অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানবিশিষ্টতাৰ বাবে কাৰিকৰী সম্পদৰ সহযোগ

মানবিশিষ্টতাৰ বাবে কাৰিকৰী সম্পদৰ সহযোগ

এন আৰ ই জি এছৰ ৰূপায়ন হ'ল বিভিন্ন সংস্থাৰ যৌথ সহযোগিতাৰ প্ৰয়োজন বিশিষ্ট বহুতৰপীয়া কাৰ্য।

১৩.১   কাৰিকৰী সম্পদৰ নেটৱৰ্ক

১৩.১.১ কেন্দ্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় পৰিষদৰ অংশ হিচাপে গ্ৰামোন্নয়ন মন্ত্ৰালয়ত সংস্থাপিত কাৰিকৰী সচিবালয়কে তথ্য-ব্যৱস্থা স্থাপন, আই ই চি সম্পদৰ বিকাশ, মানৰ মাপ কাঠি নিৰ্ধাৰণ, নিৰীক্ষণ তথা মূল্যায়ন আৰু সামাজিক হিচাপ পৰীক্ষণ ব্যৱস্থাৰ পুনৰীক্ষণত সহায়ৰ বাবে বৃত্তিমূলক সম্পদৰ অংশগ্ৰহণৰ পথ প্ৰশস্ত কৰিব । ৰাজ্য চৰকাৰ সমূহেও বিশেষকৈ জিলা পৰ্যায়ত কাৰ্য ৰূপায়ন সংস্থা সমূহক কাৰিকৰী সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰিব পাৰে।

১৩.২     পঞ্জীয়নকৃত অভিযন্তা

১৩.২.১   কামৰ মূল্যাংকন আৰু জোখ মাপৰ ক্ষেত্ৰত সংযোগৰ বাবে ৰাজ্য চৰকাৰে জিলা আৰু ব্লক পৰ্যায়ত  পঞ্জীয়নকৃত অভিযন্তাৰ পেনেল প্ৰস্তুত কৰিব পাৰে।

১৩.২.২    জিলা আঁচনি সমন্বয়ক, আঁচনি বিষয়া, পি আৰ আই আৰু অন্যান্য ৰূপায়ন সংস্থাসমূহে যিকোনো এ আৰ ই জি এছ কামৰ বাবে পচন্দমতে পঞ্জীয়নকৃত অভিযন্তাৰ সেৱা ব্যৱহাৰ কৰিব পাৰে।

১৩.২.৩    পঞ্জীয়নকৃত অভিযন্তাৰ ন্যূনতম অৰ্হতা আৰু পঞ্জীয়নকৰণ প্ৰক্ৰিয়াৰ লগতে তেনে পঞ্জীয়ন বাতিলকৰণ যাৱতীয় পদ্ধতি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব।

১৩.২.৪    চৰকাৰী চাকৰিয়াল নোহোৱা পঞ্জীয়নকৃত অভিযন্তাসকলক দৰমহাৰ নিৰিখ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব।

১৩.৩     কাৰিকৰী সম্পদ সহযোগ ব্যৱস্থা

বিভিন্ন পদক্ষেপৰ পৰিকল্পনা, আৰ্হি প্ৰস্তুতি, নিৰীক্ষণ, মূল্যায়ন আৰু মানসসম্পন্ন হিচাপ পৰীক্ষণত সহায়ৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ত কাৰিকৰী সম্পদ সহযোগ ব্যৱস্থা স্থাপনৰ বিষয়েও ৰাজ্য চৰকাৰে বিবেচনা কৰিব পাৰে । ইয়াৰ বাবে সংশ্লিষ্ট গাওঁ পঞ্চায়তৰ দ্বাৰা সমল প্ৰতিষ্ঠান চিনাক্তকৰণৰ পৰামৰ্শ দিয়া হৈছে। কাৰিকৰী সম্পদ সহযোগৰ বাবে বিভিন্ন প্ৰতিষ্ঠান/সংস্থাৰ এখন পেনেলো প্ৰস্তুত কৰিব পাৰি।

১৩.৩.১    ৰাজ্যিক/জিলা পৰ্যায়ত চিনাক্ত কৰা সংস্থাসমূহৰ কাম-কাজ এনেধৰণৰঃ

(ক)  জল সংৰক্ষণ, জল আহৰণ, খৰাং প্ৰতিৰোধ, বান নিয়ন্ত্ৰণ, সকলো বতৰৰ বাবে উপযোগী গ্ৰামাঞ্চলীয় সহযোগ ব্যৱস্থাকে ধৰি আইনখনৰ অধীনত অনুমোদিত তথা সংশ্লিষ্ট ৰাজ্য আৰু ৰাজ্যখনৰ বিভিন্ন জলবায়বিক অঞ্চলৰ বাবে উপযুক্ত শ্ৰমভিত্তিক কাৰ্যকৰী প্ৰযুক্তিৰ চিনাক্তকৰণ।

(খ)  মূল্যাংকণ পদ্ধতি নিৰ্ধাৰণ তথা মূল্যাংকণৰ ছফটৱেৰ প্ৰস্তুত কৰা।

(গ)  বাৰে বাৰে ৰূপায়ন কৰিবলগীয়া কাম অথবা কামৰ অংশৰ বাবে নিৰ্দিষ্ট আৰ্হিমূলক মূল্যাঙ্কণ প্ৰস্তুত কৰা ।

(ঘ)  পঞ্চায়ত আৰু অ-কাৰিকৰী ব্যক্তিয়ে যাতে সৰু সৰু কামৰ মূল্যাংকণ, প্ৰয়োজনীয় শ্ৰম আৰু সা-সামগ্ৰীৰ হিচাপৰ লগতে সম্পূৰ্ণ হোৱা কামৰ মূল্যাংকণ কৰিব পাৰে তাৰ বাবে মূল্যাংকণ প্ৰক্ৰিয়াৰ সৰলীকৰণ কৰা ।

(ঙ)  কাৰিকৰী কৰ্মচাৰী সকলে ব্যৱহাৰ কৰিব পৰাকৈ মূল্যাংকণ আৰু আৰ্হি প্ৰস্তুতিৰ পদ্ধতি সম্পৰ্কীয় হাতপুথি ছপোৱা ।

(চ)  পঞ্চায়ত, অনুসন্ধান আৰু নিৰীক্ষণ সমিতি তথা অ-কাৰিকৰী ব্যক্তিৰ ব্যৱহাৰৰ বাবে মূল্যাংকণ সম্পৰ্কীয় ছফটৱেৰ/হাতপুথি/চাৰ্ট প্ৰস্তুত কৰা ।

(ছ)  বিভিন্ন ধৰণৰ কামৰ বাবে মানদণ্ডৰ প্ৰস্তাব কৰা ।

(জ)  গুণগত মান পৰীক্ষণৰ বাবে 'ৰাইজৰ হাতপুথি' প্ৰস্তুত কৰা ।

(ঝ)  মূল্যাংকণ, মানদণ্ড, গুণগত মান নিৰীক্ষণ ব্যৱস্থা আৰু গুণগত মানৰ মূল্যায়ণ ব্যৱস্থাবোৰক এক নিৰ্দিষ্ট পদ্ধতিমূলক ৰূপ দিয়াৰ বাবে ৰাজ্যিক/জিলা পৰ্যায়ৰ কাৰিকৰী সমন্বয়ক সংস্থাবোৰৰ সমন্বয় আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা ।

(ঞ )  বিভিন্ন জিলাত নমুনাভিত্তিক মান নিৰ্ধাৰণৰ ব্যৱস্থা কৰা আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট জিলা পঞ্চায়ত সমূহলৈ প্ৰতিবেদন প্ৰেৰণ কৰা ।

(ট)  গুণগত মানৰ আসোৱাহ আঁতৰাই মান উন্নয়নৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে যাবতীয় ব্যৱস্থা নিৰ্ধাৰণ কৰা ।

(ঠ)  সংশ্লিষ্ট ৰাজ্যৰ সচিব (আৰ ডি/এনৰেগা) অথবা গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অৰ্পণ কৰা আন যিকোনো কাম ।

১৩.৪    জিলা কাৰিকৰী সংস্থা সমূহ

১৩.৪.১  জিলা পঞ্চায়ত কাৰিকৰী সমল সহযোগ গোটবোৰৰ সাম্ভাব্য কামবোৰ হলঃ

(ক)   জল সংৰক্ষণ, জল আহৰণ, খৰাং প্ৰতিৰোধ, বান নিয়ন্ত্ৰণ, সকলো বতৰৰ বাবে উপযোগী গ্ৰামাঞ্চলীয় সহযোগ ব্যৱস্থাকে ধৰি এখন জিলা তথা জিলাখনৰ বিভিন্ন জলবায়বিক অঞ্চলৰ বাবে উপযুক্ত কামৰ বাবে শ্ৰমভিত্তিক তথা কাৰ্যকৰী প্ৰযুক্তিৰ চিনাক্তকৰণ । ৰাজ্যিক কাৰিকৰী সমন্বয়ক সংস্থাবোৰে চিনাক্ত কৰা প্ৰযুক্তিবোৰৰ পৰিপূৰক হ'ব এই প্ৰযুক্তিবোৰ ।

(খ)   মূল্যাংকণ পদ্ধতিবোৰক এক নিৰ্ধাৰিত পদ্ধতিগত ৰূপ দিয়াৰ লগতে জিলা পৰ্যায়ত প্ৰস্তুত কৰা ছফটৱেৰক সহায় কৰাৰ বাবে মূল্যাংকনৰ ছফটৱেৰ প্ৰস্তুত কৰা ।

(গ)   বাৰে বাৰে সম্পাদন কৰি থাকিবলগীয়া (কামৰ অংশ)ৰ বাবে পদ্ধতিমূলক মূল্যায়নৰ আৰ্হি প্ৰস্তুত কৰা ।

(ঘ)   পঞ্চায়ত আৰু অ-কাৰিকৰী ব্যক্তিসকলে সৰু সৰু কামৰ মূল্যাংকণ প্ৰস্তুত কৰা, প্ৰয়োজনীয় শ্ৰম আৰু সা-সামগ্ৰীৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ লগতে সম্পূৰ্ণ হোৱা কামৰ খৰছৰ মূল্যাংকণ কৰিব পৰাকৈ মূল্যাংকণ প্ৰক্ৰিয়াক সবল ৰূপ দিয়া ।

(ঙ)   মূল্যাংকণ, মান নিয়ন্ত্ৰণ আৰু মান নিৰীক্ষণ কৰিবৰ বাবে জিলা পৰ্যায়ৰ কাৰিকৰী কৰ্মচাৰী, পি আৰ আইৰ কাৰিকৰী কৰ্মচাৰী, পঞ্চায়ত সচিব, পি আৰ আইৰ সদস্যৰ লগতে অনুসন্ধান আৰু নিৰীক্ষণ সমিতিৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া ।

(চ)   কামৰ মান নিৰ্ধাৰণৰ লগতে কামৰ মান উন্নত কৰাৰ বাবে ৰূপায়ণ সংস্থাসমূহক কাৰিকৰী উপাদান আগবঢ়োৱাৰ উদ্দেশ্যে খৰতকীয়াকৈ মান নিৰ্ণয়ৰ ব্যৱস্থা কৰা ।

(ছ)   ন'ডেল বিষয়া, সংশ্লিষ্ট ৰাজ্যৰ সচিব (আৰ ডি/এনৰেগা) অথবা গ্ৰামোন্নয়ন মন্ত্ৰালয়ে অৰ্পণ কৰা আন যিকোনো কাম ।

১৩.৫      তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ

১৩.৫.১   প্ৰায়োগিক প্ৰক্ৰিয়াবোৰৰ কাৰ্যকাৰিতা স্বচ্ছতা বৃদ্ধিৰ বাবে সক্ৰিয়ভাবে তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে । সেই প্ৰায়োগিক প্ৰক্ৰিয়াবোৰ হ'লঃ

(ক)  প্ৰকল্প প্ৰচাৰ প্ৰস্তুতি আৰু সেইবোৰৰ ৰূপায়ন ।

(খ)  মাষ্টাৰৰোল, জবকাৰ্ড আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ ডিজিটেল ৰূপ দিয়া ।

(গ)    বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাঃ মন্ত্ৰালয়, ৰাজ্য আৰু জিলাবোৰলৈ পূঁজিৰ হস্তান্তৰৰ তথ্য অনলাইনত অন্তৰ্ভূক্ত কৰিব পাৰি । ইয়াৰ বাবে 'ডাটা এন্ট্ৰি' ব্যৱস্থালৈ গৈ http://nrega.nic.in যোগে তথ্য অন্তৰ্ভূক্ত কৰিব লাগে ।

(ঘ)   যোগাযোগ আৰু অন্য সংগ্ৰহ

(ঙ)   অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা

(চ)    নিৰীক্ষণ আৰু মূল্যায়ন

(ছ)    অগ্ৰাধিকাৰ মূলক কাম, সম্পদৰ প্ৰয়োজনীয়তা, পঞ্জীয়নযুক্ত পৰিয়াল, মজুৰি প্ৰদান, পঞ্জীয়নভুক্ত নিযুক্তি বিচৰা লোকসকলক দিয়া ব্যক্তি-দিনৰ, লাভ কৰা পূঁজি আৰু বিভিন্ন পৰ্যায়ত ইয়াৰ ব্যয় তথা অন্যান্য আনুসংগিক বিষয়বোৰৰ সন্দৰ্ভত তথ্যৰ ভাণ্ডাৰেৰে এক নিৰীক্ষণ আৰু তথ্য ব্যৱস্থা (এম আই এছ) গঠন কৰা । এনৰেগা ৰূপায়নত তথ্য প্ৰযুক্তিৰ সম্পূৰ্ণ সাম্ভাৱ্য ব্যৱহাৰত গুৰুত্ব দিয়া হ'ব আৰু ব্যাপক ব্যৱস্থাৰ ৰূপ দিয়া উপযুক্ত কাৰ্য প্ৰণালীবোৰ প্ৰয়োজনমতে অবিৰতভাৱে উন্নীত কৰা হ'ব (পৰিশিষ্ট এ-৫ চাওক)

১৩.৫.২    এনৰেগা সম্পৰ্কীয় সকলো তথ্য এক কম্পিউটাৰ তথ্য ভাণ্ডাৰত উপলব্ধ কৰোৱাৰ লগতে ৰাজহুৱাভাৱে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰিব লাগিব ।

১৩.৫.৩    দেশৰ প্ৰতিটো ব্লকতে থাকিবলগীয়া ন্যূনতম সুবিধা সমূহ হ'ল---

(ক)    কাৰ্যক্ষম অৱস্থাত থকা কম্পিউটাৰ

(খ)    টেলিফোন লাইন

(গ)    মডেম

(ঘ)   প্ৰশিক্ষণপ্ৰাপ্ত এম আই এছ ব্যক্তি

১৩.৫.৪    জিলা পৰ্যায়ত এম আই এছ ব্যৱহাৰ কৰা মূল দলবোৰক ৰাজ্যিক পৰ্যায়ত বছৰত কমেও ৩-৪ বাৰকৈ মতাই আনি এম আই এছ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়াব লাগে । দেশত ৬০০০ টা ব্লক থকাৰ লগতে প্ৰতিটো ব্লকৰ কমেও দুজনকৈ ব্যক্তিৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত কমেও ১২০০০ ব্যক্তিক প্ৰশিক্ষণ দিব লাগিব ।

১৩.৫.৫    এটা ন্যূনতম তথ্যভাণ্ডাৰ ৰাখিব লাগিব । গাওঁ, ব্লক আৰু জবকাৰ্ডধাৰীৰ নাম আদিৰ দৰে উপাদান সমূহ তুলনামূলকভাৱে সুস্থিৰ তথ্য । তেনে তথ্যৰ বাবে মাষ্টাৰটেবুল প্ৰস্তুত কৰিব লাগে । এনে তথ্য এবাৰেই অন্তৰ্ভূক্ত কৰিব লাগে আৰু তেনে তথ্য পুনৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰিব । অন্তৰ্ভূক্তিৰ অনুকূলতাৰ বাবে এনে কৰাটো প্ৰয়োজন । মাষ্টাৰৰোলত তথ্য অন্তৰ্ভূক্তিৰ সৰলীকৰণৰ বাবে মাত্ৰ অনুপস্থিত থকা শ্ৰমিকসকলৰ তথ্যহে অন্তৰ্ভূক্ত কৰিব লাগে । অন্যান্য শ্ৰমিকসকলক স্বয়ংক্ৰিয়ভাৱে উপস্থিত থকা বুলি চিহ্নিত কৰিব লাগে । ব্লক পৰ্যায়ৰ ওপৰত তথ্য অন্তৰ্ভূক্তিৰ প্ৰক্ৰিয়া সম্পাদন কৰিব নালাগে । প্ৰয়োজন হ'লে তথ্য অন্তৰ্ভূক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বেলেগ উত্সৰ সহায় ল'ব পাৰিব । অৱশ্যে ব্লকৰ বাহিৰৰ নথি-পত্ৰ গ্ৰহণ কৰিব নোৱাৰিব । তথ্যৰ প্ৰস্তুতি আৰু পুনৰীক্ষণ কৰা ব্যক্তিৰ লগতে সেই তথ্যৰ প্ৰস্তুতি আৰু পুনৰীক্ষণৰ তাৰিখ স্পষ্ট ৰূপত চিনাক্তকৰণৰ বাবে তথ্য সত্যাপনৰ এটা ব্যৱস্থা থাকিব লাগিব ।

১৩.৫.৬   সংশ্লিষ্ট ছফটৱেৰ নিয়ন্ত্ৰণ নিশ্চিতকৰণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব । ব্যৱহাৰিক ব্যৱস্থা সঘনে সলনি কৰিব নোৱাৰিব । এম আই এছ ছফটৱেৰত তথ্যৰ গাঁঠনি সম্পূৰ্ণ সুস্থিৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অবিহনে এম আই এছ ছফটৱেৰত নতুন ক্ষেত্ৰ বা টেবুলৰ সংযোগেৰে কোনো পৰ্যায়তে (ব্লক, জিলা অথবা ৰাজ্য) তথ্যৰ গাঁঠনি সলনি কৰিব নোৱাৰিব । এন আই চি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰস্তুত কৰা 'এনৰেগাছফট' সমগ্ৰ দেশতে ব্যৱহাৰ কৰা হ'ব ।

১৩.৫.৭    কিমান সংখ্যক ব্লক কাৰ্যক্ষম হৈছে তথা কিমান সংখ্যক প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তি আছে সেই সন্দৰ্ভত জিলা আৰু ৰাজ্যিক পৰ্যায়ত পৰীক্ষা কৰিব লাগে । সমস্যাৰ সন্মুখীন হোৱা ব্লকৰ ক্ষেত্ৰত সকিয়নিৰ ব্যৱস্থা কৰিব লাগে । সময়ৰ লগে লগে নিৰীক্ষণ অব্যাহত ৰাখিব লাগে ।

১৩.৫.৮    ব্লকত এম আই এছ কাৰ্যকৰীকৰণৰ বাবে ব্লকত পৰ্যাপ্ত হাৰত পৰীক্ষা চলাই কৃতকাৰ্যতাৰ বিষয়ে নিশ্চিত হ'ব লাগিব । ব্লকত উক্ত ব্যৱস্থাটো ভালদৰে চলা বুলি দায়িত্বসম্পন্ন ব্যক্তিয়ে প্ৰমাণপত্ৰ দিব লাগিব ।

১৩.৫.৯    প্ৰকল্পতালিকাৰ প্ৰাথমিক উপাদানসমূহ এম আই এছত অন্তৰ্ভূক্ত কৰিব লাগিব । প্ৰকল্প সমূহৰ বাবে আগতীয়াকৈ এটা কোডিং ব্যৱস্থা প্ৰস্তুত কৰিব লাগে । প্ৰতিখন গাওঁ পঞ্চায়তৰ বাবে ২টা অথবা ৩টা প্ৰকল্প সাজু কৰা উচিত । ৰাজ্য/শ্ৰেণী/মধ্যৱৰ্তী পঞ্চায়তৰ বিষয়ে নিৰ্দেশ থকা 'ৱৰ্ক কোড' এটাও নিৰ্ধাৰণ কৰিব লাগে ।

১৩.৫.১০   এছ ডব্লিউ এ এন বা তথ্য সৰবৰাহৰ তেনেধৰণৰ বিকল্প ব্যৱস্থা থকালৈকে দিনটোৰ শেষত আৰু দিনৰ আৰম্ভনিতে 'ডাটা'বোৰ একত্ৰিতভাৱে আৰ এ এছৰ মাধ্যমত প্ৰেৰণ কৰিব লাগে । ডাটা প্ৰেৰণৰ বাবে ব্লকবোৰক ভগাই দিব পাৰি যাতে জিলা পৰ্যায়ত ছাৰ্ভাৰ সম্পৰ্কীয় অসুবিধাৰ সৃষ্টি নহয় । ডাটা অন্তৰ্ভূক্তি 'অফলাইন' প্ৰক্ৰিয়াৰে সম্পাদন কৰিব লাগে ।

১৩.৫.১১    কম্পিউটাৰ আধাৰিত এম আই এছৰ জৰিয়তে এম পি আৰ প্ৰেৰণ কৰিব লাগিব । প্ৰয়োজন সাপেক্ষে ভুল ত্ৰুটিৰ এখন প্ৰতিবেদন যুগুত কৰিব লাগিব । এম পি আৰ দাখিল কৰা ব্যক্তি সকলৰ নাম, পদবীকে ধৰি বিস্তৃত তথ্য, এম পি আৰ সত্যাপনৰ তাৰিখ তথা সত্যাপন কৰা ব্যক্তিৰ বিষয়েও উল্লেখ কৰিব লাগিব। এম পি আৰ প্ৰেৰণ কৰা ব্যক্তিৰ বুঢ়া আঙুলিৰ চাপ লোৱা যন্ত্ৰ লোৱা যন্ত্ৰ এটাও ব্লকত স্থাপন কৰিব লাগিব।

১৩.৫.১২    ব্লকৰ পৰিসৰ অনুসৰি প্ৰতিটো ব্লকত ৫-১০টা ন'ড বিশিষ্ট একোটা ক্ষুদ্ৰ 'লেন' গঠন কৰিব লাগে।

১৩.৫.১৩    জিলাৰ দলটো শক্তিশালী কৰিব লাগে। জিলা পৰ্যায়ত অতিৰিক্ত প্ৰকল্প বিষয়াজনে জনসাধাৰণক ডাটাৰ দায়িত্ব অৰ্পণ কৰিব লাগে। তেনে বিষয়াসকলৰ নাম সংগ্ৰহ কৰিব লাগিব  আৰু অগ্ৰগতি নিয়মীয়া নিৰীক্ষণৰ বাবে তেওঁলোকক (১২০০-১৪০০ জন ব্যক্তি) প্ৰশিক্ষণ দিয়াব লাগিব।

১৩.৫.১৪   তথ্য কেন্দ্ৰৰ ব্যৱস্থাপনৰ বাবে এন আই চি দলটোৱে এইটো দলৰ সৈতে কাম কৰিব লাগিব। এন আই চি দলত বজাৰৰ পৰা নিযুক্তি দিয়া ২-৩ জন ব্যক্তি থাকিব লাগিব। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সুকীয়াকৈ পুঁজিৰ ব্যৱস্থা কৰিব ।

১৩.৫.১৫    ৰাজ্যসমূহে ৰাজ্যিক 'লেন'ৰ বাবে এটা কোঠাৰ ব্যৱস্থা কৰিব লাগিব । (ৰাজ্য এখনৰ পৰিসৰ অনুসৰি) উক্ত লেনত ৫-১০টা নড থাকিব। জিলা পৰ্যায়ত একোটা হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰিব লাগে।

১৩.৭    কাৰিকৰী সম্পদ সহযোগৰ বাবে

১৩.৭.১   মন্ত্ৰালয়ে সময়ে সময়ে নিৰ্ধাৰণ কৰি দিয়া নীতিৰ আধাৰত প্ৰশাসনীয় ব্যয়ৰ বাবে আৱণ্টিত পুঁজিৰ পৰাই মান নিয়ন্ত্ৰয়ণৰ বাবে হোৱা ব্যয় বন কৰিব পাৰি।

একত্ৰীকৰণ

১৪.১ অন্যান্য কাৰ্যসূচীৰ সৈতে একত্ৰীকৰণ/সংযোগ

১৪.১.১   স্থায়ী সম্পদ সৃষ্টিৰ বাবে অন্যান্য উৎসৰ পৰা আৱণ্টিত পুঁজিৰ সৈতে এনৰেগা পুঁজিৰ একত্ৰীকৰণত অনুমতি দিয়া হৈছে। অৱশ্যে অন্যান্য খণ্ড বা আঁচনিৰ সম্পদৰ বাবে এনৰেগা পুঁজি যাতে পৰিপূৰক নহয় তাৰ বাবে ব্যৱস্থা ল'ব লাগিব । এনৰেগা পুঁজিৰ উদ্দেশ্য হ'ল অতিৰিক্ত নিযুক্তিৰ সৃষ্টি কৰা; যদি অন্যান্য আঁচনিয়ে শেহতীয়াকৈ সৃষ্টি কৰা নিযুক্তিসমূহ এন আৰ ই জি এছে আঁতৰাই দিলে সেইটো হৈ নুঠিব ।

১৪.১.২    অন্যান্য উৎস (যেনে : ৰাষ্ট্ৰীয় বিত্ত আয়োগ, ৰাজ্যিক বিত্ত আয়োগ, ৰাজ্যিক বিভাগ) আৰু অন্যান্য কেন্দ্ৰীয় অথবা কেন্দ্ৰীয়ভাৱে স্পনছ'ৰ আঁচনি (যেনে স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা, এ জি এ ৱাই), খৰাংপীড়িত অঞ্চল আঁচনি (ডি পি এ পি), মৰুভূমি উন্নয়ন কাৰ্যসূচী (ডি ডি পি), পিছপৰা এলেকা অনুদান আদিত এনৰেগাৰ অধীনত অনুমোদিত স্থায়ী সামূহিক সম্পদ নিৰ্মাণ/কামৰ বাবে এনৰেগা পুঁজিৰ সৈতে চামিল কৰিব পাৰি । অৱশ্যে বিভিন্ন বিভাগ আৰু সংস্থাৰ বিভাগীয় পৰিকল্পনা পুঁজিৰ পৰিপূৰক হিচাপে এনৰেগা পুঁজি ব্যৱহাৰ কৰিব নোৱাৰিব । এনৰেগাৰ অধীনত অনুমোদনযোগ্য কামৰ বাবে অন্যান্য কাৰ্যসূচীৰ বাবে উপলব্ধ পুঁজি এনৰেগা পুঁজিৰ সৈতে একত্ৰিত কৰিব পাৰি যদিও ইয়াৰ ওলোটাটো কৰিব পৰা নাযাব । বিস্তৃত পৰিকল্পনাত এই দিশবোৰৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ।

১৪.১.৩   একত্ৰিকৰণৰ সকলো পদক্ষেপ এনৰেগাৰ মাপকাঠিৰ আধাৰত হ'ব লাগিব । বিশেষকৈ শ্ৰমভিত্তিক কামৰ আৰ্হি নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা আৰু ঠিকাদাৰৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষিদ্ধকৰণ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা এই ক্ষেত্ৰত মূল উদ্দেশ্য হিচাপে পৰিগণিত হ'ব।

উৎসঃ অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 5/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate