অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰ শক্তিৰ ব্যৱহাৰিক দিশ, পানী পাম্প আৰু অসম

সৌৰ শক্তিৰ ব্যৱহাৰিক দিশ, পানী পাম্প আৰু অসম

বর্তমান ভাৰত তথা দেশৰ অন্যান্য ৰাজ্যত বিভিন্ন উৎসৰ পৰা শক্তিৰ আহৰণ ক্ষমতা বাঢ়িছে।কিন্তু তাৰ লগতে  শক্তিৰ ব্যৱহাৰ তথা প্ৰয়োজনীয়তাও বাঢ়িছে।

চেন্ট্ৰেল ইলেকট্ৰিচিটি বর্ড, ভাৰতচৰকাৰৰ ৰিপ’র্ট মতে বর্তমান ভাৰতত বছৰি ৭৮৩০৫৭ মেগা ইউনিট বিদ্যুতৰ প্ৰয়োজন কিন্তুইয়াত উপলব্ধ বিদ্যুতৰ পৰিমাণ ৭১৫৭৯৫ মেগা ইউনিট।তাৰে ভিতৰত অকল অসমত ৪৯৯২মেগা ইউনিট বিদ্যুতৰ প্ৰয়োজন কিন্তু ইয়াত উপলব্ধ বিদ্যুতৰ পৰিমাণ ৪৬৬৯ মেগা ইউনিট ।সাধাৰণতে ব্যৱহৃত পৰপম্পৰাগত শক্তিৰ উৎসৰ পৰা নির্গতিত কার্বন ডাই অক্সাইদ, কার্বন মন’অক্সাইদ আদি গেছৰ পৰা সৃস্টি হব পৰা পৰিণতি আৰু উৎসৰ সীমাবদ্ধতা মানৱ জাতিৰ বাবে অভিশাপ হব পাৰে।

অ-পাৰম্পৰিক শক্তি ব্যৱহাৰ কৰি এই অসুবিধা সমুহ আতৰাবলৈ চেষ্টা চলিআছে।

বিভিন্ন অ-পাৰম্পৰিক শক্তিৰ উৎসৰ ভিতৰত সৌৰ শক্তি, জলবিদ্যুৎ, বায়ু শক্তি, জৈবিকশক্তিৰ উৎস অন্যতম।এইবোৰৰ ভিতৰত সৌৰ শক্তি অন্যতম, কিয়নো প্ৰতি ছেকেন্ডত সূর্য্যৰ পৰাপৃথিৱীলৈ অহা মুঠ শক্তি ১.৮ × ১০১১মেগা ৱাট।এই শক্তিৰ পৰিমান এতিয়ালৈকে যিমান বিলাকশক্তিৰ উৎস ব্যৱহৃত হৈ আছে তাতকৈ হাজাৰ গুণ বেছি।সৌৰ শক্তিৰ ব্যৱহাৰ দুই ধৰণৰে কৰাহয়:   সৌৰ বিদ্যুৎ প্ৰযুক্তি আৰু  সৌৰ তাপীয় প্ৰযুক্তি ।সৌৰ বিদ্যুৎ প্ৰযুক্তিত পোহৰৰ শক্তি আৰুসৌৰ তাপীয় প্ৰযুক্তিত সূর্য্যৰ  তাপ ব্যৱহাৰ কৰা হয়।

ভাৰতে জৱাহৰলাল নেহৰু নেশ্যনেল চ’লাৰ মিচন (২০০৯) ৰ অধীনত ২০২২ চনৰভিতৰত ২০,০০০ মেগা ৱাট গ্ৰীড সংযোগী শক্তি আৰু ২০০০ মেগাৱাট ২০২০ চনৰ ভিতৰত অফগ্ৰীড শক্তি সৌৰ শক্তিৰ পৰা আহৰণ কৰাৰ লক্ষ্য বান্ধি লৈছে।এই মিচনটোত তিনিটা ভাগত বিভক্ত,তিনিওটা ভাগতে বেলেগ বেলেগ লক্ষ্য নির্ধাৰণ কৰিছে।

শক্তি আহৰণৰউপায়

১ ম দশাৰ লক্ষ্য

(২০১০-২০১৩)

২ য় দশাৰলক্ষ্য(২০১৩-২০১৭)

৩ য় দশাৰলক্ষ্য(২০১৭-২০২২)

সৌৰ তাপীয়সংগ্ৰাহক

৭ নিযুত বর্গ মিটাৰ

১৫ নিযুত বর্গ মিটাৰ

২০ নিযুত বর্গ মিটাৰ

অফ গ্ৰীড শক্তি

২০০ মেগা ৱাট

১০০০ মেগা ৱাট

২০০০ মেগা ৱাট

গ্ৰীড সংযোগী শক্তি

১০০০-২০০০ মেগাৱাট

৪০০০-১০,০০০ মেগাৱাট

২০,০০০ মেগা ৱাট

ইয়াৰোপৰি ২০২২ চনৰ ভিতৰত ২০ মিলিয়ন সৌৰশক্তি চালিত লেম্প (solar lamp lighting system)ভাৰতবর্ষৰ গাওঁত বিতৰণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছে। এই মিচনৰ লক্ষ্যত উপনীত হবলৈজনসাধাৰণৰ মাজত সজাগতা অনাটো অতিকে প্ৰয়োজন।এই লিখাটোত আমি সৌৰ বিদ্যুৎ শক্তিৰ বিষয়েহে আলোচনা কৰিম।

সৌৰ বিদ্যুৎ প্ৰযুক্তি

সৌৰ বিদ্যুৎ প্ৰযুক্তিৰ ব্যৱহাৰ তিনি ধৰণে কৰা হয়: অকলশৰীয়া চিষ্টেম, গ্ৰীডসংযোগী চিষ্টেম, হাইব্ৰিড চিষ্টেম ।অকলশৰীয়া চিষ্টেম সেইবোৰ যিবোৰ গ্ৰীড সংযোগী নহয় আৰুযদিহে চিষ্টেমটো গ্ৰীড সংযোগী আৰু অকলশৰীয়া দুয়োটা হয়   তেন্তে ইয়াক হাইব্ৰিড চিষ্টেম বোলাহয়।সৌৰ বিদ্যুৎ প্ৰযুক্তিত ব্যৱহাৰ হোৱা সৌৰকোষত সূর্য্যৰ পোহৰ পৰাৰ লগে লগে DC বিদ্যুতসৃষ্টি হয়, যদিহে পোহৰৰ শক্তি এক নির্দিষ্ট পৰিমানতকৈ বেছি হয়।সৌৰ বিদ্যুৎ প্ৰযুক্তিৰ ব্যৱহাৰৰমূল অসুবিধাটো হৈছে ইয়াৰ চৰা দাম আৰু দাম অনুপাতে ইয়াৰ কার্য্যদক্ষতা।বর্তমান ব্যৱহাৰহোৱা সৌৰকোষৰ প্ৰযুক্তিবোৰৰ ভিতৰত বহু স্ফটিকীয় চিলিকনৰ সৌৰ কোষ (Multi crystalline silicon solar cell)অন্যতম।বহু স্ফটিকীয় চিলিকনৰ সৌৰ কোষৰ কার্য্যদক্ষতা বর্তমান সময়ত১২-১৪%, এক স্ফটিকীয় চিলিকন সৌৰ কোষ (Single crystalline silicon)ৰ কার্য্যদক্ষতা বর্তমানসময়ত ১৩-১৫%।দাম আৰু কার্য্যদক্ষতা দুয়োফালৰ পৰাই চাবলৈ গলে বহু স্ফটিকীয় চিলিকনৰসৌৰ কোষ ব্যৱহাৰ কৰাই উপযুক্ত, কিয়নো তুলনামূলকভাবে ইয়াৰ দাম কম।ঘৰুৱা ভাবেব্যৱহাৰ কৰিবলৈ বেটাৰীৰ সৈতে সৌৰপেনেল কিনাটো জৰুৰী যদিহে আপুনি ৰাতিও বিদ্যুতব্যৱহাৰ কৰিব বিছাৰে।সাধাৰণতে ঘৰত ব্যৱহাৰ হোৱা বৈদ্যুতিক সামগ্ৰীবোৰত AC বিদ্যুতব্যৱহাৰ হয়।গতিকে DC বিদ্যুতক AC বিদ্যুত বনাবলৈ ইনভাৰটাৰ লগোৱাটো প্ৰয়োজন।বর্তমানবজাৰৰ দৰৰ হিচাপত ১০০ ৱাট চিষ্টেম বেটাৰীৰ সৈতে লগাবলৈ ৮,০০০ -১০,০০০ টকাৰপ্ৰয়োজন।ভাৰতৰ বজাৰত ৭২ টকা প্রতি ৱাট দৰত সৌৰ পেনেল পোৱা যায়।যদিহে এখন ঘৰৰসকলোবোৰ বৈদ্যুতিক সামগ্ৰী সৌৰ বিদ্যুত ব্যৱহাৰ কৰি চলাব বিছাৰে, তেন্তে ১.০ কিলো ৱাটচিষ্টেম লগাব পাৰে। আৰু তাৰ বাবে খৰছ হব আনুমানিক ১.৫ লাখ।প্ৰথম অৱস্হাত খৰছৰপৰিমাণ বেছি যদিও খুব কম সময়ৰ ভিতৰতে ইয়াৰ দাম ঘুৰাই পোৱা যাব।কিয়নো বিদ্যুৎৰ বিলবহু পৰিমাণে কমি যাব।

সৌৰ বিদ্যুতৰ ব্যৱহাৰ বেলেগ বেলেগ ধৰনেৰে কৰিব পাৰি। ঘৰুৱা ভাবে লাইটৰ ব্যৱহাৰ কৰাৰউপৰিও বর্তমান সময়ত পানী পাম্পৰ বাবে সৌৰ বিদ্যুতৰ ব্যৱহাৰ ভাৰতৰ বিভিন্ন প্ৰদেশতঅতিকে জনপ্ৰিয় তথা কম খৰচী।

সৌৰ বিদ্যুত চালিত পানী পাম্প:

গোটেই বিশ্ৱত যিমান শক্তিৰ ব্যৱহাৰ হয় তাৰে ২০% শক্তি অকল পানী পাম্পতে ব্যৱহাৰ হয়।গতিকে পানী পাম্পৰ বাবে অপাৰম্পৰিক শক্তিৰ উৎস ব্যৱহাৰ কৰিলে এক বুজন পৰিমাণৰ শক্তিৰেহাই কৰিব পৰা যাব। সৌৰশক্তিচালিত পানী পাম্প জলসিঞ্চনৰ বাবে ব্যৱহাৰ এক পৰিবেশৰক্ষাৰ উদ্যম। লগতে ব্যৱসায় ভিত্তিত কৰা খেতিৰ বাবে পানীৰ প্ৰয়োজনীয়তা পূৰাবলৈ ই এক কমখৰচী তথা নির্ভৰযোগ্য ব্যৱস্হা। সৌৰশক্তিচালিত পানী পাম্পৰ বাবে তিনিধৰণৰ চিষ্টেম থাকে:সৌৰ পেনেল, পানী পাম্প আৰু পানী সংৰক্ষণ তথা পানী বিতৰণ ব্যৱস্হা।বর্তমান বজাৰত উপলব্ধতিনিধৰণৰ সৌৰশক্তিচালিত পানী পাম্প হৈছে:  পৃষ্ঠ পাম্প (Surface type pump), ডুবি থকা পাম্প(Submersible type pump), উপঙি থকা পাম্প (Floating pump)। ইয়াৰ ভিতৰত পৃষ্ঠ পাম্প পুখুৰী বাবিল আদিৰ পৰা পানী উঠাবলৈ ব্যৱহাৰ কৰিব পাৰি। এনে ধৰণৰ পাম্প মাটিত থৈ ৭ মিটাৰ দ’ঠাইৰ পৰা উলম্ব ভাৱে ১০ মিটাৰ ওপৰলৈ পানী উঠাব পাৰে। ডুবি থকা পাম্প, সাধাৰণতে পানীৰতলত ৰখা হয়। এনে ধৰণৰ পাম্পে ২০ মিটাৰ তলৰ পৰা পানী উঠাব পাৰে। উপঙি থকা পাম্প পানীপৃষ্ঠৰ সমান্তৰাল ভাৱে থাকি পানী উঠাব পাৰে। প্রকৃততে কিমান তলৰ পৰা পানী উঠাব লাগেসেইটো প্রযুক্তিগত ভাষাত হেড (head) বুলি কোৱা হয়। আপুনি কেনেধৰণৰ বা কিমান শক্তিৰ পাম্পব্যৱহাৰ কৰিব সেইটো নির্ভৰ কৰিব আপোনাক প্রতিদিনে কিমান লিটাৰ পানীৰ প্রয়োজন আৰুকিমান তলৰ পৰা পানী(হেড) উঠাব লাগে।

ব্যৱসায় ভিত্তিত কৰা খেতিত অথবা ঘৰুৱা ভাবে ব্যৱহাৰ কৰি পইছা খৰছ ৰাহি কৰিবলৈসৌৰ শক্তি চালিত পানী পাম্প এটা উৎকৃষ্ট উপায়। বর্তমান বজাৰত উপলব্ধ ৩ অশ্ৱশক্তিৰ পানীতডুবি থকা পানী পাম্পৰ দাম আনুমানিক ১.৫ লাখ টকা।এনে পাম্পে ৫০ মিটাৰ তলৰ পৰা পানীউঠাব পাৰে। অসমৰ বাবে সাধাৰণতে মাটিৰ তলৰ পানী উঠাবলৈ ৫০-৬০ ফুট দীঘল পাইপৰপ্রয়োজন। গতিকে অসমৰ বাবে ০.৫-১ অশ্ৱশক্তিৰ (HP) পৃষ্ঠ অথবা পানীত ডুবি থকা পাম্পৰপ্ৰয়োজন। সৌৰ শক্তি চালিত পানী পাম্প কিনাৰ আগতে এইটো ভালদৰে লক্ষ্য কৰিব যে যিটোকোম্পানীৰ পাম্প কিনিছে সেই কোম্পানীটো অপাৰম্পৰিক শক্তি মন্ত্রনালয়ৰ (MNRE) অনুজ্ঞাপ্রাপ্তহয়নে নহয়। বর্তমান বজাৰত উপলব্ধ কোম্পানী বিলাকৰ ভিতৰত Lorentz pump, Bright solar, Shakti pump, Mono pump, Kirloskar pump আদি অন্যতম। ভাৰত চৰকাৰৰ ফালৰ পৰা সাধাৰণগ্ৰাহকৰ  সৌৰ শক্তি চালিত পানীৰ পাম্পৰ বাবে ৩০% ৰাজসাহাজ্য দিয়াৰ ব্যৱস্হা আছে। অসমৰবিভিন্ন অঞ্চলত শীতকালীন শস্যৰ বাবে পানীৰ যথেষ্ট অসুবিধা হয়। ইয়াৰোপৰি বিদ্যুতৰলুকাভাকু তথা ডিজেলৰ খৰছ ৰোধ কৰিবলৈ সৌৰ শক্তি চালিত পানী পাম্প সচাকৈয়ে লাভজনক।সৌৰ শক্তি চালিত পানী পাম্পৰ ব্যৱসায়ো বর্তমান এটা লাভজনক অৱস্হাত আছে। ভাৰতৰঅন্যান্য প্রদেশৰ বহু কোম্পানীয়ে নিজা উদ্যোগত সফল ভাৱে ব্যৱসায় কৰি আছে। গতিকে অসমৰনিবনুৱা লোকসকলে ব্যৱসায়ৰ বাবে এই দিশটো ভাবি চাব পাৰে নতুবা এটা সময়ত আমি ভাৰতৰঅন্যান্য প্রদেশৰ বিভিন্ন কোম্পানীৰ পৰা এনে বস্তুবোৰ চৰা দামত কিনিব লগা হব।

লিখক:বিৰিঞ্চি বৰা

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate