অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোৱা ছোৱা গৈ

স্থান : বাহিৰ

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : ২০-২৫ মিনিট

যোগাৰ :  নালাগে

পূৰ্ৱাৱশ্যকতা : উধ্বিদ, গছ-গছনি,শিল আৰু ৰঙৰ বিষয়ে অলপ জনা থাকিব লাগে।

উদ্দেশ্য

ছাত্ৰ ছাত্ৰী সকলক জীৱন্ত বস্তু, সেই বিলাকৰ ৰ্ং আৰু অংগ আদিৰ বিষয়ে সজাগ কৰা।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক দুটা বা তিনিটা দলত ভাগ কৰিব। প্ৰতি দলে একোটা পোন শাৰীত বহিব। প্ৰতি দলৰ পৰিপাটিতা ৰাখিবৰ বাবে এজন দলপতি থাকিব। প্ৰশিক্ষক জনে মাতিলেই যাবৰ বাবে দলৰ এজনক দলপতিয়ে সাজু ৰাখিব।

তেওঁলোকক এই খেলৰ নিয়ম বুজাই দিব : যেতিয়া প্ৰশিক্ষক জনে কব যোৱা আৰু ছুই চোৱা…….,’ তেতিয়াই প্ৰতিদলৰ সাজু হৈ থকা ছাত্ৰ/ছাত্ৰী গৰাকীয়ে দৌৰী গৈ সেই বস্তু টো ছুব আৰু তাৰ পাছত নিজৰ স্থানত বহিবগৈ। যি গৰাকীয়ে ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ স্থান আগতে পাব, তেওঁ এক নম্বৰ পাব। আন কেইজনে কোনো নম্বৰ নাপাব। তাৰ পিছত বাকী কেই জনেও এনেকৈ মাতিলে গৈ ছুব আৰু নিজৰ স্থানলৈ আহি বহিব। যিয়ে ইতিমধ্যে গৈ ছুই আহিছে, তেওঁ গৈ শাৰীৰ শেষত বহিব। এনেকৈ দলৰপ্ৰতি জনে নিজৰ নিজৰ পাল পাব। এই খেল খন আন খেলৰ দৰেই হ’ব, মাত্ৰ এই খনক এখন “পৰিবেশ শিক্ষণ কাৰ্য্য ……..” হোৱাকৈ প্ৰশিক্ষকে “যোৱা আৰু ছুই চোৱা…” বুলি ক’ব। যিকোনো বস্তু যেনে জীৱ থকা সেউজীয়া ৰঙা বস্তু, গছৰ বাকলি, আম বা আন কোনো গছৰ পাত, ঘাঁহ, পানী, শিল, শুকান পাত, গুটি, ফুল, কোনো পুলি, কোনো জিৱ, ফল বা আহাৰ আদি বস্তু এনেদৰে ছুই আহিবলৈ ক’ব পাৰে।

দলৰ প্ৰতিজনৰে পাল হৈ গ’লে প্ৰতি দলে পোৱা নম্বৰ গন্তি কৰিব আৰু যি দলৰ গন্তি সবাতোকৈ বেচি, সেই দলেই জিকিব।

যি জন ছাত্ৰ/ছাত্ৰীয়ে ছুবলৈ যায়, তেওঁ নিজৰ নিৰীক্ষণ শক্তি ব্যৱহাৰ কৰিব আৰু দলৰ আন কোনোজনে কোনো উপায় যাতে তেওঁক ইংগিত আদি দি বা আন কোনো ধৰণে সহায় নকৰে তালৈ চাব।

খেলখন আৰু বেচি সফল যদি ছাত্ৰ/ছাত্ৰী জনক মাতি কোনো দিশলৈ টোৱাই এটা বস্তু ছুবলৈ কোৱা হয়, যদিও সেই দিশত বস্তুটো নাথাকিবই পাৰে।তেতিয়া ছাত্ৰ/ছাত্ৰীজনৰ নিৰীক্ষণ শক্তিৰ অধিক উৎক্ৰ্ষ সাধন হ’ব।

পৰিৱৰ্তন/পৰিবৰ্ধন

তেওঁলোকক ছুবলৈ দিয়া বস্তু কোনো প্ৰদূষকো হ’ব পাৰে।

দলবোঅৰক বিভিন্ন গছো ছুই অহাৰ বাবে ক’ব পাৰি যাতে গছসমূহ তেওঁলোকে চিনাক্ত কৰিব পাৰে।

এনেধৰণৰ কিছুমান বস্তু ছুবলৈ ক’ব লাগে যিবোৰ বিচাৰি উলিওৱাৰ বাবে তীক্ষ্ণ নিৰীক্ষণ প্ৰকৃততে প্ৰয়োজন হয়।

উৎস: শিকাৰ আনন্দ,

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate