অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোকৰাঝাৰ জিলা

ভৌগোলিক বৰ্ণনা -

কোকৰাঝাৰ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এখন জিলা। কোকৰাঝাৰ জিলাৰ ভৌগোলিক অৱস্থান ৮৯ ডিগ্ৰী ৪৬ মিনিটৰ পৰা ৯০ ডিগ্ৰী ৩৮ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৯ মিনিটৰ পৰা ২৬ ডিগ্ৰী ৫৪ মিনিট অক্ষাংশলৈ বিস্তৃত। কোকৰাঝাৰ জিলাৰ উত্তৰে ভূটান, পূবে বঙাইগাঁও জিলা, পশ্চিমে পশ্চিম বংগ ৰাজ্য, দক্ষিণে ধুবুৰী জিলাঅৱস্থিত। কোকৰাঝাৰ জিলাৰ মাটিকালি ৩১৬৯ বৰ্গ কিলোমিটাৰ।

 

নৈ-উপনৈ -

কেইখনমান উল্লেখযোগ্য নৈ-উপনৈ হৈছে: মানাহ, আই, চম্পাৱতী, সৰলভঙা, সোণকোষ় গৌৰাং হেল লঙা ইত্যাদি।

ইতিহাস

কোকৰাঝাৰ পূৰ্বতে অবিভ্ক্ত গোৱালপাৰা জিলাৰ এক অংশহে আছিল। ১৯৫৬ চনলৈকে, এটা সৰু ৰেল ষ্টেচনৰ সৈতে ই এখন সৰু গাঁৱহে আছিল। ১৯৫৭ চনত, সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱে ধুবুৰী মহকুমাৰ উত্তৰ ভাগৰ এক অংশ আৰু গোৱালপাৰা জিলাৰ কিছু অংশ লৈ এটা নতুন মহকুমাৰ সৃষ্টি কৰিছিল। এই নতুন মহকুমাটোক কোকৰাঝাৰ মহকুমা বোলা হৈছিল। গোৱালপাৰা জিলাখন্ এনেদৰে তিনিটাকৈ মহকুমাত ভাগ কৰা হৈছিল। বিজনী, ছিডলী, ছিৰাং, ৰিপু আৰু গোমা অঞ্চলৰ সৈতে সেই সময়ৰ কোকৰাঝাৰ মহকুমাৰ মুঠ মাটিকালি আছিল ৪০৬৫.৮৮ বৰ্গ কিঃমিঃ(১৫৬৯.৯ বৰ্গ মাইল)।

১৯৮৩ চনৰ ১ জুলাইত, কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ কোকৰাঝাৰ মহকুমাটো কোকৰাঝাৰ জিলালৈ উন্নীত হয়। কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ বনোৱা হয়। নতুন জিলাখনত চাৰিটাকৈ পুলিছ থানা আছিল: বিজনী, ছিডলী, কোকৰাঝাৰ আৰু গোসাঁইগাঁও। জিলাখন পূবে মানাহ নদীৰপৰা পশ্চিমে সোণকোষলৈকে বিস্তৃত আছিল।

প্ৰশাসনিক বিভাজন -

 

কোকৰাঝাৰ জিলাত অৱস্থিত এটি ব্ৰহ্ম ধৰ্মৰমন্দিৰ

কোকৰাঝাৰ জিলাক তিনিটা মহকুমাত ভাগ কৰা হৈছে। সেই তিনিটা হ’ল: কোকৰাঝাৰ, গোঁসাইগাঁও আৰু পৰ্বতঝোৰা। গঙেয়া নদীখনে ("টিপকাই" নামে পৰিচিত) জিলাখনৰ দক্ষিণ অংশত জিলাখনক দুটা ভাগত ভাগ কৰিছে।

মহকুমা

মহকুমাৰ সদৰ

কোকৰাঝাৰ

কোকৰাঝাৰ

গোঁসাইগাঁও

গোঁসাইগাঁও

পৰ্বতঝোৰা

কাজিগাঁও

জনগাঁথনি -

কোকৰাঝাৰ জিলাৰ সমতল আৰু ভূটানৰ পাৰ্বত্য অঞ্চলৰ লোকসকলৰ জীৱনৰ মাজত এক জটিল সম্পৰ্কই গঢ় লৈ উঠিছে। ইয়াত লোকসকলে বেপাৰ বাণিজ্য আৰু ভ্ৰমণৰ কাৰণে কোনো অসুবিধা অবিহনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হয়।

কোকৰাঝাৰ জিলাৰ মুঠ জনসংখ্যাৰ অধিকাংশই বড়ো সম্প্ৰদায়ৰ লোক। ইয়াৰ উপৰিও বহুল সংখ্যাত কোচ-ৰাজবংশী]নাথযোগী দেশী মুছল মান আৰু চাওতাল লোকো আছে।

যাতায়ত

গুৱাহাটীৰপৰা প্ৰায় ২১২ কিঃমিঃ দূৰত্বত কোকৰাঝাৰ জিলা অৱস্থিত। ইয়াৰপৰা জিলাখনলৈ যাবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে। গুৱাহাটী আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা জিলাখনলৈ দৈনিক বাছ চলাচল কৰে।

বিমান বন্দৰ -

কোকৰাঝাৰত কোনো বিমান বন্দৰ নাই। ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ইয়াৰ পৰা বাছ আৰু টেক্সীৰ দ্বাৰা কোকৰাঝাৰলৈ যোৱাৰ সু-ব্যৱস্থা আছে।

ৰেল ষ্টেচন

কোকৰাঝাৰ ষ্টেচন হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰৱেশদ্বাৰ। গুৱাহাটী আৰু কোকৰাঝাৰৰ মাজত দৈনিক যাত্ৰীবাহী ৰেল চলাচল কৰে। ৰেলৰ দ্বাৰাও জিলাখনলৈ যোৱাৰ সু-ব্যৱস্থা আছে।

অৰ্থনৈতিক ব্যৱস্থা -

 

জিলাখনৰ এখন শস্যৰ পথাৰ

জিলাখনৰ অৰ্থনৈতিক ব্যৱস্থা মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ প্ৰায় ৮০% লোক কৃষিকৰ্মৰ লগত জড়িত হৈ আছে। জিলাখনৰ মুঠ মাটিকালিৰ প্ৰায় শতকৰা ২৫ভাগেই হৈছে কৃষিভূমি।

শিক্ষা

উল্লেখযোগ্য শিক্ষানুষ্ঠান কেইখনমানৰ নাম হৈছে -

  • বড়োলেণ্ড বিশ্ববিদ্যালয়
  • বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়
  • কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
  • কোকৰাঝাৰ গভ: কলেজ
  • কমাৰ্চ কলেজ, কোকৰাঝাৰ
  • বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
  • আইন মহাবিদ্যালয়
  • বি.এড. কলেজ
  • বুনিয়াদী প্ৰশিক্ষন কেন্দ্ৰ
  • সংগীত আৰু চাৰু-কাৰু কলা মহাবিদ্যালয়
  • আই টি আই (ধাউলীগূৰী )

বৰ্তমানৰ ৰাজনৈতিক অৱস্থা

অসমৰ ভৈয়াম জনজাতি সকলে স্বায়ত্ব শাসিত দাবীৰ প্ৰভাৱ জিলাখনৰ বড়ো লোকসকলৰ মাজতো ইয়াৰ পৰে। প্ৰথমতে "ভৈয়াম জনজাতি পৰিষদ"ৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বসবাস কৰা ভৈয়াম জনজাতি সকলৰ কাৰণে সুকীয়াকৈ উদয়াচল ৰাজ্যৰ দাবী কৰিছিল। পাছত, "সদৌ বড়ো ছাত্ৰ সন্থা"ৰ নেতৃত্বত এখন সুকীয়া "বড়োলেণ্ড"ৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনে ১৯৮৫ চনৰপৰা ১৯৯২ চনলৈ হিংসাত্মক ঘটনাৰ ৰূপ লোৱাত অসম চৰকাৰে "সদৌ বড়ো ছাত্ৰ সন্থা"ৰ লগত হোৱা এক চুক্তি কৰিছিল। ইয়াৰ ফলতহে এই আন্দোলনৰ শাম কাটে। সৰ্বশেষত, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে "বড়োলেণ্ড সন্ধি"ত অসম চৰকাৰে স্বাক্ষৰ কৰাত "বড়োলেণ্ড স্বায়ত্ব শাষিত পৰিষদ" গঠন হৈছিল।

কোকৰাঝাৰ জিলাৰ সমূহ তথ্য নিম্নলিখিত উৎস -

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate