অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা:

 

এই আঁচনিয়ে কৃষি ঋণ গ্ৰহণ কৰা কৃষকৰ ওপৰত প্ৰিমিয়ামৰ বোজা হ্ৰাস কৰাত গুৰুত্ব দিয়ে আৰু লগতে খেতিত বতৰৰ বিধি পথালিৰ ফলত হোৱা লোকচানৰ ক্ষেত্ৰটো ব্যৱস্থা গ্ৰহণ কৰে।

এই আঁচনিয়ে কৃষি বীমা সহজভাৱে আৰু ক্ষীপ্ৰগতিত বীমা দাবীৰ কাম সমূহ নিষ্পত্তি কৰে। এই আঁচনি দেশৰ প্ৰতিখন ৰাজ্যতে ৰাজ্য চৰকাৰৰ সহযোগত ৰূপায়ণ কৰা হ’ব। এই বীমা আঁচনি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ অধীনত ৰূপায়িত হ’ব।

আঁচনিৰ উদ্দেশ্য:

 

  • প্ৰাকৃতিক দুৰ্যোগ, পতঙ্গৰ আক্ৰমণ অথবা বিভিন্ন ৰোগজনিত কাৰণত কৃষিৰ ক্ষতিসাধন হ’লে কৃষিক বীমাৰ অধীনলৈ অনা আৰু কৃষকক বিত্তীয় সাহায্য প্ৰদান কৰা।
  • নিয়মীয়া কৃষিকৰ্ম চলাই নিবলৈ কৃষকৰ আয় স্থায়ীকৰণত গুৰুত্ব প্ৰদান।
  • কৃষকসকলক আধুনিক আৰু ন-ন উপায়ে কৃষিকৰ্মত নিজকে নিয়োগ কৰাত উৎসাহ যোগোৱা।
  • কৃষিখণ্ডত বিত্তীয় দেনাৰ পৰিমাণ বৃদ্ধি কৰা।

আঁচনিৰ উল্লেখযোগ্য দিশসমূহ:

 

  • খাৰিফ শস্যৰ বাবে কৃষকে মাত্ৰ ২% আৰু ৰবি শস্যৰ বাবে ১.৫% সুষম প্ৰিমিয়াম ভৰিব লাগিব। বছেৰেকীয়া বাণিজ্যিক আৰু উদ্যানশস্যৰ বাবে এই পৰিমাণ ৫%।
  • কৃষকে ভৰিবলগীয়া প্ৰিমিয়ামৰ হাৰ অতি কম আৰু কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষি নষ্ট হ’লে এই অনাদায় প্ৰিমিয়াম চৰকাৰে ভৰি সম্পূৰ্ণ বী কৃষকে লাভ কৰাৰ সুবিধা উপলব্ধ।
  • চৰকাৰী ৰাজসাহায্যৰ কোনো উচ্চ হাৰ নাই। যদি অনাদায় প্ৰিমিয়াম ৯০%ও হয় তেন্তে পৰিমান চৰকাৰে নিজে বহন কৰিব।
  • পূৰ্বতে কৃষকে লাভ কৰা প্ৰিমিয়াম হাৰত কেপিঙৰ বিধান আছিল কিন্তু এই নীতি বৰ্তমান আঁতৰোৱা হৈছে আৰু কৃষকে এতিয়া সম্পূৰ্ণ বীমাৰ বিপৰীতে কোনো মূল্য হ্ৰাস নোহোৱাকৈ সম্পূৰ্ণ ধন লাভ কৰিব পাৰিব।
  • প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত উৎসাহ যোগোৱা হ’ব। বীমাৰ দাবী ধন পোৱাত পলম নহ’বৰ বাবে শস্য চপোৱাৰ তথ্য ধৰি ৰখাৰ ক্ষেত্ৰত স্মাৰ্ট ফোন, ৰিমোট চেঞ্চিং ড্ৰোন আৰু জি পি এচ(GPG)প্ৰযুক্তিৰ সহায় লোৱা হ’ব।
  • ২০১৬-২০১৭ বাজেটত এই আঁচনিৰ বাবে আৱণ্টিত মুঠ ধনৰ পৰিমান হৈছে ৫,৫০০ কোটি টকা।
  • বীমা পৰিকল্পনাৰ সকলো কাম কাজ একমাত্ৰ Agriculture Insurance Company of India(AIC)ৰ অধীনত পৰিচালিত হ’ব।
  • PMFBY হৈছে ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি(NAIS) আৰু ম’ডিফাইড ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি(MNAIS)ৰ বিকল্প আঁচনি আৰু সেৱাকৰ মুক্ত।

উৎস: ৰাইজৰ বাতৰি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate