অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূমিকম্প

ভূমিকম্পৰ পূৰ্বে আপুনি কি কৰিব?

হঠাৎ কোনো পূৰ্ব জাননী নিদিয়াকৈ ভূমিকম্প হয়। সময়মতে হ’ব পৰা বিপৰ্য্যয়ৰ আগতীয়া চিনাক্তকৰণ আৰু আগতীয়া পৰিকল্পনাৰে ভূমিকম্পত হ’ব পৰা গুৰুতৰ আঘাট বা প্ৰাণনাশৰ পৰিমাণ নিম্নতৰ কৰিব পৰা যায়। গৃহৰ ভেটি আৰু চিলিঙৰ ভাঙি যোৱা অংশসমূহ ভালদৰে মেৰামতি কৰা, ওলমি থকা বিজুলী চাকিসমূহ চিলিঙত দৃঢ়ভাৱে লগোৱা, স্থানীয় গৃহ নিৰ্মাণৰ মানদণ্ড মানি চলা আদিৰ যোগেৰে ভূমিকম্পৰ প্ৰভাৱ হ্ৰাস কৰাত সহায়ক হয়।

আগতীয়া পৰিকল্পনাৰ ছটা পথ

 

১) গৃহত হ’ব পৰা বিপৰ্য্যয়সমূহৰ নিৰীক্ষণ

  • শ্লেভসমূহ দেৱালৰ লগত সুৰক্ষিতভাৱে যুক্ত কৰক।
  • ডাঙৰ বা গধুৰ সামগ্ৰী তলৰ শ্লেভত থওঁক।
  • ভাঙিব পৰা সামগ্ৰী যেনে: খাদ্য থোৱা বটল, গ্লাচ, কাপ-প্লেট আদিসমূহ তলৰ বন্ধ বাকচত ভালদৰে খিলি দি থওঁক।
  • ছবি, আইনা আদিৰ দৰে গধুৰ ওলমাই থোৱা সামগ্ৰীসমূহ বিছনা, চকি-মেজ বা আন মানুহ বহা ঠাইৰ পৰা আঁতৰত ওলমাই ৰাখক।
  • ওপৰত ওলমোৱা লাইটসমূহ দৃঢ়ভাৱে লগাওঁক।
  • নষ্ট হোৱা বৈদ্যুতিক তাঁৰসমূহ মেৰামতি কৰক আৰু ওলাই থকা গেছৰ সংযোগ মেৰামতি কৰক। এইবোৰেই অগ্নিকাণ্ডৰ আশংকা বঢ়াই তোলে।
  • চিলিং বা ভেটিত থকা গভীৰভাৱে ভঙা অংশসমূহ মেৰামতি কৰক। গাঁঠনিত যদি কিবা ত্ৰুটি আছে সেই সম্পৰ্কে বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।
  • অপতৃণনাশক, কীটনাশক আৰু প্ৰজ্বলক সামগ্ৰীসমূহ সুৰক্ষিতভাৱে তলৰ শ্লেভত খিলি দিয়া বাকচত থওক।

২) গৃহৰ ভিতৰত আৰু বাহিৰত নিৰাপদ স্থানসমূহ চিনাক্ত কৰি থওঁক

  • শক্তিশালী টেবুল বা ডেক্সৰ তলত।
  • ভিতৰৰ দেৱালৰ গাত।
  • খিৰিকী, আইনা, ছবি আদিৰ পৰা আইনাৰ টুকুৰা চিটিকি অহা বা য’ত গধুৰ কিতাপৰ আলমাৰী বাগৰি পৰিব পাৰে বা য’ত গধুৰ আচবাব বাগৰি পৰিব পাৰে তেনে স্থানৰ পৰা আঁতৰত থকা।
  • গৃহ, গছ, টেলিফোন আৰু বৈদ্যুতিক তাঁৰ, উৰণীয়া সেঁতু আদিৰ পৰা আঁতৰত মুকলি ঠাই।

৩)নিজৰ আৰু পৰিয়ালৰ লোকসকলক শিক্ষিত কৰক

  • ভূমিকম্পৰ বিষয়ে অধিক তথ্যৰ বাবে আপোনাৰ স্থানীয় জৰুৰীকালীন ব্যৱস্থাপনা বিষয়া বা ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটিৰ স্থানীয় গোটৰ লগত যোগাযোগ কৰক। ভূমিকম্পৰ পৰা আপোনাৰ সম্পত্তি কেনেকৈ সুৰক্ষিত ৰাখিব তাৰ তথ্যৰ বাবে “কেনেকৈ-লানি” পঢ়ক।
  • জৰুৰীকালীন ৯১১, আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীক লৈ কেনেদৰে ফোন কৰিব লাগে আৰু জৰুৰীকালীন তথ্যৰ বাবে কোনটো অনাতাঁৰ কেন্দ্ৰৰ বাতৰি শুনিব লাগে শিশুসকলক সেই বিষয়ে শিকোৱাওঁক।
  • ৰন্ধন গেছ, বৈদ্যুতিক সামগ্ৰী আৰু পানীৰ টেপসমূহ কেনেকৈ আৰু কেতিয়া বন্ধ কৰিব লাগে সেই বিষয়ে পৰিয়ালৰ সকলো সদস্যক শিকাওঁক।

৪)দুৰ্যোগৰ সময়ৰ সামগ্ৰীসমূহ হাতত ৰাখক

  • অধিক পোহৰ প্ৰদান কৰা লাইট আৰু অতিৰিক্ত বেটাৰী।
  • অতিৰিক্ত বেটাৰীসহ সৰু ৰেডিঅ’।
  • প্ৰাথমিক চিকিৎসাৰ বাকচ আৰু হাতপুথি।
  • জৰুৰীকালীন খাদ্য আৰু পানী।
  • খাদ্যৰ টেমা খুলিব পৰা আহিলা।
  • প্ৰয়োজনীয় ঔষধসমূহ।
  • নগদ ধন আৰু ক্ৰেডিট কাৰ্ড।
  • মজবুত জোটা

৫)জৰুৰীকালীন যোগাযোগৰ পৰিকল্পনা প্ৰস্তুত কৰক

  • যদিহে পৰিয়ালৰ সদস্যসকল ভূমিকম্পৰ সময়ত এজনে আনজনৰ পৰা পৃথক হৈ পৰে (এইটো প্ৰকৃততেই সম্ভৱ হ’ব পাৰে দিনৰ ভাগত যেতিয়া প্ৰাপ্তবয়স্কসকলে কৰ্মক্ষেত্ৰত থাকে আৰু শিশুসকলে বিদ্যালয়ত থাকে)তেনে ক্ষেত্ৰত দুৰ্যোগৰ পিছত যোগাযোগ ৰক্ষাৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত কৰি থ’ব লাগে।
  • পৰিয়ালৰ যোগাযোগৰ কেন্দ্ৰ হিচাপে ৰাজ্যৰ বাহিৰৰ কোনো সম্পৰ্কীয় ব্যক্তি বা বন্ধু বান্ধৱক নিৰ্দিষ্ট কৰি ল’ব লাগে। এটা দুৰ্যোগৰ পিছত দূৰলৈ ফোন কৰাতো সহজ হয়। যোগাযোগ কৰিব লগা উক্ত ব্যক্তিজনৰ নাম, ঠিকনা আৰু ফোন নম্বৰ পৰিয়ালৰ সকলো সদস্যই যাতে জানে সেইটো নিশ্চিত।

৬) আপোনাৰ সমাজক সাঁজু হোৱাত সহায় কৰক

  • ভূমিকম্প সম্পৰ্কীয় জৰুৰীকালীন তথ্যসমূহ আপোনাৰ স্থানীয় বাতৰি কাকতত বিশেষ খণ্ড হিচাপে প্ৰকাশ কৰক।
  • তথ্যসমূহ স্থানীয় ভাষাত ছপা কৰি উলিয়াওঁক আৰু ইয়াত স্থানীয় জৰুৰীকালীন সেৱা বিষয়া, ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি, চিকিৎসালয়সমূহ আদিৰ ফোন নম্বৰ সন্নিৱিষ্ট কৰক।
  • গৃহত বিপৰ্য্যয়ৰ স্থানসমূহ চিনাক্ত কৰিবলৈ সপ্তাহযোৰা এলানি কাৰ্য্যসূচী হাতত লওঁক।
  • ভূমিকম্পৰ সময়ত যোগাযোগৰ সুবিধাৰ বাবে কি কি কৰিব লাগিব সেই বিষয়ে ৰাইজৰ বাবে এক বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত স্থানীয় জৰুৰীকালীন সেৱা আৰু ৰেডক্ৰছৰ বিষয়াসকলৰ লগত কাম কৰক।
  • গৃহত ভূমিকম্পৰ   সময়ত কি কৰিব লাগিব তাৰ কিটিপসমূহ বাছি উলিৱাওঁক।
  • ৰন্ধন গেছ, বিদ্যুৎ আৰু পানী যোগান কৰ্তৃপক্ষৰ প্ৰতিনিধিৰ লগত এইসমূহ কেনেদৰে বন্ধ কৰিব পাৰি সেই বিষয়ে আলোচনা লওঁক।
  • আপোনাৰ জ্ঞানসমূহ প্ৰয়োগ কৰি গৃহ নিৰ্মাণ, পুৰণি গৃহ শক্তিশালী কৰা, বিপৰ্য্যয়ৰ পৰা আঁতৰত থকা আৰু ওচৰ চুবুৰীয়া আৰু পৰিয়ালৰ জৰুৰীকালীন পৰিকল্পনা প্ৰস্তুত কৰাত ৰাইজৰ লগত একেলগে কাম কৰক।

ভূমিকম্পৰ সময়ত কি কৰিব?

যথাসম্ভৱ নিৰাপদ ঠাইত আশ্ৰয় লওঁক। কিছুমান ভূমিকম্পৰ প্ৰাবল্য প্ৰথমতে কমকৈ হয় আৰু পিছত বৃহৎ প্ৰাবল্যৰ ভূমিকম্প হ’ব পাৰে-এই বিষয়ে সচেতন হৈ থাকক। একেবাৰে ওচৰৰ সুৰক্ষিত স্থানলৈ কম দূৰত্বৰ পথেৰে যাওঁক আৰু যদি আপুনি ঘৰৰ ভিতৰত আছে তেন্তে জোকাৰণি মাৰ নোযোৱালৈকে আপুনি নিৰাপদ বুলি নিশ্চিত নোহোৱালৈকে ঘৰৰ ভিতৰতে থাকক।

যদি গৃহৰ ভিতৰত আছে

 

  • মজিয়াত বহি দিয়ক; আৰু মেজ বা আন আচবাবৰ তলত সোমাওক আৰু কঁপনি মাৰ নোযোৱালৈকে ইয়াক ধৰি থাকক। যদিহে আপোনাৰ ওচৰত মেজ বা তেনে আচবাব নাই তেন্তে আপোনাৰ বাহুৰে মূৰ আৰু মুখখন ঢাকি লওঁক আৰু গৃহৰ এটা চুকত বহি দিয়ক।
  • আইনা, খিৰিকী, বাহিৰৰ দুৱাৰ আৰু দেৱাল, ওলমাই থোৱা লাইট বা আচবাব খহি পৰিব পৰা স্থানৰ পৰা আঁতৰত থাকক। যদিহে ভূমিকম্প হোৱাৰ সময়ত বিছনাত থাকে তেন্তে বিছনাতেই থাকক। যদিহে আপোনাৰ মূৰৰ ওপৰত ওলমাই থোৱা কোনো গধুৰ সামগ্ৰী নাই তেন্তে গাৰুৰে আপোনাৰ মূৰটো সুৰক্ষিত কৰি ৰাখক। যদিহে এনে কোনো বস্তু আছে তেন্তে ওচৰৰ সুৰক্ষিত স্থানলৈ যাওঁক।
  • নিৰাপদ স্থানৰ বাবে দুৱাৰদলি তেতিয়াহে ব্যৱহাৰ কৰিব যেতিয়া আপুনি নিশ্চিত হয় যে ই আপোনাৰ ওচৰত আছে আৰু ই যথেষ্ট ভাৰ বহন কৰিব পাৰিব।
  • কঁপনি মাৰ নোযোৱালৈকে আৰু বাহিৰলৈ ওলোৱাতো নিৰাপদ নোহোৱালৈকে ঘৰৰ ভিতৰতে থাকক। গৱেষণাত এইটো দেখা গৈছে যে ভূমিকম্পৰ সময়ত গৃহৰ ভিতৰতেই আন এটা স্থানলৈ যোৱা বা গৃহৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰাৰ ফলতেই অধিক লোক আঘাটপ্ৰাপ্ত হয়।
  • বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’ব পাৰে বা অহা-যোৱা কৰি থাকিব পাৰে আৰু অগ্নি সতৰ্ক সংকেত বাজি উঠিব পাৰে সেই বিষয়ে সতৰ্ক হৈ থাকক।
  • ওপৰলৈ উঠা-নমা কৰা চিৰি বা লিফট্ ব্যৱহাৰ নকৰিব।

যদি বাহিৰত থাকে

 

  • য’ত আছে তাতেই থাকক।
  • গৃহ, পথৰ বিজুলী বাতি, বিভিন্ন তাঁৰ আদিৰ পৰা আঁতৰি আহক।
  • যদিহে মুকলি ঠাইত আছে তেন্তে কঁপনি মাৰ নোযোৱালৈকে তাতেই থাকক। বাহিৰত থকাসকলৰ বাবে অতিশয় ভয়াবহ হয় অট্টালিকাৰ বাহিৰত থকা আৰু চৌহদৰ দেৱালসমূহ। ১৯৩৩ চনত হোৱা ভূমিকম্পত গৃহৰ বাহিৰলৈ দৌৰি ওলাই অহাৰ সময়ত দেৱালৰ ধ্বংসাৱশেষ খহি পৰিয়েই ১২০ জনকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছিল। ভূমিকম্পৰ সময়ত ভূমিপৃষ্ঠত লৰা-ঢপৰা কৰাটোৱেই মৃত্যু আৰু আঘাটপ্ৰাপ্ত হোৱাৰ প্ৰত্যক্ষ কাৰণ। দেৱাল বাগৰি পৰা, আইনা ভাগি পৰা আৰু বিভিন্ন সামগ্ৰী বাগৰি পৰাৰ ফলতেই বেছিভাগ ভূমিকম্প সম্পৰ্কীয় আঘাটৰ ঘটনা ঘটে।

যদিহে চলনশীল বাহনৰ ভিতৰত থাকে

 

  • সুৰক্ষিতভাৱে যিমান সোনকালে গাড়ীখন ৰখাব পাৰি ৰখাওঁক আৰু বাহনৰ ভিতৰতে থাকক। অট্টালিকা, গছ, উৰণীয়া সেঁতু আৰু তাঁৰ আদিৰ তলত আৰু ওচৰত নৰখাব।
  • ভূমিকম্প শেষ হোৱাৰ পাছত সাৱধানেৰে গাড়ী চলাওঁক। ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হ’ব পৰা পথ, দলং আদি ব্যৱহাৰ নকৰিব।

যদিহে ধ্বংসস্তুপৰ তলত আবদ্ধ হৈ পৰে

 

  • জুইশলা নজলাব।
  • লৰচৰ নকৰিব বা ধূলিসমূহ আঁতৰাবলৈ চেষ্টা নকৰিব।
  • ৰুমাল বা আন কাপোৰেৰে আপোনাৰ মুখখন ঢাকি লওঁক।
  • নলী বা দেৱালত চপৰিয়াওঁক যাতে উদ্ধাৰকাৰীয়ে আপোনাক বিচাৰি উলিয়াব পাৰে। যদিহে সম্ভৱ হয় শুহুৰিয়াওঁক বা হুইচেল বজাওঁক। আন কোনো উপায় নাথাকিলে শেষতহে সহায়ৰ বাবে চিঞঁৰক। চিঞঁৰাৰ ফলত আপোনাৰ দেহৰ ভিতৰলৈ ভয়াবহ পৰিমাণৰ ধূলি সুমাব পাৰে।

 

এটা ভূমিকম্পৰ পিছত কি কৰিব লাগে?

 

  • পুনৰ জোকাৰাৰ সম্ভৱনা থাকে। এই গৌণ জোকাৰণিৰ প্ৰাৱল্য সাধাৰণতে কম হয় যদিও দূৰ্বল সজ্জাসমূহ অতিৰিক্তভাৱে ক্ষতি কৰিব পৰাকৈ যথেষ্ট শক্তিশালী হব পাৰে। আৰু ই প্ৰথমটো হোৱাৰ এঘন্টা, এদিন, এসপ্তাহ বা এমাহৰ পিছতো হ’ব পাৰে।
  • বেটেৰীৰে চলা ৰেডিঅ’ বা টেলিভিছন চাওঁক। শেহতীয়া জৰুৰীকালীন তথ্যসমূহ শুনক।
  • অতি জৰুৰী অৱস্থাতহে টেলিফোন ব্যৱহাৰ কৰক।
  • দেৱাল সংলগ্ন বাকচসমূহ সাৱধানতাৰে খোলক। বিশৃংখল হৈ থকা সামগ্ৰীসমূহ বাগৰি পৰিব পাৰে।
  • ক্ষতি হোৱা অঞ্চলৰ পৰা আঁতৰত থাকক। যেতিয়ালৈকে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী বা আন সাহাৰ্য্যকাৰী সংগঠনে আপোনাৰ সহায় নিবিচাৰে তেতিয়ালৈকে এনে অঞ্চলৰ পৰা আঁতৰত থাকক। যেতিয়া কৰ্তৃপক্ষই নিৰাপদ বুলি ঘোষণা কৰে তেতিয়াহে গৃহলৈ ঘূৰি যাওঁক।
  • আপুনি যদি উপকূলীয় অঞ্চলত বাস কৰে তেন্তে সাম্ভাব্য চুনামীৰ পৰা সাৱধান হওঁক। ইয়াক ভূ-কম্প ঘটিত সাগৰীয় ঢৌ বুলিও জনা যায় (জোৱাৰ ভাটাৰ ঢৌ বুলি ভুলকৈ কোৱা হয়)। যেতিয়া স্থানীয় কৰ্তৃপক্ষই চুনামীৰ সতৰ্কবাণী ঘোষণা কৰে তেতিয়া ধৰি ল’ব লাগে যে এলানি ভয়ংকৰ ঢৌ আহি আছে। সাগৰৰ পাৰৰ পৰা আঁতৰলৈ আহক।
  • আঘাটপ্ৰাপ্ত বা আৱদ্ধ হৈ পৰা ব্যক্তিক সহায় কৰক। যিসকল ওচৰ-চুবুৰীয়াক বিশেষ সাহাৰ্য্যৰ প্ৰয়োজন যেনে, কেঁচুৱা, বয়োজেষ্ঠ আৰু শাৰিৰীকভাৱে অক্ষম লোকক প্ৰয়োজন সাপেক্ষে সহায় আগবঢ়াওঁক। য’ত যথোপযুক্ত হয় প্ৰাথমিক চিকিৎসা প্ৰদান কৰক। যদিহে তৎক্ষণাত পুনৰ আঘাটপ্ৰাপ্তৰ ভয়াবহতা নাথাকে তেন্তে জটিলভাৱে আঘাটপ্ৰাপ্ত লোকক আন ঠাইলৈ নিনিব। সহায় বিচাৰক।
  • সিঁচৰিত হৈ পৰা ঔষধ পৰিষ্কাৰ কৰা ৰাসায়নিক পদাৰ্থ কেৰাচিন বা আন প্ৰজ্বলক সামগ্ৰী তৎক্ষণাত পৰিষ্কাৰ কৰি পেলাওঁক। যদিহে আপুনি ৰন্ধন গেছ বা আন ৰাসায়নিক পদাৰ্থৰ গোন্ধ পায় তেন্তে তৎক্ষণাত সেই ঠাই পৰিত্যাগ কৰক।
  • সম্পূৰ্ণ ধোৱা বহিৰ্গমন ব্যৱস্থাটোৰ ক্ষতিসমূহ পৰীক্ষা কৰক। চকুত নপৰা এনে ক্ষতিয়ে অগ্নিকাণ্ডৰ সৃষ্টি কৰিব পাৰে।
  • ব্যৱহাৰযোগ্যতা পৰীক্ষা কৰক
    • ৰন্ধন গেছ নিগৰি আছে নেকি পৰীক্ষা কৰক। যদি আপুনি গেছৰ গোন্ধ পায় বা গেছ ওলাই থকাৰ শব্দ শুনে তেন্তে খিৰিকী এখন খুলি দিয়ক আৰু তৎক্ষণাত সেই গৃহৰ পৰা আঁতৰি আহক। যদি সম্ভৱ হয় গেছৰ মুখ্য ভাল্বটো বন্ধ কৰি দিয়ক আৰু ওচৰ-চুবুৰীয়াৰ ঘৰৰ পৰাই গেছ কোম্পানীলৈ ফোন কৰক। যদিহে আপুনি গেছটো বন্ধ কৰিবলৈ সক্ষম হয় তেন্তে ইয়াক বিশেষজ্ঞ লোকেহে খুলিব লাগে।
    • বৈদ্যুতিক প্ৰক্ৰিয়াটো ক্ষতিগ্ৰস্ত হৈছেনে চাওঁক। যদি আপুনি বৈদ্যুতিক তাঁৰত স্ফুলিংগ দেখা পায় বা ছিঙা বা ওলমি থকা তাঁৰ দেখে বা ৰবৰ গলাৰ দৰে গোন্ধ পায় তেন্তে তৎক্ষণাত বৈদ্যুতিক মূল সংযোগ বিচ্ছিন্ন কৰক। যদিহে আপুনি মুল সংযোগ বিচ্ছিন্ন কৰিবলৈ পানীৰ মাজলৈ যাব লগা হয় তেন্তে পৰামৰ্শৰ বাবে বিদ্যুতৰ কাৰিকৰী লোকক ফোন কৰক।
    • পয়প্ৰণালী আৰু পানীৰ নলীৰ ক্ষতি। যদি আপুনি পয়প্ৰণালীৰ ব্যৱস্থাত ক্ষতি হৈছে বুলি সন্দেহ কৰে তেন্তে শৌচাগাৰ ব্যৱহাৰ নকৰিব আৰু কাৰিকৰী লোকক খবৰ দিয়ক।

 

ভূমিকম্পত ব্যৱহৃত শব্দ

ভূমিকম্পৰ বিপৰ্য্যয় চিনাক্ত কৰিবলৈ সহায়ক হোৱাকৈ এই শব্দসমূহৰ সৈতে আপুনি চিনাকী হৈ লওঁক।

পিছৰ কম্পন

মূল ভূমিকম্পৰ পিছত একেই বা কম প্ৰাবল্যৰ হোৱা এটা ভূমিকম্প হ’ব পাৰে।

ভূমিকম্প

হঠাতে পৃথিৱীৰ এটা অংশ কঁপি উঠা বা লৰচৰ কৰা আৰু পিছত এটা শ্ৰেণীৰ তৰংগৰ সৃষ্টি হোৱা।

অভিকেন্দ্ৰ

যি স্থানত ভূমিকম্পটো উৎপত্তি হৈছে তাৰ ঠিক ওপৰৰ ভূ-পৃষ্ঠৰ স্থান। এবাৰ যদি এনে বিসংগতি আৰম্ভ হয় তেন্তে ভূমিকম্পৰ সময়ত হোৱা বিসংগতিসহ ই বৃদ্ধি পায় গৈ থাকে আৰু ই কেইবাশ কিলোমিটাৰলৈকে বিয়পি পৰিব পাৰে।

বিসংগতি

ভূমিকম্পৰ ফলত হোৱা স্থানচ্যুত হোৱা অংশ। এই অংশ ভূমিকম্পৰ ওপৰত নিৰ্ভৰ কৰি এক ইঞ্চিতকৈও কমৰ পৰা দহ য়াৰ্ডলৈকে হ’ব পাৰে।

প্ৰাৱল্যতা

ভূমিকম্পৰ সময়ত নিৰ্গত হোৱা শক্তিৰ পৰিমাণ, যিটোক ভূ-কম্পনৰ তৰংগৰ গতিৰ ওপৰত নিৰ্ধাৰিত কৰা হয়। ৰিখটাৰ স্কেলত ৭.০ প্ৰাবল্যৰ ভূমিকম্প এটাক অতিশয় শক্তিশালী বুলি নিৰ্ণিত কৰা হয়। এই স্কেলৰ প্ৰতিটো সংখ্যাৰ মাজত ৩০ গুণ অধিক শক্তি নিৰ্গত হোৱা বুজায়। অৰ্থাৎ ৬.০ প্ৰাৱল্যৰ এটা ভূমিকম্প ৫.০ প্ৰাৱল্যৰ ভূমিকম্পতকৈ ৩০ গুণ শক্তিশালী।

ভূ-কম্পনৰ তৰংগ

ভূমিকম্পৰ বিসংগতিৰ স্থানৰ পৰা তৰংগসমূহ প্ৰতি ছেকেণ্ডত কেইবা কিলোমিটাৰ বেগত ওলাই আহে। এই বিসংগতিয়ে প্ৰত্যক্ষভাৱে কোনো আন্তঃগাঁঠনিত ক্ষতি কৰাতকৈ তৰংগায়িত ভূ-কম্পনে ভূমিকম্পৰ সময়ত অধিক ক্ষয়ক্ষতি কৰে।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate