অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

 

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব ভৱন, এ-১,  ছফদৰজঙ এনক্লেভ, নতুন দিল্লী, দিল্লী (ৰাজ্য) ১১০০২৯

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইনে প্ৰধান মন্ত্ৰীৰ অধ্যক্ষতাক আৰু ৰাষ্ট্ৰীয় কৰ্তৃপক্ষক ইয়াৰ কাম-কাজসমূহ সহায় কৰিবলৈ এখন ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ সৈতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব গঠন কৰাৰ সুবিধা প্ৰদান কৰে।

কাম-কাজসমূহ

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ কাম-কাজ প্ৰদান কৰা দায়িত্বসমূহ সংক্ষেপতে তলত উল্লেখ কৰা হ’ল:

ক) দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি প্ৰস্তুত কৰা।

খ) ৰাষ্ট্ৰীয় পৰিকল্পনাৰ অনুমোদন জনোৱা আৰু এই ৰাষ্ট্ৰীয় পৰিকল্পনা অনুসৰি ভাৰত চৰকাৰৰ মন্ত্ৰালয়সমূহ/বিভাগসমূহে প্ৰস্তুত কৰা পৰিকল্পনাৰ অনুমোদন জনোৱা।

গ) ৰাজ্যিক পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কৰ্তৃত্বই মানি চলিব লগা নিৰ্দেশনাৱলী প্ৰস্তুত কৰা। দুৰ্যোগ প্ৰতিৰোধৰ সংহত ব্যৱস্থা বা দুৰ্যোগৰ প্ৰভাৱ উপশম কৰিবলৈ ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়সমূহ/বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহ প্ৰস্তুতৰ ক্ষেত্ৰত মানি চলিব লগা নিৰ্দেশাৱলী প্ৰস্তুত কৰা।

ঘ) দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি আৰু পৰিকল্পনাসমূহ বলবৎ আৰু কাৰ্য্যকৰীকৰণৰ সমন্বয় ৰক্ষা কৰা।

ঙ)উপশমৰ বাবে পুঁজি অনুমোদন জনোৱা।

চ) কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি বৃহৎ দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত হোৱা আন ৰাষ্ট্ৰলৈ সাহাৰ্য্য আগবঢ়োৱা।

ছ) বিপদজনক দুৰ্যোগৰ অৱস্থা বা আৱশ্যক বুলি ভবা কোনো দুৰ্যোগৰ সময়ত প্ৰতিৰোধ বা উপশম বা আগতীয়া প্ৰস্তুতি আৰু দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা।

জ) দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ কাম-কাজসমূহ সম্পৰ্কীয় বহল নীতি আৰু নিৰ্দেশাৱলী প্ৰস্তুত কৰা।

ঝ) সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষসমূহক জৰুৰীকালীন সুবিধাসমূহ সংগ্ৰহ কৰা বা বিপদজনক দুৰ্যোগৰ অৱস্থা বা দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহাৰ্য্যৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী সংগ্ৰহৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা।

ঞ) বিপদজনক দুৰ্যোগৰ অৱস্থাত বা দুৰ্যোগত এই আইনৰ অধীনত বিশেষ সঁহাৰি জনোৱাৰ উদ্দেশ্যে গঠন কৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ সাধাৰণ অধীক্ষতা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰা।

ট) দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকলৈ আগবঢ়োৱা সাহাৰ্য্যৰ নূন্যতম মানদণ্ডৰ নিৰ্দেশাৱলী অনুমোদন জনোৱা।

ঠ) ভয়াবহ প্ৰাৱল্যৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকললৈ ঋণৰ ধন পৰিশোধ কৰাত সাহাৰ্য্য বা ৰেহাই হাৰত নতুন ঋণৰ অনুদান আগবঢ়োৱাত অনুমোদন জনোৱা।

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate