অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহাত্মা গান্ধী বাংকাৰ বীমা যোজনা

মহাত্মা গান্ধী বাংকাৰ বীমা যোজনা

 

দেশৰ শিপিনীসকলক আৰ্থিক দিশত স্বাৱলম্বী কৰিবলৈ তথা তেওঁলোকৰ সামগ্ৰিক কল্যাণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে। উক্ত আঁচনিসমূহৰ যোগেদি বোৱা-কটা শিল্পত জড়িত শিপিনীসকলে যথেষ্ট উপকৃত হৈছে।

কেন্দ্ৰীয় চৰকাৰে শিপিনীসকলৰ কল্যাণৰ বাবে যিকেইখন আঁচনি ৰূপায়ণ কৰিছে তাৰ ভিতৰত ‘মহাত্মা গান্ধী বাংকাৰ বীমা যোজনা’ অন্যতম। এই যোজনাৰ লক্ষ্য হ’ল ভাৰতীয় জীৱন বীমা নিগমৰ জৰিয়তে শিপিনীসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰা।

এই আঁচনিৰ অধীনত সাধাৰণ মৃত্যুৰ বাবদ ৬০ হাজাৰ টকা বীমাৰ ব্যৱস্থা আছে। ঠিক তেনেদৰে দুৰ্ঘটনাজনিত মৃত্যু অথবা দুয়োখন হাত/ভৰি/দুয়োটা চকু দুৰ্ঘটনাত হেৰুৱালে ১.৫ লাখ টকা আৰু আংশিকভাৱে সক্ষম(এখন ভৰি/এটা চকু/এখন হাত দুৰ্ঘটনাত হেৰুৱালে) হৈ পৰা শিপিনীসকলৰ বাবে ৭৫ হাজাৰ টকা বীমা কৰাৰ সুবিধা আগবঢ়োৱা হৈছে।

উল্লেখযোগ্য যে উক্ত সকলো সুবিধা আঁচনিখনত অন্তৰ্ভুক্ত হোৱা শিপিনীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। আনহাতে উক্ত আঁচনিৰ অধীনত জীৱন বীমা থকা শিপিনীসকলৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত সন্তানৰ বাবে জলপানিৰ ব্যৱস্থা কৰা হৈছে।

উক্ত আঁচনিত অন্তৰ্ভুক্তিৰ যোগ্যতাসমূহ হ’ল -

ক)শিপিনীগৰাকক্ৰ পৰিয়ালৰ মুঠ উপাৰ্জনৰ কমেও ৫০ শতাংশ বোৱা-কটাৰ পৰাই আহিব লাগিব।

খ)১৮-৫৯ বছৰ বয়সৰ পুৰুষ-মহিলা যিকোনো শিপিনীয়েই এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব পাৰিব।

গ)শিপিনীসকল পঞ্জীয়নভুক্ত সমবায় সমিতিৰ সদস্য হ’ব লাগিব।

উক্ত আঁচনিৰ দ্বাৰা ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ভিতৰত প্ৰায় ৫৮,০০০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে।

আগ্ৰহী শিপিনীসকলে স্থানীয় হস্ততাঁত বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি আঁচনিখনৰ বিষয়ে বিতংককৈ জানিব পাৰিব।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate