অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কন্যা ভ্ৰূণ হত্যা আৰু প্ৰতিৰোধী আইন :

কন্যা ভ্ৰূণ হত্যা আৰু প্ৰতিৰোধী আইন :

ইতিপূৰ্বে প্ৰকাশিত এলানি লেখাত স্ত্ৰীৰোগ সম্পৰ্কীয় বহু দিশ আলোচনা কৰা হৈছে। এইবোৰৰ লগতে মহিলাই সন্মুখীন হ’ব পৰা কেতবোৰ সমস্যা, সেইবোৰৰ প্ৰতিকাৰ আৰু সেইবোৰৰ লগত পৰোক্ষভাৱে জড়িত কেতবোৰ আইন সংক্ৰান্তীয় সাধাৰণ জ্ঞানো আয়ত্ত কৰিব পাৰিলে মহিলাসকল উপকৃত হ’ব আৰু ইয়াত তাৰেই চেষ্টা কৰা হৈছে।

স্ত্ৰী ভ্ৰূণ হত্যা মানৱ সমাজত এটি খুবেই গৰ্হিত আৰু অমানৱীয় কৰ্ম। ১৯০১ চনৰপৰা ২০০১ চনৰ লোকপিয়ললৈ লক্ষ্য কৰাৰ পিছত পুৰুষৰ তুলনাত স্ত্ৰীৰ সংখ্যা সন্দেহজনকভাৱে কমি অহা দিশটোক লৈ চৰকাৰখনে ভাবিবলৈ বাধ্য হ’ল, কোৰোণটোনো ক’ত আছে বুলি।

১৯৯৪ চনত ভাৰত চৰকাৰে স্ত্ৰী ভ্ৰূণ হত্যা প্ৰতিৰোধী আইন(PNDT Act) প্ৰণায়ন কৰিবলৈ বাধ্য হয়। জনগনৰ মাজত আজিও ছেগা-চোৰোকাকৈ চলি থকা এক মাৰাত্মক আৰু সম্পূৰ্ণ অমানৱীয় পৰিস্থিতি আইনগতভাৱে চম্ভালি ল’বলৈ ভাৰত চৰকাৰে ১৯৯৪ চনত এইখন আইন প্ৰণায়ন কৰে; যিখন আইনক নামকৰণ কৰা হয় ‘প্ৰি-নেটেল-ডায়েগ্ন’ষ্টিক টেকনিক এক্ট’ বুলি। ইয়াৰ উদ্দেশ্য হ’ল ‘জন্মৰ পূৰ্বে লিংগ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়া’ৰ অপপ্ৰয়োগ প্ৰতিৰোধ কৰা। ১৯৯৬ চনত এই আইনখন জম্মু-কাশ্মীৰ প্ৰদেশৰ বাহিৰে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰয়োগ কৰা হৈছে। এই আইন প্ৰয়োগৰ মুখ্য উদ্দেশ্য হৈছে ভ্ৰূণ হত্যা বন্ধ কৰা। আমাৰ সমাজত থকা কিছুমান অৰ্থলোভী আৰু দুৰ্নীতিগ্ৰস্ত চিকিৎসক বা চিকিৎসা প্ৰতিষ্ঠানৰ ব্যৱসায়ীয়ে স্ত্ৰী ভ্ৰূণ হত্যাৰ লগত নিজে জড়িত হৈ ইয়াৰ প্ৰচলন বৃদ্ধি কৰিছে। সচৰাচৰ আমি জানো যে চিকিৎসা বিজ্ঞান শাস্ত্ৰত ৰেডিঅ’লজী আৰু ইমেজ বিজ্ঞান বিষয়ত ছোন’গ্ৰাফী আৰু বায়’পসিৰ বহুল প্ৰয়োগ কৰা হয়। অসাধু চিকিৎসক শ্ৰেণীটোৱে সাধাৰণতে লিংগ নিৰ্ণয়ৰ বাবে ছোন’গ্ৰাফী আৰু কৰিয়নিক ভিলাছ বায়’পসি নামৰ দুবিধ বৈজ্ঞানিক কৌশলৰ আশ্ৰয় লোৱা দেখা যায়। যি ব্যৱস্থা সদ্যহতে আইন মতে দণ্ডনীয়। আজিকালি প্ৰতিখন চিকিৎসালয় বা নাৰ্ছিংহোমৰ সমুখদ্বাৰতে আৰু ৰেডিঅ’লজী বিভাগত প্ৰৱেশ পথতে লিংগ নিৰ্দ্ধাৰণৰ বিপৰীতে সতৰ্কবাণীৰ ব’ৰ্ড আঁৰি দিয়া আছে। অসাধু চিকিৎসকৰ বাবে লিংগ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াই শেষ নহয়। ইয়াৰ পৰৱৰ্তী পৰ্যায় হিচাপে শুক্ৰাণু(sperm) বিশ্লেষণৰ মাধ্যমেৰে ইচ্ছাকৃত লিংগৰ জন্ম প্ৰক্ৰিয়া সম্ভৱ কৰি তুলিব পাৰি। ইন-ভিট্ৰো-ফাৰ্টিলাইজেচনৰ(IVF) সুযোগ গ্ৰহণ কৰি আশা কৰা অনুযায়ী প্ৰয়োজনীয় সন্তান বিশেষকৈ পুত্ৰ সন্তান জন্মৰ প্ৰক্ৰিয়া সহজ হয় আৰু গৰ্ভপাত আইন নেওচি যাবলৈকে সম্ভৱ হৈ উঠে। অৱশেষত ভাৰত চৰকাৰে বাধ্য হৈ আগৰ ১৯৯৪ চনত প্ৰণয়ন কৰা পি এন ডি টি আইনখনৰ ঠাইত সংশোধন কৰি ২০০৩ চনত পুনৰ পি চি পি এন ডি টি(প্ৰিকনচেপচন আৰু প্ৰিনেটেল ডায়ে’গ্লষ্টিক টেকনিক) নামেৰে আইনখন প্ৰণয়ন কৰে, যাতে এই নতুন আইনে কেৱন পুত্ৰ সন্তান কামনা কৰা দম্পতীসকলক এনে অমানৱীয় প্ৰক্ৰিয়া ব্যৱহাৰৰপৰা বিৰত ৰাখিব পাৰে। ২০১০ চনত আকৌ উচ্চতম ন্যায়ালয়ে এই উভয় আইনৰ ব্যৰ্থতাক কেন্দ্ৰ কৰি অভিমত ব্যক্ত কৰি কৈছে যে মানুহৰ চেতনা আৰু নৈতিকতাবোধৰ পৰিৱৰ্তন নহ’লে কোনো এখন আইনেই কাৰ্যকৰী হোৱাটো সম্ভৱ নহয়।

লেখক: ডাঃ দীনেশ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/24/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate