পৰিৱেশ
‘পৰিৱেশ’ শব্দটোৰ সাধাৰণ অৰ্থ বুলিলে আমি আমাৰ চৌপাশৰ সমাজ আৰু সেই সমাজত বসবাসকাৰী মানুহখিনিকে বুজোঁ। কিন্তু বিজ্ঞানীসকলে পৰিৱেশ শব্দটোক বৃহত্তৰ অৰ্থত ব্যৱহাৰ কৰিছে। বিজ্ঞানীসকলৰ ভাষাত পৰিৱেশ হ’ল প্ৰধানত: পাঁচটা উপাদানৰ উপযুক্ত সমন্বয়। এই পাঁচটা উপাদান হ’ল: মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণী; অৰ্থাৎ কেৱল জীৱজগতেই নহয়, জীৱজগতক আৱৰি যি সামগ্ৰিক প্ৰকৃতি আছে সেয়াই হ’ল আমাৰ পৰিৱেশ। পৰিৱেশৰ বিভিন্ন উপাদানসমূহ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীলতাই মানুহ আৰু প্ৰকৃতিৰ মাজত এক সমতাৰ সৃষ্টি কৰে, যিটো জীৱনধাৰণৰ বাবে অতি প্ৰয়োজনীয়।
পৰিৱেশ প্ৰদূষণ
কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰজেন আৰু বায়ুত থকা অক্সিজেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়। পৰিৱেশ এনেদৰে দূষিত হোৱা ঘটনাই হ’ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ। প্ৰদূষণ সৃষ্টি কৰা পদাৰ্থবোৰক প্ৰদূষক বোলা হয়।
বায়ু প্ৰদূষণ
যিদিনাই আদিম মানুহে শিলে শিলে ঘঁহনি খুৱাই জুইৰ আৱিষ্কাৰ কৰিছিল, সেই দিনাৰ পৰাই বতাহ দূষিত হৈ আহিছে। শক্তি উৎপাদন কেন্দ্ৰ, গাড়ী-মটৰৰ ধোঁৱা, উদ্যোগ, কাৰখানা, উৰাজাহাজ, পেলনীয়া আৱৰ্জনা জ্বলোৱা-এইবোৰৰ পৰাই ঘাইকৈ বায়ু দূষিত হয়। সকলোবোৰ দূষিতকৰণৰ ভিতৰত বায়ুৰ পৰা হোৱা দূষিতকৰণেই আটাইতকৈ বেছি আৰু ভয়াবহ। বায়ুৰ পৰা হোৱা দূষিতকৰণৰ বহু কুফল আছে। প্ৰতিবাৰত আমাৰ উশাহত গড়ে প্ৰায় ষাঠি হেজাৰ ধূলিকণা নাকেৰে শৰীৰৰ ভিতৰলৈ সোমায়। তাৰ শতকৰা ০.২ ভাগ হাওঁফাওঁ পায়গৈ। বায়ু দূষিত হ’লে এনে দূষিত বায়ুও আমাৰ বাবে যথেষ্ট ক্ষতিকাৰক হ’ব পাৰে। বায়ু প্ৰদূষণে আমাৰ শৰীৰৰ ক্ষতি সাধন কৰাৰ উপৰি প্ৰস্তৰ মূৰ্তি, কংক্ৰিট, ইটা, ৰঙীণ চিত্ৰ আদিও নষ্ট কৰে।
জল প্ৰদূষণ
পানী দূষিত কৰা পদাৰ্থসমূহ ঘাইকৈ উদ্যোগ, কৃষি পাম আৰু পেলনীয়া আৱৰ্জনাৰ পৰা আহে। ঘৰুৱা পেলনীয়া বস্তু, সংক্ৰামক ৰোগৰ বীজাণু, কীটনাশক, তৃণনাশক আদি দ্ৰব্য, গা-কাপোৰ আদি ধোৱা চাবোন, বাচন-বৰ্তন চাফা কৰা পাউদাৰ, বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ আদিয়েই পানী দূষিতকৰণৰ মূল কাৰণ। পানী দূষিত হোৱাৰ ফলত মানুহৰ শৰীৰৰ যথেষ্ট অনিষ্ট হোৱাৰ লগতে পানী থকা মাছ-কাছ আদি জলচৰ জীৱ-জন্তুৰো ক্ষতি হয়। পানীত হোৱা এই প্ৰদূষণৰ কাৰণেই বিভিন্ন জলচৰ পানীৰ সংখ্যা দিনে দিনে কমি আহিছে।
শব্দ প্ৰদূষণ
কিছুমান ক্ষেত্ৰত শব্দয়ো পৰিৱেশ দূষিত কৰে। শব্দৰ প্ৰবলতা জুখিবৰ বাবে ‘ডেছিবেল’ নামৰ এটা একক ব্যৱহাৰ কৰা হয়। এটা শব্দতকৈ আন এটা শব্দ এক ডেছিবেল বেছি হ’লে প্ৰথমটোতকৈ দ্বিতীয়টো ১.২৬ গুণ ডাঙৰ শুনা যায়। ৪০-৭০ ডেছিবেল মানৰ শব্দই আমাৰ কোনো অপকাৰ নকৰে। ৭০ ডেছিবেল অতিক্ৰম কৰাৰ লগে লগে আমি অস্বস্তিবোধ কৰো। ১০০ ৰ পৰা ১২০ ডেছিবেল মান পালেগৈ আমি কাণত যন্ত্ৰণা অনুভৱ কৰো। তাতকৈও বাঢ়ি গৈ যেতিয়া ১৪০ ৰ ওপৰ হয়গৈ তেতিয়া আমাৰ শাৰিৰীক আৰু মানসিক দুয়ো ধৰণেৰে শতি হয়। মজিয়াত পিন এটা পৰাৰ শব্দ ২ ডেছিবেল। আনহাতে ছাইৰেণৰ শব্দ ১৫০ ডেছিবেল। ঘৰত বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ পৰা আৰম্ভ কৰি আকাশ কঁপাই যোৱা জেট বিমান আদিৰ শব্দবোৰে আমাৰ চৌপাশৰ পৰিৱেশ দূষিত কৰিছে। শব্দৰ পৰা হোৱা এই দূষিতকৰণে শ্ৰৱণ যন্ত্ৰৰ অনিষ্ট কৰে, শৰীৰৰ স্বাভাৱিক ক্ৰিয়া-কলাপৰ কম-বেছ ঘটায় আৰু মানসিক বিকৃতিও ঘটাব পাৰে।
বিভিন্ন শব্দৰ প্ৰবলতা
উশাহ-নিশাহ লোৱা ১০ ডেছিবেল
গছৰ বতাহ ২০ ডেছিবেল
ঘড়ীৰ শব্দ ৩০ ডেছিবেল
ৰেডিঅ’ শব্দ ৫০-৬০ ডেছিবেল
বাছৰ ইঞ্জিনৰ শব্দ ৭০-৮০ ডেছিবেল
লৰীৰ শব্দ ৭৫-৯৫ ডেছিবেল
মটৰ চাইকেলৰ শব্দ ১০৫ ডেছিবেল
অফিচ কাছাৰী থকা অঞ্চলৰ শব্দ ৯০ ডেছিবেল
মটৰ গাড়ীৰ হৰ্ণ ১০০-১০৫ ডেছিবেল
মাইকৰ শব্দ ১০০ ডেছিবেল
জেট বিমান (২৫ মিটাৰ দূৰত্বৰ পৰা) ১২০-১৪০ ডেছিবেল
স্থল প্ৰদূষণ
মাটিত অধিক পৰিমাণে দিয়া ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ, বনভূমি আৰু তৃণভূমি ধ্বংস কৰা-এইবোৰৰ পৰাই মাটি প্ৰদূষিত হয়। মাটিত বেক্টেৰিয়া আদি অনেক জীৱ থাকে। মাটিৰ ওপৰত থকা আন সকলো প্ৰাণী আৰু উদ্ভিদ এই জীৱবোৰৰ ওপৰত নিৰ্ভৰশীল। মাটি ধ্বংস কৰিলে সেয়ে মাটিৰ ওপৰত থকা সমগ্ৰ জীৱজগতৰে অনিষ্ট হয়। কীটনাশক দ্ৰব্যই মাটিৰ উপকাৰী বেক্টেৰিয়া আৰু আন ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱবোৰ মাৰি পেলায়। তদুপৰি বিভিন্ন কাৰণত মানুহে হাবি-বন কাটি মাটি মুকলি কৰে। গৰু-ম’হ চৰায়েও ঘাঁহনি-বননি ধ্বংস কৰে। এনে কাৰ্য্যই মাটি প্ৰদূষিত কৰি জীৱজগতৰ অনিষ্ট সাধন কৰে। গছ-গছনি কটাৰ ফলত জলবায়ু আৰু বতৰৰো পৰিৱৰ্তন ঘটে। কাৰণ গছ-গছনিৰ লগত বতৰ আৰু জলবায়ুৰ ওত:প্ৰোত সম্বন্ধ আছে। আমাৰ অসমতে বছৰি প্ৰায় ১৮০ বৰ্গ কিলোমিটাৰ অঞ্চল গছ-গছনি কাটি পেলোৱা হয়। গছ-গছনি নাথাকিলে বৰষুণৰ পৰিমাণ কমি যায়। মাটি শুকাই টান হৈ পৰি গছ-গছনি গজিব নোৱাৰা হয়। গছ-গছনিয়ে পৃথিৱীৰ বহুতো অঞ্চলত হোৱা প্ৰবল বতাহক বাধা দিয়ে। গছ কাটিলে আৰু সৰু উদ্ভিদ ঘাঁহনি নষ্ট কৰিলে বতাহৰ কোবাল সোঁতে মাটিৰ ক্ষয় সাধন কৰে। পৰিৱেশ এইদৰে দূষিত হোৱাৰ ফলত পৃথিৱীত ১১ কোটি হেক্টৰ মাটিৰ এক বিৰাট অংশ মানুহৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে।
পেলনীয়া আৱৰ্জনাৰ পৰা হোৱা প্ৰদূষণ
ঘৰুৱা জাৱৰ-জোথৰবোৰকে আৰম্ভ কৰি প্লাষ্টিকৰ বিভিন্ন বস্তু, কাঁচৰ বটল, পলিথিনৰ পেকেট, নাইলনৰ বস্তু, কাগজ, চামৰা, গাড়ীৰ টায়াৰ আৰু আন ভগা ছিগা অংশ আৰু আন বিভিন্ন পেলনীয়া বস্তু সাধাৰণতে মাটিত দ’মাই থোৱা হয়, পুৰি পেলোৱা হয় নতুবা ৰাস্তাৰ দাঁতিত, পথাৰত আৰু পানীত পেলোৱা হয়। ফলত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয়। পোৰা জাবৰ-জোঁথৰে বায়ু দূষিত কৰে। মাটিত দ’মাই থোৱা বস্তুবোৰ গেলি পচি নানা পোক-পৰুৱা, পইতাচোৰা, মহ, মাখি, এন্দুৰ, নিগনি আদি অনিষ্টকাৰী জীৱৰ বৃদ্ধিত সহায় কৰে। এই আৱৰ্জনাবোৰে পানীও দূষিত কৰে। আলিবাট মেৰামতি কৰা কামত পুৰি পেলোৱা গাড়ীৰ টায়াৰবোৰে বায়ু দূষিত কৰে। আলিবাট মেৰামতি কৰা কামত পুৰি পেলোৱা গাড়ীৰ টায়াৰবোৰে বায়ু দূষিত কৰে। কিছুমান আৱৰ্জনা পুৰি পেলোৱা হয়। সেইবোৰৰ ধোঁৱা আৰু গোন্ধে মানুহৰ অপকাৰ কৰে।
তদুপৰি বিভিন্ন বিদ্যুৎ উৎপাদন কেন্দ্ৰ, কাগজৰ কল, চিমেন্ট কাৰখানা, ৰে’ল বিভাগ, সাৰ কাৰখানা, তেল শোধনাগাৰ, চাহ বাগিচাৰ কলঘৰ আৰু অন্যান্য উদ্যোগসমূহে বতাহত এৰি দিয়া দূষিত ধোঁৱা আৰু ধূলিৰ বিভিন্ন অঞ্চলৰ বায়ুমণ্ডল আৰু মাটি দূষিত কৰি তুলিছে।
প্ৰকৃতি আৰু পৰিৱেশ: কিছু তথ্য
উৎস:
শেহতীয়া উন্নীতকৰণ: : 7/17/2020