অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিশিষ্ট

পৰিশিষ্ট এ-১

গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি এখনত কি থকা উচিত ?

গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (এন আৰ ই জি এছ) এখনে নিম্নোক্ত বিষয়সমূহ স্পষ্ট কৰি দিয়াৰ আশা কৰা হ’ব।                                                               
(ক) ৰাজ্যত ৰূপায়ণ বিভাগ নিৰ্দ্ধাৰণ কৰা।

(খ) ৰাজ্যৰ জ্যেষ্ঠ বিষয়া এজনক ৰাজ্যিক আঁচনি সমন্বয়ক হিচাপে নিৰ্দিষ্ট কৰা ।

(গ) জিলা আঁচনি সমন্বয়ক নিৰ্দিষ্ট কৰা ।

(ঘ) আঁচনি বিষয়া, সহযোগী কৰ্মচাৰীবৃন্দ আৰু আৱশ্যকীয় অন্যান্য বৃত্তিমূলক সেৱা নিযুক্তিৰ বাবে যাৱতীয় প্ৰক্ৰিয়া নিৰ্দ্ধাৰণৰ লগতে নিয়মীয়া আঁচনি বিষয়া নিযুক্তি নিদিয়া পৰ্যন্ত অন্তৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা ।

(ঙ) খণ্ড উন্নয়ন বিষয়াৰ সৈতে সম্পৰ্ক নিৰ্দ্ধাৰণ

(চ) আইনগত নিৰ্দ্ধাৰণ কৰি দিয়া আৰু নীতি নিৰ্দেশনাৱলীত বিতংভাৱে ব্যাখ্যা কৰা প্ৰতিটো কামৰ বাবে সংস্থা অনুসৰি

ভূমিকা আৰু দায়িত্ব স্পষ্টভাৱে বিভাজন কৰি দিয়া । প্ৰতিটো কামৰ ক্ষেত্ৰত স্পষ্ট দায়বদ্ধতা নিৰ্দ্ধাৰণেৰে সেইবোৰৰ মাজত সমন্বয় ব্যৱস্থা গঠন কৰা । যিহেতু এই আইনৰ অধীনস্থ কামবোৰ আইনসংগত আৰু কাম লাভৰ বাবে আইনগত দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰা হৈছে সেইটো জনসাধাৰণ আৰু ৰূপায়ণ সংস্থাসমূহে জনা উচিত ।

(ছ) গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বাবে পুঁজিৰ প্ৰবাহ নিৰ্দ্ধাৰণ কৰা ।

(জ) জিলা, ব্লক (আঁচনি বিষয়া) আৰু গাঁও পঞ্চায়ত পৰ্যায়ত চেক-স্বাক্ষৰকাৰী কৰ্তৃপক্ষ নিৰ্দিষ্ট কৰা ।

(ঝ) নিবনুৱা ভাট্টা প্ৰদানৰ পদ্ধতি নিৰ্দ্ধাৰণ কৰা ।

(ঞ) কামৰ প্ৰশাসনিক আৰু কাৰিকৰী অনুমোদনৰ বাবে কৰ্তৃপক্ষ নিৰ্দিষ্ট কৰা আৰু সেইবোৰৰ ক্ষমতা নিৰ্দিষ্ট কৰি দিয়া ।

(ট) একাউণ্টৰ চোৱাচিতা, মাষ্টাৰৰোল, কামৰ সা-সামগ্ৰী, অদক্ষ মজুৰি আৰু দক্ষ মজুৰি সম্পৰ্কীয় বিষয়সমূহ পৰিচালনা কৰা । লগতে আভ্যন্তৰীণ আৰু সামাজিক হিচাপ পৰীক্ষাৰ ব্যৱস্থা কৰা।

(ঠ) জবকাৰ্ডত অন্তৰ্ভুক্তি আৰু ভুল অন্তৰ্ভুক্তিত বাধা দিয়াৰ বাবে পুনঃ পৰীক্ষাৰ পদ্ধতি নিৰ্দ্ধাৰণ কৰা ।

(ড) কামৰ জোখ-মাপ লোৱা আৰু তাৰ ভিত্তিত মজুৰিৰ নিৰিখ স্থিৰ কৰাৰ বাবে ব্যৱস্থা নিৰ্দ্ধাৰণ আৰু এই তথ্যবোৰ স্বচ্ছ কৰা পদ্ধতি নিৰ্দ্ধাৰণ কৰা ।

(ঢ) মজুৰি প্ৰদানৰ ব্যৱস্থা নিৰ্দ্ধাৰণ । বেংকে অথবা ডাকঘৰৰ একাউণ্টৰ জৰিয়তে মজুৰি প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে বিবেচনা কৰিব পাৰি ।

(ণ) সামাজিক হিচাপ পৰীক্ষা, ৰাজহুৱা দায়বদ্ধতাৰ লগতে তথ্য জনাৰ অধিকাৰ আইন ৰূপায়ণৰ বাবে পদ্ধতি নিৰ্দ্ধাৰণ কৰা ।

(ত) গাঁও পঞ্চায়ত মধ্যৱৰ্তী পঞ্চায়ত, জিলা আৰু ৰাজ্যিক পৰ্যায়ত অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা নিৰ্দ্ধাৰণ কৰা ।

(থ) ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ অধ্যক্ষ আৰু সদস্যসকলৰ চৰ্তাৱলীৰ নিৰ্দ্ধাৰণৰ লগতে বৈঠকত সমূহৰ বাবে সময়, স্থান তথা পদ্ধতি নিৰ্দিষ্ট কৰা ।

পৰিশিষ্ট এ-২

গুৰুত্বপূৰ্ণ সংস্থা সমূহৰ ভূমিকা আৰু দায়িত্ব

(১) কেন্দ্ৰীয় চৰকাৰ

  • বিধি নিৰ্দ্ধাৰণ কৰা ।
  • নীতি-নিৰ্দেশনা জাৰি কৰা ।
  • আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰ সন্দৰ্ভত অধিসূচনা জাৰি কৰা ।
  • যোগাযোগ ।
  • কেন্দ্ৰীয় অংশ মোকলাই দিয়াৰ বাবে বাজেটৰ ব্যৱস্থা ।
  • কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদ গঠন কৰা ।
  • কেন্দ্ৰীয় নিয়োগ নিশ্চিত পুঁজি গঠন কৰা ।
  • কাৰিকৰী সংযোগৰ ব্যৱস্থা কৰা ।
  • নিৰীক্ষণ, মূল্যায়ণ আৰু গৱেষণা ।

(২)  কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদ

  • এটা কেন্দ্ৰীয় মূল্যায়ণ আৰু নিৰীক্ষণ ব্যৱস্থা গঠন কৰা ।
  • উক্ত আইনখনৰ ৰূপায়ণৰ জড়িত সকলো বিষয়তে কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়া।
  • নিৰীক্ষণৰ আৰু নিষ্পত্তিৰ ব্যৱস্থাসমূহৰ সময়ে সময়ে পুনৰীক্ষণ কৰা আৰু প্ৰয়োজনীয় উন্নয়ন চুপাৰিশ কৰা ।
  • এই আইনখনৰ অধীনত যুগুত কৰা আঁচনিসমূহৰ বিষয়ে তথ্যৰ সম্ভাৱ্য সৰ্বাধিক প্ৰচাৰৰ ব্যৱস্থা কৰা ।
  • আইনখনৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ নিৰীক্ষণ কৰা ।
  • আইনখনৰ ৰূপায়ণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰিবলগীয়া বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰা ।
  • কেন্দ্ৰীয় চৰকাৰে অৰ্পণ কৰিব পৰা আন যিকোনো দায়িত্ব অথবা কাম ।
  • উক্ত আইনৰ অধীনত যুগুত কৰা বিভিন্ন আঁচনিৰ মূল্যায়ণ কৰাৰ ক্ষমতা থাকিব কেন্দ্ৰীয় নিয়োগ নিশ্চিত পৰিষদৰ । তাৰবাবে গ্ৰাম্য অৰ্থনীতি আৰু আঁচনিসমূহৰ ৰূপায়ণ সম্পৰ্কীয় পৰিসংখ্যা সংগ্ৰহ কৰা অথবা সংগ্ৰহ প্ৰয়োজনীয়তা ।

(৩) ৰাজ্য চৰকাৰ

  • আইনখনৰ {৩২ (১১)} অধীনত ৰাজ্যৰ দায়িত্ব সম্পৰ্কীয় বিষয়বোৰৰ ক্ষেত্ৰত বিধি নিৰ্দ্ধাৰণ
  • গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি প্ৰস্তুত কৰা আৰু অধিসূচনা জাৰি কৰা ।
  • যোগাযোগ
  • ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদ গঠন কৰা ।
  • ৰাজ্যিক নিয়োগ নিশ্চিত পুঁজি গঠন কৰা ।
  • ৰাজ্যিক অংশ মোকলাই দিয়াৰ বাবে বাজেটত ব্যৱস্থা কৰা ।
  • গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি পৰিকল্পনা আৰু ৰূপায়ণ ।
  • প্ৰশিক্ষণ ।
  • পৰ্যাপ্ত পুঁজি উপলব্ধ হোৱা স্বত্বেও ১৫দিনৰ ভিতৰত নিযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰিলে নিবনুৱা ভাট্টা প্ৰদান কৰা ।
  • নিৰীক্ষণ, মূল্যায়ণ আৰু গৱেষণা ।

(৪) ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদ

  • আঁচনিসমূহ আৰু ৰাজ্যখনত সেইবোৰৰ ৰূপায়ণ সম্পৰ্কীয় সকলো বিষয়ত ৰাজ্য চৰকাৰৰ পৰামৰ্শ প্ৰদান কৰা ।
  • অগ্ৰাধিকাৰ মূলক কামৰ চিনাক্তকৰণ ।
  • নিৰীক্ষণ আৰু নিষ্পত্তিৰ ব্যৱস্থাসমূহৰ সময়ে সময়ে পৰ্যালোচনা কৰা আৰু উন্নয়নৰ চুপাৰিশ আগবঢ়োৱা ।
  • আইনখন আৰু ইয়াৰ অধীনস্থ আচঁনিসমূহৰ বিষয়ে তথ্যৰ যথাসম্ভৱ সৰ্বাধিক প্ৰচাৰৰ ব্যৱস্থা কৰা ।
  • ৰাজ্যখনত আইনখন আৰু আঁচনিসমূহৰ ৰূপায়ণ নিৰীক্ষণৰ লগতে তেনে ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় পৰিষদৰ সৈতে সমন্বয় ৰক্ষা কৰা ।
  • ৰাজ্য চৰকাৰে বিধানসভাত দাখিল কৰিবলগীয়া বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰা ।
  • কেন্দ্ৰীয় পৰিষদ অথবা ৰাজ্য চৰকাৰে অৰ্পণ কৰিব পৰা আন যিকোনো দায়িত্ব বা কাম ।
  • ৰাজ্যখনত ৰূপায়িত হৈ থকা আঁচনি সমূহৰ মূল্যায়ণ কৰাৰ ক্ষমতা থাকিব ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ । সেই কামৰ বাবে গ্ৰাম্য অৰ্থনীতিৰ লগতে ৰাজ্যখনত আঁচনি আৰু কাৰ্যসূচীসমূহৰ ৰূপায়ণ সম্পৰ্কীয় পৰিসংখ্য সংগ্ৰহ অথবা সংগ্ৰহৰ প্ৰয়োজনীয়তা ।
  • ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ অধ্যক্ষ আৰু সদস্যসকলৰ বাবে যাৱতীয়া চৰ্তাৱলী ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰিব ।

(৪) জিলা

৪.১  গাঁও সভা

  • হিতাধিকাৰী চিনাক্তকৰণত সহায় কৰা ।
  • উন্নয়নমূলক কামৰ চুপাৰিশ কৰা ।
  • গাঁও পঞ্চায়ত এলেকাৰ ভিতৰুৱা সকলো প্ৰকল্পৰে সামাজিক হিচাপ পৰীক্ষণ কৰা ।

৪.২ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান

  • এনৰেগাৰ অধীনত প্ৰস্তুত কৰা আঁচনিসমূহৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত, মধ্যৱৰ্তী পঞ্চায়ত আৰু জিলা পঞ্চায়ত সমূহেই হ’ব প্ৰধান কৰ্তৃপক্ষ ।
  • আইনখনৰ অধীনত সকলো পৰ্যায়তে পঞ্চায়ত সমূহেই হ’ব পাৰে ৰূপায়ণ সংস্থা ।
  • ব্যয়ৰ হিচাপত কমেও ৫০ শতাংশ কাম ৰূপায়ণৰ বাবে গাঁও পঞ্চায়তবোৰক আবণ্টন দিয়া হ’ব ।
  • গাঁও/ৱাৰ্ড সভাৰ অনুমোদন সাপেক্ষে আঁচনিখনৰ অধীনত নিজৰ এলেকাত ৰূপায়ণৰ বাবে প্ৰকল্পৰ চিনাক্তকৰণ দায়িত্ব গাঁও পঞ্চায়তৰ ওপৰত ন্যস্ত থাকিব । লগতে পুনৰীক্ষণ আৰু প্ৰাথমিক অনুমোদনৰ বাবে সেই প্ৰকল্পবোৰ আঁচনি বিষয়ালৈ প্ৰেৰণ কৰিব লাগিব।
  • গাঁও পঞ্চায়তে এখন উন্নয়ন পৰিকল্পনা যুগুত কৰিব আৰু কামৰ দাবী উত্থাপিত হ’লেও আৰম্ভ কৰিব পৰাকৈ আঁচনিখনৰ অধীনত সম্ভাৱ্য কামৰ তালিকাসমূহ প্ৰস্তুত কৰি ৰাখিব ।
  • মধ্যৱৰ্তী পঞ্চায়তে ব্লক পৰ্যায়ৰ পৰিকল্পনাসমূহত অনুমোদন জনাব আৰু তাৰ পাছত সেইবোৰ অনুমোদনৰ বাবে জিলা পঞ্চায়তলৈ প্ৰেৰণ কৰিব ।
  • আঁচনিখনৰ অধীনত ৰূপায়ণৰ বাবে হাতত ল’বলগীয়া ব্লকভিত্তিক প্ৰকল্পৰ তালিকা জিলা পঞ্চায়তে চূড়ান্ত কৰাৰ লগতে অনুমোদন জনাব ।
  • জিলা পঞ্চায়তৰ দ্বাৰা অনুমোদিত পৰিকল্পনাবোৰৰ ৰূপায়ণৰ দায়িত্ব পঞ্চায়ত, সংশ্লিষ্ট বিভাগ, বে-চৰকাৰী সংস্থা আদিৰ ওপৰত ন্যস্ত কৰা হ’ব ।

৪.৩  আঁচনি বিষয়া

  • নিয়ন্ত্ৰণ ক্ষমতাৰ অধীনস্থ এলেকাত প্ৰকল্প ৰূপায়ণৰ ফলত সৃষ্টি হোৱা নিযুক্তিৰ সুবিধাৰ সৈতে নিযুক্তিৰ দাবীৰ ক্ষমতা ৰক্ষা কৰাৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব ।
  • নিযুক্তিৰ বাবে আবেদন পঞ্জীয়নৰ লগতে আইনখনৰ ব্যৱস্থা আৰু ৰাজ্যই অধিসূচনা জাৰি কৰা অধিসূচনাৰ সৈতে সংগতি ৰাখি মজুৰি ভিত্তিক নিযুক্তি প্ৰদানৰ সামগ্ৰিক প্ৰক্ৰিয়াৰ সামগ্ৰীক চোৱাচিতা আৰু সমন্বয় ৰক্ষা কৰা ।
  • গাঁও পঞ্চায়তসমূহে প্ৰস্তুত কৰা প্ৰকল্পৰ প্ৰস্তাৱ আৰু মধ্যৱৰ্তী পঞ্চায়তসমূহৰ পৰা লাভ কৰা প্ৰস্তাৱসমূহ একত্ৰিত কৰি নিজৰ নিয়ন্ত্ৰণ এলেকাত অন্তৰ্গত ব্লকসমূহৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰা ।
  • জিলা আঁচনি সমন্বয়কৰ পৰা সম্পদ গ্ৰহণ কৰা আৰু যাৱতীয় নীতি-নিৰ্দেশনা তথা ৰাজ্য চৰকাৰৰ আঁচনিৰ সৈতে সংগতি ৰাখি ৰূপায়ণ সংস্থা সমূহলৈ সেইবোৰ মোকলাই দিয়া ।
  • গ্ৰহণ কৰা, মোকলাই দিয়া আৰু ব্যৱহাৰ কৰা সম্পদৰ যথাযথ একাউণ্ট পৰিচালনা কৰা ।
  • নিজৰ নিয়ন্ত্ৰণাধীন এলেকাত গাঁও পঞ্চায়ত আৰু অন্যান্য ৰূপায়ণ সংস্থাসমূহে হাতত লোৱা প্ৰকল্পসমূহ নিৰীক্ষণ কৰা ।
  • যোগ্য পৰিয়ালবোৰৰ বাবে নিবনুৱা ভাট্টাৰ মঞ্জুৰি আৰু প্ৰদান নিশ্চিত কৰা ।
  • নিজৰ নিয়ন্ত্ৰণাধীন এলেকাত  আঁচনিখনৰ অধীনত ৰূপায়িত কোনো কাৰ্যসূচীত নিযুক্ত সকলো শ্ৰমিকক যথাযথভাৱে মজুৰি প্ৰদান নিশ্চিত কৰা ।
  • গাঁও পঞ্চায়তৰ নিয়ন্ত্ৰণৰ ভিতৰত পৰা সকলো কামৰ নিয়মীয়া সামাজিক অ’ডিট গাঁও সভাৰ দ্বাৰা সম্পাদন নিশ্চিত কৰাৰ লগতে সামাজিক অ’ডিটক সময়ত উত্থাপিত অভিযোগ সন্দৰ্ভত দৃঢ় পদক্ষেপ গ্ৰহণ কৰা ।
  • জিলা আঁচনি সমন্বয়ক অথবা ৰাজ্য চৰকাৰে তেওঁৰ ওপৰত ন্যস্ত কৰিব পৰা অন্যান্য কাম ।
  • আঁচনি বিষয়াই কাৰ্যসম্পাদন কৰিব জিলা আঁচনি সম্পাদকৰ নিৰ্দেশনা নিয়ন্ত্ৰণ আৰু অধীক্ষকতাৰ অধীনত ।

৪.৪  জিলা আঁচনি সমন্বয়ক

  • উক্ত আইন আৰু তাৰ অধীনত প্ৰস্তুত কৰা আঁচনিৰ অধীনত নিৰ্দ্ধাৰিত নিজস্ব কাৰ্য সম্পাদনত জিলা পঞ্চায়তক সহায় কৰা ।
  • ব্লকসমূহে প্ৰস্তুত কৰা আঁচনি আৰু অন্যান্য ৰূপায়ণ সংস্থা সমূহৰ পৰা লাভ কৰা প্ৰকল্পৰ প্ৰস্তাৱসমূহ জিলা পৰ্যায়ৰ পঞ্চায়তৰ দ্বাৰা অনুমোদিত হ’বলগীয়া প্ৰকল্প তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে একত্ৰিত কৰা ।
  • প্ৰয়োজন সাপেক্ষে প্ৰয়োজনীয় মজুৰি আৰু প্ৰশাসনীয় অনুমতি প্ৰদান কৰা ।
  • আইনখনে ব্যৱস্থা কৰা ধৰণে আবেদনকাৰীসকলক নিশ্চিত নিযুক্তি প্ৰদানৰ উদ্দেশ্যে নিজৰ ক্ষমতাৰ ভিতৰত এলেকাত কৰ্মৰত আঁচনি বিষয়া আৰু ৰূপায়ণ সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা ।
  • আঁচনি বিষয়াসকলৰ দক্ষতাৰ পৰ্যালোচনা, নিৰীক্ষণ আৰু পৰ্যাবেক্ষণ কৰা।
  • চলি থকা কামবোৰৰ ক্ষেত্ৰত সময়ে সময়ে পৰিদৰ্শনৰ ব্যৱস্থা কৰা ।
  • আবেদনকাৰীসকলৰ অভিযোগ নিষ্পত্তি কৰা ।
  • জিলাখনত অশৈলীগত দৈহিক শ্ৰমৰ সম্ভাৱ্য চাহিদা আৰু আঁচনিখনে সামৰি লোৱা কামবোৰত শ্ৰমিকসকলৰ নিযুক্তিৰ পৰিকল্পনাৰ বিস্তৃত বিৱৰণেৰে প্ৰতি বছৰৰ ডিচেম্বৰ মাহত পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবে এখন শ্ৰম বাজেট যুগুত কৰি জিলা পঞ্চায়তক দাখিল কৰা ।

পৰিশিষ্ট এ -৪

গ্ৰাম ৰোজগাৰ সেৱকৰ বাবে সাম্ভাৱ্য কাৰ্যপ্ৰণালীঃ

১)  গাওঁ পঞ্চায়ত পৰ্যায়ত নিৰ্দ্ধাৰিত একাউণ্ট সমূহকে ধৰি আৰ ই জি এছ সম্পৰ্কীয় সকলো নথি চোৱা-চিতা কৰা আৰু ৰাজহুৱা পুনৰীক্ষণৰ বাবে সেই নথি-পত্ৰবোৰ উপলব্ধ হোৱাটো নিশ্চিত কৰা।

২)  স্বচ্ছতা আৰু সক্ৰিয় প্ৰকাশৰ নীতি গাঁও পঞ্চায়তত মানি চলাটো নিশ্চিত কৰা ।

৩)  পঞ্জীয়ন, জবকাৰ্ড বিতৰণ, জবকাৰ্ডৰ আবেদনৰ বিপৰীতে তাৰিখ সম্বলিত ৰচিত ব্যৱস্থা কৰা আদি কামৰ চোৱা-চিতা কৰা ।

৪)  গাঁও পঞ্চায়তৰ ভিতৰত তথা গাঁও পঞ্চায়ত আৰু আঁচনি বিষয়াৰ মাজত (কামৰ আবেদন সম্পৰ্কীয় তথ্য সাপ্তাহিক ভিত্তিক আঁচনি বিষয়াক জনোৱাকে ধৰি)বাধাহীন তথা সময়মতে তথ্যৰ প্ৰবাহ নিশ্চিত কৰা ।

৫)  কামৰ আবেদন, কামৰ আবণ্টন, মজুৰি প্ৰদান, নিবনুৱা ভাট্টা প্ৰদান আদিৰ লগতে সাপ্তাহিক “নিয়োগ নিশ্চিত দিৱস”ত সম্পাদিত অন্যান্য কামবোৰ চোৱা-চিতা কৰা । লগতে সেই দিনটোত ব্যক্তিগতভাৱে উপস্থিত থকা ।

৬) গাঁওসভাৰ বৈঠক আৰু সামাজিক হিচাপ পৰীক্ষা নিশ্চিত কৰা ।

৭)  আৰ ই জি এছ শ্ৰমিক অথবা পঞ্চায়ত অন্যান্য বাসিন্দা সকলে বিচাৰিব পৰা আৰ ইজি এছ সম্পৰ্কীয় যিকোনো তথ্য যোগান ধৰা ।

৮)  ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে নিৰ্দ্ধাৰিত কৰি দিব পৰা আন যিকোনো কাম ।

যদি প্ৰতিখন গাঁও পঞ্চায়ততে গ্ৰাম ৰোজগাৰ সেৱক নিযুক্তি দিয়া হয় তেন্তে তেওঁলোকৰ কাম-কাজ, ন্যূনতম অৰ্হতাৰ লগতে নিযুক্তি আৰু মূল্যায়ণৰ প্ৰক্ৰিয়া, ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে নিৰ্দ্ধাৰণ কৰি দিয়া উচিত । প্ৰশাসনীক ব্যয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত বৰঙণিৰে সমৃদ্ধ পুঁজিৰ পৰাই গ্ৰাম ৰোজগাৰ সেৱক সকলৰ দৰমহা দি লাগিব।

পৰিশিষ্ট এ-৫

এনৰেগা ৰূপায়ণত তথ্য প্ৰযুক্তিৰ প্ৰয়োগ

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ইণ্টাৰনেট ভিত্তিক এনে এক এম আই অছ  বিকাশ ঘটাই আছে যিয়ে স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে তথ্য পাতিবোৰ ৰাইজৰ বাবে উপলব্ধ হোৱাটো নিশ্চিত কৰিব । এম আই এছ-এ তলত উল্লেখিত প্ৰয়োজন সমূহ পূৰণ কৰিব । এনৰেগা ৰূপায়ণৰ বাবে ৰাজ্যই বিকাশ কৰা তথ্য প্ৰযুক্তি ব্যৱস্থাবোৰেও নিম্নোক্ত সূচকসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।

সাধাৰণ নীতিঃ

  • কোনো এটা পৰ্যায়ত প্ৰক্ৰিয়া এটা সম্পাদিত হলে তাৰ তথ্য অন্তৰ্ভুক্ত কৰা উচিত । কৰ্মস্থলী আৰু গাঁও পঞ্চায়তত ইয়াৰ ব্যতিক্ৰম হ’ব, সেই ক্ষেত্ৰত তথ্য প্ৰযুক্তিৰ কাম ব্লক পৰ্যায়ত সম্পাদন কৰিব পাৰি।
  • তথ্য অন্তৰ্ভুক্তি আৰু তথ্য একত্ৰিকৰণৰ সকলো কাম ছফটৱেৰৰ আধাৰত সম্পাদন কৰিব লাগিব।
  • তথ্যসমূহ ৰাইজৰৰ বাবে উপলহ্ধ কৰাৰ লগতে ইণ্টাৰনেটত চাব পৰা ব্যৱস্থা কৰিব লাগিব
  • এন ই জি চি/এছ ই জি চি ৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰা ধৰণে তথ্য ভাণ্ডাৰৰ অংশসমূহ ছমহীয়া ভিত্তিত চি ডি ত অন্তৰ্ভুক্ত কৰি অথবা ছঁপা কৰি তাৰ বাবদ হোৱা খৰচৰ আধাৰত মূল্য নিৰ্দ্ধাৰণেৰে বিক্ৰীৰ ব্যৱস্থা কৰিব পাৰি।
  • এনৰেগাৰ অধীনত কৰ্তৃপক্ষ সমূহৰপৰা বিচাৰিবলগীয়া প্ৰতিবেদন সমূহৰ বিপৰীতে এম আই এছ এটা বিভাগ থাকিব লাগিব। তথ্য ভাণ্ডাৰত থকা তথ্য বিশেষভাৱে অন্তৰ্ভুক্ত তথ্য ব্যৱহাৰ কৰা ছফটৱেৰ জৰিয়তে সেই প্ৰতিবেদনবোৰ প্ৰস্তুত কৰিব লাগে।

তদাৰকৰ প্ৰয়োজন হোৱা বিষয়সমূহঃ

১)  প্ৰতিটো পৰ্যায়তে নিযুক্তিৰ চাহিদা-যোগানৰ সামঞ্জস্য থকা ।

২)  প্ৰতিটো পৰ্যায়তে পেমেণ্ট-কাম সম্পাদন ।

৩)  প্ৰতিটো পৰ্যায়তে পুঁজিৰ উপলব্ধতা ।

৪)  হ্ৰস্বকালীন জাননীৰ জৰিয়তেই কাম আৰম্ভ কৰিব পৰাকৈ কাৰিকৰীভাৱে অনুমোদিত তথা প্ৰশাসনিক মঞ্জুৰি প্ৰাপ্ত মূল্যাংকনৰ উপলব্ধতা।

৫)  প্ৰতিটো পৰ্যায়তে কাৰিকৰী সহযোগ আগবঢ়োৱা ব্যক্তিৰ উপলব্ধতা ।

৬)  প্ৰতিটো পৰ্যায়তে অ-কাৰিকৰী কৰ্মচাৰী আৰু আঁচনি বিষয়াৰ উপলব্ধতা ।

৭)  ৰূপায়ন সংস্থাৰ হাতত থকা আগধন যিটো এটা এম বিত লিপিবদ্ধ কৰি ৰখাৰ প্ৰয়োজন সেয়া ন্যূনতম কৰি ৰাখিব লাগে ।

৮)  সমষ্ট ৰূপত অভিযোগ নিষ্পত্তি।

প্ৰয়োগিক বিৱৰণঃ

  • এম আই এছৰ গঠন আৰু ভিত্তি এম অ’ আৰ ডিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হ’ব ।
  • ৰাজ্য আৰু জিলাসমূহে নিজস্ব প্ৰয়োজনৰ সৈতে সংগতি ৰাখি বিভিন্ন অংশ আৰু মডিউলৰ সংযোজন ঘটাব পাৰি ।
  • সমগ্ৰ তথ্য দিল্লীস্থ কেন্দ্ৰীয় তথ্য ভাণ্ডাৰত পৃথক কৰা হ’ব।
  • প্ৰয়োজন সাপেক্ষে অফলাইনত ব্যৱহাৰ কৰিব পৰাকৈ   সম্পূৰ্ণ তথ্য ভাণ্ডাৰৰ প্ৰতিলিপি সমূহ ৰাজ্যিক পৰ্যায়ত উপলব্ধ কৰিব পাৰি। জিলা আৰু ব্লক পৰ্যায়ত অফলাইনত ব্যৱহাৰৰ বাবে প্ৰতিখন জিলা, ব্লক আৰু গাঁও পঞ্চায়তৰ তথ্য সন্নিবিষ্ট তথ্যভাণ্ডাৰৰ বিভিন্ন অংশৰ মাহেকীয়া প্ৰতিলিপি উপলব্ধ কৰাব লাগিব ।
  • তথ্যভাণ্ডাৰৰ আৰ্হিৰ বাবে গাঁও পঞ্চায়তক প্ৰাথমিক গোট হিচাপে ব্যৱহাৰ কৰা হ’ব । কিন্তু কম্পিউটাৰ আন্তঃগাঁঠনি আৰু তথ্য অন্তৰ্ভুক্তি কৰা হ’ব ব্লক পৰ্যায়ত ।
  • আউটছ’ৰ্টি বিজনেছ মডিউলৰ ব্যৱহাৰেৰে ব্লক পৰ্যায়ত কম্পিউটাৰৰ প্ৰয়োগ ঘটাব পৰা যাব ।
  • কেন্দ্ৰীয় তথ্য ভাণ্ডাৰলৈ তথ্য প্ৰেৰণ তথা সেই ভাণ্ডাৰৰ পৰা তথ্য আহৰণ প্ৰক্ৰিয়া ৰাজ্য/জিলা পৰ্যায়ত সম্পাদন কৰিব পৰা যাব ।

অনলাইনযোগে সৰবৰাহ সম্ভৱ নহ’লে  কেতবোৰ ক্ষেত্ৰত ব্লক, জিলা আৰু ৰাজ্যৰ মাজত ডিজিটেল মিডিয়াৰ বাস্তৱিক গতিৰ মাধ্যমতো তথ্যৰ সৰবৰাহ কৰা হ’ব ।

অংশসমূহঃ

নিম্নোক্ত মডিউলবোৰেৰে তথ্যভাণ্ডাৰটো সজোৱা হ’বঃ

  • হিতাধিকাৰী মডিউল
  • বিত্ত মডিউল
  • পৰিকল্পনা আৰু কামৰ মডিউল
  • মানৱ সম্পদ মডিউল
  • ভড়াল আৰু সা-সামগ্ৰী ব্যৱস্থাপনা মডিউল
  • অভিযোগ নিষ্পত্তি মডিউল
  • মডিউলবোৰত নিম্নোক্ত উপ-অংশবোৰ থাকিব ।

হিতাধিকাৰী মডিউলঃ

  • প্ৰতিটো পৰিয়ালৰ আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ বাবে নিৰ্দিষ্ট পৰিচয়েৰে পঞ্জীয়ন
  • জব কাৰ্ড
  • আবণ্টিত কৰ্মস্থলী
  • আগবঢ়োৱা নিযুক্তি
  • সম্পাদিত কাম আৰু পাবলগীয়া মঞ্জুৰি
  • প্ৰদান কৰা মঞ্জুৰি
  • পাবলগীয়া হৈ থকা নিবনুৱা ভাট্টা
  • প্ৰদান কৰা নিবনুৱা ভাট্টা

বিত্ত মডিউলঃ

  • পুঁজিৰ আবণ্টন – কেন্দ্ৰীয়, ৰাজ্য, জিলা, ব্লক, পঞ্চায়ত
  • ভাউছাৰ ভিত্তিক খৰচৰ প্ৰতিবেদন – পঞ্চায়ত, ব্লক, জিলা, কেন্দ্ৰ
  • কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ পুঁজিৰ খৰতকীয়া মুকলি
  • সামাজিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন
  • বিত্তীয় হিচাপ পৰীক্ষা দফাৰ এ টি আৰ
  • ব্যৱহাৰৰ প্ৰমাণ পত্ৰ

মাহেকীয়া ভিত্তিত একাউণ্ট মিলাই চোৱা যাতে সকলো আবণ্টন এনে ধৰণে হিচাপ কৰিব পাৰি-

  • প্ৰকৃত ব্যয়ৰ ভাউচাৰ
  • নাম আৰু মোকলাই দিয়া তাৰিখৰ সৈতে ৰূপান্তৰ সংস্থাক দিয়া আগধন আৰু মিলাবলৈ বাকীথকা ধনৰাশি ।
  • বেংকৰ নামৰ সৈতে তাত জমা থকা ধনৰ পৰিমানৰ লগতে কি পৰ্যায়ৰ জমা যেনে কেন্দ্ৰীয়, ৰাজ্যিক, জিলা, ব্লক আৰু পঞ্চায়ত ।
  • বিতৰ্কিত অথবা সন্দেহজনক/অপব্যৱহাৰ হোৱা বুলি নিশ্চিত কৰা ধন ।

পৰিকল্পনা আৰু কাৰ্য ব্যৱস্থাপনা মডিউলঃ

  • জিলা, ব্লক আৰু গাঁও পঞ্চায়ত পৰ্যায়লৈকে প্ৰাথমিক পৰ্যায় আৰু বাৰ্ষিক লক্ষ্য তথা প্ৰতিটো সূচকৰ বিপৰীতে সাফল্যৰ উল্লেখেৰে ৫ বছৰীয়া বিস্তৃত পৰিকল্পনা ।

পঞ্চায়ত পৰ্যায়ঃ

প্ৰতিটো কামৰ বিপৰীতে নিৰ্দিষ্ট পৰিচয়ৰ সৈতে ব্লক আৰু গাঁও পঞ্চায়তত সম্পাদন কৰিবলগীয়া কামবোৰৰ সন্দৰ্ভত লাভকৰা পৰামৰ্শাৱলী।

নিম্নোক্ত দিশসমূহ নিৰ্দেশিত কাৰিকৰী অনুোমোদন প্ৰাপ্ত কামবোৰৰ বিস্তৃত মূল্যাংকণঃ

  • নিযুক্তি দিব পৰা দিনৰ সংখ্যা
  • দৈনিক শ্ৰম আহৰণ ক্ষমতা
  • ঋতুকালীন বাধ্যবাধকতা যদি কিবা থাকে
  • অদক্ষ শ্ৰমিক, দক্ষ শ্ৰমিক আৰু সা-সামগ্ৰী খৰচৰ পৃথকভাৱে দেখুওৱা মুঠ ব্যয় ।
  • কাম সম্পূৰ্ণ হোৱাৰ পাছত আশাকৰা ফলাফল
  • বিস্তৃত পৰিকল্পনাত চিনাক্ত কৰা সূচক যিবোৰত কামৰ অৰিহণা থাকিব
  • ওপৰত উল্লেখ কৰা দিশবোৰৰ ভিতৰত প্ৰতিটো বাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্তিৰ বাবে অনুমোদিত কামবোৰৰ লগতে অনুমোদিত ৰূপায়ন

সংস্থাৰ নাম

  • সেইবোৰৰ ভিতৰত, প্ৰশাসনিক অনুমোদন প্ৰাপ্ত তথা নিৰীক্ষণ আৰু এম বি বুকিঙৰ বাবে কাৰিকৰী কৰ্মচাৰীক দায়িত্ব দিয়া কামবোৰ ।
  • সেইবোৰৰ ভিতৰত, নিৰ্দিষ্ট চিনাক্ত নম্বৰ বিশিষ্ট এম বিৰ ভিত্তিত প্ৰতি সপ্তাহত সম্পাদিত কামৰ মূল্য ।
  • সেইবোৰৰ ভিতৰত নিৰ্দিষ্ট পৰিচয় বিশিষ্ট ভাউচাৰ আৰু মাষ্টাৰৰোল মতে প্ৰতি সপ্তাহত কৰা কামৰ মূল্য ।
  • অনুমোদনৰ আগতে তথ্যৰ অন্তৰ্ভুক্তি সম্পূৰ্ণ হোৱাৰ পাছত এই মডিউলৰ দ্বাৰা ছপা কৰা আৰ্হিৰে জাৰি কৰিবলগীয়া প্ৰশাসনিক

অনুমোদন

  • অন্তৰ্ভুক্ত তথ্যৰ ভিত্তিত এই মডিউলৰ দ্বাৰা প্ৰস্তুত কৰিবলগীয়া খৰচৰ প্ৰতিবেদন
  • তথ্য হিচাপে প্ৰয়োজনীয় সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰ এই মডিউলৰ ব্যৱস্থাবোৰেৰে ছপা কৰা হ’ব । তাৰ পাছত সত্যাপন কৰি ফাইলত অন্তৰ্ভুক্ত কৰা হ’ব ।
  • প্ৰতিটো নিৰিখ অনুমোদনৰ তাৰিখ আৰু প্ৰতিটো অংশৰ ডি এছ আৰ নিৰিখ সম্বলিত ডি এছ আৰৰ বিস্তৃত বিৱৰণ
  • গুণগত মানৰ বিল প্ৰস্তুত কৰিব পৰা আৰু কামৰ প্ৰতিটো অংশৰ বিৱৰণ সহজে বোধগম্য হোৱাকৈ বিস্তৃত মূল্যাংকণ প্ৰস্তুত কৰা ।

মানৱ সম্পদ মডিউলঃ

  • এনৰেগা পূঁজিৰ দ্বাৰা দৰমহা দিয়া অ-কাৰিকৰী কৰ্মচাৰী সকলৰ বিৱৰণ ।
  • সকলো পৰ্যায়তে এনৰেগাৰ প্ৰতি কাম কৰি থকা কিন্তু দৰমহা নিদিয়া অ-কাৰিকৰী কৰ্মচাৰীসকলৰ বিস্তৃত বিৱৰণ ।
  • প্ৰতিটো পৰ্যায়তে এনৰেগা কাম কৰাৰ বাবে উপলব্ধ সকলো কাৰিকৰী ব্যক্তিৰ বিৱৰণ তথা কেনে ধৰণৰ কামৰ চোৱা-চিতা কৰিবলৈ তেওঁলোক সমৰ্থবান তাৰ বিৱৰণ ।
  • সকলো এনৰেগা কৰ্মচাৰীৰ বাবে পে ৰোল ।

ভড়াল আৰু সা-সামগ্ৰী ব্যৱস্থাপনা মডিউলঃ

  • সকলো পৰ্যায়তে ক্ৰয় কৰা তথা এনৰেগা পূঁজিৰ পৰা ধন পৰিশোধ কৰা ভড়াল সামগ্ৰীসমূহৰ বিস্তৃত বিৱৰণ ।
  • ভড়ালত থকা সেই সামগ্ৰীসমূহৰ বিস্তৃত বিৱৰণ ।
  • সেই সামগ্ৰীসমূহ ব্যৱহাৰৰ কৰ্তৃত্ব কাৰ ওপৰত ন্যস্ত কৰা হৈছে ।
  • ভড়ালত উপলব্ধ তথা নিৰ্দিষ্ট পৰিচয় সম্বলিত সকলো মাষ্টাৰৰোল আৰু এম বিৰ বিৱৰণ ।
  • সেই সামগ্ৰীসমূহ ব্যৱহাৰৰ কৰ্তৃত্ব কাৰ ওপৰত ন্যস্ত কৰা হৈছে ।
  • ভড়ালত উপলব্ধ তথা নিৰ্দিষ্ট পৰিচয় সম্বলিত সকলো মাষ্টাৰৰোল আৰু এম বিৰ বিৱৰণ ।
  • এতিয়ালৈকে জাৰি কৰা নিৰ্দিষ্ট পৰিচয় সম্বলিত মাষ্টাৰৰোল আৰু এম বি সমূহৰ লগতে কোনবোৰ কামৰ বিপৰীতে সেইবোৰ জাৰি কৰা হৈছে তাৰ বিৱৰণ ।

অভিযোগ নিষ্পত্তি মডিউলঃ

  • এনৰেগাৰ অধীনত সন্মুখীন হ’বলগীয়া অভিযোগ সমূহৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেণীবিভজন ঘটোৱা হ’ব।  প্ৰ-পত্ৰৰ আৰ্হি প্ৰস্তুতি আৰু আবেদনৰ শ্ৰেণীবিভাজনৰ বাবে ৰাজ্যসমূহে সেই শ্ৰেণীবিভাজন ব্যৱহাৰ কৰিব।
  • অভিযোগ নিষ্পত্তিৰ তাৰিখ তথা নিষ্পত্তিৰ ধৰণৰ লগতে নাম, ঠিকনা, আবেদনৰ ধৰণ আৰু তাৰিখ সংশ্লিষ্ট ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হ’ব ।
  • আবেদন সমূহৰ শ্ৰেণীবিভাজন ঘটাই লাভ কৰা তথ্যসমূহ অঞ্চল আৰু ধৰণ অনুসৰি বিশ্লেষণ কৰা হ’ব যাতে জ্যেষ্ঠ ব্যৱস্থাপনাৰ প্ৰয়োজন থকা অঞ্চল সমূহ চিনাক্ত কৰাৰ কামত সেইবোৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

পুঁজি মুকলিৰ ব্যৱস্থাঃ

তলত উল্লেখ কৰা বিষয়সমূহ সম্পাদনৰ বাবে মন্ত্ৰালয়ে এটা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাৰ (এফ এম এছ) বিকাশ ঘটাবঃ

  • মজুৰি আৰু নিবনুৱা ভাট্টা প্ৰদান নিৰীক্ষণ ।
  • ৰাজ্য আৰু ৰূপায়ণ সংস্থা সমূহলৈ যথযথভাৱে পুঁজিৰ হস্তান্তৰ ।
  • ৰাজ্য আৰু ৰূপায়ণ সংস্থা সমূহলৈ যথযথভাৱে পুঁজিৰ গতিপথ (ট্ৰেক) সলনি ।
  • জিলাসমূহে কৰা কামৰ ব্যয়ৰ নিৰীক্ষণ তথা মিলাই চোৱা ।

ৰাজ্যিক ব্যৱস্থাসমূহেও ওপৰত উল্লেখিত প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব লাগিব । ইয়াৰ উপৰি সুৰক্ষা ব্যৱস্থা সম্বলিত তথা ৱেব ভিত্তিক এটা কাৰ্যকৰী এফ এম এছ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ এম এম এছৰ সৈতে সংলগ্ন কৰিব লাগিব।

পৰিশিষ্ট এ-৬

আৰ ই জি এছ ৱেব ছাইটত প্ৰদৰ্শন কৰিবলগীয়া প্ৰাথমিক তালিকাঃ

১) জিলা বিস্তৃত পৰিকল্পনা

২) গাঁও পঞ্চায়ত আৰু ব্লক পৰ্যায়ত প্ৰকল্প তালিকা

৩) মঞ্জুৰিপ্ৰাপ্ত কামৰ তালিকা আৰু সেইবোৰৰ সাম্প্ৰতিক স্থিতি ।

৪) মঞ্জুৰিপ্ৰাপ্ত মূল্যাংকন ।

৫) মাষ্টাৰৰোল ৰেজিষ্টাৰ ।

৬) প্ৰতিটো প্ৰকল্পৰ বিত্তীয় হিচাপ পৰীক্ষাৰ প্ৰতিবেদন ।

৭) প্ৰতিখন গাঁও পঞ্চায়তৰ সামাজিক হিচাপ পৰীক্ষাৰ প্ৰতিবেদন ।

৮) আঁচনি বিষয়া আৰু জিলা আঁচনি সমন্বয়ক সকলে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দাখিল কৰা প্ৰতিবেদন ।

৯) ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত পৰিষদৰ বাৰ্ষিক প্ৰতিবেদন ।

১০) অভিযোগ পঞ্জীয়ন আৰু ‘ব্যৱস্থা গ্ৰহণ’ প্ৰতিবেদন ।

১১) ব্যৱহাৰৰ প্ৰমাণপত্ৰৰ বিস্তৃত বিৱৰণ ।

১২) মূল্যায়ন প্ৰতিবেদন ।

১৩) অভিযোগ নিষ্পত্তি বিষয়া আৰু আবেদন কৰিব পৰা কৰ্তৃপক্ষৰ তালিকা ।

১৪) অনুসন্ধান সমিতি আৰু সেইবোৰৰ সদস্যৰ তালিকা ।

১৫) প্ৰতিটো পৰ্যায়তে মাহেকীয়া একাউণ্ট মিলাই চোৱা প্ৰক্ৰিয়াৰ বিস্তৃত বিৱৰণ ।

১৬) ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদে নিৰ্দ্ধাৰণ কৰি দিব পৰা আন যিকোনো তথ্য ।

উৎস: অসম চৰকাৰ।

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate