পৰিৱেশ বিষয়ক অধ্যয়ন হৈছে প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ মাজৰ সম্পৰ্ক আৰু ইয়াৰ এটাৰ আনটোৰ ওপৰত প্ৰভাৱৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়ন| সাধাৰণতে বহুতে পৰিৱেশ বিদ্যা আৰু পৰিৱেশ বিজ্ঞান একে বুলি ভাৱে| দুয়োটা বিষয় যদিও পৰিৱেশৰ ওপৰতেই অধ্যয়ন কৰা যায়, তথাপি ইয়াৰ মাজত বহুতো পাৰ্থক্য আছে| পৰিৱেশ বিজ্ঞান বিষয়টো সম্পুৰ্ণৰুপে বিজ্ঞানভিত্তিক| ইয়াত পৰিৱেশ প্ৰদূষণ আদিৰ উপৰি জীৱজগতৰ ওপৰত ইয়াৰ ৰাসায়নিক, জৈৱিকভাৱে পৰা প্ৰভাৱ আদিৰো বিজ্ঞানভিত্তিক অধ্যয়ন কৰা হয়| য’ত গৱেষণা, গৱেষণাগাৰৰ কাম-কাজ আদিও যথেষ্ট থাকে|
ভাৰতবৰ্ষৰ বেছিভাগ বিশ্ববিদ্যালয়ে পৰিৱেশ বিজ্ঞান বিষয়টোত সাধাৰণতে স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়ায় যদিও কিছুমান শিক্ষানুষ্ঠানে ইয়াৰ স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়াইছে| সাধাৰণতে স্নাতক মহলাত এই বিষয় অধ্যয়ন কৰিবলৈ বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হব লাগে| তেনেদৰে স্নাতকোত্তৰত নামভৰ্ত্তিৰ বাবে অৰ্হতা শতকৰা ৫০-৬০ নম্বৰেৰে বিজ্ঞান শাখাত স্নাতক হোৱা প্ৰয়োজনীয় হোৱাৰ লগতে জীৱ বিজ্ঞান, প্ৰাণী বিজ্ঞান, ৰসায়ন, পদাৰ্থ বিজ্ঞান, ভুগোল, ভুতত্ব আদি যিকোনো এটা বিষয় থাকিব লাগিব| পৰিৱেশ বিজ্ঞানৰ অধ্যয়ন ক্ষেত্ৰত ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ভিতৰত আছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু টি ই আৰ আই বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, কেৰালা বিশ্ববিদ্যালয়, মাদ্ৰাজ বিশ্ববিদ্যালয়, মুম্বাই বিশ্ববিদ্যালয়, পুনে বিশ্ববিদ্যালয় আৰু পণ্ডিচেৰী বিশ্ববিদ্যালয়|
লেখক:- অৰুপ কুমাৰ ডেকা
উৎস:- অসমীয়া প্ৰতিদিন, সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 3/19/2020