অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ন্যায় পাবলৈ কিদৰে আগবাঢ়িব গ্ৰাহক?

ন্যায় পাবলৈ কিদৰে আগবাঢ়িব গ্ৰাহক?

এপদ এপদকৈ এতিয়া সকলো সামগ্ৰী আৰু সেৱাৰ মূল্য আকাংশলংঘী। চৰকাৰ আৰু প্ৰশাসন চূড়ান্ত অমানৱীয়তাৰ পৰিচয় দি নিৰ্বিকাৰ। তাৰ পিছতো কিন্তু এই দেশৰ সৰ্বসাধাৰণে জেপ খালী কৰিও উচিত সামগ্ৰী বা সেৱা লাভ নকৰে। সেয়া লাগিলে মাছ-মঙহেই হওক বা ম’বাইল ফোনৰ সেৱাই হওক। গ্ৰাহকক চূড়ান্ত অন্যায় এতিয়া এই দেশত স্বাভাৱিক ঘটনা। তথাপি গ্ৰাহকসকলে নিৰূপায় অথবা ন্যায় লাভৰ বাবে তৎপৰ নহয়।কিয়?

কাৰণ হৈছে গ্ৰাহকৰ সজাগতাৰ অভাৱ। কিন্তু গ্ৰাহক সজাগতা আহিব কেনেকৈ? চৰকাৰে ‘জাগো গ্ৰাহক জাগো’ৰ বিজ্ঞাপন দি দায়িত্ব সামৰিলেও প্ৰৱঞ্চিত গ্ৰাহকেনো কিদৰে ন্যায় লাভৰ বাবে আগবাঢ়িব সেই বিষয়ে কোনো বিস্তৃত তথ্য আগনবঢ়াব। সৰ্বসাধাৰণৰ বহুতৰ বাবে সামগ্ৰী ক্ৰয় কৰি প্ৰৱঞ্চিত হৈ ইন্টাৰনেটত বহি গ্ৰাহক আদালতৰ ওচৰ কিদৰে চাপিব পাৰি তাক জনাৰ অৱকাশ নাথাকে। ফলত দেশৰ শক্তিশালী গ্ৰাহক সুৰক্ষা আইন থাকিলেও তাৰ প্ৰভাৱ সীমিত আৰু লাভখোৰ বেপাৰীৰ অনৈতিক কাৰ্য সীমাহীন।

সেইবাবেই গ্ৰাহকসকলে প্ৰৱঞ্চিত হোৱাৰ পিছত মৌন হৈ থকাতকৈ গ্ৰাহক আদালতৰ ওচৰ চাপি ন্যায় লাভ কৰাৰ লগতে জালিয়াতিক পেছা জ্ঞান কৰাসকলক এশিকনি দিয়াটো এতিয়া সামাজিক দায়িত্বৰ দৰে হৈ পৰিছে। কিন্তু তাৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো জনা প্ৰয়োজন। তাৰে থুলমূল ব্যাখ্যা আগবঢ়োৱাৰ চেষ্টা কৰা হৈছে।

প্ৰথমেই জানি থোৱা ভাল যে আপুনি কেৱল গ্ৰাহক হ’লেহে এই অভিযোগ দাখিল কৰিব পাৰিব। যদি লেনদেন ব্যৱসায় সংক্ৰান্তীয় হয় তেন্তে অভিযোগ দাখিল কৰিব নোৱাৰি। যদি আপুনি নিজৰ ব্যৱসায়ৰ বাবে অৰ্থাৎ পুনৰ বিক্ৰীৰ বাবে কোনো সামগ্ৰী কিনে তেন্তে আপুনি নিজৰ ব্যৱহাৰৰ বাবে সামগ্ৰী বা সেৱা ক্ৰয় কৰে তেন্তে আপুনি গ্ৰাহক। গ্ৰাহকৰ অধিকাৰৰ বাবে যুঁজ কৰাৰ বাবে বিক্ৰেতাৰ দায়বদ্ধতা প্ৰমাণৰ হেতু কেতবোৰ নথিপত্ৰ লগত ৰাখিব লাগে। সেইবোৰ হ’ল বিল, ধন-আদায়ৰ প্ৰমাণ যেনে, ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেন্ট, সামগ্ৰীৰ ৱাৰেন্টী কাৰ্ড, সংশ্লিষ্ট বিক্ৰেতা পক্ষৰ সৈতে যিকোনো যোগাযোগৰ কপি আদি।

দ্বিতীয়তে, আপুনি যোগানকাৰী বা সেৱা প্ৰদানকাৰীক লিখিতভাৱে জাননী দি ভুল, আসোঁৱাহ আদি সংশোধনৰ বাবে ক’ব লাগিব। এই জাননী সৰল হ’ব লাগে, য’ত আপোনাৰ অভিযোগৰ কথা আঙুলিয়াই দিব লাগিব। সাধাৰণতে এমাহৰ জাননী দিয়া হয়। এনে জাননীৰে আদালতৰ বাহিৰতো বিষয়টো নিষ্পত্তি কৰিব পৰা হয়। যদি সংশ্লিষ্ট পক্ষই ক্ষতিপূৰণ নিদিয়ে তেতিয়া গ্ৰাহক আদালতৰ কাষ চাপিব পাৰি।

তৃতীয়তে, অভিযোগ সংশ্লিষ্ট ঘটনাৰ দুবছৰৰ ভিতৰত দাখিল কৰিব লাগে। যদি অভিযোগ দাখিলত যুক্তিসংগত কাৰণত বিলম্ব হয় তেন্তে গ্ৰাহক আদালতক এই বিলম্বৰ বাবে মাৰ্জনা কৰাৰ অনুৰোধ জনাব পাৰে।

অভিযোগ দাখিলৰ প্ৰক্ৰিয়া

তলত জিলা আদালতত অভিযোগ দাখিলৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰা হৈছে (ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় আদালতত নিজস্ব বিধি থাকিলেও প্ৰক্ৰিয়া প্ৰায় একেই)। যদিও অভিযোগ টাইপ কৰাটো বাধ্যতামূলক নহয়, টাইপ হ’লে ভাল। কাগজত ডাবল স্পেছ দিয়া আৰু বাওঁফাল, ওপৰত আৰু তলত ডেৰ ইঞ্চিৰ মাৰ্জিনৰ ঠাই এৰা ভাল। প্ৰতিটো পৃষ্ঠাৰ নম্বৰ দিয়া উচিত।

যদি আবেদন দাখিলত পলম হয় তাৰ কাৰণ দৰ্শাই, নটাৰীৰ দ্বাৰা উপযুক্ত প্ৰক্ৰিয়াৰে নিশ্চিত কৰিব লাগে। আবেদনত অভিযোগৰ বিৱৰণ কালক্ৰমানুসৰি দিয়া ভাল। কিহৰ ভিত্তিত ক্ষতিপূৰণ বিচৰা হৈছে তাৰো চমু বিৱৰণ থাকিব লাগে। আবেদনত অভিযোগকাৰীয়ে স্বাক্ষৰ কৰিব লাগে।

গ্ৰাহক আদালতত আপুনি নিজেও হাজিৰ হ’ব পাৰে বা কোনো ঘনিষ্ঠ আত্মীয়ক হাজিৰ হোৱাৰ অনুমতি দিব পাৰে। যদি অধিবক্তাৰ সহায় লৈছে তেন্তে ওকালত নামা দাখিল কৰিব লাগিব। তেতিয়া অধিবক্তাইহে সকলো পেপাৰ ৱৰ্ক কৰিব আৰু শুনানিত উপস্থিত থাকিব। যদি আপোনাৰ আত্মীয়ক দায়িত্ব দিছে-তেন্তে কৰ্তৃত্ব দিয়াৰ পুত্ৰ দাখিল কৰিব লাগিব। অভিযোগৰ বিষয়বস্তু সত্য বুলি শপতনামা, আপোনাৰ অভিযোগৰ সমৰ্থনত সকলো নথি-পত্ৰৰ প্ৰতিলিপিও দাখিল কৰিব লাগে। এনে নথিৰ এখন  মৌলিক আৰু দুখন জেৰক্স কপি হ’ব লাগিব। অভিযোগ গ্ৰহণ হ’লে পক্ষ অনুযায়ী প্ৰতিলিপি দাখিল কৰিব লাগিব।

২০ লাখ টকা পৰ্য্যন্ত ক্ষতিপূৰণ দাবীৰ বাবে জিলা, ২০ লাখৰ পৰা ১ কোটি টকা পৰ্য্যন্ত ক্ষতিপূৰণৰ বাবে ৰাজ্যিক, ১ কোটি টকাৰ অধিক ক্ষতিপূৰণৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাহক আদালতত আবেদন জনাব লাগে। জিলা আদালতত ক্ষতিপূৰণৰ পৰিমাণ অনুসৰি মাচুল হৈছে এনেধৰণৰ-

  • এক লাখ পৰ্য্যন্ত ১০০ টকা।
  • দুই লাখৰ পৰা ৫ লাখ পৰ্য্যন্ত ২০০ টকা।
  • পাঁচ লাখৰ পৰা ১০ লাখ টকা পৰ্য্যন্ত ৪০০ টকা।
  • দহ লাখৰ পৰা ২০ লাখ টকা পৰ্য্যন্ত ৫০০ টকা। ৰাজ্যিক আদালতৰ ক্ষেত্ৰত ২০ লাখৰ পৰা ৫০ লাখ পৰ্য্যন্ত ২০০০ টকা, ৫০ লাখৰ ১ কোটি টকা পৰ্য্যন্ত ৪০০০ টকা মাচুল ধাৰ্য হৈছে। ৰাষ্ট্ৰীয় আদালতৰ ক্ষেত্ৰত অৰ্থাৎ ১ কোটি টকাৰ ঊৰ্দ্ধত মাচুল হৈছে ৫০,০০০ টকা।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 1/10/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate