অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাখিবলগীয়া তথ্যপাতিসমূহ

ৰাখিবলগীয়া তথ্যপাতিসমূহ

৯.১ পঞ্চায়ত আৰু অন্যান্য ৰূপায়ণ সংস্থাসমূহ

৯.১.১ যাৱতীয় তথ্যপাতি যথাযথৰূপত ৰখাটো এনৰেগাৰ ৰূপায়ণৰ ক্ষেত্ৰত সাফল্যৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰক। গুৰুত্বপূৰ্ণ উপাদান প্ৰক্ৰিয়া, সৃষ্টি আৰু ফলাফলৰ তথ্যসমূহ জিলা আঁচনি সমন্বয়ক, আঁচনি বিষয়া, গাঁও পঞ্চায়ত আৰু অন্যান্য ৰূপায়ণ সংস্থাৰ পৰ্যায়ত নিৰ্ধাৰিত ৰেজিষ্টাৰত যথাযথভাৱে লিপিবদ্ধ কৰিব লাগিব। কম্পিউটাৰ ভিত্তিক পৰিচালনা তথ্য ব্যৱস্থায়ো সেই তথ্য ইলেক্টনিকভাৱে আহৰণ কৰিব। বিভিন্ন পৰ্যায়ত নিয়াৰিকৈ তথ্য সংগ্ৰহৰ বাবে এনৰেগাৰ অধীনত নিম্নলিখিত তথ্যসমূহ চোৱাচিতা কৰিব লাগে।

(ক) মাষ্টাৰৰোল জাৰি ৰেজিষ্টাৰঃ

মাষ্টাৰৰোল জাৰি কৰাৰ কৰ্তৃত্বপ্ৰাপ্ত আঁচনি বিষয়াই তাৰিখ অনুসৰি এই ৰেজিষ্টাৰৰ চোৱা-চিতা কৰিব লাগিব। জাৰি কৰা মাষ্টাৰৰোলৰ সৈতে সংশ্লিষ্ট কাম আৰু ৰূপায়ণ সংস্থাৰ সমন্বয় সাধন এই ৰেজিষ্টাৰ সহায় কৰিব। ব্লক পৰ্যায়ত এই ৰেজিষ্টাৰ চোৱা-চিতা কৰিব আঁচনি বিষয়াই।

(খ) গাঁও পঞ্চায়তৰ বাবে মাষ্টাৰৰোল ৰছিদ ৰেজিষ্টাৰঃ

আঁচনি বিষয়াৰ পৰা মাষ্টাৰ ৰোল লাভ কৰা গাঁও পঞ্চায়তবোৰে এই ৰেজিষ্টাৰ পৰিচালনা কৰিব লাগিব। অন্যান্য ৰূপায়ণ সংস্থাসমূহে গাঁও পঞ্চায়তক দিয়া ব্যৱহৃত মাষ্টাৰৰোলৰ ৰছিদসমূহৰো বিস্তৃত বিৱৰণ এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(গ) অন্যান্য ৰূপায়ণ সংস্থাবোৰৰ বাবে মাষ্টাৰ ৰোল ৰছিদ ৰেজিষ্টাৰঃ

মাষ্টাৰৰোল আৰু ইয়াৰ সংশ্লিষ্ট কামৰ ৰছিদৰ তাৰিখভিত্তিক তথ্য এই ৰেজিষ্টাৰত থাকিব। তথ্য লিপিবদ্ধ কৰাৰ বাবে ব্যৱহৃত মাষ্টাৰ ৰোল গাঁও পঞ্চায়তক ঘূৰাই দিয়া তাৰিখৰ তথ্যও এই ৰেজিষ্টাৰত সন্নিবিষ্ট হ’ব। গাঁও পঞ্চায়তৰ বাহিৰে আন ৰূপায়ন সংস্থাসমূহে এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(ঘ) জব কাৰ্ড আবেদন ৰেজিষ্টাৰঃ

আবেদনকাৰীৰ নাম, আবেদন গ্ৰহণৰ তাৰিখ আৰু জাৰি কৰা জব কাৰ্ডৰ বিস্তৃত বিৱৰণ এই ৰেজিষ্টাৰত অন্তৰ্ভূক্ত কৰা হ’ব। জব কাৰ্ড জাৰি নকৰিলে তাৰ যাৱতীয় কাৰণো ইয়াত সন্নিবিষ্ট হ’ব। গাঁও পঞ্চায়ত/আঁচনি বিষয়াই এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(ঙ) জব কাৰ্ড ৰেজিষ্টাৰঃ

জব কাৰ্ড জাৰি কৰা পৰিয়ালৰ সদস্যসকলৰ বিস্তৃত তথ্য এই ৰেজিষ্টাৰত থাকিব। গাঁও পঞ্চায়ত/আঁচনি বিষয়াই এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(চ) নিযুক্তি ৰেজিষ্টাৰঃ

কামৰ বাবে আবেদন, কামৰ আৱণ্টন, কামৰ দক্ষতা আৰু মজুৰি অথবা শ্ৰমিকক দিয়া নিবনুৱা ভাট্ৰাৰ বিস্তৃত তথ্য এই ৰেজিষ্টাৰত লিপিবদ্ধ থাকিব। গাঁও পঞ্চায়ত/আঁচনি বিষয়াই এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(ছ) কামৰ ৰেজিষ্টাৰঃ

কাম সম্পৰ্কীয় বিস্তৃত বিৱৰণ যেনে অনুমোদন আদেশৰ নম্বৰ আৰু তাৰিখ, যাৱতীয় খৰছ, সামাজিক হিচাপ পৰীক্ষণৰ তাৰিখ, কামৰ পূৰ্ব, মধ্য আৰু পাছৰ প্ৰকল্প অৱস্থা আদি এই ৰেজিষ্টাৰত লিপিবদ্ধ কৰা হ’ব। আঁচনি বিষয়া/গাঁও পঞ্চায়ত/অন্যান্য ৰূপায়ণ সংস্থাই এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(জ) সম্পদ ৰেজিষ্টাৰঃ

সম্পদ, ইয়াৰ মূল্য অৱস্থিতি, সাম্প্ৰতিক অৱস্থা, আহৰণযোগ্য লাভৰ লগতে সম্পদৰ ওপৰত ভিত্তি কৰি হাতত লোৱা কামৰ বিস্তৃত বিৱৰণ এই ৰেজিষ্টাৰত থাকিব। আঁচনি বিষয়া/ডি পি চি/গাঁও পঞ্চায়ত/অন্যান্য ৰূপায়ণ সংস্থাসমূহে এই ৰেজিষ্টাৰ চোৱাচিতা কৰিব।

(ঝ) অভিযোগ ৰেজিষ্টাৰঃ

অভিযোগ গ্ৰহণৰ তাৰিখ, অভিযোগৰ বিস্তৃত বিৱৰণ, অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থা আৰু চূড়ান্ত নিষ্পত্তিৰ তাৰিখ এই ৰেজিষ্টাৰত লিপিবদ্ধ কৰা থাকিব। আঁচনি বিষয়া/ডি পি চি/গাঁও পঞ্চায়ত/অন্যান্য ৰূপায়ণ সংস্থাসমূহে এই ৰেজিষ্টাৰ পৰিচালনা কৰিব।

(ঞ) মাহিলী আবণ্টন আৰু ব্যৱহাৰৰ প্ৰমাণপত্ৰ দাখিল তথা দাখিল কৰিবলৈ বাকী থকা সম্পৰ্কীয় বিস্তৃত বিৱৰণ এই ৰেজিষ্টাৰত থাকিব। এনৰেগাৰ অধীনত ব্যয়ৰ বাবে পুঁজি লাভ কৰা সকলো সংস্থাই এই ৰেজিষ্টাৰ পৰিচালনা কৰিব লাগিব। ডি পি চি/আঁও পঞ্চায়ত/অন্যান্য ৰূপায়ণ সংস্থাসমূহে এই ৰেজিষ্টাৰ চোৱাচিতা কৰিব লাগিব।

ৰাখিবলগীয়া তথ্যপাতিসমূহৰ সাৰাংশ

ক্ৰমিক নং

নিৰ্দেশনাৰ পৰিশিষ্ট

ৰেজিষ্টাৰৰ নাম

ৰেজিষ্টাৰ পৰিচালনা কৰিবলগীয়া পৰ্যায়

বি-৪

মাষ্টাৰৰোল জাৰি ৰেজিষ্টাৰ

গাঁও পৰ্যায়ত আঁচনি বিষয়া

বি-৫

মাষ্টাৰৰোল ৰছিদ ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত

বি-৬

মাষ্টাৰৰোল ৰছিদ ৰেজিষ্টাৰ

গাঁও পঞ্চায়তৰ বাহিৰে অন্যান্য ৰূপায়ণ সংস্থা

বি-৭

জবকাৰ্ড আবেদন ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত/আঁচনি বিষয়া

বি-৮

জবকাৰ্ড ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত/আঁচনি বিষয়া

বি-৯

নিযুক্তি ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত/আঁচনি বিষয়া

বি-১০(i)

কামৰ ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত/আঁচনি বিষয়া/অন্যান্য ৰূপায়ণ

বি-১০(ii)

সম্পদ ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত/আঁচনি বিষয়া/অন্যান্য ৰূপায়ণ

বি-১১

অভিযোগ ৰেজিষ্টাৰ

গাঁও পঞ্চায়ত/আঁচনি বিষয়া/ডি পি চি/অন্যান্য ৰূপায়ণ

১০

বি-১৬(এ)

মাহিলী আবণ্টিন আৰু ব্যৱহাৰৰ প্ৰমাণ পত্ৰ পৰ্যবেক্ষণ ৰেজিষ্টাৰ

ডি পি চি/আঁচনি বিষয়া/গাঁও পঞ্চায়ত/অন্যান্য ৰূপায়ণ সংস্থা

 

৯.২ নিযুক্তিৰ তথ্য

৯.২.১ মজুৰি প্ৰদান কৰা প্ৰতিটো সংস্থাই প্ৰদান কৰা ধনৰ পৰিমাণ আৰু কিমান দিনৰ বিপৰীতে সেই ধন প্ৰদান কৰা হৈছে সেই তথ্য জব কাৰ্ডত নিশ্চিতভাৱে লিপিবদ্ধ কৰিব লাগিব।

৯.২.২ নিযুক্তিৰ তথ্যৰ সমন্বয় সাধনৰ দায়িত্ব গাঁও পঞ্চায়ত পৰ্যায়ত গাঁও পঞ্চায়তৰ ওপৰত আৰু ব্লক পৰ্যায়ত আঁচনি বিষয়াৰ ওপৰত ন্যস্ত থাকিব। গাঁও পঞ্চায়তে পৰিয়াল ভিত্তিক নিযুক্তিৰ তথ্য নিযুক্তিৰ তথ্য নিযুক্তি ৰেজিষ্টাৰত একত্ৰিত কৰিব। নিযুক্তি ৰেজিষ্টাৰ আৰ্হি পৰিশিষ্ট বি-৯ত দিয়া হৈছে। গাঁও পঞ্চায়তে নিযুক্তি সম্পৰ্কীয় তথ্যসমূহ নিৰ্ধাৰিত আৰ্হি মতে পষেকীয়া ভিত্তিত আঁচনি বিষয়াক দাখিল কৰিব। আঁচনি বিষয়াই ব্লক পৰ্যায়ত নিযুক্তিৰ তথ্যৰ সমন্বয় ঘটাই জিলা আঁচনি সমন্বয়কলৈ প্ৰেৰণ কৰিব। এই সন্দৰ্ভত উদ্ভৱ হোৱা যিকোনো সমস্যা জিলা আঁচনি সমন্বয়কে তাৎক্ষণিকভাৱে সমাধান কৰিব।

৯.৩ কৰ্মস্থলীৰ পষেকীয়া প্ৰতিবেদন

৯.৩.১ প্ৰতিটো এনৰেগা কৰ্মস্থলীৰ পৰা শ্ৰমিক নিযুক্তি আৰু সা-সামগ্ৰী লাভ সন্দৰ্ভত পষেকীয়া ভিত্তিত তথ্য সংগ্ৰহৰ বাবে আঁচনি বিষয়াই চেষ্টা কৰা উচিত। এক নিৰ্ধাৰিত আৰ্হিত সংগ্ৰহ কৰি এই তথ্যসমূহ আঁচনি বিষয়াৰ কাৰ্যালয়ৰ জাননী ফলকত প্ৰদৰ্শন কৰিব লাগিব। এন আৰ ই জি এছ ৱেবচাইটতো এই তথ্যসমূহ সাৰাংশ ৰূপত নিয়মীয়াকৈ প্ৰকাশ কৰিব লাগিব।

৯.৩.২ প্ৰতিটো কামৰ একাউণ্ট চূড়ান্ত কৰা আৰু ইয়াৰ অন্তিম বন্ধৰ কৰ্তৃত্ব প্ৰদানৰ সময়ত আঁচনি বিষয়াই ৰূপায়ণ সংস্থাসমূহে দাখিল কৰা চূড়ান্ত ব্যয়ৰ প্ৰতিবেদন পৰীক্ষা কৰিব আৰু সেই প্ৰতিবেদনৰ সত্যতা সন্দৰ্ভত নিশ্চিত হ’ব লাগিব।

৯.৪ মাষ্টাৰ ৰোল

৯.৪.১ একোটা বিশেষ পৰিচয় নম্বৰ যুক্ত মাষ্টাৰৰোল গাঁও পঞ্চায়ত আৰু সকলো কাৰ্যৰূপায়ন সংস্থাৰ বাবে আঁচনি বিষয়াই ইছ্যু কৰিব। পৰামৰ্শমূলক প্ৰ-পত্ৰ পৰিশিষ্ট বি-৩ ত দিয়া হৈছে।

৯.৪.২ গাঁও পঞ্চায়ত আৰু অন্যান্য কাৰ্য ৰূপায়ণ সংস্থাসমূহে মাষ্টাৰৰো পৰিচালনা কৰিব লাগিব। সেইবোৰত প্ৰতিটো কামৰ বিপৰীতে সন্নিবিষ্ট হ’বলগীয়া তথ্যসমূহ হ’ল-

(ক) কামত নিয়োজিত ব্যক্তিৰ নাম, তেওঁৰ জবকাৰ্ডৰ নম্বৰ, কাম কৰা দিন, অনুপস্থিত থকা দিন আৰু প্ৰদান কৰা মজুৰি। প্ৰদান কৰা মজুৰি আৰু কাম কৰা দিনৰ সংখ্যা প্ৰতিজন শ্ৰমিকৰ পৰিয়ালৰ জবকাৰ্ডত লিপিবদ্ধ কৰিব।

(খ) কামটোক দিয়া বিশেষ পৰিচয় নম্বৰ।

(গ) গ্ৰহণকাৰীৰ স্বাক্ষৰ অথবা বুঢ়া আঙুলিৰ ছাপ।

৯.৪.৩ মূল মাষ্টাৰৰোলটো ৰূপায়ণ কাৰী সংস্থাৰ ব্যয়ৰ তথ্য হিচাপে পৰিগণিত হয়।

৯.৪.৪ মাষ্টাৰৰোলৰ এটা ফটো কপি ৰাখিব লাগে। প্ৰতিখন গাঁও পঞ্চায়ত আৰু আঁচনি বিষয়াৰ কাৰ্যালয়ত তথ্যৰ সমন্বয় তথা ৰাজহুৱা পৰিদৰ্শনৰ বাবে প্ৰেৰণ কৰিব লাগে।

৯.৪.৫ আঁচনি বিষয়াৰ পৰ্যায়ত মাষ্টাৰৰোলবোৰ কম্পিউটাৰাইজড কৰা উচিত। সম্ভৱ হ’লে গাঁও পঞ্চায়ত পৰ্যায়তো তেনে কৰিব।

৯.৪.৬ আঁচনি বিষয়াৰ কাৰ্যালয়ৰ পৰা ইছ্যু নকৰা যোকোনো মাষ্টাৰৰোলক অকৰ্তৃত্বশীল হিচাপে গণ্য কৰা হ’ব। স্বচ্ছতা আৰু জবাবদিহীৰ প্ৰতি দায়বদ্ধতা ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন (এনৰেগা)ৰ অবিচ্ছেদ্য অংগ। এই দায়বদ্ধতা তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ পৰাও প্ৰবাহিত হয়। স্বচ্ছতা আৰু জবাদিহী নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ ভূমিকাৰ বিষয়ে এই অধ্যায়ত আলোকপাত কৰা হৈছে। সামাজিক পৰীক্ষাৰ লগতে ৰাজহুৱা অংশগ্ৰহণৰ অন্যান্য ব্যৱস্থাবোৰৰ ভূমিকা সন্দৰ্ভত পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হৈছে।

উৎসঃ অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate