অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এন আৰ ই জি এছ আৰু শ্ৰম বাজেটলৈ বিত্ত যোগান

৮.১ বিত্ত যোগানৰ ধৰণ

৮.১.১ কেন্দ্ৰীয় চৰকাৰে নিম্নলিখিত ব্যয়সমূহ বহন কৰিব।

১) অদক্ষ দৈহিক শ্ৰমিকসকলৰ মজুৰিৰ বাবদ হোৱা সমুদায় ব্যয়।

২) দক্ষ আৰু অৰ্ধদক্ষ শ্ৰমিক মজুৰিৰ লগতে সামগ্ৰীৰ মূল্যৰ ৭৫ শতাংশ।

৩) কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত প্ৰশাসনীয় ব্যয়। যেনে আঁচনি বিষয়া আৰু তেওঁৰ সহায়কাৰী কৰ্মচাৰীৰ দৰমহা আৰু ভাট্টা, কৰ্মস্থলীৰ সা-সুবিধা ইয়াত অন্তৰ্ভুক্ত হ’ব।

৪) কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদৰ প্ৰশাসনীয় ব্যয়।

৮.১.২ ৰাজ্য চৰকাৰে বহন কৰিবলগীয়া ব্যয়সমূহ

১) সা-সামগ্ৰীৰ মূল্য আৰু দক্ষ তথা অৰ্ধদক্ষ শ্ৰমিকৰ মজুৰিৰ ২৫ শতাংশ।

২) আবেদন জনোৱাৰ ১৫ দিনৰ ভিতৰত ৰাজ্য চৰকাৰে মজুৰিভিত্তিত নিযুক্তি দিব নোৱাৰিলে দিবলগীয়া দিব লগা ভাট্টা।

৩) ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ প্ৰশাসনীয় ব্যয়।

৮.২ নিয়োগ নিশ্চিত পুঁজি

৮.২.২ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত পুঁজিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ইয়াৰ নিৰ্ধাৰিত যথাবিহিত নিৰ্দেশনা মানি চলিব লাগিব। এনৰেগা ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰ অথবা জিলাবোৰলৈ এই পুঁজিৰ পৰাই অনুদান মোকলাই দিব লাগিব। ৰাজ্য চৰকাৰে অধিসূচনা জাৰি কৰি ৰাজ্যিক নিয়োগ নিশ্চিত পুঁজি গঠন কৰিব পাৰে। আইনখনৰ উদ্দেশ্য সাধনৰ বাবে নিৰ্ধাৰিত নীতি আধাৰত এই পুঁজি ব্যয় কৰাৰ লগতে ইয়াত আবৰ্ত পুঁজি হিচাপে পৰিচালনা কৰা হ’ব।

৮.২.৩ এন আৰ ই জি এছৰ অধীনত জিলাত ব্লক আৰু গাঁও পঞ্চায়ত পৰ্য্যায়তো একে ধৰণৰ আবৰ্ত পুঁজি গঠন কৰিব লাগিব।

৮.২.৪ পুঁজি চলাচল আৰু ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে এক সম্পূৰ্ণ বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা প্ৰস্তুত কৰিব। এই ব্যৱস্থাই স্বচ্ছতা, কাৰ্যকাৰিতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ লগতে চূড়ান্ত ফলাফলৰ দিশত পুঁজিৰ ব্যৱহাৰৰ পথ প্ৰশস্থ কৰিব লাগিব।

৮.২.৫ উক্ত আঁচনিৰ অধীনস্থ পুঁজিৰ বাবে ৰাজ্যিক, জিলা আৰু ব্লক পৰ্য্যায়ত সুকীয়া সুকীয়াকৈ বেংক একাউন্ট খুলিব লাগিব। এই একাউন্টবোৰ ৰাজহুৱা খণ্ডৰ বেংকত খুলিব লাগিব।

৮.২.৬ এন আৰ ই ছি এছৰ বাবে আবন্টিত পুঁজি কোনো পৰিস্থিতিতে আন উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰিব।

৮.৩ পুঁজি মুকলি

৮.৩.১ এছ জি আৰ ৱাইৰ সৈতে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ পাৰ্থক্য হ’ল ইয়াত পূৰ্ব নিৰ্ধাৰিত আবন্টনত সলনি ৰাজ্যৰ প্ৰস্তাৱভিত্তিত পুঁজি মোকলাই দিয়া হয়।

৮.৩.২ এনৰেগাৰ অধীনত অধিসূচনা জাৰি কৰাৰ পাছত জিলা এখনৰ এন আৰ ই জি এছ একাউন্টত ‘ছীডমানি’ হিচাপে মোকলাই দিবলগীয়া পুঁজিৰ পৰিমাণ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ধাৰ্য কৰা হ’ব। আঁচনি বিষয়াৰ সৈতে যোগাযোগৰ ভিত্তিত জিলাৰ পৰা গাঁও পঞ্চায়তলৈ পুঁজিৰ চলাচল হ’ব পাৰে। মন্ত্ৰালয়, ৰাজ্য আৰু জিলাৰ পৰা পুঁজিৰ চলাচলৰ তথ্য অনলাইনযোগে অন্তৰ্ভুক্ত কৰিবলৈ ডাটা এন্ট্ৰি ব্যৱস্থালৈ গৈ http://nrega.nic.in/netnrega/home.aspx ব্যৱহাৰ কৰিব লাগিব।

৮.৪ শ্ৰম বাজেট

এনৰেগাৰ চতুৰ্থ অধ্যায়ৰ ১৪ নং দফাৰ অন্তৰ্গত উপ-দফা (৬) ত উল্লেখ কৰা হৈছে যে জিলা এখনত অশৈলীগত দৈহিক শ্ৰমৰ সম্ভাৱ্য চাহিদা আৰু এনৰেগা আঁচনিয়ে সামৰি লোৱা বিভিন্ন কামত শ্ৰমিকৰ নিযুক্তিৰ আঁচনিৰ বিস্তৃত বিৱৰণেৰে জিলা আঁচনি সমন্বয়কে প্ৰতি বছৰ ডিচেম্বৰ মাহত পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে এখন শ্ৰম বাজেট প্ৰস্তুত কৰিব। শ্ৰম বাজেটৰ পূৰ্বানুমানৰ ভিত্তিত প্ৰয়োজনীয় পুঁজিৰ মূল্যায়ংকন কৰিব গ্ৰামোন্নয়ন মন্ত্ৰালয়ে। এই শ্ৰম বাজেট পৰীক্ষাৰ লগতে পূৰ্বতে মোকলাই দিয়া পুঁজিৰ ব্যৱহাৰ সন্দৰ্ভত পৰ্যালোচনা কৰি কেন্দ্ৰীয় পুঁজি অনুমোদন কৰা হ’ব।

জিলাই প্ৰস্তুত কৰা আৰু অনুমোদন জনোৱা শ্ৰম বাজেটত হিচাপ কৰি উলিওৱা নিয়োগৰ চাহিদা, সৃষ্টি কৰিবলগীয়া আনুমানিক ব্যক্তি দিনৰ নিযুক্তি আৰু সেই চাহিদা পূৰণৰ বাবে প্ৰয়োজনীয় আনুমানিক ব্যয়ৰ হিচাপৰ বিষয়ে উল্লেখ কৰিব লাগিব। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে এই বাজেট প্ৰতি বছৰ ৩১ জানুৱাৰীৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব লাগিব। এখন ৰাজ্যৰ সকলো এনৰেগা জিলাৰ শ্ৰম বাজেটসমূহ সময়মতে জমা দিয়াটো সংশ্লিষ্ট ৰাজ্যখনৰ সচিবগৰাকীয়ে নিশ্চিত কৰিব লাগিব।

গ্ৰামোন্নয়ন মন্ত্ৰালয়ত দাখিল কৰিবলগীয়া শ্ৰম বাজেটৰ আৰ্হিৰ বিষয়ে ৮.৫.৫ নং দফাত ব্যাখ্যা কৰা হৈছে। শ্ৰমৰ মূল্যাংকন বাস্তৱসন্মত হোৱাৰ লগতে পৰিয়ালভিত্তিক প্ৰয়োজনীয়, নিযুক্তি দিনৰ আৱশ্যকতা আৰু প্ৰতি ব্যক্তি দিনত ব্যয় আদিৰ ক্ষেত্ৰত বিগত বছৰৰ সাফল্যৰ ধাৰাৰ সৈতে যথেষ্ট সাদৃশ্য হ’ব লাগিব। যদি নিয়োগৰ দাবী ব্যাপক হাৰত বৃদ্ধি পোৱা বুলি মূল্যাংকনত প্ৰকাশ পায় তেন্তে সংশ্লিষ্ট জিলাই এই সন্দৰ্ভত শ্ৰম বাজেটৰ সৈতে যুক্তি যুক্ততা ব্যাখ্যা কৰিব লাগিব। চাহিদাৰ পূৰ্বানুমানক পৰৱৰ্তী পৰ্যায়ত যিকেইটা মাহৰ বাবে মূল্যাংকন কৰা হৈছে। সেই মাহবোৰত প্ৰকৃত অৱস্থাৰ সৈতে মিলাই বৈধ ৰূপত প্ৰতিপন্ন কৰিব লাগিব। যদি প্ৰকৃত মাহেকীয়া সাফল্য মূল্যাংকনৰ সমান নহয় (মূল্যাংকনতকৈ বেছি বা কম হ’ব পাৰে) তেন্তে জিলা পৰ্য্যায়ত সেই পাৰ্থক্য পুনৰীক্ষণ তথা বিশ্লেষণ কৰিব লাগিব।

গ্ৰামোন্নয়ন সচিবৰ অধীনস্থ এখন ক্ষমতাপ্ৰাপ্ত সমিতিয়ে ৰাজ্যিক সচিবসকলৰ সৈতে আলোচনাৰ ভিত্তিত জিলা আৰু শ্ৰম বাজেট পৰীক্ষা কৰি অনুমোদন জনাব। ৰাজ্যিক শ্ৰম বাজেট মন্ত্ৰালয়ে লাভ কৰাৰ পাছত পৰীক্ষা কৰি চাব আৰু প্ৰয়োজন বোধ কৰিলে কোনো প্ৰসংগত স্পষ্ট কৰি দিবলৈ অথবা পুনৰীক্ষণ কৰিবৰ বাবে ৰাজ্যৰ সৈতে যোগাযোগ কৰিব। এনেদৰে উত্থাপিত হ’ব পৰা প্ৰসংগ সন্দৰ্ভত ৰাজ্যসমূহে গুৰুত্ব দিয়াটো প্ৰয়োজন যাতে শ্ৰম বাজেট প্ৰস্তুতিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰি। অনুমোদন জনাবলগীয়া পুঁজিৰ পৰিমাণ সন্দৰ্ভত ক্ষমতাপ্ৰাপ্ত সমিতিখনে সিদ্ধান্ত ল’ব।

শ্ৰম বাজেট মূল্যায়নৰ ক্ষেত্ৰত ভিত্তি হিচাপে লোৱা কাৰকসমূহ হ’ল-

৮.৪.১ (এ) নিয়োগ বিচৰা গ্ৰামীণ পৰিয়াল আৰু প্ৰতিটো পৰিয়ালৰ বাবে সৃষ্টি কৰিবলগীয়া গড় হিচাপত ব্যক্তি দিনৰ সম্ভাৱ্য হিচাপ

১) প্ৰথম বিত্তীয় বৰ্ষৰ পৰিয়ালভিত্তিক দাবীৰ তুলনাত পৰিয়ালৰ সম্ভাৱ্য দাবীৰ বৃদ্ধি বাস্তৱসন্মত হোৱাৰ লগতে সংশ্লিষ্ট জিলাৰ পূৰ্বৰ আৰু সাম্প্ৰতিক প্ৰেক্ষাপটৰ ওপৰত প্ৰতিস্থিত হ’ব লাগিব।

২) পৰিয়ালৰ দাবী/ব্যক্তি দিনৰ ক্ষেত্ৰত ব্যাপক বৃদ্ধি সন্দৰ্ভত জিলাসমূহে যুক্তি-যুক্ততা প্ৰতিপন্ন কৰিব লাগিব। যুক্তি-যুক্ততা প্ৰদৰ্শন নকৰিলে ক্ষমতাশালী সমিতিখনে ৰাজ্যিক সচিবৰ সৈতে আলোচনাৰ ভিত্তিত এক যুক্তিসংগত চূড়ান্ত মূল্যাংকনৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

৩) আনুমানিক হিচাপবোৰ এনে হ’ব লাগে যাতে সংশ্লিষ্ট বিত্তীয় বৰ্ষটোৰ যিবোৰ মাহৰ বাবে শ্ৰম বাজেট প্ৰস্তুত কৰা হৈছে সেই মাহবোৰত চাহিদা আৰু নিয়োগ সৃষ্টিৰ ধাৰাৰ সৈতে সমান/সাদৃশ্যপূৰ্ণ হয়। যদি প্ৰকৃত মাহেকীয়া সাফল্য সমান নহয় (মূল্যাংকনতকৈ সেয়া কম বা বেছি হ’ব পাৰে) তেনে অৱস্থাত জিলা পৰ্য্যায়ত সেই পাৰ্থক্য পৰ্য্যালোচনা তথা বিশ্লেষণ কৰিব লাগিব। সেই অনুসৰি জিলা শ্ৰম বাজেটক উন্নত ৰূপ দিব পৰা যাব।

৮.৪.১ (বি) প্ৰতি ব্যক্তি দিনৰ ব্যয়

১) উক্ত আইন অনুসৰি এজন শ্ৰমিকে কৃষি খণ্ডৰ শ্ৰমিকৰ বাবে থকা ন্যূনতম মজুৰি আইন, ১৯৪৮ ৰ ৩ নং অনুচ্ছেদৰ অধীনত ৰাজ্য চৰকাৰে ধাৰ্য কৰা ন্যূনতম দৰমহা অথবা কেন্দ্ৰীয় অধিসূচনাযোগে নিৰ্ধাৰণ কৰা হাৰত মজুৰি লাভ কৰিব।

২) কেন্দ্ৰীয় চৰকাৰে দিবলগীয়া পুঁজি অশৈলীগত শ্ৰমৰ বাবদ ব্যয়ৰ ১০০ শতাংশ, সা-সামগ্ৰীৰ ক্ষেত্ৰত ব্যয়ৰ ৭৫ শতাংশ আৰু ৪ শতাংশ আকস্মিক পুঁজিৰ হিচাপত নিৰ্দ্ধাৰণ কৰা হ’ব।

৩) চলিত বিত্তীয় বৰ্ষত প্ৰতিটো ব্যক্তি দিনৰ প্ৰকৃত ব্যয়ক প্ৰয়োজনীয় পুঁজি হিচাপ কৰাৰ ক্ষেত্ৰত ভিত্তিত হিচাপে লোৱা হ’ব।

৪) শ্ৰমৰ চাহিদাৰ মূল্যাংকন বাস্তৱসন্মত বুলি নিশ্চিত হ’লে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে সম্ভাৱ্য বিত্তীয় প্ৰয়োজনীয়তাৰ কেন্দ্ৰীয় অংশৰ লগতে প্ৰশাসনীয় ব্যয়খিনি দুটা পৰ্য্যায়ত মোকলাই দিব।

৮.৪.২ প্ৰথম পৰ্য্যায়

১) শ্ৰম বাজেটৰ বাবে ধাৰ্য কৰাৰ পুঁজিত নীতিগতভাৱে অনুমোদন জনোৱা হ’ব।

২) ইয়াৰে প্ৰথম পৰ্য্যায়ৰ জিলা শ্ৰম বাজেটত প্ৰথম ছমাহৰ বাবে (ছেপ্টেম্বৰ পৰ্যন্ত) নিৰ্ধাৰিত সম্ভাৱ্য ব্যক্তিদিনৰ শতাংশৰ সৈতে সমানুপাতিক হ’ব। অৱশ্যে ইয়াৰ পৰিমাণ শ্ৰম বাজেটত অনুমোদিত মুঠ ধনৰ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰিব।

৩) জিলাৰ ব্যয় নোহোৱাকৈ থকা জমা আৰু উপলব্ধ পুঁজিৰ হিচাপ সন্নিৱিষ্ট কৰি ওপৰত উল্লেখিত (২) নং দফা অনুসৰি প্ৰথম পৰ্য্যায় সম্পূৰ্ণ ৰূপত ছমাহৰ বাবে অনুমোদন কৰা হ’ব।

৪) যিবোৰ জিলাত ব্যয় নোহোৱাকৈ থকা জমাৰ পৰিমাণ প্ৰথম পৰ্য্যায়তকৈ অধিক হয় আৰু সংশ্লিষ্ট ৰাজ্যই ইয়াৰ যুক্তিযুক্ততা প্ৰদৰ্শন কৰে তেনে ক্ষেত্ৰত ক্ষমতাসম্পন্ন সমিতিখনে তদৰ্থভিত্তিক পুঁজি মুকলিৰ কথা বিবেচনা কৰিব পাৰে।

৫) শ্ৰম বাজেট প্ৰস্তুত কৰাৰ সময়ত গুৰুত্ব সহকাৰে লোৱা স্থায়ী ব্যৱস্থাসমূহ পূৰণ কৰা হৈছে উল্লেখ থকাকৈ এখন প্ৰমাণপত্ৰ অথবা জিলা পৰিষদৰ অনুমোদনৰ এটা প্ৰতিলিপি জমা দিব লাগিব। ইয়াৰ ভিত্তিতেই প্ৰথম পৰ্য্যায় মোকলাই (আঁতৰাই) দিয়া হ’ব।

৬) অনুমোদিত শ্ৰম বাজেটৰ প্ৰথম পৰ্য্যায় মোকলাই দিয়াৰ সময়ত শেহতীয়া বছৰৰ আগৰ বৰ্ষৰ অডিট ৰিপৰ্ট ভালকৈ অধ্যয়ন আৰু পৰীক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সেইবাবে যথাযথভাৱে প্ৰস্তুত কৰা বুলি আৰু কোনো জিলাৰ ক্ষেত্ৰতে নিৰ্ধাৰিত বিত্তীয় নীতিক আওকান কৰা হোৱা নাই চাৰ্টাৰ্ড একাউটেন্ট অডিট ৰিপ’ৰ্টতে লিখি দিব। জিলাবোৰৰ ক্ষেত্ৰত বেংক সম্পৰ্কীয় প্ৰতিবেদনো চাৰ্টাৰ্ড একাউন্টেন্টে পৰীক্ষা কৰিব লাগিব। ব্লক আৰু সংস্থা পৰ্যায়ৰ ব্যয়সমূহো পৰীক্ষা কৰি সেইবোৰ যথাবিহিত ভাৱে হোৱাৰ লগতে কোনো আগধনকে ব্যয় হিচাপে দেখুওৱা নাই বুলি তেওঁ প্ৰমাণপত্ৰ দিব লাগিব। আহোৰণ কৰা সুত পৃথককৈ দেখুওৱাৰ লগতে আঁচনিৰ উপলব্ধতাৰ সন্নিৱিষ্ট কৰিব লাগিব।

৮.৪.৩ প্ৰথম পৰ্য্যায়: খৰছৰ হিচাপ নিকাচ

১) এখন জিলাত নিয়োগ বিচৰা সম্ভাৱ্য পৰিয়ালৰ সংখ্যাক প্ৰতিটো  পৰিয়ালক গড় হিচাপ দিবলগীয়া সম্ভাৱ্য নিযুক্তি দিনৰ সংখ্যাৰে পূৰণ কৰা হয়। এয়াই হ’ব পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে সম্ভাৱ্য মুঠ ব্যক্তি দিনৰ সংখ্যা।

২) জিলা এখনৰ বাবে প্ৰতি ব্যক্তি দিনত ব্যয়ৰ মুঠ সম্ভাৱ্য হিচাপ উলিয়াবলৈ ৮.৪.১ (বি) ত দেখুওৱা ধৰণে হিচাপ কৰি উলিওৱা প্ৰতি ব্যক্তি দিনৰ ব্যয়ক ব্যৱহাৰ কৰিব লাগিব। জিলা এখনৰ বাবে মুঠ ব্যয় হিচাপ কৰিবলৈ প্ৰতি ব্যক্তি দিনৰ ব্যয়ৰ সৈতে মুঠ ব্যক্তি দিনক পূৰণ কৰিব লাগিব।

৩) জিলাৰ বাবে কেন্দ্ৰই আগবঢ়াবলগীয়া মুঠ পুঁজি অৰ্থাৎ মজুৰি ব্যয়ৰ ১০০ শতাংশ সা-সামগ্ৰীত  ব্যয়ৰ ৭৫ শতাংশ আৰু আকস্মিক ব্যয় (মুঠ মজুৰি আৰু সা সামগ্ৰী ব্যয়) ৰ ৪ শতাংশৰ হিচাপ (২) ত দেখুওৱা ধৰণে উলিওৱা হ’ব।

৮.৪.৪ দ্বিতীয় পৰ্য্যায়

ক) প্ৰথম পৰ্য্যায়ত মোকলাই দিয়া পুঁজিৰ ৬০ শতাংশ ব্যৱহাৰ কৰাৰ পাছত ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত পুঁজিৰ পৰৱৰ্তী কিস্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ওচৰত আবেদন জনাব পাৰে।

খ)বৰ্ধিত পুঁজি মোকলাই দিবলৈ জিলাই দাখিল কৰা আবেদনৰ ভিত্তিত জিলাৰ প্ৰস্তাৱ যুগুত কৰিব লাগিব। মন্ত্ৰালয়ে ৰাজ্য/জিলালৈ স্বয়ংক্ৰিয়ভাৱে পুঁজি মোকলাই নিদিয়ে। পুঁজিৰ বাবে দাবী জিলাসমূহৰ পৰা আহিব লাগিব। জিলাসমূহে পুঁজি দাবী উত্থাপন নকৰাকৈ ৰাজ্যই বিত্তীয় প্ৰস্তাৱ প্ৰস্তাৱ দাখিল কৰিব নোৱাৰিব।

গ) জিলাসমূহে প্ৰস্তুত কৰা বিত্তীয় প্ৰস্তাৱ পৰীক্ষা কৰি ৰাজ্য চৰকাৰে অনুমোদন কৰিব।

ঘ) নিৰ্ধাৰিত আৰ্হিত দাখিল কৰা প্ৰস্তাৱৰ সৈতে ব্যয়ৰ বিৱৰণো সন্নিৱিষ্ট কৰিব লাগিব।

ঙ) এখন ৰাজ্যই তলত উল্লেখিত চৰ্তসমূহ মানি চলাৰ ওপৰত ভিত্তি কৰি দ্বিতীয় পৰ্য্যায় মোকলাই দিয়া হ’ব।

বস্তগত

শ্ৰম বাজেটত নিৰ্ধাৰিত সম্ভাৱনাৰ বিপৰীতে এম আই এছ/মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনত উল্লেখ কৰা প্ৰকৃত সাফল্য।

বিত্তীয়

১) কমেও ৬০ শতাংশ ব্যৱহাৰ (আৰম্ভণিৰ জমাসহ)

২) ব্যয়ৰ ক্ষেত্ৰত মজুৰি সামগ্ৰীৰ ৬০:৪০ অনুপাতৰ ওপৰ চপা। অদক্ষ শ্ৰমিকৰ মজুৰিৰ বাবদ ব্যয় ৬০ শতাংশৰ অধিক হ’ব পাৰে যদিও সা-সামগ্ৰীৰ ব্যয় ৪০ শতাংশৰ অধিক হ’ব নোৱাৰিব।

৩) মজুৰি নিৰিখ সলনি কৰাৰ আগতে কেন্দ্ৰক জনাব লাগিব কাৰণ ই কেন্দ্ৰৰ অংশক প্ৰভাৱ পেলাব।

৪) অনুসূচীত নিৰিখৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশনা মানি চলিলে কেন্দ্ৰীয় অংশ প্ৰভাৱিত হয়।

প্ৰশাসনীয়

১) ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি কৰ্মচাৰীৰ ব্যৱস্থা কৰিব লাগে।

২) নিৰীক্ষণ আৰু অনুসন্ধান: ব্লক/জিলা/ৰাজ্যিক পৰ্যায়ত ক্ৰমে ১০০ শতাংশ, ১০ শতাংশ আৰু ২ শতাংশ নিৰীক্ষণ কৰিব লাগে। আনহাতে মাষ্টাৰৰোলৰ ক্ষেত্ৰত ১০০ শতাংশই সত্যতা নিৰূপণ কৰিব লাগিব।

৩) এম আই এছ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ লগতে মাহেকীয়া প্ৰগতিৰ প্ৰামান্য প্ৰতিবেদন দাখিল।

স্বচ্ছতা আৰু ৰাজহুৱা দায়বদ্ধতা

১) সকলো কামৰে সামাজিক হিচাপ পৰীক্ষা।

২) সময়মতে অভিযোগৰ নিষ্পত্তি আৰু ইচ্ছাকৃত অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।

৩) মজুৰি প্ৰদানৰ বাবে ডাকঘৰ/বেংকত একাউন্ট খুলিব লাগিব।

সকলো নথিপত্ৰ আৰু চৰ্ত তলত উল্লেখ কৰা হ’ল:

১) বিগত বছৰৰ ৩১ মাৰ্চলৈকে ব্যৱহাৰৰ প্ৰমাণপত্ৰৰ লগতে চলিত বিত্তীয় বৰ্ষৰ এক এপ্ৰিলত আৰম্ভণিৰ জমাৰ হিচাপ দাখিল কৰিব লাগে।

২) কেন্দ্ৰীয় পুঁজিৰ পৰা মোকলাই দিয়া ধনৰাশিৰ বিপৰীতে ৰাজ্যিক অংশৰ মুকলি আৰু লাভ কৰা সন্দৰ্ভত প্ৰমাণপত্ৰ। ইয়াৰ সৈতে ৰাজ্যিক অংশ আৱন্টনৰ নিৰ্দেশৰ এটা প্ৰতিলিপি আৰু ৰাজ্যিক অংশৰ জমা সম্পৰ্কীয় বেংকৰ বিৱৰণৰ এক প্ৰমাণিত প্ৰতিলিপি দিব লাগিব। বেংকৰ এই বিৱৰণৰ সত্যতা প্ৰতিপন্ন কৰিব লাগিব বেংকটোৰ শাখা পৰিচালক আৰু জিলা পৰ্যায়ত এন আৰ ই জি এছ একাউন্টৰ দায়িত্বত থকা একাউন্টছ বিষয়াগৰাকীয়ে।

৩) বেলেগ শিতানলৈ নিনিয়া আৰু অপব্যৱহাৰ নোহোৱাৰ প্ৰমাণপত্ৰ দাখিল।

৪) উল্লেখ কৰা আন যিকোনো চৰ্ত।

চ) পুঁজিৰ অপব্যৱহাৰৰ অভিযোগত কোনো জিলাৰ ক্ষেত্ৰত কেন্দ্ৰই সাহাৰ্য্য প্ৰদান স্থগিত ৰাখিব পাৰে। সংশোধনমূলক ব্যৱস্থা কাৰ্যকৰী কৰাৰ পাছত সাহায্য পুনৰ আৰম্ভ কৰা হ’ব। তেনে অৱস্থাত ক্ষতিগ্ৰস্ত শ্ৰমিকসকলক আঁচনি বিষয়াই বিকল্প নিয়োগৰ সুবিধা আগবঢ়াব।

ছ) কেন্দ্ৰীয় পুঁজি মুকলি হোৱাৰ ১৫ দিনৰ ভিতৰত ৰাজ্যিক পুঁজিৰ অংশ মোকলাই দিয়া হ’ব।

জ) উক্ত আইন আৰু এই নীতি নিৰ্দেশনাবোৰৰ অধীনত অনুমতিযোগ্য কাম আৰু প্ৰক্ৰিয়াবোৰৰ ক্ষেত্ৰত এন আৰ ই জি এছলৈ কেন্দ্ৰীয় সাহাৰ্য্য আগবঢ়োৱা হ’ব।

ঝ) কেন্দ্ৰীয় প্ৰক্ৰিয়াবোৰৰ মান আৰু সমন্বয়তা নিৰ্ণয়ৰ বাবে নমুনা ভিত্তিক স্বতন্ত্ৰ মূল্যাংকন কৰিব লাগিব আৰু তাৰ জৰিয়তে লাভ কৰা তথ্য দাখিল কৰিব লাগিব। আনহাতে, বৰ্ধিত কিস্তি হিচাপে মোকলাই দিবলগীয়া কেন্দ্ৰীয় সাহায্যৰ পৰিমাণ নিৰ্ধাৰণৰ বাবে উক্ত মূল্যাংকনৰ ফলাফল ব্যৱহাৰ কৰা হ’ব।

৮.৪.৫ শ্ৰম বাজেটৰ আৰ্হি: ব্যাখ্যামূলক টোকা

শ্ৰম বাজেটৰ আৰ্হি, নীতি-নিৰ্দেশনাৰ পৰিশিষ্ট বি-১৫ (অংশ ১-৩) ত দিয়া হৈছে। অংশ-১, অংশ-২ আৰু অংশ-৩ এই তিনিওটা অংশ দাখিল কৰিব লাগিব। মাহৰ ভিত্তিত কাম বিচাৰিব পৰা পৰিয়ালৰ সম্ভাৱ্য সংখ্যা, মাহৰ ভিত্তিত সৃষ্টি কৰিবলগীয়া ব্যক্তি দিনৰ আনুমানিক সংখ্যা আৰু প্ৰতিখন জিলাত অনুমতি যোগ্য কামৰ বিতৰণ আগতীয়াকৈ নিৰ্ধাৰণ কৰিব পৰাকৈ শ্ৰম বাজেটৰ আৰ্হি প্ৰস্তুত কৰিব লাগিব।

অংশ-১ : মাহভিত্তিক শ্ৰমৰ চাহিদা, ব্যক্তিদিন আৰু ব্যয়ৰ পূৰ্বানুমান (প্ৰতিখন জিলাৰ বাবে)

৪ (ক, খ, গ) নং স্তম্ভই নিযুক্তি বিচৰা পৰিয়ালক নিৰ্দেশ কৰে, বিগত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত নিযুক্তি আগবঢ়োৱা নতুন পৰিয়ালক নিৰ্দেশ কৰে ৪ ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহৰ বাবে জিলাই দাখিল মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু শ্ৰম বাজেট ৩১ আগষ্টৰ ভিতৰতে দাখিল কৰিব লাগে সেয়েহে চলিত বিত্তীয় বৰ্ষৰ বাবে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত পৰিয়ালভিত্তিক চাহিদাৰ পূৰ্বানুমানৰ প্ৰয়োজন হ’ব পাৰে। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত নিযুক্তি দিবলগীয়া পৰিয়ালৰ সম্ভাৱ্য সংখ্যাক নিৰ্দেশ কৰে ৪-ঘ স্তম্ভই।

৪ (ক, খ, গ) নং স্তম্ভৰ ক্ষেত্ৰত, যদি কোনো এটা পৰিয়ালক যিকোনো এটা মাহৰ লগতে তাৰ পৰৱৰ্তী মাহতো নিযুক্তি আগবঢ়োৱা হয় তেনে অৱস্থাতো এবাৰহে হিচাপ কৰিব লাগিব।

৫ (ক, খ, গ) নং স্তম্ভই নিৰ্দেশ কৰে সৃষ্টি কৰা ব্যক্তি দিনৰ নিযুক্তি। বিগত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত সৃষ্টি কৰা ব্যক্তি দিনৰ নিযুক্তিক নিৰ্দেশ কৰে ৫ ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত সৃষ্টি কৰা ব্যক্তি দিন নিৰ্দেশ কৰে ৫-বি স্তম্ভই। সংশ্লিষ্ট মাহৰ বাবে জিলাখনে দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু শ্ৰম বাজেট ৩১ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগে সেয়েহে চলিত বিত্তীয় বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বাবে ব্যক্তি দিন সৃষ্টিৰ আনুমানিক হিচাপ দিবলগীয়া হ’ব পাৰে। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত সৃষ্টি কৰিবলগীয়া ব্যক্তিদিনৰ নিযুক্তিৰ সম্ভাৱ্য সংখ্যক নিৰ্দেশ কৰে ৫-ঘ স্তম্ভই।

৭ (ক, খ, ঘ) নং স্তম্ভই নিৰ্দেশ কৰে মজুৰিৰ বাবদ হোৱা মুঠ ব্যয়। বিগত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত মজুৰিৰ বাবদ হোৱা মুঠ ব্যয়ক নিৰ্দেশ কৰে ৭-ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত মজুৰিৰ বাবদ মুঠ ব্যয়ক নিৰ্দেশ কৰে ৭-খ স্তম্ভই। সংশ্লিষ্ট মাহৰ বাবে জিলাই দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ লগত এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু ৩১ জানুৱাৰীৰ ভিতৰত শ্ৰম বাজেট দাখিল কৰিব লাগে সেইবাবে চলিত বিত্তীয় বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বাবে মজুৰিৰ বাবদ হ’বলগীয় ব্যয়ৰ সম্ভাৱ্য হিচাপ দাখিল কৰিবলগীয়া হ’ব পাৰে। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত মজুৰিৰ বাবদ সম্ভাৱ্য ব্যয়ক নিৰ্দেশ কৰে ৭-ঘ স্তম্ভই।

৮ (ক, খ, ঘ) নং স্তম্ভই নিৰ্দেশ কৰে দক্ষ, অৰ্ধ-দক্ষ আৰু সামগ্ৰীৰ খৰছকে ধৰি সা-সামগ্ৰীৰ বাবদ হোৱা সৰ্বমুঠ ব্যয়ক। বিগত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত হোৱা সা-সামগ্ৰীৰ মুঠ ব্যয়ক। বিগত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত হোৱা সা-সামগ্ৰীৰ মুঠ ব্যয়ক নিৰ্দেশ কৰে ৮-ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত সা-সামগ্ৰীৰ বাবদ হোৱা মুঠ ব্যয়ক নিৰ্দেশ কৰে ৮-খ স্তম্ভই। সংশ্লিষ্ট মাহৰ বাবে জিলাই দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু ৩১ জানুৱাৰীৰ ভিতৰত শ্ৰম বাজেট দাখিল কৰিব লাগে সেইবাবে চলিত বিত্তীয় বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বাবে সা-সামগ্ৰীৰ বাবদ হ’ব লগা ব্যয় আনুমানিক হিচাপ দিবলগীয়া হ’ব পাৰে। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত সা-সামগ্ৰীৰ বাবদ ব্যয়ৰ সম্ভাৱ্য হিচাপক নিৰ্দেশ কৰে ৮-ঘ স্তম্ভই।

৯ (ক, খ, গ, ঘ) নং স্তম্ভই নিৰ্দেশ কৰে কেন্দ্ৰৰ পৰা লাভ কৰা পুঁজি আৰু ব্যয়। চলিত বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত কেন্দ্ৰৰ পৰা লাভ কৰা পুঁজিক নিৰ্দেশ কৰে ৯-ক স্তম্ভই। কেন্দ্ৰ আৰু ৰাজ্যই মোকলাই দিয়া পুঁজিৰ লগতে জিলাৰ বাবে উপলব্ধ অন্যান্য পুঁজিসহ আৰম্ভণিৰ জমা পুঁজিক নিৰ্দেশ কৰে ৯-খ স্তম্ভই। আনহাতে খৰছ নোহোৱাকৈ থকা জমা ৰাশি অৰ্থাৎ খৰচ বাদ দিয়াৰ পাছত উপলব্ধ হোৱা মুঠ ধনৰাশিক নিৰ্দেশ কৰে ৯-ঘ স্তম্ভই।

অংশ-২: জিলা ভিত্তিক শ্ৰমৰ চাহিদা, ব্যক্তি দিন আৰু ব্যয়ৰ পূৰ্বানুমান

৪ (ক, খ, গ, ঙ) স্তম্ভই নিযুক্তি বিচৰা পৰিয়ালসমূহক নিৰ্দেশ কৰে। বিগত বিত্তীয় বৰ্ষৰ নিযুক্তি আগবঢ়োৱা পৰিয়ালবোৰক নিৰ্দেশ কৰে ৪- ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষত ইতিমধ্যে নিযুক্তি প্ৰদান কৰা নতুন পৰিয়ালবোৰক ৪-খ স্তম্ভই নিৰ্দেশ কৰে। সংশ্লিষ্ট মাহটোলৈকে জিলাই দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু শ্ৰম বাজেট ৩১ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগে সেয়েহে চলিত বিত্তীয় বৰ্ষৰ বাবে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাৰ্চ মাহৰ পৰিয়ালৰ চাহিদাৰ সম্ভাৱ্য হিচাপ দিবলগীয়া হ’ব পাৰে। চলিত বিত্তীয় বৰ্ষৰ বাবে সৰ্বমুঠ পৰিয়ালৰ চাহিদা (মাৰ্চলৈকে দিয়া সম্ভাৱ্য হিচাপ মতে) নিৰ্দেশ কৰে ৪-গ স্তম্ভই।

পৰৱৰ্তী বিত্তীয় বৰ্ষত নিযুক্তি দিবলগীয়া সম্ভাৱ্য মুঠ পৰিয়ালক নিৰ্দেশ কৰে ৮-ঙ স্তম্ভই। ৪ নং স্তম্ভৰ ক্ষেত্ৰত যদি এটা পৰিয়ালক যিকোনো মাহত আৰু তাৰ পৰৱৰ্তী আন মাহতো নিযুক্তি দিয়া হয় তেনে অৱস্থাতো এবাৰহে হিচাপ কৰিব লাগিব।

৫ (ক, খ, গ, ঙ) স্তম্ভই সৃষ্টি কৰা ব্যক্তি দিনৰ নিযুক্তিক নিৰ্দেশ কৰে। বিগত বিত্তীয় বৰ্ষত সৃষ্টি কৰা মুঠ ব্যক্তি দিনৰ নিযুক্তিক নিৰ্দেশ কৰে ৫-ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষত সৃষ্টি কৰা মুঠ ব্যক্তি দিনৰ নিযুক্তিক নিৰ্দেশ কৰে ৫-খ স্তম্ভই। সংশ্লিষ্ট মাহলৈকে জিলাখনে দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু শ্ৰম বাজেট ৩১ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগে সেইবাবে চলিত বিত্তীয় বৰ্ষৰ ক্ষেত্ৰত জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ বাবে সৃষ্টি কৰা ব্যক্তি দিনৰ সম্ভাৱ্য হিচাপ কৰিবলগীয়া হ’ব পাৰে। ৫-গ স্তম্ভই ব্যক্তিদিন (মাৰ্চলৈকে সম্ভাৱ্য হিচাপ) ক নিৰ্দেশ কৰে। আনহাতে, পৰৱৰ্তী বিত্তীয় বৰ্ষত সৃষ্টি কৰিবলগীয়া সম্ভাৱ্য ব্যক্তিদিনৰ নিযুক্তিক নিৰ্দেশ কৰে ৫-ঙ স্তম্ভই।

৭ (ক, খ, গ, ঙ) নং স্তম্ভই মজুৰিৰ বাবদ হোৱা মুঠ খৰছক নিৰ্দেশ কৰে। বিগত বিত্তীয় বৰ্ষৰ মুঠ মজুৰি ব্যয়ক নিৰ্দেশ কৰে ৭-ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষৰ মুঠ মজুৰি ব্যয়ক নিৰ্দেশ কৰে ৭-খ স্তম্ভই। সংশ্লিষ্ট মাহলৈকে জিলাখনে দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে এই সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু ৩১ জানুৱাৰীৰ ভিতৰত শ্ৰম বাজেট দাখিল কৰিব লাগে সেয়েহে চলিত বিত্তীয় বৰ্ষৰ ক্ষেত্ৰত জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বাবে মজুৰি ব্যয়ৰ সম্ভাৱ্য হিচাপ দিবলগীয়া হ’ব পাৰে। ৭-গ স্তম্ভই মুঠ ব্যয়ক (মাৰ্চলৈকে দিয়া সম্ভাৱ্য হিচাপ অনুসৰি) নিৰ্দেশ কৰে। আনহাতে, পৰৱৰ্তী বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট মাহত মজুৰি ব্যয়ৰ সম্ভাৱ্য হিচাপক নিৰ্দেশ কৰে ৭-ঙ স্তম্ভই।

৮ (ক, খ, গ, ঙ) নং স্তম্ভই দক্ষ, অৰ্ধ-দক্ষ আৰু সামগ্ৰী ব্যয়সহ সৰ্বমুঠ সা-সামগ্ৰী ব্যয়ক নিৰ্দেশ কৰে। বিগত বিত্তীয় বৰ্ষ মুঠ সামগ্ৰীৰ ব্যয়ক নিৰ্দেশ কৰে ৮-ক স্তম্ভই। চলিত বিত্তীয় বৰ্ষত সা-সামগ্ৰীৰ বাবদ হোৱা মুঠ ব্যয়ক নিৰ্দেশ কৰে ৮-খ স্তম্ভই। সংশ্লিষ্ট মাহলৈকে জিলাই দাখিল কৰা মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদনৰ সৈতে উক্ত সংখ্যাবোৰ একে হ’ব লাগিব। যিহেতু শ্ৰম বাজেট ৩১ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগে। সেয়েহে চলিত বিত্তীয় বৰ্ষৰ ক্ষেত্ৰত জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ বাবে সম্ভাৱ্য মজুৰি ব্যয় দাখিল কৰিবলগীয়া হ’ব পাৰে। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ সা-সামগ্ৰীৰ সম্ভাৱ্য হয় নিৰ্দেশ কৰে ৮-ঙ স্তম্ভই।

৯ (ক,খ, গ, ঘ) নং স্তম্ভই কেন্দ্ৰৰ পৰা লাভ কৰা পুঁজি আৰু ব্যয়ক নিৰ্দেশ কৰে। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰৰ পৰা লাভ কৰা পুঁজিক নিৰ্দেশ কৰে ৯-ক স্তম্ভই। কেন্দ্ৰ আৰু ৰাজ্যই মোকলাই দিয়া পুঁজিৰ লগতে জিলাত উপলব্ধ হোৱা অন্যান্য পুঁজিসহ প্ৰাৰম্ভিক চলিত বিত্তীয় বৰ্ষত কৰা ব্যয়ক নিৰ্দেশ কৰে ৯-গ স্তম্ভই। আনহাতে, ব্যয় নকৰা জমাৰাশি অৰ্থাৎ খৰচ বাদ দিয়াৰ পাছত উপলব্ধ মুঠ ধনৰাশি নিৰ্দেশ কৰে ৯-ঘ স্তম্ভই।

অংশ-১ আৰু অংশ-২ ত বিত্তীয় বৰ্ষ বুলি চলিত বিত্তীয় বৰ্ষৰ আগৰ বছৰক বুজোৱা হৈছে। চলিত বিত্তীয় বৰ্ষই শ্ৰম বাজেট প্ৰস্তুত কৰি থকা বছৰটোক বুজায় (পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে প্ৰতি বছৰৰ ৩১ জানুৱাৰীৰ ভিতৰত শ্ৰম বাজেট দাখিল কৰিব লাগিব)। আনহাতে, পৰৱৰ্তী বিত্তীয় বৰ্ষ মানে যিটো বছৰৰ বাবে বাজেট প্ৰস্তুত কৰি থকা বছৰটোক বুজোৱা হয়।

অংশ-৩: হাতত ল’বলগীয়া কাম, সৃষ্টি কৰা ব্যক্তি দিন আৰু মুঠ ব্যয় বছৰটোৰ বাবে মূল্যাংকন কৰা নিযুক্তিৰ চাহিদা পূৰণ আৰু সম্ভাৱ্য ব্যয় বহনৰ বাবে প্ৰয়োজনীয় তথা গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ পৰা যুগুত কৰা বাৰ্ষিক কামৰ প্ৰকল্পৰ সাৰাংশ ‘অংশ- ৩’ য়ে প্ৰস্তুত কৰে। হাতত লোৱা কামবোৰ আইনখনৰ প্ৰথম অনুসূচীত উল্লেখিত কামবোৰৰ সৈতে একেধৰণৰ হ’ব লাগিব। অংশ-৩ ৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে জিলাভিত্তিক সৃষ্টি কৰিবলগীয়া ব্যক্তিদিন আৰু ওপৰত দিয়া অংশ ২ ত সামগ্ৰিক সম্ভাৱ্য ব্যক্তি দিনৰ সংখ্যা সমান হ’ব লাগিব।

প্ৰতিটো ধৰণৰ কামৰ বিপৰীতে উল্লেখিত জোখ মাপৰ একক যথাবিহিতভাৱে মানি চলাৰ লগতে স্পষ্ট কৰি দিব লাগিব। অধিকাংশ উপাদানৰে দুই ধৰণৰ একক থাকে যেনে- কামৰ সংখ্যাৰ লগতে হেক্টৰ, বৰ্গমিটাৰ আৰু কিলোমিটাৰ আদি জোখ-মাপৰ হিচাপ প্ৰতিটো শাখাৰ কামৰ অধীনত সৃষ্টি কৰা সম্পদ যেনে টেংক, পুখুৰী, চেক ডেম আদিৰ বিস্তৃত তথ্য প্ৰতিবেদনৰ সৈতে সন্নিৱিষ্ট কৰিব লাগিব।

৮.৫ গাঁও পঞ্চায়তৰ দ্বাৰা পুঁজিৰ পৰিচালনা

৮.৫.১ এন আৰ ই জি এছৰ কাম ৰূপায়নৰ বাবে প্ৰতিখন গাঁও পঞ্চায়তৰ এটাকৈ বেংক একাউন্ট থাকিব। এই এন আৰ ই জি এছ একাউন্টটো গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিবে যুটীয়াভাৱে পৰিচালনা কৰিব।

৮.৫.২ এন আৰ ই জি এছ একাউন্টৰ পৰা কৰা সকলো পেমেন্টৰ বিষয়ে গাঁও পঞ্চায়তক ইয়াৰ পৰৱৰ্তী বৈঠকত অৱগত কৰোৱাৰ লগতে অনুমোদন কৰাব লাগিব। উত্থাপিত যিকোনো অভিযোগ লিপিবদ্ধ কৰা হ’ব আৰু বৈঠকৰ কাৰ্য বিৱৰণীৰ এটা প্ৰতিলিপি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে তাত্ক্ষণিকভাৱে আঁচনি বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব।

৮.৫.৩ যোগ্য কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় প্ৰশাসনিক আৰু কাৰিকৰী অনুমোদন লাভ কৰাৰ পাছতহে এন আৰ ই জি এছ কামত এন আৰ ই জি এছ একাউণ্টৰ পুঁজি ব্যক্ত কৰিব পৰা যাব। এনেধৰণৰ অনুমোদন অবিহনে কৰা যিকোনো খৰছৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সভাপতিগৰাকী ব্যক্তিগতভাৱে দায়বদ্ধ হ’ব।

৮.৫.৪ গাঁও সভাৰ দ্বি-বাৰ্ষিক সামাজিক হিচাপ পৰীক্ষণত পুনৰীক্ষণৰ বাবে এন আৰ ই জি এছ সম্পৰ্কীয় একাউণ্ট পূৰ্ব নিৰ্দ্ধাৰিত আৰ্হিত উপস্থাপন কৰিব লাগিব।

৮.৫.৫ গাঁও পঞ্চায়ত পৰ্যায়ৰ বাবে থকা এন আৰ ই জি এছ পুঁজি কোনো পৰিস্থিতিতে বেলেগ কামত ব্যৱহাৰ কৰিব নোৱাৰিব। এন আৰ ই জি এছ একাউণ্টৰ ধনৰাশি বৈধ কামৰ বাবে বিতৰণৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব দায়বদ্ধ থাকিব। এন আৰ ই জি এছ পুঁজিৰ যিকোনো অপপ্ৰয়োগক ধন আত্মসাত্ হিচাপে গণ্য কৰাৰ লগতে সেই পুঁজিৰ উদ্ধাৰৰ প্ৰক্ৰিয়া তাত্ক্ষণিকভাৱে আৰম্ভ কৰা হ’ব।

৮.৫.৬ গাঁও পঞ্চায়তৰ বাবে মোকলাই দিয়া ধন গাঁও পঞ্চায়তে ৰূপায়নৰ অনুমতি লাভ কৰা কামবোৰত ব্যয় কৰাৰ বাবে গাঁও পঞ্চায়তক কৰ্তৃত্ব প্ৰদান কৰা হ’ব। আবণ্টিত ধনৰ ৬০ শতাংশ কোনো গাঁও পঞ্চায়তে ব্যয় কৰাৰ পাছত সংশ্লিষ্ট পঞ্চায়তে অতিৰিক্ত পুঁজি মোকলাই দিয়াৰ বাবে আঁচনি বিষয়া/ডি পি চিক আবেদন জনাব পাৰে। গাঁও পঞ্চায়তৰ প্ৰস্তাৱৰ সৈতে কাম অনুসৰি কৰা খৰছৰ এটা বিৱৰণৰ লগতে গাঁও সভাৰ দ্বাৰা যথাবিহিতভাৱে অনুমোদিত অনুসন্ধান আৰু নিৰীক্ষণ সমিতিৰ প্ৰতিবেদনো সন্নিবিষ্ট কৰিব লাগিব।

৮.৬ একাউণ্টৰ মাহেকীয়া পৰীক্ষণ

৮.৬.১ বিত্তীয় অপচয় ৰোধ কৰাৰ লগতে পুঁজিৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সফলতা বৃদ্ধিৰ বাবে ‘একাউণ্টৰ মাহেকীয়া পৰীক্ষণ’ ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত। এই ব্যৱস্থাত এন আৰ ই জি এৰ অধীনত মোকলাই দিয়া সমুদায় ধনৰাশি নিম্ন লিখিত শিতান তিনিটাত ব্যৱহাৰ কৰা হৈছে নে নাই সেইটো পৰীক্ষা কৰা হ’ব।

(ক) বিভিন্ন পৰ্যায়ত বেংক একাউণ্টত থকা ধন;

(খ) ৰূপায়ণ অথবা পেমেণ্ট সংস্থাসমূহলৈ আগবঢ়োৱা আগধন;

(গ) প্ৰকৃত ব্যয়ৰ ৰছিদ।

৮.৬.২ একাউণ্টৰ মাহেকীয়া পৰীক্ষাৰ বিস্তৃত বিৱৰণ সকলো পৰ্যায়তে ইণ্টাৰনেটৰ জৰিয়তে ৰাজহুৱাভাৱে উপলব্ধ কৰাব লাগিব।

উৎস: অসম চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate