অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাইলাকাণ্ডি জিলা

পাতনি

অসম চৰকাৰৰ অধিসূচনা ন: এএএ.৯৮/৮৯/পিটি/১ তাৰিখ ২৯/০৯/১৯৮৯ মৰ্মে ২৪ তম আকাঙ্খিত জিলা হিচাবে বৰাক উপত্যকাৰ হাইলাকাণ্ডিয়ে জিলাৰ মৰ্য্যদা লাভ কৰে । কিছু ইতিহাসবিদৰ মতে জিলাৰ নাম হাইলাকাণ্ডিৰ ‘কুকি’ শব্দ ‘হালাম’ মানে সৰু ৰাজ্য আৰু ‘কুণ্ডিয়া’ মানে অস্থায়ী খেতি কৰা পথাৰ আৰু কিছু লোক বিশ্বাস মতে এই জিলাখনত মুখ্য শস্য হিচাবে শালি ধানৰ অত্যাধিক খেতি আৰু উৎপাদন হোৱা হেতুকে “শাইলাকাণ্ডি” বা হাইলাকাণ্ডি নামেৰে জনাজাত হয় ।

হাইলাকাণ্ডি ১৯৮৯ চনত জিলা পৰ্য্যায়লৈ উন্নত হোৱাৰ আগতে ১লা জুন ১৮৬৯ ৰ পৰা অতি পুৰণা মহকুমা হিচাবে কাছাৰ জিলাৰ অন্তৰ্গত আছিল । হাইলাকাণ্ডি জিলাত মুঠ ৩ টা অসম বিধানসভাৰ সমষ্টিত বিভক্ত-হাইলাকাণ্ডি, কাটলিচেৰা আৰু আলগাপুৰ আৰু গোটেই জিলাখন কৰিমগঞ্জ লোক সভা সমষ্টিৰ অন্তৰ্গত।

ভাৰত চৰকাৰে হাইলাকাণ্ডিক ৬৪০ খন জিলাৰ ভিতৰত ২৫০ তম অতি পিছপৰা জিলা হিচাবে বিগত ২০০৬ চনতে চিহ্নিত কৰে আৰু বৰ্তমান ভাৰত চৰকাৰে আকাঙ্খিত জিলা হিচাবে চিনাক্ত কৰি অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ গতি তৰান্বিতকৰাব জোৰদাৰ প্ৰয়াস কৰিছে ।

হাইলাকাণ্ডিৰ জনগাঠনি

হাইলাকাণ্ডি জিলাৰ ২০১১ চনৰ লোকপিয়ল অনুযায়ী মুঠ জনসংখ্যা আছিল ৬৫৯,২৯৬ । জনবসতিৰ ঘনত্ব আছিল ৪৯৭ জন লোক প্ৰতি বৰ্গ কি:মি: আৰু হাইলাকাণ্ডিৰ পুৰুষ মহিলাৰ অনুপাত ৯৪৬ গৰাকী মহিলা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে পোৱা গৈছিল । অনুসূচিত জাতি আৰু জনজাতিৰ লোকসংখ্যা ক্ৰমে ৭০৬৫৯ আৰু ৬৯১ জন যোৱা ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে ৪০৭,৩৬৬ হাৰ আছিল ৬১.৮% । ঠিক সেইদৰে ধৰ্ম্মীয় লোকৰ সংখ্যা চালে দেখা যায় মুছলমানৰ সংখ্যা ৬০.৩১%। হিন্দু লোক ৩৮.১০%, খ্ৰীষ্টান লোক ১.২৯% আৰু অন্যান্য সকলো লোগ যেনে মেইতেই, বিষ্ণুপ্ৰিয়া, কুকি, চাকমা আৰু পূব পাকিস্থানৰ পৰা অহা লোক ০.৩ শতাংশ।

কৃষি

জিলাখনত মুঠ কৃষকৰ জনসংখ্যা (২০১১ চনৰ সমীক্ষা মতে) ৮৩০১১ জন, তাৰে ভূমিহীন কৃষক ২৩৮৯১ জন (২৮.৭৮%) যাৰ অধীনত মুঠ খেতি মাটিৰ মাত্ৰ ৭.৬৪%, উপান্ত কৃষক মুঠ ৩২৮১৪ জন (৩৯.৫৩%) যাৰ অধীনত মুঠ খেতি মাটিৰ ৩২.১৮% কৃষি উপযোগী মাটি আছে আৰু ক্ষুদ্ৰ কৃষক ২৪৮০৪ জন (২৬.৬২%) আৰু তেখেতসকলৰ আয়ত্বত ৪২.১৫% কৃষি উপযোগী মাটি আছে । বৃহৎ অতিবৃহৎ আৰু মধ্যমীয়া কৃষক মুঠ ১৫০২ জনৰ (৫.০৭%) অধীনত আছে ১৮.০৩% খেতিৰ উপযোগী কৃষিভূমি ।

হাইলাকাণ্ডি জিলাত বৰ্তমান কৃষি সম্পৰ্কীয় অনুষ্ঠান সমূহ তলত দিয়া ধৰণে পোৱা যায় –

১) কৃষি মহকুমা- ১ টা

২) কৃষি বিজ্ঞান কেন্দ্ৰ -১ টা

৩) কৃষি নিয়ন্ত্ৰিত বজাৰ ১ খন

৪) কৃষি বীজ পাম- ১ খন

৫) চাহ বাগিছা- ১৭ খন

৬) ৰাজহ গাওঁ- ৩৩৪ খন

৭) কোপাৰেটিড চছাইটি- ১৬ খন

৮) মুঠ গাওঁ পঞ্চায়ত- ৬২ খন

৯) মুঠ কৃষি উন্নয়ন বিষয়াৰ চক্ৰ- ৭ টা

১০) মুঠ উন্নয়ন ব্লক- ৫ টা

ভূমিৰ ব্যৱহাৰ-

জিলাখনৰ মুঠ মাটি কালি ১৩২৭০০ হেক্টৰ তাৰে ৪২.২২ শতাংশ খেতিৰ উপযোগী মাটি, ৩.৫৯% কৃষি উপযোগী পতিত মাটি, ২.২৯% পতিত মাটি ৪২.৫৯% বনজ ভূমি, ০.৭০% ঘাহনী ৬.১৭% । অনাকৃষিত ব্যৱহৃত ভূমি ১.৩২% বিভিন্ন বাগিছা শস্যত আৰু ১.১২% কৃষি অনুপযোগী ভূমি ।

কৃষি ভূমিৰ ব্যৱহাৰ ভিত্তিক স্থিতি এনেধৰণৰ-

১) মুঠ খেতিকৰা  মাটি ৬৭৭৩৬ হে:

২) মুল খেতি মাটি ৪৫১৫৭ হে:

৩) বছৰি এটা খেতি কৰা মাটি – ২৫১৮২ হে:

৪) বছৰি একেডৰা মাটিত দুবাৰ খেতি কৰা -১৮০৫ হে:

৫) বছৰি একেডৰা মাটিত তিনিটা খেতি কৰা মাটি-২১৫০ হে:

৬) খেতিৰ ঘনত্ব- ১৫০%

জলসিঞ্চন :-

গোটেই হাইলাকাণ্ডি জিলাখনৰ কৃষি মূলত: বৰষা নিৰ্ভৰশীল, কেৱল ৪.০৯% মাটিত জলসিঞ্চনৰ সুবিধা আছে আৰু বৰ্ত্তমান সৌৰ শক্তি চালিত পাম্প বিদ্যুৎ চালিত পাম্প আদিৰে আৰ কেভি ৱাই, বি জি ই আৰ আই, এম আই ডি এইচ আদি আচনিৰ জৰিয়তে জলসিঞ্চনৰ সুবিধা সৃষ্টিৰ প্ৰয়াস কৰি থকা হৈছে ।

মাটিৰ শ্ৰেণী বিভাজন আৰু মাটিৰ গুণাগুণ :-

জিলাৰ সমূহ মাটি পাচটা ভাগত বিভাক্ত কৰা হৈছে :

১) টিলা মাটি / ৰঙা মাটি (৩.৩০%)

২) বালিচহীয়া পলসুৱা মাটি (৩৭.৫২%)

৩) নতুন পলসুৱা মাটি (৩১.৭৬%)

৪) বালিচহীয়া মাটি (৯.৯০%) আৰু

৫) আলতীয়া পলসুৱা মাটি (১৭.৫১%)

শস্যক্ৰম

১) বানপানী মুক্ত/ বানাক্ৰান্ত মধ্যমীয়া/ বানাক্ৰান্ত দভূমিত : আহুধান/ শালিধান/ বৰোধান/ আগতীয়া আহু

২) ওখ/ টিলা মাটি/ বানমুক্ত মধ্যমীয়া মাটিত : খাৰিফ শাক পাচলী/ ফলমূল/ উদ্যান শস্য/ ৰৱি শাক পাচলি

৩) বানমুক্ত মধ্যমীয়া মাটিত : আহু/শালি/বৰোধান

যোগাযোগৰ ঠিকনা

কৃষি ভৱন, ব্লক ৰোড ৱাৰ্ড নং ১৪, লক্ষ্মী চহৰ,

পো:অ: লক্ষ্মী চহৰ , টাউন আৰু জিলা হাইলাকাণ্ডি

পিন : ৭৮৮১৫২, ফোন : ০৩৮৪৪-২২৫৩৫০

যোগাযোগ আৰু যাতায়ত

হাইলাকাণ্ডি দেশৰ আন অংশৰ লগত আকাশীপথ ৰেল আৰু পথ যোগাযোগৰ সুন্দৰ যাতায়ত ব্যৱস্থা অছে । কুম্ভীৰগ্ৰাম, নিকটবৰ্তী বিমান বন্দৰ, ঠিক সেইদৰে বদৰপুৰ আৰু হাইলাকাণ্ডিত ৰেল সংযোগ আছে । জিলা সদৰ আৰু ৰাজ্যিক ৰাজধানী দিচপুৰ পথেৰে ৩৩০ কি:মি: দূৰত্ব ।

প্ৰশাসনিক ব্যৱস্থা

উপায়ুক্ত কাৰ্য্যালয় : জিলা সদৰ হাইলাকাণ্ডি

মহকুমা- ২ টা

উন্নয়ন ব্লক ৫ টা,

ৰাজহ চক্ৰ- ৪ টা

শৈক্ষিক ব্লক- ৩ টা,

টাউন কমিটী- ১ টা

পোষ্ট অফিচ- ১৬৭,

অগ্নিনিৰ্বাপক কেন্দ্ৰ- ২ টা

বেংক শাখা- ৩৫ টা,

পুলিচ থানা- ৬ টা,

ৰাজহ গাওঁ-২

https://hailakandi.gov.in/portlets/district-profile

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate