অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধানমন্ত্ৰী আৱাস বিকাশ যোজনা

প্ৰধানমন্ত্ৰী আৱাস বিকাশ যোজনা

প্ৰধানমন্ত্ৰী আৱাস বিকাশ অভিযান হল ভাৰত চৰকাৰৰ গৃহ নিৰ্মান তথা নগৰী দৰিদ্ৰতা নিৰ্মুলীকৰন মন্ত্ৰালয়ৰ এক অভিযান।এই অভিযানৰ মূল উদ্দেশ্য হল ২০২২ চনৰ ভিতৰত দেশৰ সকলো নাগৰিককে বাসগৃত ব্যৱস্থা যোগান ধৰা যেতিয়া আমাৰ দেশখনে স্বাধীনতা লাভ কৰা ৭৫ বছৰত পূৰ্ন কৰিব।এই অভিযানৰ মূল লক্ষ্য বা উদ্দেশ্য হল দেশৰ দৰিদ্ৰ জনতা তথা বস্তি এলেকাত বাস কৰা পৰিয়ালক প্ৰয়োজন হোৱা বাসগৃহ অভাৱ পূৰন কৰা।এই অভিযান তলত দিয়া ধৰনে কাৰ্য্যকৰীকৰন কৰা হব:

  • বস্তি এলেকাত বসবাস কৰা অঞ্চল পুনৰ উন্নয়ন তথা পুনৰ স্ংস্থাপন ব্যক্তিগত উন্নয়ন প্ৰতিষ্ঠান দ্বাৰা সেই মাটিক উৎস হিচাপে লৈ।
  • দুখীয়া শ্ৰেনীৰ জনতাক বাসগৃহ প্ৰদান কৰা হব ক্ৰেডিট লিংক চাবচিডি যোগেদি।
  • সহজলভ্য বাসগৃহ ব্যক্তিগত আৰু জনতাৰ সহযোগৰ মাধ্যমেদি।
  • হিতাধিকাৰীক ঘৰ নিৰ্মান বা মেৰামতি বাবে চাবচিডি প্ৰদান কৰা হব।

হিতাধিকাৰী:

  • এই অভিযানত নগৰ অঞ্চলত বাস কৰা দুখীয়া শ্ৰেনী তথা বস্তি এলেকাত বাস কৰা লোকক প্ৰয়োজন হোৱা বাসগৃত দিশটোত ওপৰত গুৰুত্ব প্ৰদান কৰিব।ইয়াত বস্তি এলেকা বুজালে সেইবোৰ এলেকাক সামোৰা হব যত ৬০-৭০টা পৰিয়ালে বাস কৰে বা ৩০০ৰো অধিক লোকৰ বসতিস্থল যত খোৱাপানীকে ধৰী নলা-নৰ্দমা আদি  নাই তথা অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজমান।
  • এই অভিযানৰ সকলো সুবিধা লাভ কৰিব সমাজৰ বিশেষকৈ দৰিদ্ৰ শ্ৰেনীৰ আৰু সীমিত আয়ৰ উৰ্পাজন পৰিয়ালবোৰ।বছৰি গড় হিচাপত দৰিদ্ৰ সীমা ৰেখাৰ তলত বাস কৰা পৰিয়ালৰ উৰ্পাজন ৩লাখ টকা তথা সীমিত আয়ৰ পৰিয়াল যাৰ উৰ্পাজন৩-৬লাখ টকা তেনে পৰিয়াল এই অভিযানত সামৰি লোৱা হব।দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা সকলো পৰিয়ালে এই অভিযানৰ সকলো সুবিধা লাভ কৰিব কিন্ত যিবোৰ সিমীত আয়ৰ পৰিয়াল তেনে পৰিয়ালবোৰে কেৱল মাথো Credit linked subsidy scheme (CLSS) যোগেদি সুবিধা লাভ কৰিব।
  • প্ৰকৃত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল আৰু সীমিত আয়ৰ পৰিয়ালৰ চিনাক্তকৰন বাবে তেনে পৰিয়ালবোৰ এই অভিযানৰ লোন আৱেদন কৰিবৰ সময়ত বছৰি আয়ৰ উৰ্পাজনৰ প্ৰমানপত্ৰ দিব লাগিব।
  • এই অভিযানত হিতাধিকাৰী পৰিয়াল বুজালে সেই পৰিয়ালবোৰক গন্য কৰা হব যিবোৰ পৰিয়াল মাক-দেউতা তথা অবিবাহিত লৰা আৰু ছোৱালীৰে পৰিপূৰ্ন।
  • এই  অভিযানৰ পূৰ্ন কেন্দ্ৰিয় চৰকাৰৰ সুবিধা লাভ কৰিবলৈ হিতাধিকাৰীৰ নিজৰ নামত দেশৰ কোনো অঞ্চলতে মাটি বা ঘৰ থাকিব নালাগিব।
  • ৰাজ্যবোৰে তথা কেন্দ্ৰিয় শাসিত অঞ্চলবোৰত এই স্ংস্থাবোৰে নিৰ্ধাৰিত তাৰিখ স্থিৰ কৰিব পাৰে এই বিষয়ত যিটো হল এই অভিযানৰ অন্তৰ্গত অঞ্চলত হিতাধিকাৰী বাসিন্দা হোৱাটো নিতান্তই আৱশ্যক এই অভিযানৰ সকলো সুবিধা লাভ কৰিবলৈ।

দেখা যায় যে বস্তি এলেকা সম্প্ৰসাৰিত হোৱা পৰিসংখ্যা হল ৩৪% যত অনুমান কৰা হৈছে যে এই সংখ্যা ১৮ নিযুতলৈ বৃদ্ধি পাব এনেবোৰ অঞ্চলত বাস কৰা বাসিন্দাৰ স্ংখ্যা।ইয়াৰে ২ নিযুত এই বস্তি এলেকাত নগৰ অঞ্চলত বাস কৰা লোকক এই অভিযানত সামৰি লোৱা হব।সেয়ে এই অভিযানৰ নতুনকৈ ২০ নিযুত লোকক লক্ষ্য কৰি লৈছে।

সুযোগ:

  • বাসগৃহ সকলোৰে বাবে এই আচঁনি ২০১৫ চনৰ পৰা ২০২২ চনৰ ভিতৰত কাৰ্য্যকৰী কৰা হব।এই অভিযানত সকলো হিতাধিকাৰীয়ে কেন্দ্ৰিয় চৰকাৰৰ সাহায্য ৰাজ্য চৰকাৰৰ সহযোগত লাভ কৰিব।
  • এই অভিযান সম্পূৰ্নৰুপে কেন্দ্ৰিয় সাহাৰ্য্যত কাৰ্যকৰী কৰা হব।কিন্ত এই অভিযানৰ credit link subsidy কেৱল মাথো কেন্দ্ৰিয় ক্ষেত্ৰ আচঁনি ৰুপে ৰুপায়িত কৰা হব।
  • এই অভিযান ১৭/০৬/২০১৫ চনৰ পৰা কাৰ্য্যকৰী কৰা হব আৰু এই অভিযান ৩১/০৩/২০২২ চনৰ ভিতৰত সমাপ্ত হব।

অভিযানৰ সময়সীমা আৰু পৰিসৰ:

  • সকলো ৪০৪১নগৰ ২০১১ লোপপিয়লৰ মতে লগতে ৫০০খন প্ৰথম শ্ৰেনীৰ চহৰক এই অভিযানৰ সামৰি লোৱা হব তলত উল্লেখ কৰা তিনিটা পৰ্য্যায়ৰ মাধ্যমৰে:
  • প্ৰথম পৰ্য্যায়:(এপ্ৰিল ২০১৫-মাৰ্চ২০১৭)চনৰ ভিতৰত ১০০খন নিৰ্বাচিত চহৰত এই অভিযান সম্পন্ন কৰা হব ৰাজ্য তথা কেন্দ্ৰিয় শাসিত অঞ্চলৰ ইচ্ছাৰ ওপৰত।
  • দ্বিতীয় পৰ্য্যায়:(এপ্ৰিল ২০১৭-মাৰ্চ ২০১৯)চনৰ ভিতৰত অতিৰিক্ত ২০০ খন চহৰ এই অভিযানত সাঙোৰা হব।
  • তৃতীয় পৰ্য্যায়:(এপ্ৰিল ২০১৯-মাৰ্ছ২০২২)চনৰ ভিতৰত বাকী থকা চহৰবোৰ সাঙোৰা হব।

যাহক যদি মন্ত্ৰালয়ে বিচাৰে তেনেহলে এই অভিযানত ৰাজ্য চৰকাৰে অনুৰোধ কৰিলে অতিৰিক্ত চহৰ অন্তৰ্ভুক্তি কৰিব পাৰে।

  • এই অভিযানত ৩০ মিটাৰ এলেকা ভিতৰত বাসগৃহ সজোৱাত চৰকাৰে সহায় কৰিব।ৰাজ্যচৰকাৰবোৰে এই অভিযানৰ অধীনত নিৰ্মান কৰা বাসগৃহবোৰ আকাৰ বহল কৰিব পাৰে কেন্দ্ৰ চৰকাৰৰ লগত পৰামৰ্শ লৈ কিন্ত এই ক্ষেত্ৰত অতিৰিক্ত কেন্দ্ৰ সাহাৰ্য্য ৰাজ্য চৰকাৰে লাভ নকৰিব।বস্তি পুনৰউন্নয়ন প্ৰকল্প তথা সহজলভ্য গৃহনীৰ্মান প্ৰকল্প প্ৰাথমিক সকলো সুবিধা যেনে পানী,নলা নৰ্দমা,আদিৰ সু-ব্যৱস্থা থাকিব লাগিব।স্থানীয় নিকায় বোৰ্ডবোৰে এই অভিযানত credit link subsidy নিৰ্মিত বাসগৃহ তথা হিতাধিকাৰীয়ে লাভ কৰা বাসগৃহবোৰত এনে প্ৰাথমিক সুবিধাবোৰ উপলদ্ধ থকাটো সুনিশ্চিত কৰিব লাগিব।
  • এই অভিযানত নিৰ্মান কৰা বাসগৃহবোৰ ৰাষ্ট্ৰীয় অট্টালিকা কোড নিয়মমতে নিৰ্মিত কৰিব লাগিব।সেইবোৰ যথোপযুক্ত এলেকা যত অট্টালিকা নিৰ্মানৰ অনুমতি প্ৰদান কৰা হোৱা নাই তেনে এলেকাত হিতাধিকাৰিৰ অনুমতি লৈ বাসগৃহৰ আকাৰ সৰু কৰি নিৰ্মান কৰিব পাৰি এই বিষয়ত ৰাজ্য চৰকাৰে এক সুস্থ সিদ্ধান্ত লব পাৰে।এই আচঁনিৰ অধীনত নিৰ্মিত সকলো বাসগৃহতে পেছাৱগৃহ সুবিধা থাকিব লাগিব।
  • এই অভিযানত নিৰ্মিত বাসগৃহবোৰ নাগৰিকৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য কৰি নিৰ্মান কৰিব লাগিব যাতে ভূমিকম্প,ধুমুহা আদিৰ প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত হানি নহয়।এই অভিযানত নিৰ্মিত বাসগৃহবোৰ ৰাষ্ট্ৰীয় অট্টালিকা কোড মানদণ্ড নিৰ্দেশ অনুযায়ী নিৰ্মান কৰিব লাগিব।
  • এই অভিযানত নিৰ্মিত কেন্দ্ৰিয় সাহাৰ্য্য বাসগৃহবোৰৰ হিতাধিকাৰীৰ পৰিয়ালৰ মহিলাগৰাকীৰ নামত প্ৰদান কৰিব লাগিব অথবা স্ংযুক্তভাৱে হিতাধিকাৰীৰ পৰিয়ালৰ পুৰুষজনৰ লগতে মহিলা গৰাকীৰ নামত প্ৰদান কৰা হব।কিন্ত যদি পৰিয়ালত কোনো মহিলা সদস্য নাথাকে তেনেহলে পৰিয়ালৰ পুৰুষজনৰ নামত এই বাসগৃহ প্ৰদান কৰা হব।
  • এই অভিযান কাৰ্য্যকৰী ৰাজ্য সংস্থাবোৰে হিতাধিকাৰীসকলক বিভিন্ন কল্যানমূলক সংগঠন গঠন কৰিবলৈ অনুপ্ৰানিত কৰিব লাগে যাতে এনে সংগঠনবোৰে এই অভিযানত নিৰ্মিত বাসগৃহবোৰ চোৱাচিতা কৰিব পাৰে।

এই অভিযান কাৰ্য্যকৰীকৰন পদ্ধতি:

এই অভিযান কাৰ্য্যকৰীকৰন কৰা হব চাৰিটা সমান্তৰাল পৰ্য্যায়ৰ মাজেদি যত হিতাধিকাৰীক এই বিষয়ত সুযোগ প্ৰদান কৰা হব।এই চাৰিটা সমান্তৰাল কাৰ্য্যকৰী পৰ্য্যায় হল-

1.ছিটু বস্তি পুনৰউন্নয়ন:

এই পদ্ধতিত মাটিক উৎস হিচাপে লৈ ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত অৰ্হতাযুক্ত বস্তি এলেকাত বাস কৰা পৰিয়ালক ঘৰ প্ৰদান কৰা হব।সেই বস্তিবোৰ কেন্দ্ৰিয় চৰকাৰৰ মাটি হওক বা ৰাজ্য চৰকাৰ বা কোনো ব্যক্তিগত মালিকাধীন মাটি হওক এই মাটি বস্তি পুনৰনিৰ্মান ক্ষেত্ৰত ব্যৱহাৰ কৰা হব যাতে বস্তি এলেকাত বাস কৰা সকলো নাগৰিকক বাসগৃহ প্ৰদান কৰিব পৰা যায়।

এই অভিযানত বস্তি এলেকাত গৃহ পুনৰনিৰ্মান বাবে প্ৰ্তিটো অৰ্হতাযুক্ত বস্তি এলেকাত বাস কৰা পৰিয়াললৈ ১ লাখ টকা আগবঢ়োৱা হব।

সহজলভ্য বাসগৃহ creadit link subsidy যোগেদি:

এই অভিযানত সমাজৰ দৰিদ্ৰ সীমাৰ তলত বাস কৰা পৰিয়াল  আৰু সীমিত আয়ৰ উৰ্পাজনৰ পৰিয়ালে এই credit link subsidy যোগেদি বেংকৰ তথা বিভিন্ন বিত্তিয় প্ৰতিষ্ঠানৰ পৰা ঋন আৱেদন কৰিব পাৰে বাসগৃহ নিৰ্মান অথবা বাসগৃহ পুনৰ মেৰামতি বাবে।এই creadit link subsidy ৬লাখ টকালৈ হিতাধিকাৰিক ঋন আগবঢ়োৱা হব যত এই ঋন ৬.৫% সূত সহ হিতাধিকাৰীয়ে পৰিশোধ কৰিব লাগিব ১৫ বছৰ সময়সীমাৰ ভিতৰত বা তাতোকৈ আগতেই।সূতৰ মুঠ বৰ্তমানৰ মূল্য ৯%হাৰত ৰেহাই প্ৰদান কৰা হব।৬ লাখতকৈ অতিৰিক্ত ঋনৰ ক্ষেত্ৰত কোনো subsidy পোৱা নাযাব।সূতৰ subsidy হিতাধিকাৰীৰ বেংকৰ ঋনৰ একাউন্টত বেংকীয় প্ৰতিষ্ঠানৰ পৰা পোনে পোনে লাভ কৰিব যিয়ে গৃহ নিৰ্মানৰ ঋন তথা মাহেকীয়া পৰিশোধ কৰিবলগিয়া মূল্যৰ পৰিমান কমাব।

দৰিদ্ৰ সীমা ৰেখা তলত বাস কৰা পৰিয়ালৰ বাবে এই অভিযানৰ অন্তৰ্গত বাসগৃহ নিৰ্মান মাটিৰ পৰিসৰ ৩০sq.m হব লাগিব আৰু সীমিত আয়ৰ পৰিয়ালৰ বাবে ৬০sq.m মাটিৰ পৰিসৰ হব লাগিব।ইয়াৰ অৰ্থ এইটো যে যদি এই মাটিৰ পৰিসৰ ইয়াতকৈ বাঢ়ি যায় তেনেহলে হিতাধিকাৰিসকলে এই অভিযানৰ সুবিধাবোৰ লাভ নকৰিব।

এই অভিযানত নলা নৰ্দমা চাফা কৰা লোক,মহিলাসকল,তথা পিছপৰা অনুসূচিত জাতি জনজাতি লোকসকল,অন্যান্য পিছপৰা শ্ৰেনীৰ লোকসকল,সংখ্যালঘু শ্ৰেনী,তথা শাৰীৰিকভাবে অক্ষম লোকসকলৰ এই আচঁনিত প্ৰাধান্য দিয়া হব।

সহজলভ্য বাসগৃহ মিত্ৰযোটৰ সহযোগত:

এই আচঁনিৰ মাধ্যমত ভিন্ন মিত্ৰযোটৰ যেনে ৰাজ্য চৰকাৰৰ/কেন্দ্ৰিয় শাসিত অঞ্চল/চহৰ সহযোগত নিৰ্মান কৰা বাসগৃহসমূহত আৰ্থিক ভাবে পিছপৰা লোকক ১,৫ লাখ টকা এই সাহাৰ্য্য প্ৰদান কৰা হব।এই সহজলভ্য বাসগৃহ প্ৰকল্প ভিন্ন প্ৰকাৰৰ ঘৰ বিভিন্ন শ্ৰেনীৰ লোকৰ বাবে উপলদ্ধ হব যেনে(দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰা লোক,সীমিত আয় উৰ্পাজন পৰিয়াল আদি)বাবে কিন্ত এওঁলোকে তেতিয়াহে কেন্দ্ৰিয় সাহাৰ্য্য লাভ কৰিব যেতিয়া এই প্ৰকল্পৰ অধীনত নিৰ্মিত ৩৫% বাসগৃহ অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে নিৰ্ধাৰিত হব তথা এনে ধৰনৰ এটা প্ৰকল্পত অতিকমেও ২৫০টা বাসগৃহ থাকিব।

ব্যক্তিগত হিতাধিকাৰী গৃহ নিৰ্মানৰ বাবে চাবচিডি:

এই সুবিধা বিশেষকৈ অৰ্থনৈতিকভাবে পিছপৰা শ্ৰেনী পৰিয়ালৰ প্ৰদান কৰা হব বিশেষকৈ তেওঁলোকক নতুনকৈ বাসগৃহ নিৰ্মানৰ বাবে নতুবা বৰ্তমান বাসগৃহটো পুনৰ উন্নয়ন বাবে যত এই শ্ৰেনীৰ লোকে এই অভিযানৰ অন্তৰ্গত বেলেগ আন কোনো সুবিধা লাভ কৰিব নোৱাৰে।এনেধৰনৰ পৰিয়ালে কেন্দ্ৰিয় চৰকাৰৰ পৰা ১,৫ লাখ টকা লাভ কৰিব পাৰে তথা  HFA PoA অংশ হব লাগিব।এই গৃহসজ্জা অভিযানৰ অন্তৰ্গত কেন্দ্ৰিয় সাহাৰ্য্য লাভ কৰিবলৈ হলে হিতাধিকাৰীৰ বৰ্তমানৰ বাসগৃহটোৰ অতিকমেও ৯,০ sq.mt কাৰ্পেট এলেকাৰ অন্তৰ্গত হব লাগিব তেতিয়াহে এই অভিযানৰ অন্তৰ্গত এনে সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হব।

যিসকল হিতাধিকাৰী এই সুবিধা লবলৈ ইচ্ছুক তেওঁলোকে ULBs  কতৃপক্ষ ওচৰৰ চাপিব পাৰে তেওঁলোকৰ লগত অধীনত থকা মাটিৰ কাগজ পত্ৰ লৈ।এনে ব্যক্তি বস্তি এলেকাৰ ভিতৰত বাসকৰা বা বস্তি এলেকাৰ বাহিৰত বাস কৰা হব লাগিব।হিতাধিকাৰী বস্তি এলেকাবোৰ যিবোৰ পুনৰউন্নয়ন হোৱা নাই তেনে এলেকাবোৰ এই অভিযানৰ আওতালৈ আনিব পাৰে যদিহে হিতাধিকাৰীৰ কেচা ঘৰ বা আধা পকা ঘৰ থাকে।

কেন্দ্ৰিয় সাহাৰ্য্য হিতাধিকাৰীৰ বেংক একাউন্ট পোনে পোনে প্ৰদান কৰা হব ৰাজ্যৰ তথা কেন্দ্ৰিয় শাসিত অঞ্চলৰ অনুমোদন ক্ৰ্মে ।

উৎস: প্ৰধান মন্ত্ৰী আৱাস যোজনা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate