অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধাৰা ৩০৯

আত্মহত্যা অপৰাধ নহয়

ভাৰতবৰ্ষত আত্মহনন কৰা অথবা আত্মহননৰ বাবে চেষ্টা কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ থকা বিষয়টো উদ্বেগৰ কাৰণ। মানুহৰ এই প্ৰৱণতা আজিৰ নহয় যদিও সম্প্ৰতি যে বৃদ্ধি পাইছে সেয়া নিশ্চিত। মানুহৰ এই আত্মহননৰ প্ৰৱণতাৰ বিলোপ ঘটাবলৈকে ভাৰতীয় দণ্ডবিধিৰ ৩০৯ নং ধাৰাৰ সংযোজন ঘটোৱা হৈছিল। সম্প্ৰতি ভাৰতীয় ন্যায়িক আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এই ৩০৯ নং ধাৰা বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা দণ্ডবিধিৰ এই ধাৰাৰ আওতাত আত্মহত্যাৰ চেষ্টা চলোৱা কোনো লোকে শাস্তিৰ সন্মুখীন নহ’ব। ৩০৯ নং ধাৰাত কোৱা হৈছিল যে যদিহে কোনো লোকে আত্মহত্যাৰ চেষ্টা চলায় বা এনে অপৰাধ সংঘটিত কৰিবলৈ যদি কোনো কৰ্মত লিপ্ত হোৱাটো প্ৰমাণিত হয়, তেতিয়া হ’লে তেনে লোকৰ সাধাৰণ শাস্তি হিচাপে এবছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড হ’ব পাৰে বা জৰিমনা ভৰিবলগীয়া হ’ব পাৰে বা দুয়োটা শাস্তিয়েই লাভ কৰিব পাৰে।

সম্প্ৰতি দেশৰ ন্যায়িক আয়োগে ২১০ তম প্ৰতিবেদনত আত্মহত্যাৰ চেষ্টা কৰা লোকক মানৱীয় দৃষ্টিভংগীৰে অপৰাধীকৰণ ব্যৱস্থাৰ পৰা মুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাটো আশাব্যঞ্জক দিশ বুলি ক’ব পাৰি। প্ৰতিবেদনত আয়োগে মন্তব্য কৰিছে যে আত্মহত্যাৰ প্ৰচেষ্টা লোকজনৰ ৰুগ্ন মানসিক অৱস্থাৰ প্ৰতিফলন, যাক নিৰাময়ৰ বাবে চিকিৎসা আৰু যত্নৰহে প্ৰয়োজন। কোনো সাংবাধিক বা আইনী শাস্তিৰ দ্বাৰা নহয়। প্ৰতিবেদনতখনত উল্লেখ কৰা আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল আত্মহননৰ চেষ্টা চলোৱা লোক এজনক তথ্য প্ৰমাণৰ ভিত্তিত ৩০৯ নং ধাৰাৰ আধাৰত শাস্তি প্ৰদান কৰাটো দ্বৈত শাস্তিহে হয়। কিয়নো এজন লোকে আত্মহননত বিফল হৈ মানসিক আতিশয্য বা মানসিক ভাৰসাম্যহীনতাত নিমজ্জিত হৈ একধৰণৰ শাস্তি ইতিপূৰ্বে লাভ কৰেই। ইয়াৰ পিছতো পুনৰ ন্যায়িক অধীনত শাস্তি প্ৰদান কাৰ্য্যই তেওঁক দ্বিতীয় শাস্তি প্ৰদান হৈ পৰে। এই ঘটনাৰ ফলত লোকজন অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰাৰহে অৱকাশ থাকে। প্ৰতিবেদনত এই ব্যৱস্থাক ন্যায়িক অন্যায় বুলি কোৱা হৈছে। প্ৰতিটো মানৱ জীৱনক ৰাষ্ট্ৰৰ সম্পদ বা শৌৰ্য হিচাপেহে ধৰি লোৱা উচিত। আয়োগে দণ্ডবিধিৰ ধাৰা ৩০৯ বাতিল কৰাৰ প্ৰয়োজন বুলি এই কাৰণে অনুভৱ কৰিছে যে সাংবাধিকভাৱেই হওক বা অ-সাংবাধিকভাৱেই হওক এই শাস্তি বিহাৰ ব্যৱস্থা মানৱীয় প্ৰমূল্যবোধৰ বিৰোধী ব্যৱস্থা।

এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে ভাৰতৰ ১৮ খন ৰাজ্য তথা ৪ খন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সমৰ্থন গ্ৰহণ কৰি কেন্দ্ৰী চৰকাৰে এই ধাৰাটো বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ঘটনাক দেশৰ জনসাধাৰণে আদৰণি জনোৱাৰ প্ৰয়োজন আছে। দেশৰ গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী হৰিভাই পাৰ্থিভাই চৌধুৰীয়ে ১০ ডিচেম্বৰত ৰাজ্যসভাত দাঙি ধৰা তথ্য অনুসৰি বিগত বৰ্ষত এক লাখ ত্ৰিশ হাজাৰ লোকে ভাৰতবৰ্ষত আত্মহননৰ পথ বাছি লৈছিল। এনে আত্মহত্যাৰ ঘটনা হেনো মহাৰাষ্ট্ৰত সৰ্বাধিক, দ্বিতীয় স্থানত আছে তামিলনাডু।

আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা এনে লোকৰ ভিতৰত কৃষকৰ সংখ্যাই সৰ্বাধিক। এতিয়া প্ৰশ্ন হ’ল ৩০৯ নং ধাৰাৰ বাতিলকৰণৰ সিদ্ধান্ত আদৰণীয় যদিও এই আত্মহননৰ প্ৰৱণতা ৰোধৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব?

আন এটা প্ৰশ্ন হ’ল-এই ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দৃষ্টিভংগী কেনেধৰণৰ? কেইবা বছৰৰ আগেয়ে পি ৰথিনাথ আৰু নাগভূষণ পাটনায়কে গ্ৰাম ভাৰত চৰকাৰ গোচৰত দণ্ডবিধিৰ ৩০৯ নং ধাৰা সম্পৰ্কীয় এটি পূৰ্বৰ গোচৰ নাকচ কৰি এই ধাৰাটোক অসাংবিধানিক বুলি মন্তব্য কৰিছিল। এখন ৰাষ্ট্ৰত য’ত মুঠ জনসংখ্যাৰ আধাই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে, তেনে লোকৰ বাবে আত্মহননৰ জৰিয়তে মৃত্যুৰ অধিকাৰ সাব্যস্ত হ’বলৈ দিব নোৱাৰি বুলিও এইটো ৰায়ত উল্লেখ কৰিছিল। ভাৰতীয় সংবিধানে অনুচ্ছেদ ২১ ত জীয়াই থকাৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰো প্ৰদান কৰিছে। ব্যক্তিগত স্বাধীনতা মানে আত্মহত্যাৰ জৰিয়তে মৃত্যুৰ কথা কোৱা হোৱা নাই। আন এটা গোচৰত উচ্চতম ন্যায়ালয়ে ৩০৯ নং ধাৰাৰ শাস্তি যে জেইল-জৰিমনা হ’ব লাগে সিও বাধ্যতামূলক নহয় বুলিও উল্লেখ কৰিছিল। যি যি কি নহওক, এগৰাকী নাগৰিকে আত্মহননৰ পথ বাছি লয় যেতিয়া ডাঙিব নোৱাৰা সমস্যাৰ ভৰত তেওঁ মানসিক ভাৰসাম্য হেৰুৱায়। এনে পৰিস্থিতিত ন্যায়িক আয়োগৰ ভাষ্য হ’ল মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যাত ব্যৰ্থ হোৱা লোক এজন প্ৰাকৃতিকভাৱে মানসিক শাস্তিত ইতিমধ্যেই ভোগী থাকে। গতিকে তেনে লোকক পুনৰ ন্যায়িক শাস্তি প্ৰদান মানৱীয় প্ৰমূল্যবোধৰ ভিতৰত নপৰে। তেজেন ব্যক্তিক সেই সময়ত আত্মবিশ্বাসী কৰা তথা চিকিৎসা প্ৰদান কৰাতহে গুৰুত্ব দিয়া উচিত। আয়োগৰ এনে পদক্ষেপ নি:সন্দেহে ভৱিষ্যতে মানসিক ভাৰসাম্য হেৰুওৱা লোকক প্ৰেৰণা দিব। কিন্তু ইয়াতো দুটা প্ৰশ্ন উদয় হয়-এই লোকসকলৰ মানসিক উত্তৰণৰ বাবে কেনেধৰণৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰা হ’ব? আৰু ধাৰা ৩০৯ ৰ অধীনত ইতিমধ্যে চলি থকা গোচৰবোৰ বাতিল কৰি অপৰাধীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ কেনেধৰণৰ কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰা হ’ব? এই তথ্য প্ৰকাশ কৰাৰ লগতে দেশত কিমান এনে গোচৰ বিচৰাধীন হৈ আছে তাকো মুকলি কৰাৰ প্ৰয়োজন আছে।

লিখক: ধীৰাজ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate