অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুৰ্বল শ্ৰেণীৰ বাবে বিনামূলীয়া আইনী সাহাৰ্য্য

দুৰ্বল শ্ৰেণীৰ বাবে বিনামূলীয়া আইনী সাহাৰ্য্য

ভাৰতৰ সংবিধানত উল্লেখ থকা অন্যতম মৌলিক অধিকাৰ হৈছে সমতাৰ অধিকাৰ। তাৰ ভিতৰত উল্লেখনীয় হ’ল- “Equality before law” আৰু “Equal protection of law” অৰ্থাৎ আইনৰ চকুত সকলো সমান, ৰজা-প্ৰজা, ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদাভেদ কৰিবলৈ আইনে অনুমতি নিদিয়ে আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিয়ে। অৰ্থাৎ দেখা যায় যে নিজৰ অধিকাৰ ৰক্ষাৰ যুঁজত ধনী মানুহৰ হাতত দুখীয়া মানুহ বহু সময়ত পৰাজিত হয়। কাৰণ এজন ভাল অধিবক্তা নিয়োগ কৰি নিজৰ গোচৰ সুচাৰুৰূপে চলোৱাত এজন দুখীয়া ব্যক্তি অসমৰ্থ। প্ৰতিটো গোচৰত প্ৰতিটো দিন নিৰ্দিষ্ট কাৰ্য্যৰ বাবে আদালতে নিৰ্দ্ধাৰণ কৰি দিয়ে। যদি এজন দুখীয়া ব্যক্তিয়ে অৰ্থৰ অভাৱত সঠিক সময়ত গোচৰত সঠিক পদক্ষেপ ল’ব নোৱাৰে, তেন্তে তেও গোচৰত মনে বিচৰা ফল নাপায়। সমাজৰ আৰ্থিক, সামাজিক, শাৰিৰীক আৰু মানসিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে বহু সময়ত আইনৰ সহায়ৰ পৰা বঞ্চিত হোৱা দেখা যায়। এই সমস্যা সমাধান কৰিবলৈ চৰকাৰ আৰু ন্যায়পালিকাই দুখীয়া লোকসকলৰ প্ৰতি বিনামূলীয়াকৈ আইনী সাহাৰ্য্য আগবঢ়াইছে। এই বিনামূলীয়া আইন সাহাৰ্য্যসমূহ হ’ল-

১) আইনী সাহাৰ্য্য পাবলগীয়া দুখীয়া ব্যক্তিৰ বাবে উপযুক্ত অধিবক্তা নিয়োগ কৰা,

২) এনেদৰে নিয়োগ কৰা অধিবক্তাক মাচুল প্ৰদান কৰা।

৩) গোচৰ চলাবলৈ যাৱতীয় খৰচ বহন কৰা।

৪) গোচৰত সাক্ষী আনিবলৈ পৰিবহনৰ খৰচ ব্যয় কৰা।

৫) এনেদৰে পৰিচালিত গোচৰত দিয়া হুকুমৰ সত্য প্ৰমাণিত প্ৰতিলিপি বিনা খৰচত দুখীয়া ব্যক্তিক যোগান ধৰা।

৬) এনে গোচৰ আদালতত তৰাৰ আগতে আপোচ-আলোচনাৰ মাজেৰে দুয়োপক্ষৰ মাজত গোচৰ নিষ্পত্তিৰ চেষ্টা কৰা হয়। ইয়াৰ বাবে আদালতত ‘Mediation Centre’ স্থাপন কৰা হৈছে য’ত অভিজ্ঞ ‘Mediator/Counselor’ ৰ দ্বাৰা দুয়োপক্ষক মুখামুখীকৈ বহুৱাই লৈ সমস্যাৰ সমাধান কৰা হয়। এনেদৰে নিষ্পত্তি হোৱা গোচৰ লোক আদালতৰ জৰিয়তে বিধিসন্মত কৰা হয়। সকলো ব্যক্তিয়েই এই বিনামূলীয়া আইন সাহাৰ্য্য পোৱাৰ যোগ্য নহয়। সমাজৰ যিসকল শ্ৰেণীৰ লোক শাৰিৰীক, মানসিক আৰু আৰ্থিকভাৱে দুৰ্বল তেওঁলোকেহে এই আইনী সাহাৰ্য্য পায়।

এইসকল লোক হ’ল-

১) যিকোনো লোক যাৰ বাৰ্ষিক আয় ৫০,০০০ টকাৰ কম।

২) মহিলা আৰু শিশু।

৩) অনুসূচিত জাতি আৰু জনজাতীয় লোক।

৪) মানৱ সৰবৰাহকাৰীৰ দ্বাৰা পীড়িত বা মগনীয়া।

৫) মানসিকভাৱে অসুস্থ বা অন্যান্য অক্ষম লোক।

৬) ঔদ্যোগিক কৰ্মী।

৭) প্ৰাকৃতিক দুৰ্যোগ যেনে-ভূমিকম্প, বানপানী, খৰাং বতৰ, ঔদ্যোগিক দুৰ্ঘটনা আদিত পীড়িত বা ব্যক্তিগত আৰু গোষ্ঠীগত সংঘৰ্ষত পীড়িত লোক।

৮) কাৰাগাৰ, কিশোৰ গৃহ, মানসিক চিকিত্সালয় আদিত আবদ্ধ লোক। এইসকল লোকে বিনামূলীয়া আইন সাহাৰ্য্য পাবলৈ এখন প্ৰ-পত্ৰ পূৰণ কৰিব লাগে। এনে প্ৰ-পত্ৰ বিনামূলীয়াকৈ প্ৰতিখন জিলাৰে সচিব, জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্য্যলয়ত পোৱা যায়। এই কাৰ্য্যলয় প্ৰতিখন জিলাৰে সত্ৰ আৰু দেৱানী ন্যায়াধীশৰ কাৰ্য্যালয়ত আছে। তদুপৰি প্ৰতিখন জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰতিটো মহকুমাৰ ন্যায়িক দণ্ডাধীশ আৰু ন্যায়িক দণ্ডাধীশ (প্ৰথম শ্ৰেণী)ৰ কাৰ্য্যালয়তো এনে প্ৰ-পত্ৰ পোৱা যায়।

বিনামূলীয়া আইনী সাহাৰ্য্য ন্যায়পালিকা আৰু চৰকাৰে লোৱা এটা উল্লেখনীয় পদক্ষেপ। আগতে দেখা গৈছিল যে আইনী সাহাৰ্য্যৰ অভাৱত বহু ব্যক্তি সামান্য অপৰাধৰ বাবেও বছৰৰ পিছত বছৰ কাৰাবাস খাটিব লগা হৈছিল। কিন্তু বৰ্তমান বিনামূলীয়া আইনী সাহাৰ্য্যৰ দ্বাৰা এনে শ্ৰেণীৰ লোকসকলে যথেষ্ট উপকৃত হৈছে। বহু দুখীয়া ব্যক্তিয়ে নিজৰ ন্যায্যা দাবী অৰ্থৰ অভাৱত ন্যায়পালিকাৰ আগত উত্থাপন কৰিব পৰা নাছিল। যাৰ ফলত আইনৰ ওপৰত বহু দুখীয়া ব্যক্তিয়ে বিশ্বাস হেৰুৱাই পেলাইছিল। যিহেতু আইন সকলোৰে বাবে সমান। তেনে ক্ষেত্ৰত দুখীয়া ব্যক্তিয়ে আইনৰ সাহাৰ্য্য পোৱাটো বাঞ্ছনীয়। সমাজৰ আৰ্থিক, সামাজিক, শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলক এই সাহাৰ্য্য প্ৰদান কৰাটো সংবিধান প্ৰণেতাসকলৰ সপোন বাস্তৱত ৰূপায়িত কৰি সাৰ্থক কৰাৰ ক্ষেত্ৰত মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে।

লিখকৰ পৰিচয়:

ধীৰাজ কুমাৰ দাস

অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate