প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখে বিশ্বৰ সৰ্বত্ৰ পালন কৰা হয় ‘বিশ্ব জল দিৱস’। বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰবিলাকত যাতে পৰিষ্কাৰ পানী, অনাময় ব্যৱস্থা আৰু স্বাস্থ্যবিধি(WASH) আদি বিশ্বজনীনভাৱে সকলোৱে পাব পাৰে আৰু সেই বিষয়ে সকলোৰে মনোযোগ আকৰ্ষণ কৰাটোৱেই এই দিৱস পালনৰ উদ্দেশ্য। খাব পৰা পৰিষ্কাৰ পানীৰ উৎসবিলাক ৰক্ষা কৰাৰ প্ৰতিও যুক্তি প্ৰদৰ্শন কৰাটো এই দিৱস পালনৰ আন এটি উদ্দেশ্য।
বিশ্ব জল দিৱস পালনৰ বাবে সমগ্ৰ বিশ্বৰ গণ্যমান্য ব্যক্তিসকলে পৃঠপোষকতা কৰে। বিভিন্ন সংগঠনে জনসাধাৰণৰ কাৰণে সাহায্য আগবঢ়ায় আৰু গ্ৰহণযোগ্য জলজ প্ৰাণীৰ ৰক্ষণা-বেক্ষণৰ বাবে পৃষ্ঠপোষকতা কৰে। এই দিৱসৰ আগে আগে সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান, শিক্ষামূলক কাৰ্যসূচী আদিৰ আয়োজন কৰা হয় আৰু সকলোৱে যাতে পৰিষ্কাৰ পানী কম আয়াসতে পাব পাৰে সেইবাবে অৰ্থ সংগ্ৰহৰ অভিযানো চলোৱা হয়।
ৰাষ্ট্ৰসংঘই প্ৰতিবছৰে এই দিৱসৰ লগত সংগতি ৰাখি একোটা বাণী(বাৰ্তা) বাছি উলিয়ায়। আগৰ কেইবছৰৰ বাণীবোৰ আছিল এনেধৰণৰ ‘পানী কিয় অপব্যৱহাৰ কৰে’ (২০১৭)? ‘পানী আৰু জীৱিকা’(২০১৬) ইত্যাদি।
প্ৰথম আন্তঃৰাষ্ট্ৰীয় বিশ্ব জল দিৱস পালনৰ আঁচনি কৰিছিল ৰাষ্ট্ৰ সংঘই আৰু পালন কৰিছিল ১৯৯৩ চনত।
ইউক্ৰেইনৰ শিশুসকলে পানীৰ বিষয়ে জ্ঞান আহৰণ কৰে নিজৰ শ্ৰেণী কোঠাত। তেওঁলোকে ২০১৬ চনত বিশ্ব জল দিৱস নীলা বেলুনত পানী ভৰাই এই কদিৱস উদযাপন কৰিছিল।
২০১৩ চনত ভাৰতত বিশ্ব জল দিৱস পালনৰ উদ্দেশ্যে নিজৰ পোষ্টাৰ নিজে সাজি উলিয়াই শিশুসকলে এই দিনটো পালন কৰিছিল। এই দিৱসৰ প্ৰধান কাৰ্যসূচী আছিল ‘পৰ্যাবৰণ মিশ্ৰ কাৰ্যসূচী’।
বিশ্ব জল দিৱসটো আন্তঃৰাষ্ট্ৰীয়ভাৱে পালিত হোৱা এটা দিৱস। সমগ্ৰ বিশ্বৰ সকলো লোককে পানী সম্পৰ্কীয় সকলো কথা শিকিবৰ কাৰণে এই দিৱস কাৰ্যসূচীয়ে অনুপ্ৰাণিত কৰে। এই বিষয়টোৰ ওপৰত আনক কোৱাৰ লগতে ব্যতিক্ৰমী কিবা এটা কৰাৰ সংকল্প লোৱা হয়।
বিশ্বৰ পানীৰ সংকটবিলাকৰ ভিতৰত আছে- পানীৰ নাতনি, পানীৰ প্ৰদূষণ, লগাতকৈ কম পানীৰ যোগান আৰু উন্নয়নশীল ৰাষ্ট্ৰত কোটি কোটি মানুহৰ মাজত অনাময় ব্যৱস্থা নোহোৱা আদিয়েই প্ৰধান। এই দিৱসটি পালনৰ যোগেদি এই ৰাষ্ট্ৰবিলাকৰ সকলো লোকৰ মাজত বিশুদ্ধ পানী, অনাময় ব্যৱস্থা আৰু স্বাস্থ্যবিধিৰ সুবিধা লাভৰ ক্ষেত্ৰত বৈষম্য থকাৰ কথা এই দিৱস পালনৰ কাৰ্যসূচীয়ে পোহৰলৈ আনে। বিশুদ্ধ পানী আৰু অনায়ম ব্যৱস্থা লাভ কৰাটো মানুহৰ এক অধিকাৰ হিচাপে কগণ্য কৰাৰ ওপৰত গুৰুত্ব দিয়া হওক।
ৰাষ্ট্ৰসংঘৰ এই দিৱস পালনৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সদস্য সংস্থাৰ সৈতে বহি লৈ বছৰটোৰ বাৰ্তাৰ প্ৰতি সহযোগিতা আগবঢ়োৱা সদস্যসকলৰ সৈতে আলোচনা কৰি লোৱা হয়।
ইউনিচেফ আৰু ৱাটাৰ এইড আদি সংগঠনবিলাকে এই দিৱসৰ দিনা ৰাজহুৱা সজাগতা বৃদ্ধি, কাম-কাজবিলাকক উদগণি দিয়া আৰু পানীৰ বিষয়ে প্ৰচাৰ মাধ্যমবিলাকৰ সৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। সেই দিনটোত এই বিষয়টোৰ ওপৰত প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে পানীৰ সমস্যাৰ ওপৰত বোলছবি প্ৰদৰ্শন আৰু আলোচনা-চক্ৰ আদিৰো আয়োজন কৰা হয়।
ৱৰ্লড ৱাটাৰ ডেভেলপমেন্ট ৰিপোৰ্ট(WWDR) নামৰ সংগঠনটোৱে বিভিন্ন স্কুল আৰু বিশ্ববিদ্যালয়বিলাকত পানীৰ পৰিমাণ বৃদ্ধিৰ লগতে ইয়াৰ গুনগত মানো উন্নত কৰাৰ অৰ্থে বিভিন্ন পাঠ্যক্ৰম আৰম্ভ কৰিছে। পানী সংৰক্ষণ আৰু পানীৰ উৎসবিলাকৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিবৰ কাৰনে সজাগতাৰ প্ৰচাৰ কৰা হয়।
স্কুল আৰু শিক্ষানুষ্ঠানৰ বিবিধ কাৰ্যসূচীৰ লগতে আলোচনা-চক্ৰ, শোভাযাত্ৰা, পেৰেড আদি উলিওৱাৰ যোগেদি ৰাইজক একেলগে ওলাই আহি ‘বিশ্ব জল দিৱস’ত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়। এই কাৰ্যসূচীবিলাকৰ ভিতৰত পানীৰ খৰচ কমোৱা সা-সঁজুলি, অপৰিশোধিত পানী পুনৰ ব্যৱহাৰৰ পদ্ধতি, ড্ৰাই টয়লেট আদিৰ ধাৰণাও জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা হয়। লগতে সকলো লোকেই যাতে খোৱাপানী প্ৰয়োজন মতে পাব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও দিয়া হয়।
ৰাষ্ট্ৰসংঘৰ ১৯৯২ চনত অধিৱেশনৰ ২১ নং কাৰ্যসূচীৰ অধীনত ‘বিশ্ব জল দিৱস’ পালনৰ এটি প্ৰস্তাৱ প্ৰথম বাৰলৈ গ্ৰহণ কৰা হয়। ৰিও ডি জেনেৰ’ত অনুষ্ঠিত এই অধিবেশনত মূলতঃ ‘পৰিবেশ আৰু উন্নয়ন’ সম্পৰ্কীয় বিসয়ত আলোচনা হৈছিল। এই প্ৰস্তাৱটিৰ যোগেদি প্ৰতিবছৰে ২২ মাৰ্চ তাৰিখটো এই দিৱস পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।
১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে পোন প্ৰথমবাৰৰ বাবে বিশ্ব জল দিৱস পালন কৰে আৰু তেতিয়াৰ পৰাই প্ৰতিবছৰে বিবিধ কাৰ্যসূচীৰে এই দিৱসপালন কৰি অহা হৈছে।
এই দিৱস উপলক্ষে গ্ৰহণ কৰা বিভিন্ন বাৰ্তাসমূহ:
২০১৪: পানী আৰু শক্তি।
২০১৫: পানী আৰু গ্ৰহণযোগ্য উন্নয়ন।
২০১৬: ভাল পানী, ভাল কৰ্মসংস্থাপন।
২০১৭: পানী কিয় অপব্যৱহাৰ কৰে।
২০১৮: পানীৰ বাবে প্ৰকৃতি।
লেখক: হেমন্ত ৰাজখোৱা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 3/4/2024