সাম্প্ৰতিক সময়ত সমাজত দিনক দিনে বৃদ্ধি পোৱা যৌতুক দাবী, যৌতুকৰ বাবে হত্যা অথবা বাধ্য হৈ আত্মহত্যা কৰা, হাই-কাজিয়া আদি ঘৃণনীয় অপৰাধৰ পৰিপ্ৰেক্ষিতত যৌতুকৰ বাবে অহেতুক দাবী নিষিদ্ধ কৰাৰ সময় সমাগত হৈছে। ইয়াৰ বাবে প্ৰনয়ণ হোৱা যৌতুক নিবাৰণ আইন, ১৯৬১ ৰ অধীনত সন্নিৱিষ্ট কৰা বিধানৰ বিষয়ে কিছু আলোচনা কৰাৰ প্ৰয়োজনবোধ কৰিছোঁ।
যৌতুক দিয়া অথবা লোৱা কাৰ্য্যক অত্যন্ত গৰ্হিত আৰু শাস্তিমূলক অপৰাধ হিচাপে গণ্য কৰি যৌতুক যেন নাৰীৰ কল্যাণকামী ব্যৱস্থাহে হয়, তাৰ বাবে মানুহক সচেতন কৰি যৌতুক দাবীৰ নিৰ্মূলকৰণৰ বাবেই যৌতুক নিবাৰণ আইন, ১৯৬১ প্ৰৱৰ্তন হৈছে। অৱশ্যে বিয়াৰ বাবে দৰাপক্ষৰ অথবা কইনাপক্ষৰ আৱশ্যকীয় কাপোৰ-কানি, গহনা, থকা লোৱাৰ বাবে বিচনাপত্ৰ আদি যিবোৰ বিয়াৰ বাবে অপৰিহাৰ্য দ্ৰব্য আৰু যাৰ মূল্য দুহেজাৰ টকাৰ অধিক নহয় সেইবোৰ উক্ত আইনৰ গণ্ডীত যৌতুক দিয়া উভয় ক্ষেত্ৰতে শাস্তিৰ বিধান সম্পৰ্কে আলোচিত হৈছে। উক্ত আইনখন প্ৰৱৰ্তন কৰাৰ পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৬১ চনৰ পিছৰছোৱা সময়ৰ পৰা কোনো ব্যক্তিয়ে যৌতুক দিয়া বা লোৱাৰ ক্ষেত্ৰত অৰিহণা যোগালৈ যথাক্ৰমে পাঁচ বছৰৰ কাৰাদণ্ড আৰু পোন্ধৰ হাজাৰ টকা অথবা যৌতুকৰ মূল্য, যিটোৱে অধিক হ’ব, সেই পৰিমাণৰ অৰ্থদণ্ডৰ সন্মুখীন হ’ব লাগিব। অৱশ্যে বিয়াৰ সময়ত দৰা বা কইনা পক্ষৰ দাবী নোহোৱাকৈ উপহাৰ হিচাপে দিয়া বয়-বস্তু এই সূত্ৰৰ গণ্ডীৰ ভিতৰত নপৰে।
যৌতুক নিবাৰণ আইনৰ ৪ নম্বৰ ধাৰাৰ অধীনত কোনো ব্যক্তিয়ে যদি যৌতুক অন্যায়ভাৱে দাবী কৰে তেতিয়াহ’লে সেই ব্যক্তিৰ বিৰুদ্ধে যৌতুক দাবী কৰাৰ বাবদ দিবলগীয়া শাস্তিৰ বিধান আছে। কোনো ব্যক্তিয়ে বিয়াৰ দৰাপক্ষ অথবা কইনাপক্ষৰ মাক-দেউতাক, পৰিয়ালৰ আন আত্মীয়-স্বজন আদিৰ পৰা যৌতুক দাবী কৰি ল’লে ছয় মাহৰ পৰা দুই বছৰ পৰ্য্যন্ত কৰা দণ্ড আৰু দহ হাজাৰ পৰ্য্যন্ত অৰ্থদণ্ড হ’ব পাৰে। আনহাতে, এবাৰ যৌতুক দাবী কৰাৰ পিছত আৰু সেই দাবী পূৰণ কৰিবলৈ সন্মত হোৱাৰ পিছত পুনৰাই তাক নোদোহাৰিলে এই ধাৰাৰ অধীনত শাস্তিৰ যোগ্য। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এক ৰায়দানৰ যোগেদি যৌতুকৰ বাবে দাবী কৰা প্ৰথাটো আৰম্ভণি পৰ্য্যায়তে নিৰ্মূল কৰাটোৱেই হ’ল এই আইনৰ ৪ নম্বৰৰ ধাৰাৰ মূল উদ্দেশ্য। যৌতুক নিবাৰণ আইনৰ ৪ নম্বৰ ধাৰাৰ উপধাৰা ‘ক’ মতে আকৌ বিয়াৰ দৰা বা কইনাৰ উদ্দেশ্যে টকা-পইচা অথবা কোনো মূল্যৱান সম্পত্তি বা নিজ ব্যৱসায়ৰ অংশ প্ৰদান কৰিবলৈ কোনো ধৰণৰ বিজ্ঞাপন আদি প্ৰকাশ কৰিলে ছমাহৰ পৰা পাঁচ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু পোন্ধৰ হাজাৰ টকা পৰ্য্যন্ত অৰ্থদণ্ডৰে দণ্ডনীয় হ’ব পাৰে। এই আইনৰ ৫ নম্বৰ ধাৰাৰ অধীনত যৌতুক দিবলৈ বা ল’বলৈ সম্পাদন কৰা চুক্তি-পত্ৰ বা বাইনা-পত্ৰ অগ্ৰাহ্য হ’ব। ৬ নম্বৰ ধাৰাত স্ত্ৰী বা তেওঁৰ উত্তৰাধিকাৰীসকলৰ বাবে যৌতুকৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাৰ বিধান আছে। এই ধাৰাৰ অধীনত কোনো ব্যক্তিয়ে বিয়াৰ আগতে, বিয়াৰ সময়ত অথবা বিয়াৰ পিছত কন্যাৰ হৈ যৌতুক গ্ৰহণ কৰাৰ তিনিমাহৰ ভিতৰত সেই কন্যাক সমৰ্পণ কৰিব লাগিব। ঠিক তেনেদৰে বিয়াৰ সময়ত কন্যাগৰাকী যদিহে নাবালক হয়, তেওঁ সাবালক হোৱাৰ এবছৰ ভিতৰত সেই যৌতুকে তেওঁৰ হাতত দিব লাগে।
তেনে কোনো কন্যা সাবালক হোৱাৰ পূৰ্বে মৃত্যুবৰণ কৰিলে সেই যৌতুকৰ সম্পত্তি তেওঁৰ উত্তৰাধিকাৰীক সমৰ্পণ কৰিব লাগিব। নাবালক থকা সময়খিনিত তেনে সম্পত্তি জিম্মাত ৰাখিব লাগে। এই বিধান উলংঘন কৰিলে তেনে ব্যক্তিৰ ক্ষেত্ৰত ছমাহৰ পৰা দুবছৰ পৰ্য্যান্ত কাৰাদণ্ড আৰু পাঁচ হাজাৰ পৰ্য্যন্ত অৰ্থদণ্ড হ’ব পাৰে। এই দণ্ডৰ উপৰি যৌতুকৰ সম্পত্তি এক নিৰ্ধাৰিত সময়ৰ ভিতৰত ঘূৰাই দিব লাগিব আৰু এই নিৰ্দ্ধাৰিত সময় উকলি গ’লে সেই যৌতুক সম্পত্তিৰ সমমূল্য তেওঁৰ পৰা আদায় কৰা হয়। এই ধাৰাৰ অধীনত বিয়াৰ পিছতে কন্যাই তেওঁৰ স্বামী বা শহুৰ-শাহুৰ ওচৰত জমা থোৱা বা তেওঁলোকৰ পৰা জমা লোৱা যৌতুকৰ কাপোৰ-কানি, আ-অলংকাৰ পাতি বা আন বয়-বস্তু দাবী কৰিব পাৰে। উক্ত আইনৰ ৭,৮,৮ (ক) আৰু খ) ধাৰাৰ অধীনত যৌতুকৰ ক্ষেত্ৰত ওপৰত উল্লেখ কৰা অপৰাধসমূহৰ বিৰুদ্ধে কাৰ্য্যপ্ৰণালীৰ উল্লেখ আছে। এই ধাৰাবোৰৰ আধাৰত এনে ধৰণৰ অপৰাধৰ বিচাৰ কৰাৰ দায়িত্ব ফৌজদাৰী আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশগৰাকীয়ে নিজে অথবা আৰক্ষীৰ জৰিয়তে এই অপৰাধৰ বলি হোৱা কোনো ব্যক্তি, তেওঁৰ আত্মীয়-স্বজন আৰু স্বীকৃতিপ্ৰাপ্ত সমাজহিতৈষী সংগঠনৰ আবেদনৰ ভিত্তিত এনে অপৰাধৰ গোচৰ হাতত ল’ব পাৰে। এই আইন ৮ (খ) ধাৰাৰ অধীনত যৌতুক নিবাৰণী বিষয়াৰ বিধান আছে। ৰাজ্য চৰকাৰে এনে যৌতুক নিবাৰণ বিষয়া নিযুক্তি দি তেওঁলোকৰ কৰ্মস্থানৰ সীমা নিৰ্দ্ধাৰণ কৰি দিব পাৰে। ৰাজ্য চৰকাৰে ১৯৮৬ চনত এই আইনৰ সংশোধন ঘটাই ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (খ) ধাৰাটো আৰু ১৯৮৩ চনত ভাৰতীয় দণ্ডবিধিৰ আইনৰ ৪৯৮ (ক) ধাৰাৰ সংযোজন ঘটাই আইনখনৰ সংশোধন ঘটাইছে।
লিখক: বিৰাজ কুমাৰ দত্ত, গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা।
শেহতীয়া উন্নীতকৰণ: : 3/23/2020