অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সচৰাচৰ দেখা শালিকা চৰাইবোৰ

সচৰাচৰ দেখা শালিকা চৰাইবোৰ

শালিকা বুলিলেই আমাৰ মনলৈ আহে পুৱা-গধূলি ঘৰৰ আশে পাশে দেখা পোৱা ঘৰ-শালিকাৰ ছবিখন, নহয় জানো? আমাৰ অসমত পিছে ইয়াৰ বাহিৰেও অন্য কেইবাবিধো শালিকা প্ৰজাতি পোৱা যায়৷ এই শালিকাজাতীয় চৰাইবোৰৰ শাৰীৰিক বৈশিষ্ট্য হ’ল ইহঁতৰ নোদোকা দেহ আৰু চুটি জোঙা নেজ ৷ ইহঁতে সাধাৰণতে জাক-পাতি থাকে আৰু স্বভাৱত হুলস্থুলীয়া৷

শালিকা দক্ষিণ-পূব এছিয়াৰ স্থানীয় চৰাই৷ বৰ্তমান ইহঁতক বিশেষকৈ আমাৰ ঘৰ-শালিকাবিধ উত্তৰ আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়াত নতুনকৈ সংস্থাপন কৰা হৈছে৷ অসমীয়াত এক লোকপ্ৰবাদ আছে, বুঢ়া শালিকাই মাত নলয়৷ সঁচা অৰ্থতে, শালিকাই বিভিন্ন ধৰণৰ মাতৰ সুবহু অনুকৰণ কৰিব পাৰে৷ শালিকাজাতীয় চৰাইবোৰৰ ভিতৰত Common Hill Mynah- ই মাত অনুকৰণ কৰাত আটাইতকৈ পাৰ্গত আৰু সেয়ে ইহঁত Talking Mynah বুলিও জনাজাত৷ এই গুণৰ বাবেই এই শালিকাবিধক বহুতে পোহনীয়া কৰি ৰাখে৷ দৰাচলতে, থাইলেণ্ড, লাওছ আদি কেইখনমান দেশত পোহনীয়া চৰাইৰ বজাৰৰ চাহিদা পূৰাবলৈকে হাজাৰ হাজাৰ Hill Mynah সংগ্ৰহ কৰাৰ ফলত ইয়াৰ জনসংখ্যা বৰ্তমান কমিব ধৰিছে৷ আমাৰ চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰত আকৌ স্থানীয় লোকে বাঁহৰ খোৰোঙত ঘাঁহ-বন দি বাহ সাজি ইহঁতক কণী পাৰিবলৈ দিয়ে আৰু পোৱালি বয়সতে পোহনীয়া কৰে৷ ফলত প্ৰজননক্ষম চৰাই হালৰ কোনো ক্ষতি নহয় আৰু ঠাইখনত খেতি-পথাৰ, ফল-মূলৰ অনিষ্ট কৰিব নোৱাৰাকৈ ইহঁতৰ জনসংখ্যাও অতিপাত বৃদ্ধি নাপায়৷ জনামতে, বৰ্তমান ই (Common Hill Myna farming) এক কূটীৰ শিল্পৰ ৰূপেই পাইছেগৈ৷

অসমত দেখা পোৱা অন্য এবিধ শালিকা হৈছে গাং- শালিকা (Bank Myna)৷ ই দেখাত ঘৰ শালিকাৰ দৰে একেধৰণৰ যদিও ইয়াৰ গাৰ ৰং মুগা (grey) আৰু ঠোঁট ৰঙচুৱা বা কমলা হয় (চিত্ৰ)৷ তেনেদৰে, চুটীয়া-শালিকা (Jungle Myna) হাবিৰ ওচৰে পাজৰে থকা মুকলি অঞ্চল বা খেতি পথাৰৰ ফালে দেখা যায় ৷ ইহঁতৰ গা আৰু চকু ঘৰ-শালিকাতকৈ শেঁতাবৰণৰ আৰু ঠোঁটৰ গুৰিত মুকুটৰ দৰে এটা অংশ (crest) থাকে৷

অসমত দেখা পোৱা অন্যান্য শালিকাৰ প্ৰজাতিসমূহ হৈছে-

Asian Pied Starling: দেহৰ ধৰণ ঘৰ শালিকাৰ দৰে, কিন্তু ক’লা-বগা৷

কাঠ-শালিকা (Grey-headed Starling /Chestnut tailed starling): দেহৰ ওপৰভাগ মুগাবৰণীয়া, পেটতো ৰঙচুৱা

Spot-winged Starling: পৰিভ্ৰমী ৷ ই উত্তৰ-পূৰ্বাঞ্চলত শীতকাল কটায়হি৷

White-vented Myna: ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰেহে হয়তো সচৰাচৰ দেখা পোৱা যায়৷

মানুহৰ আশে পাশে বসবাস কৰাত অভ্যস্ত চৰাইবোৰৰ ভিতৰত শালিকা অন্যতম৷ এই চৰাইবিধৰ সৈতে মানুহৰ সম্পৰ্কও নিবিড়৷ এযোৰা শালিকা দেখিলে শুভ বুলি অসমত জনবিশ্বাস আছে৷ আমোদজনক কথাটো হ’ল, অন্য প্ৰায়বোৰ চৰাইৰ দৰে শালিকাই কেৱল প্ৰজননৰ সময়তহে সংগী বিচাৰি লৈ যোৰ নাপাতে৷ তাৰ পৰিৱৰ্ত্তে প্ৰায়বোৰ শালিকাই দীৰ্ঘদিনলৈ বা আজীৱন যোৰ পাতে বুলি জনা যায়৷ গতিকে এনে জনবিশ্বাসে নিশ্চয় প্ৰকৃতিৰ সূক্ষ্ম পৰ্যবেক্ষণৰ পৰা উপলব্ধ জ্ঞানকে সূচায়৷

জুলী বৰা

শেহতীয়া উন্নীতকৰণ: : 4/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate