অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৰ্মস্থানত যৌন হাৰাশাস্তি

কৰ্মস্থানত যৌন হাৰাশাস্তি

আমাৰ দেশত সাম্প্ৰতিক সময়ত বাতৰি কাকত, টেলিভিছন, বিভিন্ন সংবাদ মাধ্যম, প্ৰচাৰ মাধ্যমৰ যোগেদি প্ৰায়ে মহিলাক পদপথত, অফিচ-কাছাৰীত, হাস্পতালত, ব্যৱসায়িক প্ৰতিষ্ঠানত, বাছত, ৰেলত, স্কুল-কলেজত, হোটেলত, ব্যক্তিগত প্ৰতিষ্ঠানত, ৰাজহুৱা বজাৰ আদিত নিৰ্যাতন, আতিশয্য কৰা আদি বিতৰ্কিত ঘটনা সম্পৰ্কীয় বাতৰি পঢ়িবলৈ অথবা চাবলৈ পোৱা যায়। দেশৰ শিশু, মহিলা আদিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত যৌন অপৰাধৰপৰা শিশুক সুৰক্ষা দিয়া আইন, ২০১২ (দি প্ৰটেকচন অব্‌ চিলড্ৰেন ফ্ৰ্ম ছেক্সুৱেল অফেনচেছ এক্ট, ২০১২), শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি ২০১২, (নেচনেল পলিচী ফৰ চিলড্ৰেন, ২০১২), জুভেনাইল জাষ্টিছ এক্ট ২০০০, মহিলা সুৰক্ষা আইন আদিৰ প্ৰণয়ন হৈছে যদিও কৰ্মৰত স্থানত মহিলাৰ বিৰূদ্ধে সংঘটিত হোৱা বিভিন্ন যৌন নিৰ্যাতন বা যৌন হাৰাশাস্তি আদি অপৰাধবোৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

 

কি কয় আইনে?

আইন মতে

  • ভুক্তভোগীগৰাকী যিকোনো বয়সৰ হ’ব পাৰে।
  • ভুক্তভোগীয়ে ঘটনা সংঘটিত হোৱাৰ তিনি মাহৰ ভিতৰত গোচৰ তৰিব পাৰে।
  • ভুক্তভোগীগৰাকী অসুস্থ, অসমৰ্থ বা মৃত্যুমুখত পৰিলে পৰিয়ালৰ আন ব্যক্তিয়ে গোচৰ তৰিব পাৰে।
  • মধ্যস্থতাৰ দ্বাৰাও মীমাংসা হ’ব পাৰে।
  • উদ্‌গনি যোগোৱা লোককো অপৰাধীৰ সমান শাস্তি দিয়া হয়।
  • অনুমতি অবিহনে ভুক্তভোগীৰ পৰিচয় সংবাদ মাধ্যমে প্ৰকাশ কৰিব নোৱাৰে।

কৰ্মস্থানত মহিলাৰ ওপৰত সংঘটিত হোৱা এনেকুৱা অপৰাধবোৰ প্ৰতিৰোধ, নিবাৰণ কৰাৰ লগতে ভুক্তভোগী মহিলাক ক্ষতিপূৰণ আদি দিয়াৰ লগতে অপৰাধ সংঘটিত কৰা অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ উদ্দেশ্যে দেশত শেহতীয়াকৈ এখন নতুন আইন বলবৎ কৰা হৈছে আৰু নতুনকৈ বলবৎ হোৱা এই আইনখন হৈছে কৰ্মৰত মহিলাক স্থানত মহিলাক যৌন হাৰাশাস্তি (প্ৰতিৰোগ, নিবাৰণ আৰু ক্ষতিপূৰণ) অইন ২০১৩, (ছেক্সুৱেল হাৰাছমেন্ট অব্‌ ৱমেন এট ৱৰ্কপ্লেছ প্ৰিভেনচন, প্ৰহিবিচন এণ্ড ৰিড্ৰেছেল এক্ট ২০১৩)। এই আইনখন ২০১৩ চনৰ ২২ এপ্ৰিলৰ পৰা ভাৰতবৰ্ষৰ সকলোবোৰ ৰাজ্যত বলবৎ হৈছে আৰু উক্ত আইনখন ২০১৩ বৰ্ষত আমাৰ দেশত প্ৰণয়ন হোৱা অথবা স্থানীয় গোচৰ তৰিব পাৰে। আনহাতে, ভুক্তভোগী মহিলাগৰাকী যদিহে শাৰীৰিকভাৱে যদিহে অসুস্থ অথবা মানসিকভাৱে গোচৰ তৰিবলৈ অসমৰ্থ হয় অথবা ঘটনা সংঘটিত হোৱাৰ পিছত মহিলাগৰাকীৰ মৃত্যু হয় তেতিয়া মহিলাগৰাকীৰ উত্তাধিকাৰী সূত্ৰে পৰিয়ালৰ আন ব্যক্তিয়ে আইনখনৰ অধীনত গোচৰ তৰিব পাৰে। এই আইনৰ ১০ নম্বৰ ধাৰাত কৈছে যে আভ্যন্তৰীণ কমিটী অথবা প্ৰয়োজন হ’লে স্থানীয় কমিটীয়ে ভুক্তভোগী মহিলাৰ অনুৰোধ মৰ্মে বিপক্ষৰ লগত মীমাংসা কৰিবৰ বাবে মধ্যস্থতাকৰণৰ দ্বাৰাও গোচৰ মীমংসা কৰাৰ ব্যৱস্থা আছে।

এই আইনৰ ১১ নম্বৰ ধাৰাত আকৌ আভ্যন্তৰীণ কমিটী অথবা স্থানীয় কমিটীৰ দ্বাৰা গোচৰৰ কোনো মীমাংসা ন’হলে ভুক্তভোগী মহিলাৰ গোচৰটো নিয়মানুসৰি তদন্ত কৰা হয় আৰু তদন্তকালত যদি বিপক্ষক অপৰাধ সংক্ৰান্তত দোষী সাব্যস্ত বুলি প্ৰমাণিত হ্য তেতিয়া স্থানীয় কমিটীয়ে গোচৰটো সাত দিনৰ ভিতৰত ভাৰতীয় দণ্ডবিধিৰ ৫০৯ ধাৰানুসৰি আৰু প্ৰয়োজনসাপেক্ষে ঘটনাৰ লগত সামঞ্জস্য থকা আন অপৰাধত ভাৰতীয় দণ্ডবিধিৰ অধীনৰ আন আন যিকোনো ধাৰাত গোচৰটো পঞ্জীয়নভূক্ত কৰিবলৈ আৰক্ষী বিষয়াক আগবঢ়াই দিয়ে। ভাৰতীয় দণ্ডবিধিৰ ৫০৯ নম্বৰ ধাৰা মতে উপৰিউক্ত অপৰাধত গোচৰ ৰূজু হ’লে আৰু অপৰাধীক দোষী সাব্যস্ত কৰিলে এবছৰ কাৰাবাস অথবা জৰিমনা অথবা দুয়োটাই শাস্তি একেলগে ভোগ কৰিব লাগিব। যদিহে ভাৰতীয় দণ্ডবিধিৰ ৫০৯ নম্বৰ ধাৰাৰ লগত ঘটনাৰ আৰু তদন্তৰ তাগিদাত অইন ধাৰাত গোচৰ ৰূজু হয় আৰু তদণ্ডৰ তাগিদাত অইন ধাৰাত গোচৰ ৰুজু হয় আৰু অপৰাধী দোষী সাব্যস্ত হয়, তেতিয়া অপৰাধৰ ১৪ সংখ্যক আইন। উক্ত আইনখনে মহিলাৰ কৰ্মৰত স্থান হিচাপে সাধাৰণতে মহিলাৰ চাকৰি কৰা ঠাই, ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষাণুষ্ঠান, চিকিৎসালয়, ঘৰ, নিজ গৃহৰ কৰ্মস্থান, আনৰ ঘৰত বনকৰা স্থান অথবা মহিলাৰ অন্য কোনো ব্যক্তিগত অনুষ্ঠান-প্ৰতিষ্ঠান আদিক বুজাইছে। এনেবোৰ স্থানত কৰ্মৰত মহিলাক যৌন নিৰ্যাতন বা যৌন হাৰাশাস্তি কৰিলে তেনে অপৰাধ আদিক প্ৰতিৰোধ কৰাৰ উপৰি ভুক্ত্ভোগী মহিলাগৰাকীক সুৰক্ষা দিয়া, ক্ষতিপূৰণ দিয়া আৰু অপৰাধ সংঘটিত কৰা অপৰাধীক আইন অসুসৰি শাস্তি প্ৰদান কৰাই হৈছে এই আইনখন প্ৰণয়ন কৰা মূল উদ্দেশ্য। উক্ত আইনৰ ২ নম্বৰ ধাৰাত কোৱা হৈছে যে কৰ্মৰত স্থানত যৌন আতিশয্য চলোৱা মহিলাগৰাকী যিকোনো বয়সৰ হ’ব পাৰে, এইক্ষেত্ৰত বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে আৰু কৰ্মৰত মহিলাগৰাকী নিযুক্ত হওক অথবা নিযুক্ত নহওক যদিহে মহিলাৰ গোচৰটো যৌন হাৰাশাস্তি সম্পৰ্কীয় বিষয় হয় আৰু অপৰাধটো মহিলাগৰাকী বসবাস কৰা ঠাই অথবা ঘৰত সংঘঠিত হয়, তেতিয়াহ’লে মহিলাগৰাকীয়ে এইখন আইনৰ অধীনত যৌন হাৰাশাস্তি সম্পৰ্কীয় অপৰাধত গোচৰ তৰিব পাৰে। এই আইনখনৰ ৩ নম্বৰ ধাৰা মতে কৰ্মৰত স্থানত মহিলাগৰাকীৰ ওপৰত চলোৱা যৌন হাৰাশাস্তি বিষয়ক অপৰাধটো কিদৰে প্ৰতিৰোধ কৰিব পৰা যায় সেই বিষয়ে বৰ্ণনা আছে। ৪ নম্বৰ ধাৰাত কৰ্মৰত স্থানত সংঘঠিত হোৱা অপৰাধবোৰ প্ৰথমাৱস্থাত কৰ্মৰত স্থানত গঠন হোৱা আভ্যন্তৰীণ গোচৰ সংক্ৰান্তীয় কমিটী (ইণ্টাৰনেল কমপ্লেইনছ কমিটী)ৰ ওচৰত লিখিতভাৱে জনাব লাগে। যদিহে আভ্যন্তৰীণ গোচৰ কমিটী গঠন কৰা নাথাকে তেতিয়া ৰাজ্য চৰকাৰে এজন জিলা দণ্ডাধীশ অথবা খাজনা সংগ্ৰহকাৰী ব্যক্তি এগৰাকীক জিলা-বিষয়া হিচাপে এই আইনৰ অধীনত কাম-কাজ চলোৱাৰ বাবে ক্ষমতা আৰু দায়িত্বভাৰ দিয়ে। জিলা বিষয়াগৰাকীৰ ওচৰত দাখিল কৰা গোচৰবোৰ সাতদিনৰ ভিতৰত স্থানীয় গোচৰ কমিটিলৈ পঠিওৱা হয়। কৰ্মৰত স্থানত মহিলাক যৌন হাৰাশাস্তি(প্ৰতিৰোধ, নিবাৰণ আৰু ক্ষতিপূৰণ) আইন ২০১৩ৰ ৯ নম্বৰ ধাৰামতে ভুক্ত্ভোগী মহিলাগৰাকীয়ে ঘটনা সংঘটিত হোৱা তাৰিখৰপৰা তিনিমাহৰ ভিতৰত আভ্যন্তৰীণ গোচৰ কমিটী

 

গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হয়। আনহাতে, আভ্যন্তৰীণ কমিটী অথবা স্থানীয় কমিটীয়ে তদন্তৰ সংক্ৰান্তত গোচৰটো দেৱানী আদালতত দেৱানী কাৰ্যবিধিৰ অধীনত দেৱানী গোচৰৰ দ্বাৰা বিচাৰ কৰিব পাৰে। কিন্তু এই তদন্ত প্ৰক্ৰিয়াটো ৯০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। এই আইনৰ ১২ নম্বৰ আৰু ১৩ নম্বৰ ধাৰাত ক্ৰমে ঘটনাৰ তদন্তকালীন অৱস্থাত লোৱা ক্ৰিয়া আৰু তদন্ত বৃত্তান্তৰ উল্লেখ আছে। ১৪ নম্বৰ ধাৰাত মিছা গোচৰ দিয়া, মিছা সাক্ষী দিয়াৰ বাবে শাস্তি প্ৰদান আৰু ১৫ নম্বৰ ধাৰাত ভুক্তভোগী মহিলাই ক্ষতিপূৰণৰ পৰিমাণ, সিদ্ধান্ত কিদৰে পায় সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে। দেশৰ সৰ্বোচ্চ ন্যায়ালয় অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ বৰ্মা, ন্যায়াধীশ এছ ভি মনোহৰ আৰু ন্যায়াধীশ বি এন কিৰপলে ভিসাকা আৰু অন্যান্য বনাম ৰাজস্থান ৰাজ্য চৰকাৰে আৰু অন্যান্য পক্ষগণৰ ক্ষেত্ৰত এই আইনৰ উপৰি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নম্বৰ ১৪, ১৯, ২১, ১৫ (১), (৩), ৪২, ৫১ এ(ক), (ঙ), ৩২ আৰু ১৪১ৰ লগতে মানৱ অধিকাৰ আইন, ১৯৯৩ৰ বিষয়ে সুন্দৰভাৱে আলোকপাত কৰিছে আৰু এক ঐতিহাসিক ৰায়যোগে কৈছে যে কৰ্মৰত স্থানত মহিলা এগৰাকীৰ ওপৰত যদি কোনো ব্যক্তিয়ে তলত উল্লিখিত কাৰ্য যিকোনো এটা বা ততোধিক অবাঞ্চিত আচৰণ কৰা ব্যক্তিক মহিলাক যৌন হাৰাশাস্তি কৰা অপৰাধৰ গণ্ডীত পৰে অথবা কৰ্মৰত ঠাইত মহিলাক যৌন আতিশয্য চলোৱা অপৰাধত অন্তৰ্ভূক্ত হয়। সেইবোৰ হ’ল-

  • শাৰীৰিকভাৱে স্পৰ্শ কৰিলে।
  • যৌনতাৰ বাবে কৰা দাবী অথবা অনুগ্ৰহ।
  • যৌনতাৰ বাবে আপত্তিজনক মন্তব্য আগবঢ়ালে।
  • অশালীন কথা বৰ্ণনা কৰিলে।
  • যিকোনো অবাঞ্ছিত শাৰীৰিক, মৌখিক অথবা অমৌখিক যৌন প্ৰকৃতিৰ আচৰণ কৰিলে বা ইংগিত দিলে।

উপৰিউক্ত লক্ষণসমূহৰ যিকোনো এটা বা ততোধিক লক্ষণ দেখা দিলে যৌন হাৰাশাস্তি বিষয়ক অপৰাধত গণ্ডীত ধৰা হয়। কৰ্মৰত ঠাইত মহিলাক যৌন নিৰ্যাতন কৰা অপৰাধক উদ্‌গনি যোগোৱা ব্যক্তিক অপৰাধীৰ সমানে শাস্তি প্ৰদান কৰা হয়।

কৰ্মৰত স্থনত যৌন হাৰাশাস্তি চলোৱা মহিলাৰ পৰিচয় সংবাদ মাধ্যমে আদালতৰ বিশেষ অনুমতি অথবা হুকুম অবিহনে প্ৰকাশ কৰিব নোৱাৰে। এই নিয়ম উলংঘা কৰিলে ছমাহৰপৰা এবছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে।

লিখকঃ বিৰাজ কুমাৰ দত্ত, দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate