অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা-পৰিচয়

পৰিচয়:

  • নেহেৰু ৰোজগাৰ যোজনা
  • চহৰাঞ্চলৰ দুখীয়া জনসাধাৰণৰ নূন্যতম সেৱা প্ৰকল্প।
  • প্ৰধানমন্ত্ৰীৰ সুসংহত চহৰাঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণ প্ৰকল্প।

উক্ত আঁচনি তিনিটাৰ পৰিৱৰ্ত্তে ১-১২-১৯৯৭ চনৰ পৰা আৰম্ভ হয় স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা।

  • ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা প্ৰকল্পসমূহত কাৰ্য্যকৰীকৰণ হোৱা অসুবিধাসমূহ দূৰীকৰণৰ বাবে ইয়াক কিছু সংশোধন কৰা হয়।
  • ০১-১২-১৯৯৭ চনৰ প্ৰযোজ্য নীতি-নিৰ্দেশনাসমূহ কিছু সংশোধন কৰি ০১-০৪-২০০৯ তাৰিখৰ পৰা কাৰ্য্যকৰীকৰণ কৰা হয়।

সংশোধিত স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ উদ্দেশ্য:

  • চহৰাঞ্চলৰ নিৰ্দিষ্ট দুখীয়া নিবনুৱা/অৰ্ধ নিবনুৱাসকলৰ কৰ্ম নিযুক্তিৰ ব্যৱস্থা কৰা।
  • সেইবাবে স্ব-নিযুক্তি ও মজুৰিভিত্তিক কৰ্মসংস্থান সৃষ্টি কৰা।
  • সামূহিক উন্নয়নৰ বাবে প্ৰাথমিক মহিলা গোট, মহিলা ৱাৰ্ড সমিতি। সামূহিক উন্নয়ন সমিতি আদি গঠন।

লক্ষ্য: স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ লক্ষ্য হ’ল চহৰৰ দুখীয়া পৰিয়ালসমূহ যিসকল প্লেনিং কমিছনৰ তথ্যমতে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে।

গাঁঠনি

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ মুঠ পাঁচটা মুখ্য গাঁঠনি থাকিব:

১) চহৰী স্ব-নিয়োজন কৰ্মসংস্থান আঁচনি

২) চহৰী মহিলা স্ব-নিয়োজন আঁচনি।

৩) চহৰী বৃত্তি প্ৰশিক্ষণ কৰ্মসূচীৰে স্ব-নিযুক্তি আঁচনি

৪) চহৰী মজুৰি প্ৰাপ্ত নিয়োগ আঁচনি

৫) চহৰী সামূহিক উন্নয়নৰ আন্ত:গাঁঠনি

পুঁজিৰ ধৰণ আৰু বিত্তীয় পদ্ধতি

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ বাবে যোগান ধৰা পুঁজি কেন্দ্ৰৰ ৭৫ শতাংশ আৰু ৰাজ্যৰ ২৫ শতাংশ হাৰত হ’ব। (৭৫শতাংশ:২৫ শতাংশ)

বিশেষ স্বীকৃতি প্ৰাপ্ত ৰাজ্য যেনে (অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, চিকিম, ত্ৰিপুৰা, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰখণ্ডত) এই হাৰ ৯০:১০ হ’ব।

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ মূল কেন্দ্ৰীয় অংশখিনি (৯০ শতাংশ) ৰাজ্য আৰু চহৰৰ দৰিদ্ৰৰ মাজৰ সম্বন্ধ আৰু দৰিদ্ৰসকলৰ প্লেনিং  কমিচনে সময়ে সময়ে প্ৰকাশ কৰা পৰিসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰযোজ্য হ’ব।

ৰাজ্যৰ নিজা অংশৰ (১০ শতাংশ) ব্যৱহাৰৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিয়াৰ পিছতহে সাধাৰণতে কেন্দ্ৰীয় অংশ (৯০ শতাংশ) মোকলাই দিয়া হ’ব। হ’লেও যিবিলাক ৰাজ্যি কামত অগ্ৰগতি দেখুৱাইছে সিবিলাকক অগ্ৰগতি দেখুৱা নোৱাৰা ৰাজ্যসমূহৰ পৰা পুঁজি হস্তান্তৰ কৰি আনিব পৰাৰ ব্যৱস্থাও আছে।

চহৰীয়া স্ব-নিয়োজন প্ৰকল্প

এই প্ৰকল্পৰ গাঁঠনিত দুটা ভাগ থাকিব:

১) চহৰীয়া দৰিদ্ৰ ব্যক্তিক লাভজনক স্ব-নিয়োজন আঁচনিত আত্মনিয়োগ কৰিলে ঋণ আৰু অনুদান আগবঢ়াব লাগে।

২) চহৰীয়া দৰিদ্ৰসকলে সামূহিক গোট গঠন কৰিলে কাৰিকৰী পৰামৰ্শ, মাৰ্কেটিং, আন্ত:গাঁঠনি আদিৰ সহায় কৰিব লাগে।

চহৰীয়া স্ব-নিয়োজন আঁচনি (ঋণ আৰু অনুদান)

স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ আঁচনিৰ এই শাখাই চহৰীয়া দৰিদ্ৰক স্বনিয়োজনৰ বাবে গঠন কৰা আঁচনিত সাহাৰ্য্য প্ৰদান কৰিব।

ক’ত প্ৰযোজ্য হ’ব

এই আঁচনিয়ে সকলো মহানগৰ আৰু চহৰক সামৰি ল’ব। প্ৰতিখন চহৰৰ ভিতৰত এনে কিছু দৰিদ্ৰ চহৰীয়াকে বাচনি কৰি প্ৰশাসনে কৰ্মকুশলতাৰে শিক্ষিত কৰি তুলিব লাগে যাতে এইসকল সহজে কামত পাৰ্গত হয়। অৰ্থাৎ হিতাধিকাৰীসকলৰ উপাৰ্জন হয়।

আঁচনিৰ মূল লক্ষ্য:

চহৰীয়া স্ব-নিয়োজন আঁচনি মূল লক্ষ্য হ’ব দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা চহৰীয়া সকল। মহিলা, অনুসূচিত জাতি, জনজাতি, প্ৰতিবন্ধীলোক বা এই ধৰণৰ বিশেষ শাখাৰ লোকৰ এই আঁচনিৰ অগ্ৰাধিকাৰ ভিত্তিত সহায় কৰিব। USEP ৰ এই সাহাৰ্য্যৰ বাবে মহিলাৰ অংশগ্ৰহণ ত্ৰিশ শতাংশ (৩০ শতাংশ) ৰ কম হ’ব নেলাগিব। প্ৰতিবন্ধীৰ বাবে নিম্নতম তিনি (৩ শতাংশ) এনে আঁচনিত ৰাখিব লাগিব। প্ৰধানমন্ত্ৰীৰ সংখ্যালঘু আঁচনিৰ বাবে ৰাখিব লগা ১৫ শতাংশ এই আঁচনিৰ সাহাৰ্য্যৰ বাবে লক্ষ্য স্থিৰ কৰি ৰাখিব লাগিব।

শিক্ষাগত অৰ্হতা:

এই প্ৰকল্প সাহাৰ্য্য লাভৰ বাবে কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কাৰিকৰী কৰ্ম সংস্থাপনৰ বেলিকা প্ৰশিক্ষণ দিলেই হ’ব।

হিতাধিকাৰী চিনাক্তকৰণ

প্ৰতি ঘৰে ঘৰে গৈ অনুসন্ধান কৰি সামূহিক উন্নয়ন সমিতি সমূহে হিতাধিকাৰী চিনাক্ত কৰি। এই ক্ষেত্ৰত NGO আদিৰ লগতে চুবুৰীয়া গোট আদিৰ পৰাও সহায় ল’ব পাৰিব।

মহিলা যদি ঘৰৰ মুৰব্বী হয় যেনে, বিধৱা, বিবাহ-বিচ্ছেদ হোৱা, অকলশৰীয়াকৈ থকা মহিলা বা উপাৰ্জনৰ একমাত্ৰ উৎসই যদি মহিলা তেন্তে এওঁলোকক অগ্ৰাধিকাৰ ভিত্তিত সাহাৰ্য্য আগবঢ়াব।

সামূহিকভাৱে কিদৰে ওচৰ চাপিব

এইক্ষেত্ৰত এইদৰে আগবাঢ়িব লাগে যাতে কোনো ক্ষেত্ৰত কোনো ঘৰৰ বয়স্কলোক স্বৰ্ণ জয়ন্তী ৰোজগাৰ যোজনাৰ প্ৰকল্পৰ অধীনৰ স্ব-নিয়োজন আঁচনিৰ পৰা বাদ পৰি নেযায়। কাৰিকৰী শিক্ষা/স্বনিয়োজন বা মজুৰিভিত্তিক হিচাবে হ’লেও এই আঁচনিত সকলো দৰিদ্ৰকে সামৰি ল’ব লাগে।

চহৰীয়া অঞ্চলৰ নিবনুৱা বা অৰ্দ্ধ নিবনুৱা ব্যক্তিয়ে সৰু সুৰা উদ্যোগ স্থাপন কৰিবলৈ এই আঁচনিৰ সাহাৰ্য্য ল’ব পাৰিব। কাৰণ এনেবোৰ শিল্প উদ্যোগৰে চহৰ অঞ্চলত যথেষ্ট লাভ কৰিব পাৰি। ইয়াৰ বাবে স্থানীয় কাৰুশিল্পীসকলক উৎসাহিত কৰিব পাৰিব। প্ৰধানমন্ত্ৰী শ্ৰম নিয়োজন আঁচনিৰ লগত যাতে একেলগে বা একাকাৰ হৈ নাযায় তাৰ বাবে স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ প্ৰকল্পৰ অধীনৰ হিতাধিকাৰীসকলক আৰ্থিকভাৱে পিচপৰাসকলৰ পৰা নিৰ্বাচন কৰিব লাগে।

উৎপাদন, উপাৰ্জন আৰু ব্যৱসায় এই তিনিটাৰ ওপৰত স্বনিয়োজনৰ ভেটি স্থাপন হ’ব লাগে।

মাইক্ৰ উদ্যোগৰ ক্ষেত্ৰত এক সামূহিক গোটক ব্যৱহাৰ কৰিব লাগে আৰু এওলোকক মাইক্ৰ ব্যৱসায়িক চেন্টাৰ স্থাপন কৰি সহায় কৰিব লাগে। পৌৰ সভাই এনে উদ্যোগসমূহ স্থাপন কৰিবৰ বাবে উদ্যোগিক পামৰ ব্যৱস্থা কৰিব পাৰে বা গোটসমূহে নিজা ঘৰৰ পৰাই এনে কাৰ্য্য চলাব পাৰে।

ব্যৱহাৰিক ক্ষেত্ৰখনৰ বাবে পৌৰসভাই প্ৰতি ৫০,০০০ হেজাৰ উপভোক্তাৰ মাজত সেৱা কেন্দ্ৰ বা সুবিধা কেন্দ্ৰ স্থাপন কৰিব পাৰিব। কৰ্মচাৰীসকলে এই কেন্দ্ৰত নাম ভৰ্ত্তি কৰি থব যাতে তেওঁলোকৰ উৎপাদনসমূহ বা ব্যক্তিগত ঘৰত গৈ দিব পৰা সেৱাসমূহ থিতাতে সকলোৱে জানিব পাৰে।

ব্যৱসায়িক ক্ষেত্ৰত দোকান, হাট বজাৰ আদি স্থাপনৰ বাবেও এই প্ৰকল্পই আগবঢ়াব, এনে দোকান আদিৰ ইঠাইৰ পৰা সিঠাইলৈ ফুৰিব পৰাকৈ স্কুটাৰ বা থেলা আদিটো স্থাপন কৰিব পাৰি।

স্কুটাৰ, ৰিক্সা, ঠেলা আদি পৰিবহন ব্যৱস্থাত এনেদৰে কৰা ব্যৱসায়সমূহ চলাবৰ ব্যক্তিগত বা সামূহিক ভাৱেও সহায় কৰিব পাৰি।

সেৱা আৰু ব্যৱসায়ৰ ক্ষেত্ৰৰ বাবে মাইক্ৰ ব্যৱসায়িক চেন্টাৰ স্থাপন কৰি, হিচাব-নিকাচ কি দৰে ৰাখিব লাগে, বিজ্ঞাপন, ব্ৰেণ্ডি, অনুমোদিত মূল্য আদিৰ বিষয়ে হিতাধিকাৰীক শিক্ষা প্ৰদান কৰিব লাগে।

চহৰীয়া স্ব-নিয়োজন আঁচনিৰ অধীনৰ বিত্ত যোগানৰ ব্যৱস্থা এনে ধৰণৰ-

নুন্যতম একোটা প্ৰকল্পৰ খৰছ ২,০০,০০০/-

সৰ্বোচ্চ ৰাজ সাহাৰ্য্য বা অনুদান ২৫ শতাংশ প্ৰকল্পৰ খৰছৰ ওপৰত সৰ্বোচ্চ ৫০,০০০ টকা।

হিতাধিকাৰীৰ অংশ ৫ শতাংশ।

আনুসংগিক জামিন প্ৰয়োজন নাই।

চহৰীয়া স্ব-নিয়োজন আঁচনিৰ অনুবন্ধ ২ দ্ৰষ্টব্য

চহৰীয়া দৰিদ্ৰক মাইক্ৰ-এন্টাৰপ্ৰাইজ সামূহিকভাৱে গঠন কৰিবলৈ স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনা প্ৰকল্পৰ আঁচনিয়ে উৎসাহিত কৰে। পুৰুষ/মহিলা বা উভয়ে অংশিদাৰী হোৱা প্ৰকল্পৰ বাবে ৰাজ সাহাৰ্য্য বা অনুদান দিয়া হ’ব আৰু এই ক্ষেত্ৰটো মাৰ্জিন মনি দিলেই হ’ব।

কাৰিকৰী বিষয়, বজাৰ আৰু সাহাৰ্য্য

স্ব-নিয়োজিত হ’বৰ বাবে যিসকল দৰিদ্ৰই নিজাকৈ উদ্যোগ স্থাপন কৰিব খোজে তেওঁলোকক বিশেষকৈ এই অধ্যায়ত সহায়ৰ হাত আগবঢ়োৱা হয়। যদি ৰাজ্য চৰকাৰে প্ৰয়োজনীয় জমি অনুদান হিচাবে দি যিকোনো গোটক হেন্দলোম, হেন্দিক্ৰাফট, খাদ্য সংৰক্ষণ, নিৰ্মাণ কাৰ্য্য, গ্লাচ আৰু চিৰামিক শিল্প, ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক, মেকানিকেল ইঞ্জিনিয়াৰিং, অটো ড্ৰাইভিং আৰু মেকানিক, লোহা-পিতলৰ কাৰ্য্য আদি প্ৰকল্প স্থাপন কৰিবলৈ সুবিধা প্ৰদান কৰে তেন্তে মাইক্ৰ’ব্যৱসায়িক চেন্টাৰ স্থাপন কৰি স্বৰ্ণ জয়ন্তী চহৰী ৰোজগাৰ যোজনাৰ দ্বাৰা সাহাৰ্য্য প্ৰদান কৰা হয়। এইক্ষেত্ৰত এককালীন হিচাব অনুদান প্ৰদানৰ ব্যৱস্থাও আছে।

মাইক্ৰ ব্যৱসায়িক চেন্টাৰৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগ বিশেষজ্ঞ সমিতিৰ দ্বাৰা সেৱা আগবঢ়োৱা হয়। বিশেষকৈ মূখ্য পাঁচটা বিষয়ক কেন্দ্ৰ কৰি যেনে-১) কমিউনিটি মোবিলাইজেশ্যন ইনক্লুদিং চাৰ্ভে এণ্ড আইডেন্টিফিকেশ্যন অফ বেনিফিচাৰিজ, ক্লাচষ্টাৰ ডেভেলপমেন্ট ইত্যাদি, ২) কেপাচিটি বিলডিং ইনক্লুদিং স্কিল এণ্ড এন্টাৰপ্ৰিনেনশীপ ডেভেলপমেন্ট, ৩) বিজিনেছ ডেভেলপমেন্ট, ৪) ফাইনেন্স এণ্ড ক্ৰেডিট আৰু ৫) মাৰ্কেটিং। প্ৰয়োজনবোধে দৰমহা দি হ’লেও ৰাখিব লগা এই বিশেষজ্ঞসকলে চহৰীয়া দৰিদ্ৰসকলৰ গোট স্থাপন কৰা এনে লঘু উদ্যোগ বা এন্টাৰ প্ৰাইজক সৰ্বোচ্চ প্ৰকাৰে সহায়ৰ হাত আগবঢ়াব। এই বিষয়ৰ নিৰ্দেশাৱলী ৰাজ্য চৰকাৰে যোগান ধৰিব।

মাইক্ৰ ব্যৱসায়িক চেন্টাৰে এই প্ৰকল্পৰ অধীনত সৰ্বোচ্চ (৮০,০০০,০০.০০ টকা) আশী লাখ, (এককালীন সাহাৰ্য্য হিচাবে ৬০,০০,০০০.০০ লাখ টকা, আৰু প্ৰকল্প চলাবৰ বাবে (২০,০০,০০০.০০ লাখ) টকা পৰ্যন্ত অনুদান দিব পাৰে। এই মাইক্ৰ বিজনেচ চেন্টাৰবিলাক স্বনিৰ্ভৰশীল হোৱা বাঞ্চনীয় আৰু যিহেতু এইবিলাক লাভজনক তাৰ বাবে মাচুল লোৱাটো আপত্তি নেথাকে।

মাইক্ৰ এন্টাৰ প্ৰাইজ গঠন কৰি হিতাধিকাৰীসকলক কাৰিকৰী জ্ঞান, বজাৰ পৰামৰ্শ বা আনধৰণৰ কিবা সহায় আগবঢ়াব পাৰি, যি তেওঁলোকৰ উৎপাদন আৰু ব্যৱসায়ত সহায়ক হয়। এইবিলাকৰ সহায়ক হিচাবে, উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বিক্ৰীকেন্দ্ৰ স্থাপন, (বজাৰত), নগৰ পালিকা সেৱা, সুবিধা কেন্দ্ৰৰ দ্বাৰা দোকান আদি নিৰ্মাণ যিবোৰত কাৰ্পেন্টাৰ, প্লামবাৰ, ইলেক্ট্ৰিচিয়ান, টিভি, ৰেডিঅ’, ৰেফ্ৰিজাৰেটৰ মেকানিকসকল থাকিব আৰু কোনো ঘৰৰ পৰা দিলে ঘৰুৱা সেৱা দিব পাৰিব। পৌৰসভাৰ অন্তৰ্গত সপ্তাহিক বজাৰ বা দৈনিক বজাৰ আদিতো এনে সুবিধা প্ৰদান কৰিব পাৰিব মাত্ৰ পৌৰসভাৰ লগত এই বিষয়ত যোগাযোগৰ দ্বাৰা সামূহিক উন্নয়ন সমিতিবোৰে জৰীপ/ব্ৰেণ্ডৰ নাম/বিজ্ঞাপন আদি সকলোতে এনে হিতাধিকাৰীসকলক সৰ্বক্ষণ সহায় কৰিব।

কাৰিকৰী শিক্ষা লোৱাসকলৰ বাবে সামূহিক উন্নয়ন সমিতিৰ দৰে এক সেৱা কেন্দ্ৰ গঠন কৰিব পাৰি। কাৰিকৰী শিক্ষা লোৱা সকলে যাতে দৈনিক জনসেৱা আগবঢ়াব পাৰে আৰু তাৰ বাবে সামূহিক উন্নয়ন সমিতিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা উচিত মঞ্জুৰি বা পাৰিতোষিক লাভ কৰে তাক নিশ্চিত কৰিব লাগে। এনে সেৱা কেন্দ্ৰৰ পাব পৰা সা-সুবিধাৰ বিষয়ে প্ৰচাৰ কাৰ্য্য চলাব লাগে সেৱা কেন্দ্ৰসমূহে কাৰিকৰী শিক্ষা ল’ব খোজা সকলক সংগঠিত কৰি শিক্ষা প্ৰদানৰ সুবিধা কৰি দিব লাগে।

সামূহিক সেৱা কেন্দ্ৰবিলাককে কৰ্মস্থান, ব্ৰেণ্ডিং, মাৰ্কেটিং আদিৰ বাবে সহায় কৰিব লাগে যাতে হিতাধিকাৰীসকল উপকৃত হয়। এই চেন্টাৰ বিলাকক ভাৰা নোহোৱাকৈ কোঠালি বা পাম নগৰ পালিকাই উলিয়াই দিব লাগে আৰু সামূহিক উন্নয়ন সমিতিয়ে দৈনিক হিচাবে প্ৰশাসনিক দিশটোত চকু ৰাখিব লাগে।

সেৱা/সুবিধা কেন্দ্ৰ নিৰ্মাণত চহৰীয়া শ্ৰম নিয়োগ আঁচনিৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা নীতি-নিৰ্দেশনা মানি চলিব লাগে।

হিতাধিকাৰীসকলক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াব লাগে। কম দৰত উৎকৃষ্ট মানৰ কেঁচা মাল সামূহিক মাইক্ৰ উৎপাদন গোটসমূহত যোগান ধৰিব লাগে। প্ৰয়োজনবোধে মাইক্ৰ উদ্যোগ ব্যৱসায়িকসকলক প্ৰযুক্তি প্ৰশিক্ষণ অনুস্থানৰ লগত যোগাযোগ কৰি সুবিধাজনক আৰু কম দৰৰ কাৰিকৰী সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিব লাগে। ফেৰিৱালা ব্যৱসায়বিলাক এই শ্ৰেণীৰ সেৱাৰ আওঁতাত পৰে।

কাৰিকৰী জ্ঞান/মাৰ্কেটিং/জ্ঞান/আন্ত:গাঁঠনি বা অন্যান্য খৰছৰ শিতানত এমএছইপি ৰ বাবে নিৰ্দ্ধাৰণ কৰি দিয়া খৰছৰ ১০ শতাংশৰ ওপৰত হ’ব নেলাগে।

চহৰীয়া মহিলাৰ বাবে স্বনিয়োজন আঁচনি

এই সংযোগৰ লগত আৰু দুটা উপসংযোগ থাকিব।

ক) চহৰীয়া দৰিদ্ৰ মহিলাৰ বাবে লাভজনক স্বনিয়োজন আঁচনি ঋণ আৰু অনুদান সমিতি।

খ) চহৰীয়া দৰিদ্ৰ মহিলাৰ দ্বাৰা গঠিত স্ব-নিয়োজন গোট বা আত্ম সহায়ক গোটৰ বাবে ইফাল-সিফাল কৰিব পৰা পুঁজিৰ ব্যৱস্থা।

লিখকৰ নাম: মনালিছা শইকীয়া

উৎস: অসম চৰকাৰ

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate