক আৰু অজৈৱিক যৌগৰ পৰিমাণ বৃদ্ধি হ’লে পানী প্ৰদূষিত হয় আৰু প্ৰদূষিত পানীয়ে জলচৰ প্ৰাণীৰো ক্ষতি সাধন কৰে।

মাটি প্ৰদূষণ

মাটি এক প্ৰকাৰ জীৱন্ত সম্পদ। মাটিৰ লগত বহুতো জটিল জীৱাণু থাকে। মাটি অবিহনে কোনো প্ৰাণী বা উদ্ভিদ পৃথিৱীত জীৱন ধাৰণ কৰাটো অসম্ভৱ হ’লহেঁতেন। মাটিৰ গঠন হ’বলৈ প্ৰকৃতিক প্ৰায় পাঁচশৰ পৰা এক হাজাৰ বছৰ লাগে। কিন্তু এনে এবিধ সম্পদ বিভিন্ন কাৰণত দূষিত হোৱাত প্ৰকৃতিৰ বুকুত ভীষণ সমস্যাই দেখা দিছে। বিভিন্ন প্ৰাকৃতিক কাৰণ, ৰাসায়নিক প্ৰদূষক, কীটনাশক দ্ৰব্য, জৈৱ অনুঘটক, তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰভাৱ আৰু বিভিন্ন আৱৰ্জনাৰ দ্বাৰা মাটিৰ স্বাভাৱিক গুণাগুণ নাইকিয়া হোৱাকে মাটি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটি প্ৰদূষণ হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত কেইবিধমান হ’ল-

  • প্ৰাকৃতিক শক্তিৰ ক্ৰিয়া
  • বন্ধ পানীৰ দ্বাৰা মাটি প্ৰদূষণ
  • কল-কাৰখানাৰ ৰাসায়নিক আৱৰ্জনা
  • নগৰ-চহৰৰ আৱৰ্জনা
  • কৃষিত ব্যৱহৃত ঔষধ, সাৰ
  • তেজষ্ক্ৰিয় পদাৰ্থ আৰু ধাতৱ প্ৰদূষকৰ প্ৰভাৱ।

শব্দ প্ৰদূষণ

আন ৰাসায়নিক প্ৰদূষকৰ দৰে শব্দও এক প্ৰকাৰ মাৰাত্মক প্ৰদূষক। বায়ুমণ্ডলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় শব্দকে শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ প্ৰধান উৎসসমূহ হৈছে- দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা বৈদ্যুতিক আহিলা, কল-কাৰখানা, যান-বাহন আদিয়ে কৰা শব্দ। তদুপৰি মেঘৰ গাজনি, বিজুলী ঢেৰেকনি, জীৱ-জন্তুৰ চিঞৰ-বাখৰ, ৰেডিঅ’, টি.ভি. আদিৰ পৰাও শব্দ প্ৰদূষণ হয়। শব্দ-প্ৰদূষণে মানসিক অশান্তিৰ সৃষ্টি কৰে। শব্দ প্ৰাবল্য জুখিবলৈ ডেচিবল নামৰ এটি একক ব্যৱহাৰ কৰা হয়। পৰিবেশ প্ৰদূষণ নিৰ্মূলৰ কাৰণে উপযুক্ত প্ৰযুক্তি উদ্ভাৱনৰ প্ৰয়োজন। তাৰ বাবে নিৰন্তৰ গৱেষণা, জনসচেতনতা আৰু প্ৰযুক্তিগত তথা অৰ্থনৈতিক সাহাৰ্যৰ দৰকাৰ। লগে লগে প্ৰদূষণ নিয়ন্ত্ৰণৰ সা-সামগ্ৰীবোৰৰ কৰ হ্ৰাস, ৰেহাইৰ লেখীয়া বাস্তৱমুখী অৰ্থনৈতিক ব্যৱস্থাৰ দৰকাৰ হৈছে। তদুপৰি বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰা উদ্যোগসমূহত ব্যৱহৃত সামগ্ৰী-সম্ভাৰ বা সঁজুলিসমূহ নিৰাপদ বুলি প্ৰমাণিত কৰাৰ ব্যৱস্থা লোৱা উচিত। অনুমতি দিয়া উদ্যোগ প্ৰতিষ্ঠানসমূহক অনুকূল প্ৰযুক্তি গ্ৰহণৰ ওপৰত জোৰ দিব লাগে। পৰিবেশ নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থাটো হ’ল নাগৰিকসকলক অনুকূল প্ৰযুক্তি গ্ৰহণৰ ওপৰত জোৰ দিব লাগে। পৰিবেশ নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থাটো হ’ল নাগৰিকসকলক প্ৰদূষণমুক্ত পৰিবেশ পোৱাৰ অধিকাৰৰ বিষয়ে সজাগ কৰা। যান-বাহনৰ প্ৰদূষণ ৰোধৰ বাবে ব্যক্তিগত যান-বাহনৰ সংখ্যা কমোৱা উচিত। যান-বাহনত সীহমুক্ত পেট্ৰ’লৰহে ব্যৱহাৰত উৎসাহিত কৰিব লাগে। মাটিৰ প্ৰদূষণ ৰোধৰ বাবে আমাক তিনিটা ব্যৱস্থাৰ প্ৰয়োজন। সেয়া হৈছে(কমোৱা),(পুন: ব্যৱহাৰ) আৰু (পুন: কামত লগোৱা)। ইয়াৰ সহায়ত মাটিৰ প্ৰধান প্ৰদূষক জাবৰ-জোঁথৰৰ পৰিমাণ কমি যাব। শব্দ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ যান-বাহনত অপ্ৰিয় হৰ্ণ ব্যৱহাৰ বন্ধ কৰাৰ লগতে উদ্যোগসমূহ জনবসতি অঞ্চলৰ পৰা বেচ দূৰত পতাত গুৰুত্ব দিব লাগে।

পৰিবেশ সংৰক্ষণত ভাৰতৰ জনজাতি:

  • নিৰামিষভোজী বিষ্ণইসকল বন্যপ্ৰাণীৰ লগত সহাৱস্থান কৰাৰ বাবে বিখ্যাত। তেওঁলোকে গছ কাটি কাঠেৰে মৃতদেহ নজ্বলায়, কবৰহে দিয়ে।
  • ১৬০৪ চনত ৰামচাৰি গাঁৱৰ কৰ্‌মা আৰু গোৰা নামৰ দুগৰাকী মহিলাই খেজুৰ গছ ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিছিল।
  • উত্তৰ প্ৰদেশৰ তেহৰী গাঢ়োৱাল জিলাত ১৯৭২ চনত জন্ম লাভ কৰা ‘চিপ্‌কো আন্দোলন’ গছ কটাৰ বিৰুদ্ধে এক প্ৰসিদ্ধ জাগৰণ। হিন্দীত চিপ্‌কো মানে আলিংগন কৰা। আদৱানী গাঁৱৰ জনজাতি মহিলাসকলে গছবিলাকক সাৱটি ধৰি সেইবোৰক কাঠ ব্যৱসায়ীৰ কুঠাৰ-কৰতৰ পৰা ৰক্ষা কৰিছিল।

গোলকীয় উত্তাপনৰ নিয়ন্ত্ৰণ ব্যৱস্থা:

গোলকীয় উত্তাপনত অৰিহণা যোগোৱা সেউজগৃহ গেছসমূহক নিয়ন্ত্ৰণ কৰিলেই গোলকীয় উত্তাপ হ্ৰাস বা দমন কৰিব পৰা যাব। ইয়াৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

  • বৃক্ষৰোপণ কৰিব লাগিব।
  • জনসংখ্যাৰ বিসফোৰণ ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • শীতলীকৰণ যন্ত্ৰৰ আধুনিকীকৰণ কৰি CFCৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।
  • জীৱাশ্ম ইন্ধন(Fossil Fuel)ৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব বা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰৰ অধিক জনপ্ৰিয় কৰিবলৈ চৰকাৰী আৰু বেচৰকাৰী সংগঠনে জনসাধাৰণৰ মাজত জনসভা আৰু পুস্তিকা বিতৰণ কৰিব লাগিব।
  • প্ৰাকৃতিক পৰিঘটনাত উৎপন্ন হোৱা মিথেইনক আধুনিক প্ৰযুক্তি কৌশলৰ সহায়ত ধৰি ৰাখি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যন্ত্ৰ উদ্ভাৱন কৰিব লাগিব।
  • কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাত CO2ৰ পৰিমাণ হ্ৰাসকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • বায়ুমণ্ডলত CO2ৰ পৰিমাণ নিয়ন্ত্ৰণৰ বাবে শেলাইজাতীয় উদ্ভিদৰ বাসস্থানসমূহক সুৰক্ষা প্ৰদান কৰিব লাগিব।
  • কেৱল খাদ্যৰ বাবেই কৰা পশুধন পালন ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব লাগিব।
  • দৈনন্দিন কাৰ্যত আমি যি শক্তিয়েই ব্যৱহাৰ কৰো তাক অধিক কাৰ্যকৰী হিচাপে ব্যৱহাৰ কৰিব লাগিব।

ভূকম্পন মণ্ডলসমূহ:

ভাৰতক ৪টা ভূকম্পন মণ্ডলত বিভাজন কৰা হৈছে। বৰ্তমানৰ এই মানচিত্ৰ অনুসৰি ৫নং মণ্ডলটোত ভূকম্পনৰ সৰ্বাধিক প্ৰাবল্যৰ আশংকা আছে। আনহাতে ২নং মণ্ডলত এই প্ৰাবল্য সৰ্বনিম্ন। ৫নং মণ্ডলত ৰিখটাৰ স্কেলত ৭ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূঁইকঁপৰ উৎপত্তি হ’ব পাৰে। কাশ্মীৰ, পাঞ্জাৱ, পশ্চিম আৰু কেন্দ্ৰীয় হিমালয়, পূৰ্বোত্তৰ আৰু কচ্চৰ ৰাণ আৰু দিল্লী ইয়াৰ অন্তৰ্গত। ৪নং মণ্ডলত ৰিখটাৰ স্কেলত ৬ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূঁইকঁপ অনুভূত হ’ব পাৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, জম্মু আৰু বিহাৰ এই মণ্ডলত অৱস্থিত। মহাৰাষ্ট্ৰৰ পাটান অঞ্চলটো ৪নং মণ্ডলতে আছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, কাশ্মীৰৰ কিছু অংশ, পশ্চিম হিমালয় ৩নং মণ্ডলত পৰে। ৰিখটাৰ স্কেলত ৫ বা তাতকৈ অধিক প্ৰাবল্যৰ ভুঁইকঁপ ইয়াত অনুভূত হ’ব পাৰে। ইয়াৰ বাদে দেশৰ বাকী অংশ ২নং মণ্ডলত পৰে। ইয়াত ৫ বা তাতকৈ কম প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে। উল্লেখ্য, ভূকম্পন মণ্ডল ৫টা থাকে। এই মণ্ডলবোৰৰ সবিশেষ এনেধৰণৰ:

৫নং মণ্ডল:

যিবোৰ ঠাইত মাৰ্কেলি স্কেলত IX বা তাতকৈ অধিক প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে সেইবোৰ ঠাই এই মণ্ডলৰ অন্তৰ্গত। এই ঠাইবোৰ অতিমাত্ৰা ভূঁইকঁপ প্ৰৱণ।

৪নং মণ্ডল:

এনে ঠাইত মাৰ্কেলি স্কেলত VIII প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে। আশংকাৰ দিশৰ পৰা ইয়াৰ স্থান ৫নং মণ্ডলৰ তলত।

৩নং মণ্ডল:

এনে ঠাইত মাৰ্কেলি স্কেলত VII প্ৰাবল্যৰ ভূঁইকঁপৰ প্ৰাবল্যৰ আশংকা থাকে। ইয়াত মধ্যমীয়া ক্ষতিৰ আশংকা থাকে।

২নং মণ্ডল:

এনে ঠাইত ভূঁইকঁপৰ প্ৰাবল্যৰ আশংকা মাৰ্কেলি স্কেলত VI। ই হৈছে কম ক্ষতিৰ আশংকা থকা মণ্ডল।

১নং মণ্ডল:

এনে ঠাইত সৰ্বাধিক V বা তাতকৈ কম প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে। উল্লেখ্য, ভাৰতৰ কোনো স্থানকে ১নং মণ্ডলত ৰখা হোৱা নাই।

পৃথিৱীৰ প্লেটসমূহ:

পৃথিৱী পৃষ্ঠত গঠন হোৱা প্লেটবোৰৰ গতি ভূঁইকঁপৰ অন্যতম কাৰণ। পৃথিৱী পৃষ্ঠত প্ৰধান প্লেট ৮ খন। সেইবোৰ হৈছে-

  • আফ্ৰিকান প্লেট,
  • এণ্টৰ্কটিক প্লেট,
  • ভাৰতীয় প্লেট,
  • অষ্ট্ৰেলিয়ান প্লেট,
  • ইউৰেছিয়ান প্লেট,
  • উত্তৰ আমেৰিকান প্লেট,
  • দক্ষিণ আমেৰিকান প্লেট আৰু
  • প্ৰশান্ত মহাসাগৰীয় প্লেট।

ইয়াৰে ভাৰতীয় প্লেট আৰু অষ্ট্ৰেলিয়ান প্লেটক একেলগে কেতিয়াবা ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট বুলিও কোৱা হয়। তদুপৰি সৰু প্লেট বহুতো আছে। তাৰ ভিতৰত ৭খন প্ৰধান।

ভূঁইকঁপৰ জোখ:

সাধাৰণতে ভূঁইকঁপৰ প্ৰাবল্য ৰিখটাৰ স্কেলেৰে জোখা হয়। চাৰ্লছ এফ ৰিখটাৰে ১৯৩৪ চনত এই স্কেল উদ্ভাৱন কৰিছিল। ৰিখটাৰ প্ৰাবল্য গণনা কৰা হয় ভূঁইকঁপৰ দ্বাৰা উদ্ভূত বৃহত্তম ভূকম্প ঢৌৰ বিস্তাৰৰ পৰা। ভূঁইকঁপৰ শক্তি নিৰ্ণয় কৰাৰ আন এটা উপায় হৈছে মাৰ্কেলি স্কেলৰ ব্যৱহাৰ। ইটালীৰ বিজ্ঞানী গুইছেপ মাৰ্কেলিয়ে ১৯০২ চনত উদ্ভাৱন কৰা এই স্কেলত ভূঁইকঁপ অনুভৱ কৰা ব্যক্তিৰ নিৰীক্ষণ ব্যৱহাৰ কৰা হয়। মাৰ্কেলি স্কেলক প্ৰথমতে ইটালীৰ বিজ্ঞানী এড’লছ’ কানকানি আৰু পিছত জাৰ্মানীৰ ভূ-পদাৰ্থবিদ আগষ্ট হেনৰিখ ছিবাৰ্গে উন্নীত কৰে। সেইবাবে ইয়াক এম চি এছ স্কেল বুলিও কোৱা হয়। কোনো এটা স্থানত ভূঁইকঁপৰ প্ৰভাৱ এই স্কেলত থকা ৰোমান সংখ্যাৰ ১২টা দাগেৰে নিৰ্ণয় কৰা হয়।

ৰিখটাৰ স্কেলৰ প্ৰাবল্য

মাৰ্কেলি মাত্ৰা

বৈশিষ্ট্য

2

I

II

সাধাৰণতে অনুভৱ নহয়, সঁজুলিৰ দ্বাৰা ধৰা পৰে।

খুব কমসংখ্যকেহে অনুভৱ কৰে।

3

III

IV

প্ৰায়সকলোৱেই অনুভৱ কৰে, পাৰ হৈ যোৱা বাহনৰ বাবে কম্পন হোৱা বুলি অনুভৱ হয়।

ঘৰৰ ভিতৰতে অনুভৱ হয়, সৰু সুৰা সঁজুলিৰ কঁপনি উঠে।

4

V

প্ৰায় প্ৰতিজনে অনুভৱ কৰে। জনসাধাৰণ সজাগ হয়।

5

6

VI

VII

VIII

সকলোৱে অনুভৱ কৰে, বহুতেই ঘৰৰ বাহিৰ ওলায়। সা-সামগ্ৰী স্থানান্তৰ কৰে।

সকলোৱে ঘৰৰ বাহিৰ ওলায়। দুৰ্বল ঘৰৰ ক্ষতি হয়।সকলোতে সামান্য ক্ষতি হ’ব পাৰে।

মধ্যমীয়াৰ পৰা বৃহৎ ক্ষতি হ’ব পাৰে। চিমনী, দেৱাল বাগৰি পৰে।

7

IX

X

সকলো ঘৰৰ ক্ষতি হয়। মাটিত ফাট মেলে, নিৰ্মাণৰ ভিত্তি স্থানান্তৰ হয়।

বৃহৎ ক্ষতি। ভূ-পৃষ্ঠ বেয়াকৈ ফাটে, ভূমিস্খলন হয়।

8

XI

XII

প্ৰায় সকলো গাঁথনি বাগৰি পৰে। দলং ভাগে। মাটিত বহল ফাট মেলে।

সম্পূৰ্ণ ধ্বংস, সা-সামগ্ৰী বতাহত ছিটিকি পৰে।

সতৰ্কতা আৰু সাৱধানতা

ভূমিকম্পই আগজাননী নিদিয়ে। গতিকে সুৰক্ষা সংকেতবোৰ মানি চলিব। ভূমিকম্পই অহালৈ অপেক্ষা নকৰি এতিয়াৰ পৰাই গোটাই সহজে পোৱা নিৰ্দ্দিষ্ট স্থানত গোটাই ৰাখক।

  • বায়ু নিৰুদ্ধ বটলত যথেষ্ট খোৱাপানী ৰাখক(মাজে মাজে বদলি কৰি থাকিব)।
  • কিছুদিনলৈ নষ্ট নোহোৱা খোৱা বস্তু যেনে, চিৰা, মুৰি, গুৰ, বিস্কুট আদি গোটাই ৰাখক।
  • প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী, টৰ্চ লাইট, সৰু ৰেডিঅ’, এটা হুইচেল লগত ৰাখক।
  • পৰিয়ালৰ সকলোৱে ইলেক্ট্ৰিকেল মেইন ছুইচ, গেছ আদি বন্ধ কৰাটো জানি লওক।
  • ঘৰৰ ভিতৰত এনে ঠাই ঠিক কৰি ৰাখক য’ত ভূমিকম্পৰ সময়ত আশ্ৰয় ল’ব পাৰে।

ভূমিকম্পৰ সময়ত:

  • নিৰ্দ্দিষ্ট স্থানত আশ্ৰয় লওক। সম্ভৱ হ’লে কোনো ডাঙৰ টেবুল, বিছনাৰ তলত সোমাওক যাতে দৰকাৰ হ’লে তাৰে সৈতে আগুৱাব পাৰে।
  • যদি এনে বস্তু নাপায় তেন্তে তৎক্ষণাৎ মজিয়াত আঁঠু কাঢ়ি বহক বা শুই দিয়ক। দুৱাৰ, খিৰিকীৰ পৰা আঁতৰত মজবুত কংক্ৰিটৰ ধামৰ তলত আশ্ৰয় লওক।
  • যদি শুই আছে বিছনাতে গাৰু বা কম্বলেৰে হেঁচা মাৰি ধৰক।
  • অসুৰক্ষিতভাৱে ৰখা বস্তু যেনে আলমাৰি, কিতাপৰ ৰেক, আইনা আদিৰ পৰা দূৰত থাকক।
  • কেতিয়াও দৌৰি বাহিৰলৈ ওলাবলৈ চেষ্টা নকৰিব। বহুমহলীয়া অট্টালিকাত থাকিলে লিফট ব্যৱহাৰ নকৰিব।
  • যদি কেঁচাঘৰত আছে বাহিৰৰ মুকলি ঠাইলৈ যাওক য’ত ডাঙৰ গছ-গছনি, ইলেকক্ট্ৰিক লাইন, টেলিফোন লাইন আদি নাই।
  • যদি বাহিৰত আছে, মুকলি ঠাইলৈ যাওক।
  • যদি গাড়ী চলাই আছে, ৰৈ দিব। গাড়ীৰ ভিতৰতে থাকিব।
  • উৰণীয়া সেতু, সুৰংগৰ পৰা দূৰত থাকক।
  • চৰকাৰৰ ফালৰ পৰা দিয়া নিৰ্দেশাৱলী মানি চলক।

ভূমিকম্পৰ পিছত

  • শুদা ভৰিৰে নাযাব। ভূমিকম্পৰ পিছত সৰু সুৰা কম্পন হৈ থাকিব পাৰে, গতিকে সাৱধান হ’ব।
  • ধ্বংস হোৱা ঘৰত সোমাবলৈ চেষ্টা নকৰিব। যদি সম্ভৱ হয় ওচৰ-চুবুৰীয়াৰ কেঁচুৱা আদিলৈ সহায়ৰ হাত আগবঢ়াব।
  • ৰেডিঅ’ৰ বাতৰি শুনিব আৰু সেইদৰে কাম কৰিব।
  • অত্যাৱশ্যক হ’লেহে টেলিফোন ব্যৱহাৰ কৰিব।

বিশ্বৰ অৰণ্য সম্পদৰ অঞ্চল

মহাদেশ

বনাঞ্চলৰ

বিশ্বৰ শতকৰা পৰিমাণ হিচাপত

ৰাছিয়া

৭৯২

২৭.৬%

লেটিন আমেৰিকা

৬৯২

২৪.২%

এছিয়া

৪৬৯

১৬.৪%

উত্তৰ আমেৰিকা

৪৬৯

১৬.৪%

আফ্ৰিকা

২১৮

৭.৬%

ইউৰোপ

১৫৩

৫.৩%

অষ্ট্ৰেলিয়া

৭২

২.৫%

অৰণ্যভূমিৰ অনুপাত

ৰাজ্য

মুঠ বনভূমি(,০০০হেক্টৰ)

মুঠ জনসংখ্যা(,০০০)

জনমূৰি বনভূমি(হেক্টৰ)

অৰুণাচল প্ৰদেশ

৫১৫৪

১০৪১

৪.৯৫

অসম

১৯৩০

২৫,৭০৮

০.০৮

মণিপুৰ

৬০২

২২৬৭

০.২৭

মেঘালয়

৯৫০

২১৮৯

১.৮৯

মিজোৰাম

১৫৯৮

৮৪৬

১.৮৯

নাগালেণ্ড

৮৬৩

১৮১৭

০.৪৭

ত্ৰিপুৰা

৬০৬

৩০৯৫

২.২০

উত্তৰ পূৰ্বাঞ্চল

১১,৭০৩

৩৭,৮৭৭

০.৩১

ভাৰত

৬৮,৯৭৩

৯,৮৭,২৫৮

০.০৭

ভাৰতৰ খনিজ সম্পদৰ অৱস্থান

খনিজ সম্পদ

শক্তি উৎপাদনকাৰী খনিজ সম্পদ

অৱস্থান

 

কয়লা

পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, অসম, মধ্যপ্ৰদেশ।

প্ৰাকৃতিক গেছ

অসম, গুজৰাট।

পেট্ৰ’লিয়াম

অসম, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ।

থৰিয়াম

তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কেৰেলা।

ইউৰেনিয়াম

বিহাৰ, কেৰেলা, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, মেঘালয়।

জিপচাম

ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, গুজৰাট।

বক্সাইট

বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ।

চূণশিল

মধ্য প্ৰদেশ, তামিলনাডু, অসম।

লো

বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ, কৰ্ণাটক, গোৱা।

মেংগানিজ

মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ।

সীহ

ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ।

এলুমিনিয়াম

বিহাৰ, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, তামিলনাডু।

তাম

বিহাৰ, ৰাজস্থান, কৰ্ণাটক, মধ্য প্ৰদেশ, পশ্চিমবংগ, অন্ধ্ৰ প্ৰদেশ, উত্তৰাঞ্চল।

সোণ

কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা।

ৰূপ

কৰ্ণাটক, বিহাৰ, তামিলনাডু, ৰাজস্থান।

হীৰা

মধ্য প্ৰদেশ।

বিশ্বৰ উল্লেখযোগ্য তেজস্ক্ৰিয় দুৰ্ঘটনাসমূহ

১২ ডিচেম্বৰ, ১৯৫২

কানাডাৰ চক্‌ৰিভাৰ পৰীক্ষামূলক ৰিয়েক্টাৰটোৰ দুৰ্ঘটনা।

নবেম্বৰ, ১৯৯৫

আমেৰিকাৰ পৰীক্ষামূলক বেগী ব্ৰিডাৰ ৰিয়েক্টাৰত হোৱা দুৰ্ঘটনা।

৭ আগষ্ট, ১৯৫৭

ইংলেণ্ডৰ উইননস্কেলৰ ৰিয়েক্টাৰৰ দুৰ্ঘটনা।

ডিচেম্বৰ, ১৯৫৭

ৰাছিয়াৰ কিছটিমত নিউক্লীয় বিসফোৰণ।

জানুৱাৰী, ১৯৬১

আমেৰিকাৰ ৰিয়েক্টৰ গৰ্ভৰ দুৰ্ঘটনা।

৫ অক্টোবৰ, ১৯৬৬

এন্‌ৰিক ফাৰৰ্মি ৰিয়েক্টৰ দুৰ্ঘটনা।

১৭ অক্টোবৰ, ১৯৬৯

ছেণ্ট ল’ৰাৰ ৰিয়েক্টৰ দুৰ্ঘটনা।

১৯৭৪

ছেৰ ছেংকোট ব্ৰিডাৰ ৰিয়েক্টৰ দুৰ্ঘটনা।

২২ মাৰ্চ, ১৯৭৫

লা হেগ পূৰ্ণ সংসাধন ৰিয়েক্টৰ দুৰ্ঘটনা।

১৯৮৩

আৰ্জেণ্টিনাৰ আৰ.এ.টু. ৰিয়েক্টৰৰ দুৰ্ঘটনা।

১৯৮৬

আমেৰিকা কেৰ্‌-মেগজি প্ৰকল্পৰ দুৰ্ঘটনা।

২৬ এপ্ৰিল, ১৯৮৬

ছেনোবিল দুৰ্ঘটনা।

পৰিবেশৰ কথা

  • গছক ‘পৃথিৱীৰ হাওঁফাওঁ’ বুলি কোৱা হয়।
  • ভাৰতবৰ্ষত প্ৰায় ১৫৫০ টা বৃহৎ নদী বান্ধ আছে।
  • সুন্দৰলাল বহুগুণাৰ নেতৃত্বত ‘চিপ্‌কো আন্দোলন’ গঢ়ি উঠিছিল।
  • ১৯৮৯ চনত নৰ্মদা নদীত নিৰ্মিয়মান দুটা বান্ধৰ বিৰোধিতা কৰি ‘নৰ্মদা বচাও’ আন্দোলনৰ সূচনা হৈছিল।
  • পৃথিৱীৰ বাৰি মণ্ডলত মুঠ ১.৪ বিলিয়ন কিউবিক কিলোমিটাৰ পানী আছে।
  • বাৰিমণ্ডলৰ মুঠ পানীৰ ৩ শতাংশ নিৰ্মল পানী।
  • জৱাহৰলাল নেহৰুৱে নদীৰ বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পবোৰক ‘আধুনিক ভাৰতৰ মঠ’ আখ্যা দিছিল।
  • অষ্ট্ৰেলিয়াত পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ পদাৰ্থ আছে।
  • কয়লা ব্যৱহাৰত চীন দেশে বিশ্বত প্ৰথম স্থান অধিকাৰ কৰি আছে।
  • প্ৰাকৃতিক গেছ ব্যৱহাৰৰ ক্ষেত্ৰত ছোভিয়েট ৰাছিয়াই বিশ্বত প্ৰথম স্থান অধিকাৰ কৰি আছে।
  • ১-২.৫ ইঞ্চি মাটি গঠন হ’বলৈ প্ৰায় ২০০-১০০০ বছৰৰ দৰকাৰ হয়।
  • পৃথিৱীৰ ১/৫ অংশ অৰ্থাৎ প্ৰায় ১৩,৩৯৩ নিযুত হেক্টৰ অংশ মাটি।
  • LPG চিলিণ্ডাৰৰ ভিতৰত ইথাইল মাৰকাপটান মিহলি কৰা হয়।

জৈৱ ভৌগোলিক অঞ্চলসমূহ

১) লাডাখ পৰ্বত

১) তিব্বত মালভূমি

১) উত্তৰ পশ্চিম হিমালয়

২) পশ্চিম হিমালয়

২) মধ্য হিমালয়

২) পূব হিমালয়

৩) থৰ

৩) কচ্চ

৩) পঞ্জাৱ সমভূমি

৪) গুজৰাট ৰাজৱাৰ

৪) মালাৱাৰ উপকূল

৪) পশ্চিমঘাট পৰ্বত

৫) মধ্য পাহাৰীয়া অঞ্চল

৫) ছোটনাগপুৰ

৫) পূব পাহাৰীয়া অঞ্চল

৬) মধ্য উপদ্বীপ

৬) দক্ষিণৰ উপদ্বীপ

৬) গংগাৰ উচ্চ সমভূমি

৭) গংগাৰ নিম্ন সমভূমি

৭) পশ্চিম উপকূল

৭) পূব উপকূল

৮) ব্ৰহ্মপুত্ৰ উপত্যকা

৮) উত্তৰ পূব পাৰ্বত্য অঞ্চল

৮) আন্দামান

৯) নিকোবৰ

৯) লাক্ষাদ্বীপ

 

ভাৰতৰ জৈৱ ভৌগোলিক অঞ্চল

ক্ৰমিক নং

জৈৱ ভৌগোলিক অৱস্থান

জৈৱিক অঞ্চল

হিমালয়ৰ পাদদেশ

লাডাখ পৰ্বত তিব্বত মালভূমি

হিমালয়

উত্তৰ পশ্চিম হিমালয়, পশ্চিম হিমালয়, মধ্য হিমালয়, পূব হিমালয়।

মৰুভূমি

কচ্চ, থৰ

অৰ্দ্ধ শুকান অঞ্চল

পঞ্জাৱ, গুজৰাট ৰাজৱাৰ

পশ্চিমঘাট

মালৱাৰ উপকূল, পশ্চিমঘাট পৰ্বত

দক্ষিণ উপকূলীয় অঞ্চল

মধ্য পাহাৰীয়া অঞ্চল, ছোটনাগপুৰ পূবৰ পাহাৰীয়া অঞ্চল, মধ্য উপদ্বীপ অঞ্চল, দক্ষিণৰ উপদ্বীপ

গংগাৰ সমভূমি

উচ্চ সমভূমি, নিম্ন সমভূমি

উপকূল

পূব উপকূল, পশ্চিম উপকূল

উত্তৰ-পূব ভাৰত

ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ-পূৱ পাৰ্বত্য অঞ্চল

১০

দ্বীপপুঞ্জ

আন্দামান, নিকোবৰ, লাক্ষাদ্বীপ

বিশ্বৰ জীৱিত প্ৰজাতিৰ তালিকা

টেক্সনমিক গ্ৰুপ

সংখ্যা

বেক্টেৰিয়া আৰু চায়ান’বেক্টেৰিয়া

৫,০০০

প্ৰট’জৱা

৩১,০০০

শেলাই

২৭,০০০

ভেঁকুৰ

৪৫,০০০

উচ্চস্তৰৰ উদ্ভিদ

২,৫০,০০০

পৰিফেৰা

৫,০০০

জেলিফিছ, কোৰেল ইত্যাদি

১০,০০০

চেপেটা কৃমি, ঘূৰণীয়া কৃমি, কেঁচু

৩৬,০০০

শামুক জাতীয়

৭০,০০০

পতংগ

৭,৫০,০০০

মাইটচ্‌, টিক্‌চ

১,২০,০০০

মাছ আৰু ছাৰ্ক

২২,০০০

উভচৰ

৪,০০০

সৰীসৃপ

৫,০০০

পক্ষী

৯,০০০

স্তন্যপায়ী

৪,০০০

মুঠ

১,৪,০০,০০০

শব্দ প্ৰদূষণৰ প্ৰাবল্য

বিভিন্ন স্থান/উৎস

শব্দৰ মাত্ৰা

ঔদ্যোগিক ক্ষেত্ৰ

৭৫ ডেচিবেল

বাণিজ্যিক অঞ্চল

৬৫ ডেচিবেল

আবাসিক অঞ্চল

৫০ ডেচিবেল

স্পৰ্শকাতৰ অঞ্চল

৫০ ডেচিবেল

স্কুল-কলেজ, হস্পিতেল আদিত

৫০ ডেচিবেল

ৰকেট ইঞ্জিন

১৬০-১৮০ ডেচিবেল

উৰাজাহাজৰ উৰণ অৱস্থা

১৪০-১৫০ ডেচিবেল

নিৰ্মাণ কাৰ্য, ছপাশাল

১০০ ডেচিবেল

মটৰ চাইকেল

৯০ ডেচিবেল

সাধাৰণ কথোপকথন

৭০ ডেচিবেল

বাটৰুৱাৰ কথোপকথন

৬০ ডেচিবেল

বাসস্থানৰ কোঠা

৫০ ডেচিবেল

পুথিভঁৰাল

৩০ ডেচিবেল

ভাৰতৰ প্ৰদূষিত অঞ্চলৰ তালিকা

ক্ৰমিক নং

অঞ্চলৰ নাম

প্ৰদেশ

১.

ভদ্ৰাৱতী

কৰ্ণাটক

২.

চেম্বুৰ

মহাৰাষ্ট্ৰ

৩.

ডিগবৈ

অসম

৪.

ধানবাদ

বিহাৰ

৫.

দুৰ্গাপুৰ

পশ্চিমবংগ

৬.

গোবিন্দগাঢ়

পঞ্জাৱ

৭.

বৃহত্তৰ কোচিন

কেৰালা

৮.

হাওৰা

পশ্চিমবংগ

৯.

যোধপুৰ

ৰাজস্থান

১০.

কালা অম্ব

হিমাচল প্ৰদেশ

১১.

ক’ৰ্বা

মধ্য প্ৰদেশ

১২.

পালি

ৰাজস্থান

১৩.

পাৰৱানণু

হিমাচল প্ৰদেশ

১৪.

চিংগ্ৰাউলি

উত্তৰ প্ৰদেশ

১৫.

টলচৰ

উৰিষ্যা

১৬.

ভাপি

গুজৰাট

১৭.

বিশাখাপট্‌নম

অন্ধ্ৰ প্ৰদেশ

১৮.

তাৰাপুৰ

মহাৰাষ্ট্ৰ

১৯.

অনক্লেশ্বৰ

গুজৰাট

২০.

নাগদা ৰট্‌লম

মধ্য প্ৰদেশ

ভাৰতৰ ৰামচাৰ ক্ষেত্ৰ

আৰ্দ্ৰভূমিৰ নাম

ঘোষণাৰ তাৰিখ

ৰাজ্য

অস্থমুদি

১৯/৮/০২

কেৰালা

ভিটাৰ কনিকা মেন গ্ৰুভচ

১৯/৮/০২

উৰিষ্যা

ভোজ

১৯/৮/০২

মধ্য প্ৰদেশ

চান্দাৰতল

০৮/১১/০৫

হিমাচল প্ৰদেশ

চিল্কা হ্ৰদ

০১/১০/৮১

উৰিষ্যা

দীপৰ বিল

১৯/৮/০২

অসম

পূব কলিকতা

১৯/৮/০২

পশ্চিম বংগ

হকিৰা হ্ৰদ

২৩/০/০৯

পাঞ্জাব

হকিৰা

৮/১১/০৫

জম্মু আৰু কাশ্মীৰ

কাঞ্জালি

২২/১/০২

পাঞ্জাব

কিয়লাৰ্ডো ৰাষ্ট্ৰীয় উদ্যান

০১/১০/৮১

ৰাজস্থান

কালৰো হ্ৰদ

১৯/৮/০২

অন্ধ্ৰ প্ৰদেশ

লগটক হ্ৰদ

২৩/০৩/৯০

মণিপুৰ

পইণ্ট কেলিমাৰ

১৯/৮/০২

তামিলনাডু

পঙদাম হ্ৰদ

০৮/৮/০২

হিমাচল প্ৰদেশ

ৰেণুকা

০৮/১১/০৫

হিমাচল প্ৰদেশ

ৰাপাৰ

২২/০১/০১

পাঞ্জাব

ৰুদ্ৰসাগৰ হ্ৰদ

০৮/১১/০৫

ত্ৰিপুৰা

চম্ভাৰ হ্ৰদ

২৩/০৩/৯০

ৰাজস্থান

চান্থাম হ্ৰদ

১৯/৮/০২

কেৰালা

চুৰিনচাৰ মানচাৰ হ্ৰদ

০৮/১১/০৫

জম্মু আৰু কাশ্মীৰ

চম’ৰিৰি

১৯/৮/০২

জম্মু আৰু কাশ্মীৰ

ভাম্বানথ হ্ৰদ

২৩/০৩/৯০

উত্তৰ প্ৰদেশ

আপাৰ গংগা ৰিভাৰ

০৮/১১/০৫

উত্তৰ প্ৰদেশ

পৰিবেশ সম্বন্ধীয় গুৰুত্বপূৰ্ণ তাৰিখ

২৮ ফেব্ৰুৱাৰী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

২১ মাৰ্চ

বিশ্ব বন দিৱস

৫ এপ্ৰিল

ৰাষ্ট্ৰীয় সমুদ্ৰ দিৱস

৭ এপ্ৰিল

বিশ্ব স্বাস্থ্য দিৱস

১৫ এপ্ৰিল

হিমাচল দিৱস

১৮ এপ্ৰিল

হিমাচল দিৱস

২২ এপ্ৰিল

বসুন্ধৰা দিৱস

৩১ মে’

মাদক দ্ৰব্য নিবাৰণী দিৱস

৫ জুন

বিশ্ব পৰিবেশ দিৱস

১১ জুলাই

বিশ্ব জনসংখ্যা দিৱস

১৬ ছেপ্তেম্বৰ

বিশ্ব অ’জ’ন দিৱস

২৭ ছেপ্তেম্বৰ

বিশ্ব পৰ্যটন দিৱস

১-৭ অক্টোবৰ

বিশ্ব বন্যপ্ৰাণী সপ্তাহ

৫ অক্টোবৰ

বিশ্ব আবাস দিৱস

১৬ অক্টোবৰ

বিশ্ব খাদ্য দিৱস

১ নৱেম্বৰ

বিশ্ব পৰিবেশ তন্ত্ৰ দিৱস

১ ডিচেম্বৰ

বিশ্ব এইড্‌ছ দিৱস

৩ ডিচেম্বৰ

বিশ্ব সংৰক্ষণ দিৱস

জল পদাংক

পৃথিৱী জুৰি সৃষ্টি হোৱা পানীৰ সংকটৰ পৰিপ্ৰেক্ষিতত পানীৰ বহনক্ষম ব্যৱহাৰ আৰু পানী পৰিচালনাৰ কাৰণে ‘অদৃশ্য পানী’ৰ ধাৰণাৰ লগতে ‘জল-পদাংক’ৰে সূচনা হৈছে। কোনো এবিধ দ্ৰব্য উৎপাদনৰ কাৰণে প্ৰয়োজন হোৱা পানী ভাগক অদৃশ্য পানী বোলা হয়। অদৃশ্য পানীৰ ধাৰণাটো প্ৰথমতে ১৯৯০ চনত লণ্ডন ইউনিভাৰ্চিটিৰ জন এন্থনী এলানে আগবঢ়াইছিল। আনহাতে ‘জল-পদাংক’ হৈছে এখন দেশ, ৰাজ্য, উদ্যোগ, দ্ৰব্য, জাতি বা ব্যক্তিৰ ব্যয় আধাৰিত পানীৰ মূল্যায়ন। আন কথাত দৃশ্যমান বা অদৃশ্য মুঠ কিমান পানী আমি এটা নিৰ্দ্দিষ্ট সময়ত খৰচ কৰো, তাৰ এটা হিচাপেই হৈছে জল-পদাংক। ব্যক্তিগত স্তৰত জল-পদাংক গণনা কৰিবৰ বাবে ব্যক্তিজনে ব্যৱহৃত সকলো সামগ্ৰীৰ অদৃশ্য পানীৰ পৰিমাণ হিচাপ কৰি, দৃশ্যমান নীলা পানীৰ ব্যয়ৰ পৰিমাণৰ লগত যোগ কৰা হয়। আনহাতে এটা জনগোষ্ঠীৰ জল পদাংক হৈছে সেই গোষ্ঠীটোৰ প্ৰতিজনৰ জল-পদাংকৰ যোগফল। সেইদৰে পৰিয়াল এটাৰ সদস্যসকলৰ জল-পদাংকৰ যোগফলেই হ’ল এটা পৰিয়ালৰ জল-পদাংক। ব্যক্তিগত পৰ্যায়ত জল-পদাংকৰ এককটো হৈছে m3/cap/year। সেইদৰে ৰাষ্ট্ৰৰ জল-পদাংকৰ একক হৈছে Gm3/yr. বিভিন্ন দেশৰ জল-পদাংকও বিভিন্ন। এখন দেশৰ জনসংখ্যা যদি বহুত বেছি হয়, সেইবোৰৰ জনমূৰি জল-পদাংক কম হ’লেও ৰাষ্ট্ৰীয় জল-পদাংক বেছি হয়। বিশ্বৰ জল-পদাংক 7,450 Gm3/yr. আৰু জনমূৰি জল-পদাংক 1240/m3/cap/yr. উল্লেখযোগ্য যে জল-পদাংকৰ ধাৰণা একেবাৰে নতুন। ভাৰতবৰ্ষত জল-পদাংক অধ্যয়ন আৰম্ভণি স্তৰতে আছে। জল-পদাংক নিৰ্ভৰ কৰে জীৱন-যাপন প্ৰণালী, খাদ্যৰ প্ৰকাৰ আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত।

উৎস: জানানে।

 

শেহতীয়া উন্নীতকৰণ: : 5/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate