অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাকৃতিক সঞ্চালন

স্থান : শ্ৰেণী, বাহিৰ

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : ৩০ মিনিট

উদ্দেশ্য

প্ৰকৃতিত থকা দেহ সঞ্চালনৰ প্ৰতি সজাগতা অনা।

কি কৰিব

শিক্ষকে শ্ৰেণীত এটা সাধু ক’ব। যেনে এখন অৰণ্যৰ বিষয়ে। তাত নানা জীৱজন্ত লগ পোৱা হ’ব। সকলোৱ জনা এটা জীৱৰে আৰম্ভ কৰিব, যেনে এটা ভেকুলী। তাৰ চলা ফুৰা কৰা ধৰণ অধ্য্যণ কৰক, আলোচনা কৰক। ইয়াৰ সঞ্চালন জেঠি এটাৰ সৈতে একেনে? পখিলাৰ সৈতে? ছাত্ৰ ছাত্ৰী সকলে চাই ল’ব আৰু পাৰ্থক্য বোৰ অভিনয়ৰ যোগে স্পষ্ট কৰিব।

এনেকৈ ছাত্ৰ ছাত্ৰী সকলে লগে ভাগে বা গাইগুটীয়াকৈ নানা জীৱজন্ত আৰু চৰাই চিৰিকতিৰ সঞ্চালনৰ পাৰ্থক্য অভিনয় কৰি দেখুৱাব। এনেকুৱা সঞ্চালনত কেনেধৰণৰ শব্দ হয়, সেইবোৰ উচ্চাৰণ কৰিবলৈও ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব।

নিৰীক্ষণেই ইয়াত অতি গুৰুত্বপূৰ্ণ। শিক্ষকে পাৰ্থক্য বা সামঞ্জস্যবোৰ দেখুৱাই দিব।

পৰিবৰ্তন/পৰিবৰ্ধন

জীৱজন্ত বিষয়ক কবিতা বা সাধুৰ অভিনয় কৰব, ল’ৰা-ছোৱালীবোৰক বাছি ল’বলৈ স্বাধীনতা দিব। কোনো কোনোৱে সৰু সৰু সাধুও সাজিব পাৰে। এই অনুশীলনীৰ সাৰ্থকতা অকল নিৰীক্ষণেই নহয়, কল্পনাও।

অতিৰিক্ত পঢ়াৰ বাবে

পুৰণা পুথিত থকা জীৱজন্ত, চৰাই চিৰিকতি আৰু প্ৰকৃতিৰ বিষয়ে পঢ়িব, যেনে পঞ্চতন্ত্ৰ, হিতোপদেশ, জাতক কথা, অথৱা অসমৰ সকলো অঞ্চল আৰু পৃথিৱীৰ আন আন ঠাইতো প্ৰচলিত লোক কথা।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate