অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাম আৰু ইয়াৰ সম্পাদনা

৬.১ অনুমোদনযোগ্যকাম

৬.১.১ গ্ৰামাঞ্চলত এক প্ৰাথমিক নিশ্চিত নিয়োগ সুবিধা আগবঢ়োৱাটোৱে হ’ল ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ                         নিশ্চিত আইন (এনৰেগা)ৰ মূল উদ্দেশ্য। এই উদ্দেশ্য সাধনৰ বাবে হাতত ল’ব পৰা বিভিন্ন কামৰ বিষয়ে  আইনখনত উনুকিয়াই দিয়া হৈছে। আইনখনৰ প্ৰথম অনুসূচী অনুসৰি ৰাষ্ট্ৰীয় গ্ৰাম নিয়োগ নিশ্চিত আঁচনি (এন আৰ ই জি এছ)ত গুৰুত্ব পাবলগীয়া কামবোৰ হ’ল-

(ক) জল সংৰক্ষণ আৰু জল আহোৰণ।

(খ) বনানীকৰণ আৰু গছ ৰোপণৰ লগতে খৰাং হ্ৰাস কাৰণ।

(গ) ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ জলসিঞ্চন কামৰ লগতে জলসিঞ্চন নলাৰ কাম।

(ঘ) অনুসূচীত জাতি/জনজাতি পৰিয়াল অথবা ভূমি সংস্কাৰ হিতাধিকাৰী অথবা ইন্দিৰা আৱাস    যোজনা/বি পি এল পৰিয়ালৰ মাটিত জলসিঞ্চনৰ সুবিধা আগবঢ়োৱা, গছ ৰোপণ, উদ্যান শস্যৰ  খেতি নাইবা ভূমি উন্নয়ন।

(ঙ) জলধাৰাৰ বালি আঁতৰোৱাৰ লগতে পৰম্পৰাগত পানীৰ উৎসৰ উন্নয়ন।

(চ) ভূমি উন্নয়ন।

(ছ) বান নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ লগতে জলমগ্ন অঞ্চলৰ পৰা পানী নিষ্কাশন।

(জ) সকলো বতৰৰ বাবে উপযোগী হোৱাকৈ গ্ৰাম্য পথ যোগাযোগ। প্ৰয়োজন সাপেক্ষে তথা গাঁও এলেকাৰ ভিতৰত কালভাৰ্ট আৰু নলা নিৰ্মাণ কৰাটো পথ নিৰ্মাণৰ অন্তৰ্ভুক্ত হ’ব পাৰে। পি এম জি এছ ৱাইৰ অধীনস্থ পথবোৰ যাতে এনৰেগাত সামৰি লোৱা নহয় তাৰ বাবে যত্নপৰ হ’ব লাগিব। এনৰেগাৰ অধীনত চিমেণ্ট-কংক্ৰিটৰ কোনো পথকে এনৰেগাৰ অধীনত সামৰি ল’ব নোৱাৰিব। অনুসূচীত জাতি/জনজাতি এলেকা সংযোগী পথবোৰক অগ্ৰাধিকাৰ দিব লাগিব।

(ঝ) ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে অধিসূচনাযোগে নিৰ্দেশ দিয়া যিকোনো কাম।

৬.১.২ ওপৰত উল্লেখিত অনুমোদনযোগ্য কামৰ তালিকাখনে প্ৰাথমিকভাৱে গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনক প্ৰতিনিধিত্ব কৰে। কেতবোৰ অৱস্থা, অঞ্চল অথবা ঋতুত এই অনুমোদনযোগ্য কামৰ প্ৰাথমিক তালিকাৰ অধীনত নিশ্চিত নিয়োগৰ ব্যৱস্থা কৰাটো কঠিন হৈ পৰিব পাৰে। তেনে অৱস্থাত ৰাজ্য চৰকাৰে প্ৰথম অনুসূচীৰ অন্তৰ্গত অনুচ্ছেদ ১ (ঝ) প্ৰয়োগ কৰিব পাৰে। এই পদক্ষেপৰ জৰিয়তে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ জৰিয়তে উক্ত তালিকাত নতুন ধৰণৰ কাম অন্তৰ্ভূক্ত কৰিব পাৰে। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ আগতে নতুন ধৰণৰ কামৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদত আলোচনা কৰি অনুমোদন কৰাই ল’ব লাগিব। নতুন কামৰ অনুমোদন কৰাৰ যথাৰ্থ কাৰণসমূহ স্পষ্টভাৱে উল্লেখ কৰিব লাগিব। শ্ৰমৰ চাহিদা পূৰণৰ বাবে চুপাৰিশ কৰিব পৰাকৈ অনুমোদনযোগ্য সম্ভাৱ্য সকলো উপযুক্ত কামক সামৰি জিলাৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। যদি কেন্দ্ৰীয় চৰকাৰে নতুন ধৰণৰ কামৰ অধিসূচনা জাৰি কৰিব বিচাৰে তেন্তে কেন্দ্ৰই সেই প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব। সেই প্ৰস্তাৱ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এমাহৰ ভিতৰত জনাব লাগিব ৰাজ্য চৰকাৰে।

৬.১.৩ আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা সম্পদৰ চোৱাচিতা (লগতে বনানিকৰণ কৰা অঞ্চলৰ সুৰক্ষা) কৰাটো এনৰেগাৰ অধীনত অনুমোদনযোগ্য কাম হিচাপে গণ্য কৰা হ’ব। আইনখনৰ প্ৰথম অনুসূচীত অনুমোদিত কিন্তু অন্যান্য আঁচনিৰ অধীনত সম্পাদিত কামৰ জৰিয়তে নিৰ্মাণ কৰা সম্পদৰ চোৱাচিতাৰ ক্ষেত্ৰতো একে ব্যৱস্থাই প্ৰযোজ্য হ’ব (ওপৰত চাওক)

৬.১.৪ ভূমি অধিগ্ৰহণৰ বাবে এনৰেগাৰ ধন ব্যৱহাৰ কৰাটো উচিত নহ’ব। উক্ত আঁচনিৰ কামৰ বাবে ক্ষুদ্ৰ আৰু উপান্ত কৃষক অথবা অনুসূচীত জাতি/জনজাতীয় লোক ভূমি অধিগ্ৰহণ অথবা দান কৰিব নোৱাৰিব।

৬.২ মজুৰি-সামগ্ৰীৰ অনুপাত

মজুৰি ব্যয় আৰু সামগ্ৰী ব্যয়ৰ অনুপাত আইনখনত নিৰ্ধাৰিত ন্যূনতম অনুপাত ৬০ঃ৪০ তকৈ কম হ’ব নোৱাৰিব। এই অনুপাত গাঁও পঞ্চায়ত, ব্লক আৰু জিলা পৰ্যায়ত কাৰ্যকৰী কৰিব লাগিব। শ্ৰমিকসকলে কাম কৰিবৰ বাবে আহিলাপাতি আদি ক্ৰয় কৰিবলগীয়া হ’ব পাৰে। আহিলা-পাতিৰ বাবদ হোৱা ব্যয় প্ৰকল্পৰ সামগ্ৰী স্বচ্ছ ৰূপত ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহে এটা উপযুক্ত ব্যৱস্থা নিৰ্ধাৰণ কৰিব লাগিব।

৬.২.১ একেটা কাম পুনৰাবৃত্তি নহবৰ বাবে প্ৰতিটো কামকে একোটা নিৰ্দিষ্ট চিনাক্ত নম্বৰ দিব লাগিব।

৬.২.২ স্থায়ী সম্পদ নিৰ্মাণৰ নিশ্চিতিৰ লগতে পৰিকল্পনাৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ বাবে কাম এটা নিৰ্ধাৰণৰ ক্ষেত্ৰত এক প্ৰকল্পমুখী দৃষ্টিভংগী গ্ৰহণ কৰিব লাগে। এই পদক্ষেপে একাধিক কামক ভালেসংখ্যাক কাম অথবা প্ৰকল্পৰ অধীনস্থ প্ৰক্ৰিয়াৰ অন্তৰ্ভূক্ত কৰাত সহায়ক কৰে। ব্লকক এটা একক হিচাপে লৈ প্ৰকল্প এটা প্ৰস্তুত কৰিব পাৰি যাতে ইয়াৰ অধীনস্থ কামবোৰ আঁচনি বিষয়াই উপ-ব্লক পৰ্যায়ত সমন্বয় ঘটাব পাৰে। আন্তঃব্লক প্ৰকল্পবোৰ জিলা পৰ্যায়তো কৰিব পাৰি।

৬.২.৩ মান সম্পন্ন আৰ্হিবোৰ তথ্য হিচাপে জিলা পৰ্যায়ত একত্ৰিত কৰিব লাগে আৰু সেইবোৰ পঞ্চায়তৰ লগতে অন্যান্য ৰূপায়ণৰ সংস্থাবোৰৰ বাবে উপলব্ধ কৰাব লাগে। এই ক্ষেত্ৰত এন আই চিৰ আৰ্হি ব্যৱহাৰ কৰিব পাৰে।

৬.৩ ৰূপায়ণ কাৰী সংস্থাসমূহ

৬.৩.১ গাঁও পঞ্চায়তেই হ’ল কাৰ্য সম্পাদনাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংস্থা কাৰণ ব্যয়ৰ ভিত্তিত ন্যূনতম ৫০ শতাংশ কাম সম্পাদনাৰ দায়িত্ব উক্ত আইনে গাঁও পঞ্চায়তৰ ওপৰত ন্যস্ত কৰিছে। এই ন্যূনতম পৰিনিয়ত সীমাৰ ভিত্তিত বাৰ্ষিক প্ৰকল্প তালিকাৰ পৰা এশ শতাংশ কাম গাঁও পঞ্চায়তক আবণ্টন দিব পাৰি।

৬.৩.২ অন্যান্য ৰূপায়ণৰ সংস্থাবোৰ হ’ল আঞ্চলিক আৰু জিলা পঞ্চায়ত, সংশ্লিষ্ট চৰকাৰী বিভাগ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৰ্বাধিক অংশ বিশিষ্ট সমবায় সমিতি আৰু প্ৰমাণিত দক্ষতা সম্পন্ননামী বেচৰকাৰী সংগঠন। আত্মসহায়ক গোটবোৰকো সম্ভাৱ্য কাৰ্য ৰূপায়ণ সংস্থা হিচাপে বিবেচনা কৰিব পাৰি।

৬.৩.৩ সংশ্লিষ্ট চৰকাৰী বিভাগৰ ভূমিকা

সম্পাদন কৰিবলগীয়া কামৰ মূল্যাংকন, জোখ-মাপ আৰু তদাৰকৰ ক্ষেত্ৰত কাৰিকৰী সহযোগ আগবঢ়োৱাই হৈছে সংশ্লিষ্ট চৰকাৰী বিভাগৰ ভূমিকা। কাম সম্পাদন কৰোৱা হ’ব জব কাৰ্ডধাৰীৰ জৰিয়তে। মাষ্টাৰৰোলৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে কোনো সংশ্লিষ্ট বিভাগকে অতিৰিক্ত মাচুল দিয়া নহ’ব।

(ক) কাৰ্য সম্পাদনাৰ বাধ্যতামূলক দায়িত্ব থকা গাওঁ পঞ্চায়তৰ বাহিৰে আন ৰূপায়ণৰ সংস্থা বাছনিৰ ক্ষেত্ৰত কাৰিকৰী দক্ষতামূলক সম্পদ, এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম কৰাৰ সামৰ্থ, কাৰ্য সম্পাদনাৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰমাণিত তথ্য আৰু হিতাধিকাৰীসকলৰ সামগ্ৰিক আগ্ৰহক ভিত্তি হিচাপে ল’ব লাগিব। ৰূপায়ণ সংস্থাৰ বাছনি সন্দৰ্ভত উন্নয়ন পৰিকল্পনাত উল্লেখ কৰি থব লাগিব। কাৰ্য সম্পাদনাৰ ক্ষেত্ৰত কোনো সংস্থা ব্যৰ্থ হ’লে বিকল্প ব্যৱস্থা নিশ্চিত কৰি ৰখাৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত অনুমোদিত সংস্থাৰ এখন পেনেলৰ কথা বিবেচনা কৰিব পাৰি। কোনো ৰূপায়ণ সংস্থাৰ ব্যৰ্থতাই যাতে কামত ব্যাঘাত নজন্মায় তথা কাম বিচৰা লোকসকলে সময়মতে যাতে নিযুক্তি পায় সেইটো এই ব্যৱস্থাই নিশ্চিত কৰিব।

(খ) যদি কোনো ৰূপায়ণ সংস্থাই (গাঁও পঞ্চায়তকে ধৰি) আবণ্টিত কাম ১৫ দিনৰ ভিতৰত আৰম্ভ কৰিব নোৱাৰে তেন্তে তাৎক্ষণিকভাৱে আঁচনি বিষয়াক জনাব লাগিব। তেতিয়া জিলা উন্নয়ন পৰিকল্পনাত সংশ্লিষ্ট ব্লকৰ বাবে থকা প্ৰকল্প অনুসৰি অনুমোদিত এজেন্সী পেনেলৰ পৰা এটা সংস্থাক আঁচনি বিষয়াই সেই কামৰ দায়িত্ব অৰ্পণ কৰিব। যদি কোনো গাঁও পঞ্চায়তে ১৫ দিনৰ ভিতৰত কাম আৰম্ভ নকৰে তেন্তে আঁচনি বিষয়াই সংশ্লিষ্ট আবেদনকাৰীসকলক আন সংস্থাৰ অধীনত চলি থকা কামলৈ প্ৰেৰণ কৰিব। শ্ৰমিকৰ প্ৰয়োজন বিশেষকৈ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ প্ৰয়োজনীয়তাৰ ভিত্তিত বিভিন্ন কামৰ সময় নিৰ্ধাৰণ কৰিব লাগিব।

(গ) আইনখনত (প্ৰথম অনুসূচী) উল্লেখ কৰা মতে, কাৰ্য সম্পাদনাৰ ক্ষেত্ৰত কোনো ৰূপতে ঠিকাদাৰক দায়িত্ব দিব নোৱাৰিব।

৬.৪ কামৰ মঞ্জুৰীকৰণ

৬.৪.১ সকলো কামৰ  ক্ষেত্ৰতে আগতীয়াকৈ প্ৰশাসনীয় আৰু কাৰিকৰী অনুমোদন লাভ কৰিব লাগিব। সম্পাদনাৰ বাবে প্ৰস্তাৱিত বছৰৰ আগৰ বছৰৰ ডিচেম্বৰৰ ভিতৰতে ভিতৰতে এই অনুমোদন ল’ব লাগিব।

৬.৪.২ নিয়োগৰ প্ৰয়োজনীয়তা অহাৰ লগে লগে কাৰিকৰী তথা প্ৰশাসনীয় অনুমোদন ইতিমধ্যে লাভ কৰা কামৰ তালিকাৰ পৰা কাম আৰম্ভ কৰিব লাগে।

৬.৪.৩ সাধাৰণতে গাঁও পঞ্চায়তেই হ’ল কাম ‘আৰম্ভ’ কৰা (কামৰ আদেশ জাৰি কৰি) আৰু আবেদনকাৰীসকলৰ মাজত নিযুক্তিৰ আবণ্টনৰ ক্ষেত্ৰত ক্ষমতাপ্ৰাপ্ত যথাযোগ্য কৰ্তৃপক্ষ।

৬.৪.৪ যদি আঁচনি বিষয়াই নিযুক্তিৰ আবেদন লাভ কৰে অথবা গাঁও পঞ্চায়তে তেওঁ লৈ নিযুক্তিৰ আবেদন প্ৰেৰণ কৰে তেন্তে ‘কাম’ আৰম্ভ কৰাৰ ক্ষেত্ৰত আঁচনি বিষয়াগৰাকীয়েও ক্ষমতাপ্ৰাপ্ত কৰ্তৃপক্ষ হিচাপে দায়িত্ব পালন কৰিব।

৬.৫ কাৰ্য সম্পাদন

৬.৫.১ কাম এটা আৰম্ভ কৰাৰ আগতে গাঁও পঞ্চায়তে আঁচনি বিষয়াক অৱগত কৰাব যাতে প্ৰয়োজনীয় মাষ্টাৰৰোল আঁচনি বিষয়াই জাৰি কৰিব পাৰে। প্ৰতিটো মাষ্টাৰৰোলৰে একোটা নিৰ্দিষ্ট চিনাক্ত নম্বৰ থাকিব আৰু আঁচনি বিষয়াৰ দ্বাৰা প্ৰমাণিত হ’ব। পৰিশিষ্ট বি-৩ত দিয়া ধৰণৰ হ’ব মাষ্টাৰৰোলৰ প্ৰতিৰূপ। মাষ্ঠাৰৰোলত জব কাৰ্ড নম্বৰ আৰু শ্ৰমিকৰ নাম তথা কাম কৰা দিনৰ সংখ্যা মাষ্টাৰৰোলত উল্লেখ থাকিব। কৰ্মচাৰীৰ উপস্থিতি আৰু মজুৰি প্ৰদানৰ বিষয়ে প্ৰতিটো নামৰ বিপৰীতে সংশ্লিষ্ট শ্ৰমিকৰ চহী অথবা বুঢ়া আঙুলিৰ ছাপসহ উল্লেখ কৰিব লাগিব।

৬.৫.২ নম্বৰ ভিত্তিত মাষ্টাৰৰোলসমূহ কৰ্মস্থলীত ৰখা হ’ব। কোনো কেঁচা মাষ্টাৰৰোল ব্যৱহাৰ কৰিব নোৱাৰিব।

৬.৫.৩ পৰিশিষ্ট বি-৩ত, বি-৪ত, বি-৫ আৰু বি-৬ত দিয়া ধৰণে মাষ্টাৰৰোলসমূহৰ বিস্তৃত তথ্য পঞ্জীয়ন বহীত সন্নিবিষ্ট কৰিব লাগিব।

৬.৫.৪ জব কাৰ্ড লাভ কৰা তথা কামৰ বাবে আবেদন জনোৱা শ্ৰমিকৰ দ্বাৰাই সকলো কাম সম্পাদন কৰিব লাগিব। ঠিকাদাৰক আঁতৰাই ৰখাৰ বাবেই এনে কৰাটো অত্যাৱশ্যকীয়। ১৮ বছৰৰ তলৰ বয়সৰ কোনো লোককে এনৰেগা প্ৰকল্পত কাম কৰাৰ অনুমতি দিব নোৱাৰিব।

৬.৫.৫ শ্ৰমিক তত্ববধায়কৰ বাচনি

(ক) শ্ৰমিক তত্ববধায়কৰ বাচনি

কামৰ তদাৰক আৰু কৰ্মস্থলীত উপস্থিতিৰ তথ্য লিপিবদ্ধ কৰাৰ বাবে শ্ৰমিক তত্বাবধায়কক দায়িত্ব দিব পাৰি। সেই কামৰ বাবে শ্ৰমিকসকলক নিকা, স্বচ্ছ তথা অংশগ্ৰহণমূলক পদ্ধতিৰে বাঁচনি কৰিব লাগে। তত্বাবধায়ক সকলৰ মাজত পৰ্যাপ্তসংখ্যক মহিলাৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগিব। সংশ্লিষ্ট তত্বাবধায়ক সকলৰ ক্ষেত্ৰত নিজৰ দায়িত্ব সুকলমে সম্পাদনাৰ বাবে লগাতকৈ অধিক শিক্ষাগত অৰ্হতা (যেনে ৫ম অথবা ৮ম শ্ৰেণী)ৰ প্ৰয়োজন নাই। পৰ্যাপ্তসংখ্যক প্ৰশিক্ষণ প্ৰাপ্ত তত্ব বধায়কে যাতে সকলো সময়তে উপলব্ধ হয় সেয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন গাঁৱতে পৰ্যাপ্তসংখ্যক তত্ববধায়কক (যেনে- প্ৰতিখন ৰাজহ গাঁৱতে ৫-৬ জনকৈ) প্ৰশিক্ষণ দিব লাগে। কোনো এক নিৰ্দিষ্ট কৰ্মস্থলীত তেনে কামত নিয়োজিত তত্ববধায়ক (মেট) আৰু সাধাৰণ শ্ৰমিকৰ অনুপাত কমেও ১ঃ৫০ হ’ব লাগিব। ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ সৈতে আলোচনাৰ জৰিয়তে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰিব পাৰে। এটা কামৰ ক্ষেত্ৰত এনে সংশ্লিষ্ট শ্ৰমিকসকলক (মেট) এপষেকৰ মূৰে মূৰে সাধাৰণতে মাষ্টাৰ ৰোলৰ শেহ হোৱাৰ লগে লগে অন্য নতুন কাম তদাৰক কৰাত ব্যৱহাৰ কৰিব লাগে।

(খ) তত্ববধায়ক প্ৰশিক্ষণ

প্ৰতিজন মেট শ্ৰ্মিকেই কেইবাদিন ধৰি ‘শ্ৰেণীকোঠা’ আৰু ‘কৰ্মস্থলী’ত প্ৰশিক্ষণ ল’ব লাগিব। গ্ৰাম ৰোজগাৰ সেৱক/অথবা পঞ্চায়ত সচিবৰ সৈতে যুটীয়া প্ৰশিক্ষণৰ বাবে বিশেষভাৱে চুপাৰিশ কৰা হয়। মেট’ শ্ৰমিকৰ প্ৰশিক্ষণে বিশেষভাৱে সামৰি ল’বলগীয়া বিষয়বোৰ হ’ল-

  • এনৰেগাৰ প্ৰধান ব্যৱস্থাসমূহ।
  • এনৰেগা শ্ৰমিকৰ দায়িত্ব।
  • কৰ্মস্থলীৰ সা-সুবিধা।
  • কৰ্মস্থলীত স্বচ্ছতাৰ সুৰক্ষা ব্যৱস্থা।
  • মাষ্টাৰৰোল ব্যৱস্থাপনা।
  • কামৰ জোখ-মাপ।

প্ৰতিজন প্ৰশিক্ষণপ্ৰাপ্ত ‘মেট’ শ্ৰমিকেই জোখ-মাপ কৰা ফিটা, কেলকুলেটৰ, প্ৰাথমিক চিকিৎসাৰ সাধন আৰু দৈনিক জোখ-মাপ লিপিবদ্ধ কৰাৰ বাবে এখন ডায়েৰীসহ এটা বিশেষ বেগ (কিট) লগত ৰাখিব লাগিব। ‘মেট’ শ্ৰমিকসকল লগত হেল্পলাইন আৰু জৰুৰী ফোন নম্বৰো থাকিব লাগিব।

(গ) তত্ববধায়কৰ কৰ্তব্য

সতীৰ্থ শ্ৰমিকবৃন্দ অৰ্থাৎ ‘মেট’সকলৰ লগত এখন স্পষ্ট ‘জবকাৰ্ট’ থাকিব লাগিব য’ত তেওঁলোকৰ দায়িত্বৰ বিষয়ে নিৰ্দিষ্ট কৰা থাকিব। যিকোনো ভুল-ত্ৰুটিৰ ক্ষেত্ৰত তেওঁলোক জবাবদিহি হ’ব লাগিব। সাধাৰণতে জব চাৰ্টৰ অংশ হিচাপে পৰিগণিত কৰ্তব্যসমূহ হ’ল-

  • গোট গঠন, ন্যূনতম মজুৰি (মজুৰিৰ হাৰৰ সূচী অনুসৰি) প্ৰাপ্তিৰ বাবে কামৰ চিনাক্তকৰণ।
  • কৰ্মস্থলীত মাষ্টাৰৰোল ব্যৱস্থাপনা (লগতে কামৰ প্ৰথমদিনা শ্ৰমিকৰ নাম লিপিবদ্ধ কৰা আৰু প্ৰতিদিনে উপস্থিতিৰ দাগ দিয়া।) মাষ্টাৰৰোলৰ তথ্যৰ সত্যতা আৰু সম্পাদিত কামৰ মান নিশ্চিতকৰণৰ ক্ষেত্ৰত ‘মেট’ শ্ৰমিকসকল প্ৰত্যক্ষভাৱে দায়বদ্ধ হ’ব।
  • প্ৰতিটো গোটে দৈনিক অথবা সাপ্তাহিক ভিত্তিত কৰা কাম।
  • কৰ্মস্থলীৰ সা-সুবিধা নিশ্চিত কৰাঃ জিৰণিৰ ব্যৱস্থা, শ্ৰমিকসকলক শিশুৰ তত্বাৱধানৰ সুবিধা প্ৰদান আৰু খোৱা পানী তথা দৰৱৰ ব্যৱস্থা।
  • কৰ্মস্থলীৰ সাধাৰণ তদাৰক।
  • কৰ্মস্থলীৰ দুৰ্ঘটনাকে ধৰি সম্ভাৱ্য জৰুৰী অৱস্থাৰ মোকাবিলা কৰা।
  • ‘মেট’ শ্ৰমিকৰ মাননি

মেট শ্ৰমিকৰ মজুৰি সাধাৰণ অৰ্ধ দক্ষ শ্ৰমিকৰ সমপৰ্যায়ৰ হ’ব লাগে। কোনো কাৰণৰে তেওঁলোকৰ মজুৰি অদক্ষ শ্ৰমিকতকৈ কম হ’ব নোৱাৰিব। এনৰেগা কামৰ সামগ্ৰী অংশৰ অন্তৰ্গত ব্যয়ৰ মূল্যাংকনত মেট শ্ৰমিকৰ মাননি অন্তৰ্ভূক্ত কৰিব লাগিব।

৬.৬ প্ৰকল্পৰ সূচনা

কাম এটা আৰম্ভ কৰাৰ লগতে কৰ্মস্থলীত নিন্মোক্ত কামবোৰ হাতত ল’ব লাগে।

৬.৬.১ কাম আৰম্ভ হ’বলগীয়া ঠাইত সকলো শ্ৰমিকৰ উপস্থিতিত প্ৰকল্প সূচনা বৈঠক অনুষ্ঠিত কৰিব লাগে। বৈঠকত শ্ৰমিকসকলক আইনখনৰ ব্যৱস্থাৱলী, মজুৰি প্ৰদান ব্যৱস্থা, এছ অ’ আৰ, কৰ্মস্থলীৰ সুবিধা তথা দুৰ্ঘটনাত কোনো শ্ৰমিক আঘাতপ্ৰাপ্ত অথবা মৃত্যু হ’লে অথবা দুৰ্ঘটনাত শ্ৰমিকৰ সৈতে সন্তান হতাহত হ’লে পাবলগীয়া সা-সুবিধাৰ বিষয়ে ব্যাখ্যা কৰিব লাগিব। মজুৰি প্ৰদানৰ ক্ষেত্ৰত লিংগৰ ভিত্তিত কোনো অন্যায় কৰা নহ’ব বুলি বৈঠকত স্পষ্টভাৱে বুজাই দিব লাগিব।

৬.৬.২ অনুপাতিক মজুৰি প্ৰদানৰ ক্ষেত্ৰত শ্ৰমিকসকলৰ পৰা আশা কৰা মান সম্পন্ন ফলাফল নিৰ্দেশ কৰিবলৈ এটা নমুনামূলক গাঁত খান্দিব পাৰি।

৬.৬.৩ কামৰ সহজ সম্পাদন, কামৰ জোখ-মাপ আৰু মজুৰিৰ যথাযথ হিচাপ-নিকাচৰ বাবে শ্ৰমিকসকলক ৪-৬ জনীয়া সদস্যৰ একোটা সৰু সৰু গোটত বিভক্ত কৰিব পাৰি।

৬.৬.৪ বেংক অথবা ডাকঘৰৰ কৰ্মচাৰীক কৰ্মস্থলীলৈ আনি শ্ৰমিকসকলৰ বাবে বেংক নাইবা ডাকঘৰত একাউণ্ট খুলিব পাৰি।

৬.৬.৫ এনৰেগা ল’গো সম্বলিত (পৰিশিষ্ট বি ১৮ অনুসৰি) নাগৰিক তথ্য ফলক স্থাপন কৰিব লাগিব। অত্যাৱশ্যকীয় তথ্য, কামৰ বিস্তৃত বিৱৰণ, এছ অ’ আৰ, মূল্যাংকন, কামৰ মান আদিৰ বিষয়ে উক্ত ফলকত লিখা থাকিব।

৬.৭ কামৰ জোখ-মাপ আৰু নিৰিখৰ অনুসূচী

৬.৭.১ কামৰ জোখ-মাপৰ বাবে ৰাজ্যসমূহে নীতি নিৰ্ধাৰণ কৰিব পাৰে। ইয়াৰ অন্তৰ্গত কাৰকসমূহে তলত উল্লেখ কৰা গুৰুত্বপূৰ্ণ ধাৰণাসমূহ সামৰি ল’ব পাৰে।

(ক)প্ৰথমতে এইটো নিশ্চিত কৰিব লাগিব যাতে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত কাম সম্পাদনৰ বাবে  প্ৰয়োজনীয় পদক্ষেপবোৰ স্পষ্টৰূপত চিনাক্ত কৰা হয়। একো যাতে অস্পষ্ট হৈ নাথাকে আৰু কামৰ অংশ-নিৰিখত যাতে কমকৈ মুল্য দিয়া নহয়। পৃথক কৰিবলগীয়া কামবোৰ (যেনে- খনন, উঠোৱা) একত্ৰিত কৰণৰ পৰা বিৰত থাকিব লাগে।

(খ) দ্বিতীয়তে মাটি, মাটিৰ ঢাল, ভূতত্বৰ ধৰণ আদিৰ স্থানীয় অৱস্থাৰ ক্ষেত্ৰত অংশ নিৰিখ কামৰ অধীনত তালিকাভূক্ত পদক্ষেপসমূহৰ বাবে উৎপাদকতা নীতি নিৰ্ধাৰণ এনেভাৱে কৰিব লাগে যাতে কামৰ বাবে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত স্বাভাৱিক কামে কমেও মজুৰি নিৰিখৰ সমান উপাৰ্জন দিব পাৰে।

(গ) তৃতীয়তে দুৰ্নীতি আৰু প্ৰয়োজনতকৈ কম নিযুক্তি হোৱাটো হ্ৰাস কৰাৰ বাবে জোখ-মাপৰ নিয়ম (একক বনাম সামুহিক) নিৰ্ধাৰণ, কাৰ্য সম্পাদন আৰু জোখ-মাপৰ মাজৰ সময়ৰ ব্যৱধান।

৬.৭.২ ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহে বিস্তৃত কাম, সময় আৰু গতিৰ অধ্যয়ন প্ৰক্ৰিয়া হাতত ল’ব পাৰে। এই অধ্যয়নবোৰ অৱস্থিতিভিত্তিক বিস্তৃত পৰ্যবেক্ষণৰ অন্তত আউট-টাৰ্ণ আৰু স্থায়ী নিৰিখ পৰ্যবেক্ষণ কৰিব। ইয়াৰ অৰ্থ হ’ল বিভিন্ন জিলা তথা এখন জিলাৰ ভিতৰত বিভিন্ন ভূ-গাঁঠনিক আৰু জলবায়ুৰ অধীনত সম্ভাব্য আউট-টাৰ্ণ উৎপাদকতা নীতিয়ে মানি চলিব লাগিব। উচ্চ পৰ্যায় অৱস্থান বৈশিষ্ট তথা মাটিৰ ভিন্নতা থকা অঞ্চল, ব্যাপক ঢাল, ভূ-তাত্ত্বিক অৱস্থা তথা ঋতুকালীন পাৰ্থক্য বিশিষ্ট অঞ্চলত ইয়াৰ বিশেষ আহি পৰে। সেইবাবে প্ৰশাসনিক সীমাৰ সলনি পৰিৱেশৰ সীমাক আধাৰ হিচাপে লৈ একেধৰণৰ কামৰ বিপৰীতে ভিন্ন নিৰিখৰ তালিকা প্ৰস্তুত কৰিব লাগে। এইবোৰৰ অধ্যয়নৰ ভিত্তিতেই নিৰিখৰ অনুসূচী (এছ অ’ আৰ) প্ৰস্তুত কৰিব পাৰি।

৬.৭.৩ একেটা অঞ্চলত একেধৰণৰ কামৰ ক্ষেত্ৰত বিভিন্ন ৰূপায়ণ সংস্থাৰ এছ অ’ আৰ আৰু ফলাফল একেই হ’ব লাগিব। যিহেতু বিভিন্ন বিভাগ/সংস্থাৰ ক্ষেত্ৰত এছ অ’ আৰ অনুভূমিকভাৱে কাৰ্যকৰী হ’ব সেইবাবে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ যোগ্য কৰ্তৃপক্ষই অধিসূচনা জাৰি কৰিব লাগিব।

৬.৭.৪ মানসম্পন্ন আৰ্হিৰ সৈতে এছ অ’ আৰ স্পষ্ট ৰূপত প্ৰকাশ কৰাৰ লগতে ব্যাপক হাৰত প্ৰচাৰ কৰিব লাগিব। বিশেষকৈ কৰ্মস্থলীত এছ অ’ আৰ স্থানীয় ভাষাত উপস্থাপন কৰিব লাগিব। ‘ৰাইজৰ মূল্যাংকন’ বুলি এনেভাৱে উপস্থাপন কৰিব লাগিব যাতে শ্ৰমিকসকলৰ সহজে বোধগম্য  হয়।

৬.৭.৫ কৰ্মস্থলীৰ দায়িত্বত থকা অৰ্হতাসম্পন্ন কাৰিকৰী ব্যক্তিয়ে চোৱাচিতা কৰা জোখ-মাপ বহীত জোখ-মাপৰ তথ্য লিপিবদ্ধ কৰিব লাগিব। ‘মেট’ শ্ৰমিকে লোৱা দৈনিক জোখ-মাপ আৰু কাৰিকৰী অৰ্হতা সম্পন্ন ব্যক্তিয়ে লোৱা জোখ-মাপৰ মাজত সামাজস্য থাকিব লাগিব। মজুৰি প্ৰদানৰ এসপ্তাহ আগতে অৰ্হতাসম্পন্ন ব্যক্তিয়ে সত্যতা নিৰূপণ কৰিব।

জোখ-মাপবোৰ দৈনিক ভিত্তিত আৰু স্বচ্ছভাৱে ল’ব লাগিব।

৬.৮ কৰ্মস্থলীৰ সা-সুবিধা

৬.৮.১ ৰূপায়ণ সংস্থাই কৰ্মস্থলীৰ সা-সুবিধা নিশ্চিত কৰিব লাগিব। চিকিৎসা, সাহায্য, খোৱাপানী, আশ্ৰয়স্থলৰ লগতে শিশুৰ বাবে ক্ৰেচ্ছৰ ব্যৱস্থা কৰিব লাগিব (এনৰেগা, দ্বিতীয় অনুসূচী, ২৭ আৰু ২৮ নং অনুসূচী)।

৬.৮.২ যদি কৰ্মস্থলীত ছবছৰতকৈ কম বয়সৰ শিশু পাঁচটাতকৈ অধিক হয় তেন্তে সেই শিশুসকলক চোৱাচিতাৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত এগৰাকী ব্যক্তিক (বিশেষকৈ মহিলা) নিয়োগ কৰিব লাগিব। সেই মহিলাগৰাকীক অদক্ষ শ্ৰমিকৰ সমহাৰত মজুৰি প্ৰদান কৰা হ’ব। এই ব্যয় সুকীয়াকৈ লিপিবদ্ধ কৰা হ’ব আৰু ইয়াক কামৰ জোখ-মাপৰ অংশ হিচাপে অন্তৰ্ভূক্ত কৰা নহ’ব।

৬.৮.৩ ক্ৰেচ্ছৰ ঠাইখিনি এনেভাৱে পৰিকল্পনা কৰিব লাগিব যাতে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ হয়। সাধাৰণতে এগৰাকী শ্ৰমিক অথবা শ্ৰমিকৰ গোট এটাৰ বাবে এটা ক্ৰেচ্ছ মুকলি কৰিব লাগিব।

৬.৯ প্ৰকল্প সম্পূৰ্ণ কৰাৰ প্ৰতিবেদন

প্ৰকল্প সম্পূৰ্ণ কৰাৰ প্ৰতিবেদন (পি চি আৰ) প্ৰতিটো প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পাছত, কামৰ পঞ্জীয়ন বহীত নিৰ্ধাৰিত আৰ্হিত এখন প্ৰকল্প সম্পূৰ্ণ হোৱাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। উক্ত প্ৰতিবেদনত সন্নিবিষ্ট তথ্যবোৰৰ সত্যতা এগৰাকী জ্যেষ্ঠ বিষয়াৰ দ্বাৰা নিৰূপণ কৰোৱাৰ লাগিব। কামৰ নথি হিচাপে সম্পূৰ্ণ হোৱা কামটোৰ একপি ফটো ল’ব লাগিব আৰু ফটোখন পি চি আৰত লগাই দিব লাগিব। ৰূপায়ণ সংস্থাৰ কাৰ্যালয়ত সংশ্লিষ্ট কামটোৰ তথ্যপাতিৰ সৈতে এই পি চি আৰ খন ৰাখিব লাগিব। কাম সম্পূৰ্ণ হোৱাৰ সত্যতা নিৰূপণৰ তথ্য হিচাপে ই গণ্য হ’ব।

উৎসঃ অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate