অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰুৱা হিংসাৰ বলি মহিলাৰ অধিকাৰসমূহ

ঘৰুৱা হিংসাৰ বলি মহিলাৰ অধিকাৰসমূহ

বহু ঘৰৰ বন্ধ দুৱাৰৰ পিছফালে একোখন নৰক সৃষ্টি হয়। এই নৰকত মহিলা শাৰীৰিক, মানসিকভাবে নিৰ্যাতিত হয়। কিন্তু এই নৰকৰ কথা কেতিয়াবাহে পোহৰলৈ আহে। কিয়নো আক্ৰান্ত মহিলাগৰাকীয়েই নীৰৱে থাকে। তেওলোকে ভাৱে মৌন হৈ পৰিস্তিতিক গ্ৰহণ কৰি লোৱাটোৱে একমাত্ৰ বিকল্প। মানুহে কয় বিবাহ সৰগতে ঠিক হয়, কিন্তু এনে বহূ পীড়িত মহিলাৰ বাৱে বিবাহ যে মৰ্ত্যৰ নৰক সদৃশ হৈ পৰে। গাৰ্হস্থ্য হিংসা এতিয়া এটা আন্ত:ৰাষ্টীয় সমাস্যা। এই হিংসাই সামৰি লয় শাৰীৰিক, মানসিক আৰু যৌন উৎপীডন। পৰুষ-মহিলা দুয়ো ঘৰুৱা হিংসাৰ বলি হ’ব পাৰে, কিন্ন্তু মহিলাই মূলত: আক্ৰান্ত হয়। ৰাষ্ট্ৰস্ংঘ্অৰ জনস্ংখ্যা প্ৰ্তিবেদন অনুসৰি ভাৰতৰ দুই-তৃতীয়াংশ বিবাহিতা মহিলাই ঘৰুৱা হিংসাৰ বলি আৰু ১৫ৰ পৰা ৪৯ বছৰৰ ৭০ শতাংশ এনে মহিলা প্ৰ্হাৰ, ধৰ্যণ অথবা বলপূৰ্বক সম্ভোগৰ বলি হয়। সামগ্ৰিক্ভাৱে ৫৫ শতাংশতকৈ অধিক মহিলাই ঘৰুৱা হিংসাৰ বলি।

ভাৰতৰ মহিলাসকলক এনে হিংসা পৰা সুৰক্ষিত কৰিবলৈ স্ংসদে গাহ্ৰ্স্থ হিংসা প্ৰ্তিৰোধ আইন,২০০৫ত অনুমোদন জনায়। এই আইনৰ ৪(১) ন্ং ধাৰাত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে এই কথা বিস্বাস কৰিবলৈ কাৰণ বিচাৰি পায় যে তেও ঘৰুৱা হিংসাৰ বলি হৈছে বা হ’ব পাৰে তেও সুৰক্ষা বিযয়াক জনাব পাৰে। ‘প্ৰটেকচন অফিচাৰ’ বা এই সুৰক্ষা বিযয়াক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে। অসমত সাধাৰণতে জিলা সামাজিক কল্যাণ বিযয়া, মহিলা আৰু শিশু কল্যাণ বিযয়া বা শিশু উন্ন্যণ প্ৰ্জেক্ট বিযয়াক স্ংশ্লিষ্ট জিলাৰ প্ৰ্টেকচন অফিচাৰ হিচাপে নিযুক্তি দিয়া হয়। এনে বিযয়াসকলে স্ংশ্লিষ্ট প্ৰ্থম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ নিয়ন্ত্ৰ্ণত কাৰ্যনিৰ্বাহ কৰে। এই আইন হৈছে এখণ দেৱানী আইন- যি ঘৰুৱা হিংসাৰ বলিসকলক নিৰাপত্তা আৰু সহযোগ আগবঢ়ায়। যেতিয়া ঘৰুৱা হিংসাৰ অভিযোগ এজন আৰক্ষী বিযয়া, প্ৰ্টেকচেন অফিচাৰ, সেৱা প্ৰ্দানকাৰী বা দণ্ডাধীশক জনোৱা হয়,তেন্তে আক্ৰন্ত ব্যক্তিক নিম্নোক্ত কথাসমূহ জনোৱাটো তেওলোকৰ কৰ্তব্য।

(ক) এই আইনৰ এধীনত নিৰ্দিষ্ট সাহায্য লাভৰ বাবে আবেদন জনোৱাৰ অধিকাৰ।

(খ) সেৱা প্ৰদানকাৰী সেৱাৰ কথা।

(গ) প্ৰ্টেকচন অফিচাৰ সেৱাৰ কথা।

(ঘ) ‘legal services authorities act, 1987’ৰ অধীনত বিনামূলীয়া আইনী সেৱাৰ অধিকাৰ।

(ঙ) য’ত প্ৰয়োজন হয় তাত ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (ক) ধাৰাৰ অধীনত অভিযোগ দাখিলৰ অধিকাৰ।

এই আইনৰ অধীনত অভিযোগকাৰী মহিলাগৰাকীয়ে নিৰপত্তা, আৱাস,জিন্মা, ক্ষতিপূৰণ,আশ্ৰয় আৰু চিকিৎসাৰ সাহায্য বিচাৰিব পাৰি। এই গোচৰৰ মীমাংসা দুমাহ বা ৬০ দিনৰ ভিতৰত হ’ব লাগে। অৱশ্যে অত্যধিক গোচৰৰ হেচাৰ বাবে এয়া প্ৰায় অসম্ভৱ। এই আইনৰ অধীনত অভিযোগকাৰী মহিলাগৰাকীয়ে নিৰাপত্তা, আৱাস, জিন্মা, ক্ষতিপূৰণ, আশ্ৰয় আৰু চিকিৎসাৰ সাহায্য বিচাৰিব পাৰি। এই গোচৰৰ মীমাংসা দুমাহ বা ৬০ দিনৰ ভিতৰত হ’ব লাগে। অবেশ্য অত্যধিক গোচৰৰ হেচাৰ বাবে এয়া প্ৰায় অসম্ভৱ। এই আইনে ‘লিভ ইন’ সম্পৰ্ককো স্বীকৃতি দিয়ে। গতিকে যদি এগৰাকী মহিলা যদি লিভ ইন স্ংগীৰ দ্বাৰা নিৰ্যাতিত হয়, তেন্তে তেৱো এই আইনৰ সহায় ল’ব পাৰে।

এই আইনৰ অধীনত প্ৰ্টেকচন অফিচাৰে দণ্ডাধীশ্অলৈ এখন ঘৰুৱা ঘটনাৰ প্ৰ্তিবেদন পঠিয়ায়। এই প্ৰ্তিবেদন আৰক্ষী থানা, আক্ৰান্ত ব্যক্তি আৰু সেৱা প্ৰ্দানকাৰীলৈও পঠিওৱা হয়। প্ৰ্টেকচন অফিচাৰে অভিযোগকাৰীক ফলপ্ৰসূভাৱে সহযোগ আৰু পথ প্ৰ্দৰ্শন কৰি আশ্ৰয়, চিকিৎসা সেৱা,আইনী সাহায্য প্ৰ্দানৰ ব্যৱস্থা লাভত সহায় কৰিব লাগে। লগতে দণ্ডাধীশৰ ওচৰত আবেদন দাখিলৰ ক্ষেত্ৰতো আক্ৰান্তৰ হৈ ভূমিকা ল’ব লাগে প্ৰ্টেকচন অফিচাৰে। দণ্ডাধীশে সাধাৰণতে অভিযোগ পোৱাত ৩ দিনৰ ভিতৰতে আৱেদনৰ শুনানি ল’ব লগে। দণ্ডাধীশে যিকোনো পৰ্যায়ত আক্ৰান্ত ব্যক্তিক সেৱা প্ৰ্দানকাৰীৰ অধিনত পৰামৰ্শ লোৱাৰ নিৰ্দেশ দিব পাৰে। সেৱা প্ৰ্দানকাৰীৰ অধীনন্ত পৰামৰ্শ লোৱাৰ নিৰ্দেশ দিব পাৰে। সেৱা প্ৰ্দানকাৰী (Service providers) হ’ল সেইগৰাকী ব্যক্তি যি এই আইনৰ ১০ নম্বৰ ধাৰাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। দণ্ডাধীশে এগৰাকী কল্যাণ বিশেষজ্ঞ (বিশেষকৈ মহিলা) ৰ সেৱাও নিজৰ সহযোগৰ বাবে গ্ৰ্হণ কৰিব পাৰে। ১৪ নম্বৰ ধাৰাৰ অধীনত দণ্ডাধীশে পদকীয়াৰ বক্তব্য গ্ৰহণ কৰি আৰু ঘৰুৱা হিংসা হোৱা বা হোৱাৰ সম্ভাৱনা থকাৰ বিষয়ে নিশ্চিত হৈ পদকীয়া পক্ষক যিকোনো ঘৰুৱা হিংসাৰপৰা বিৰত থকাৰ বাৱে প্ৰ্টেকচন অৰ্ডাৰ বা নিৰাপত্তাৰ নিৰ্দেশ দিব পাৰে। পদকীয়া পক্ষৰ ভিতৰত আক্ৰান্ত ব্যক্তিৰ সৈতে ঘৰুৱা সম্পৰ্ক থকা আৰু স্বামী বা পুৰুষ স্ংগীৰ সম্পৰ্কীয়সকল পৰে। দণ্ডাধীশে আবাস আৰু বিত্তীয় সাহায্যৰ নিৰ্দেশো দিব পাৰে। এই ‘প্ৰ্টেকচন অৰ্ডাৰ’ ভ্ংগ হোৱাটো বিচাৰযোগ্য, জামিনৰ অযোগ্য অপৰাধ আৰু ইয়াৰ শাস্তি এবছৰ পৰ্যন্ত হ’ব পাৰে।

সামগ্ৰিকভাৱে এই আইনৰ অধীনত মহিলা মূল অধিকাৰসমূহ হ’ল-

১। বিবাদৰ সময়তো মহিলাগৰাকীয়ে তেওৰ স্বামী বা স্ংগীৰ সৈতে ঘৰত থকিব পাৰে।

২। এই আইনে আক্ৰান্ত মহিলাই জৰুৰীকালীন সাহায্য লাভৰ প্ৰয়োজনীয়তাক স্বীকৃতি দিছে। এই সহয্য তেওক স্বামীয়ে দিব।

৩। ঘৰুৱা হিংসাৰ বলি এগৰাকী মহিলাই আৰক্ষী, আশ্ৰয় গৃহ আৰু চিকিৎসাৰ অধিকাৰ লাভ কৰিব।

উৎসঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 6/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate