অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেৰৰ বাকচ

খেৰৰ বাকচ - কম খৰচৰ ইন্ধন ৰাহিৰ কাৰিকৰী কৌশল

খেৰৰ বাকচ গৃহ বিজ্ঞান সম্প্ৰসাৰণ বিভাগ, গৃহ বিজ্ঞান মহাবিদ্যালয় আৰু গবেষণা প্ৰতিষ্ঠান, তামিলনাদু,মাদুৰাইৰ দ্বাৰা বিকশিত এটা সাধাৰণ কম খৰচৰ ইন্ধন ৰাহিৰ সামগ্ৰী ৷ ই তাপ অপৰিবাহিত বাকচ যি বাকচৰ ভিতৰৰ পৰা বাহিৰলৈ তাপ পৰিবহন প্ৰতিৰোধ কৰে আৰু যাতে সামগ্ৰী ৰন্ধন আৰু গৰম কৰিবৰ বাবে তাপশক্তি ৰাহি আৰু সঞ্চয় কৰিব পৰা যায় ৷ খেৰৰ বাকচত স্থানীয় ভাবে উপলব্ধ তুঁহ আৰু খেৰ জাতীয় কৃষিজাত শষ্যৰ পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰা হয়৷

খেৰৰ বাকচৰ বিন্যাস

আৱশ্যকীয় সামগ্ৰী

১) তলত উল্লেখ কৰা মাপৰ বাকচ

দৈৰ্ঘ্য : 45 চে.মি., প্ৰস্থ :45 চে.মি., গভীৰতা : 45চে.মি. (বাকচ কাঠৰ, কাৰ্ডবৰ্ডৰ,বাঁহৰ সজা অথবা সৰু চিমেন্ট টেংক হ;ব পাৰে)

২) অপৰিবাহীত সামগ্ৰী খেৰ/ধানৰ তুঁহ/কাঠৰ সুঁতা/কাঠৰ গুৰি

৩) মৰাপাটৰ বেগ বিন্যাস

  • কাৰ্ডবৰ্ডৰ বাকচ সাজু কৰি ৰাখক
  • খেৰৰ দ্বাৰা বাকচ পৰিপূৰ্ণ কৰক
  • বাকচটোৰ সমমাপৰ মৰাপাটৰ এটা গাৰু লৈ খেৰৰ দ্বাৰা পৰিপূৰ্ণ কৰি লোৱা উচিত

ৰন্ধনৰ প্ৰক্ৰিয়া

  • ৰন্ধনৰ প্ৰক্ৰিয়া(উদাহৰণ. : চাউল )
  • এটা পাত্ৰত ধোঁৱা চাউল লওঁক
  • দুগুণ পানী পাত্ৰটোত যোগ কৰক
  • 10 মিনিটৰ বাবে জুঁইৰ ওপৰত দিয়ক
  • ইয়াৰ বাবে খেৰৰ বাকচটোৰ মধ্যম বিন্দুত এটুকুৰা ঠাই উলিয়াওঁক
  • জুঁইৰ ওপৰৰ পৰা পাত্ৰটো নমাওঁক আৰু খেৰৰ বাকচটোত উলিউৱা ঠাইত ইয়াক স্থাপন কৰক ৷
  • খেৰৰ গাৰুটো ইয়াৰ ওপৰত স্থাপন কৰক
  • 45 মিনিটত চাউল ইয়াৰ নিজৰ তাপতে ৰন্ধন কৰা হ’ব (ই 5-6 ঘন্টা গৰম হৈ থাকে
hay_box_img.jpg

মূল্যৰ লাভ্যাংশৰ মূল্যায়ন

সবিশেষ গেছ স্তভখেৰৰ বাকচ
ৰন্ধন সময় 2ঘন্টা / দিনে 1 ঘন্টা / দিনে
প্ৰযোজ্য ইন্ধন 5 টকা/দিনে 2.50 টকা/দিনে

সেয়ে আনুমানিক 50% ইন্ধন আৰু ইন্ধন মূল্য ৰাহি কৰিব পৰা যায়

পৰিচালনা

খেৰৰ বাকচৰ পৰিচালনাৰ খৰচ অত্যাধিক নহয়।

লবলগীয়া যত্ন

  • এঙ্গাৰ অথবা ৰন্ধন সামগ্ৰীৰে লেতেৰা নোহোৱাকৈ খেৰৰ বাকচটো পৰিস্কাৰ কৰি ৰাখিব লাগে৷
  • প্ৰত্যেক পষেকত খেৰ এঘন্টাৰ অথবা দুঘন্টা ৰ’দত শুকাবলৈ দিয়ক৷

সুবিধাসমূহ

  • ব্যৱহাৰৰ বাবে নিৰাপদ আৰু সহজ
  • কাৰ্য্যকৰীমূল্যৰ আৰু পৰিচালনা সহজ।
  • নিম্নতম ৰন্ধন সময় এই প্ৰকাৰৰ ৰন্ধনত খাদ্য সামগ্ৰী সিজোৱা আৰু ৰান্ধিবৰ বাবে নিম্নতম সময়ৰ প্ৰয়োজন হয়৷
  • তাপমাত্ৰা ধৰি ৰাখে খেৰৰ বাকচ ব্যৱহাৰ কৰি খাদ্য সামগ্ৰী ৰান্ধিবলৈ আৱশ্যকীয় তাপমাত্ৰা 6 ঘন্টাৰ বাবে ধৰি ৰাখিব পাৰি৷ 61°চে. তাপমাত্ৰাত পাঁচ ঘন্টাৰ বাবে খেৰৰ বাকচত ৰন্ধা চাউলে বাহিৰত মাত্ৰ 35° চে.ত তাপমাত্ৰা ধৰি ৰাখিব পাৰে৷
  • অন্য পদ্ধতিৰ দ্বাৰা ৰন্ধা খাদ্য দ্ৰব্য এই সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা উত্তম খাদ্য দ্ৰব্যৰ লগত তুলনা কৰিলে ইয়াৰ উত্তম মানৰ সুগন্ধি, বৰণ,বৈশিষ্ট, সোৱাদ পোৱা যাব৷
  • উত্সসমূহৰ সঞ্চয় এই কাৰিকৰী কৌশলে ইন্ধন, ধন,শ্ৰম আৰু সময় ৰাহি কৰাত সহায় কৰে আৰু সাম্ভাব্য শাৰিৰীক বিপদসঙ্কুলতা প্ৰতিকাৰ কৰে৷ ৰন্ধন সময়ৰ আঠাৱন শতাংশ আৰু ইন্ধনত ব্যয় হোৱা 44% ধন ৰাহি হোৱা পৰিলক্ষিত হ’ব৷ খেৰৰ বাকচত 61° চে. উঞ্চতা ধৰি ৰাখি ৰন্ধা চাউলে বাহিৰত মাত্ৰ 35° চে. ত পাচঁ ঘন্টাৰ বাবে তাপমাত্ৰা ধৰি ৰাখে৷
  • উত্তম মানৰ খাদ্য অন্য পদ্ধতিৰ দ্বাৰা ৰন্ধা খাদ্য দ্ৰব্য এই সামগ্ৰীৰ দ্বাৰা প্ৰস্তুত কৰা উত্তম খাদ্য দ্ৰব্যৰ লগত তুলনা কৰিলে ইয়াৰ উত্তম মানৰ সুগন্ধি, বৰণ,বৈশিষ্ট, সোৱাদ পোৱা যাব৷
  • নিম্নমানৰ পুষ্টি বিনাশ ৰন্ধন মাধ্যম সম্পূৰ্ণ ৰুপে খাদ্য সামগ্ৰীৰ দ্বাৰা আবৃত হৈ থকাৰ বাবে, খাদ্য দ্ৰব্যৰ পুষ্টি বিনাশৰ পৰিমান নিম্নমানৰ।
  • উৎসসমূহৰ সঞ্চয় এই কাৰিকৰী কৌশলে ইন্ধন, ধন,শ্ৰম আৰু সময় ৰাহি কৰাত সহায় কৰে আৰু সাম্ভাব্য শাৰিৰীক বিপদসঙ্কুলতা প্ৰতিকাৰ কৰে৷ ৰন্ধন সময়ৰ আঠাৱন শতাংশ আৰু ইন্ধনত ব্যয় হোৱা 44% ধন ৰাহি হোৱা পৰিলক্ষিত হ’ব৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate