অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বচত লেম্প যোজনা

বচত লেম্প যোজনা

ৰাষ্ট্ৰত প্ৰয়োজনীয় সবৰ্মুঠ বিদ্যুতৰ প্ৰায় ২০ শতাংশ লাইট জ্বলোৱাৰ বাবে আৱশ্যক হয়৷  ৰাষ্ট্ৰৰ সৰহ সংখ্যক পৰিয়ালত লাইট জ্বলোৱাত  শুভ্ৰ পোহৰৰ  বাল্ব ব্যৱহাৰ কৰা দেখা যায়৷ এই বাল্বসমূহে অধিক পৰিমাণে শক্তি ক্ষয় কৰে যে ৯০ শতাংশ বিদ্যুত তাপলৈ ৰুপান্তৰিত হয় আৰু মাত্ৰ ১০ শতাংশ লাইট জ্বলোৱাৰ বাবে ব্যৱহাৰ হয়৷

কম্পেক্ট ফ্লৰ’চেন্ট লেম্প (চিএফএল) য়ে শুভ্ৰ পোহৰৰ লাইটৰ পৰিবৰ্তে শক্তি –সক্ষম লাইট আগবঢ়াইছে৷ বগা পোহৰৰ বাল্বৰ তুলনাত এই বাল্বসমূহে এক ভাগৰ পোন্ধৰ ভাগ বিদ্যুত ৰাহি কৰি সম পৰিমাণে আলোকিত কৰে৷ চিএফএল য়ে প্ৰায় সম্পূৰ্ণৰুলে বজাৰ দখল কৰিলে আৰু ভাৰতত ইয়াৰ বিক্ৰী ২০০৩ চনৰ ২০ মিলিয়নৰ পৰা ২০০৮ ত ২০০ মিলিয়নলৈ বৃদ্ধি পালে৷লাইটিং এচ’চিয়েচনৰ পৰিসাংখ্যা অনুযায়ী দেখা যায় যে, ঘৰুৱা ব্যৱহাৰত চিএফএলৰ প্ৰবেশ মাত্ৰ ৫ শতাংশ ৰ পৰা ২০ শতাংশ মাত্ৰ৷ ইয়াৰ ব্যৱহাৰৰ হাৰ তুলনামূলকভাৱে কম হোৱাৰ কাৰণ হ’ল, চিএফএলৰ উচ্চ মূল্য, যি শুভ্ৰ পোহৰৰ বাল্বৰ তুলনাত ৮-১০ শতাংশ বেছি৷

এইটো অনুমান কৰা হৈছে যে, ভাৰতত প্ৰায় ৪০০ মিলিয়ন লাইটৰ পইন্টত শুভ্ৰ পোহৰৰ বাল্ব ব্যৱহাৰ হৈ আছে; এই বিলাক চিএফএলৰ দ্বাৰা স্থানান্তৰ কৰিলে প্ৰয়োজনীয় বিদ্যুতৰ প্ৰায় ১০,০০০ মেগাৱাট হ্ৰাস কৰিব পৰা যাব৷

"বচট লেম্প যোজনা " লক্ষ্য – ঘৰুৱা ব্যৱহাৰ কৰা শুভ্ৰ বাল্বসমূহ চিএফএলৰ দ্বাৰা উচ্চ হাৰত স্থানান্তৰকৰণ৷ ইয়াৰ বাবে প্ৰয়োজন হ’ব চিএফএলৰ মূল্য সেই বাল্বসমূহৰ সমমূল্যৰ কৰা৷ ই চিএফএলৰ বজাৰ মূল্য আৰু এইবিলাক পৰিয়ালসমূহলৈ বিক্ৰী কৰা মূল্যৰ ভিন্নতা উদ্ধাৰ কৰিবলৈ কিট’ প্ৰট’ক’লৰ ক্লিন ডেভেলপমেন্ট মেচিন (চিডিএম) ব্যৱহাৰৰ পৰিকল্পনা কৰে৷ বচট লেম্প যোজনা ২০০৯ চনৰ ফেব্ৰুৱাৰীত উদ্বোধন কৰা হয়৷

বচট লেম্প যোজনা  ভাৰত চৰকাৰ, ব্যক্তিগত খণ্ডৰ চিএফএল যোগানকাৰী আৰু ৰাজ্যিক খণ্ডৰ বিদ্যুত বিতৰণ কোম্পানীসমূহৰ ডিআইএচচিঅ’এম) ৰ মাজত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰ হিচাপত গঠন কৰা হৈছিল৷ চিএফএল যোগানকাৰীসকলে ডিআইএচচিঅ’এমৰ নিৰ্দ্ধাৰিত প্ৰজেক্ট  এলেকাৰ ভিতৰত  প্ৰতি চিএফএলত 15 টকা দৰত পৰিয়ালসমূহলৈ উচ্চমানৰ চিএফএল বিক্ৰি কৰিব৷ বিইইৰ দ্বাৰা কৰা তালিকৰ পৰা ডিআইএচচিঅ’এম য়ে চিএফএল যোগানকাৰীসকলক  বাচনি কৰিব৷ এই আচঁনিৰ অধীনত ৬০ আৰু ১০০ ৱাটৰ শুভ্ৰ বাল্বসমূহহে ক্ৰমে ১১-১৫ ৱাট আৰু ২০-২৫ ৱাটৰ চিএফএলৰ দ্বাৰাহে মাত্ৰ স্থানান্তৰিত কৰিব পাৰি৷ বিইইয়ে প্ৰত্যেক প্ৰজেক্ট এৰিয়াৰ বিদ্যুত সঞ্চয়ৰ ওপৰত চোৱা-চিতা কৰে৷ এইটো আশা কৰা হৈছে যে, ডিআইএচচিঅ’এম এলেকাত প্ৰায় ৫০ লাখ চিএফএল স্থানান্তৰ কৰা হ”ব৷

উৎস:ইণ্ডিয়ান যোজনা

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate